কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভেটুলুকা নৃত্য
ভেটুলুকা নৃত্য অসমৰ ডিমৰীয়া অঞ্চলত প্ৰচলিত এক নৃত্য। ভেটুলুকা মূলতঃ গৰখীয়া ল'ৰাৰ আশীৰ্বদীয়া নৃত্য। লোক বিশ্বাস যে ভেটুলুকা নৃত্যত অংশ লোৱা গৰখীয়া ল'ৰাই গৃহস্থক দিয়া আশীৰ্বাদ কেতিয়াও অথলে নাযায়। কাজেই গাঁৱৰ গৰখীয়া সকল একগোট হৈ গৃহস্থৰ ঘৰে ঘৰে এই নৃত্য কৰি আশীৰ্বাদ দি ফুৰে।
-
ভেণ্ডি বজাৰ ঘৰানা
ভেণ্ডি বজাৰ ঘৰানা হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত অন্যতম কণ্ঠ ঘৰানা, যাৰ উৎপত্তি ১৮৯০ চনত মুম্বাইৰ ভেণ্ডি বজাৰৰ পৰা হৈছিল। ঘৰানাৰ প্ৰতিষ্ঠাপকসকল মূলতঃ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলৰ ব্যক্তি আছিল।
-
ভেল দিয়া উৎসৱ
ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।
-
ভৈৰৱ দ্বীপম
ভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ভৈৰৱ নাচ
ভৈৰৱৰ নৃত্য বা ভৈৰৱ প্যানখান নেপালৰ পোখাৰা উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে ভৈৰৱ যাত্ৰা উৎসৱৰ অংশ হিচাপে পৰিৱেশন কৰা আৰু শিৱৰ আন এটা নাম ভৈৰৱৰ নামেৰে নামকৰণ কৰা মুখা পিন্ধি কৰা এক প্ৰাচীন নৃত্য।
-
ভোগী
ভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়।
-
মংগলা (চলচ্চিত্ৰ)
মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।
-
মণি ভৱন
মণি ভৱন(Mani Bhavan) হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এক ঐতিহাসিক অট্টালিকা, য’ত মহাত্মা গান্ধীয়ে দীৰ্ঘদিন ধৰি বাস কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। এইটো আছিল ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈকে গান্ধীজীৰ বাসগৃহ। এই ভৱনটো মুম্বাইৰ গামদেৱী অঞ্চলৰ ১৯ লাবাৰ্নাম ৰোডত অৱস্থিত।
-
মথনী
মথনী অসমৰ দৰং জিলাত পালিত হোৱা এক লোক উৎসৱ। জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেৱানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়। দৰঙী ৰজাসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পালন কৰি অহা বুলি অনুমান কৰিব পাৰি।
-
মধু পূৰ্ণিমা
মধু পূৰ্ণিমা (मधुपुर्णिमा), যাক মধু পূৰ্ণিমাৰ পূৰ্ণিমা উৎসৱ বা মধু অৰ্পণ উৎসৱ বুলিও জনা যায়, এটা বৌদ্ধ ধৰ্মীয় উৎসৱ, যি বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত থকা বড়ুয়া (বৰুৱা) আৰু চাকমা আৰু থাইলেণ্ডৰ মন জাতিৰ লোকসকলে পালন কৰে। এই উৎসৱটো ভাদ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয়।
-
মধুবালা (১৯৫০ চলচ্চিত্ৰ)
মধুবালা ( Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে।
-
মধুশ্ৰাৱনী
মধুশ্ৰাৱনী ( Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.
-
মন জানে না
মন জানে না (Mon Jaane Na) হৈছে ২০১৯ চনৰ ভাৰতীয় বাংলা ভাষাৰ, ৰোমান্টিক থ্ৰিলাৰ ছবি শ্বগুফতা ৰফিকৰ পৰিচালনা আৰু এছভিএফৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ চনীৰ দ্বাৰা প্ৰযোজিত বোলছবি। যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী আৰু ৰাজদ্বীপ গুপ্তা অভিনীত ছবিখনে আমিৰ আৰু পৰিৰ প্ৰেম কাহিনী অনুসৰণ কৰে।
-
মন্তি ফেষ্ট
মন্তি ফেষ্ট হৈছে প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কেথলিক খ্ৰীষ্টান উৎসৱ, ভাৰতৰ কোংকণ অঞ্চলৰ কোংকণী জনগোষ্ঠীৰ লেটিন খ্ৰীষ্টান সম্প্ৰদায় আৰু ভাৰতৰ কৰ্ণাটক কানাৰা উপ-অঞ্চলৰ কোংকণী খ্ৰীষ্টান প্ৰব্ৰজনকাৰীসকলে পালন কৰে। এই উৎসৱত পৱিত্ৰ কুমাৰী মেৰীৰ জন্মদিন উদ্যাপন কৰা হয়।
-
মমিতা (নৃত্য)
মমিতা নৃত্য ( Mamita Dance) ত্ৰিপুৰা ৰাজ্যৰ এক পৰম্পৰাগত লোক নৃত্য৷ ই কৃষিভিত্তিক উৎসৱ৷ আহিন মাহৰ শেষৰ ফালে শস্য চপোৱাৰ পাছত কাতি মাহৰ আৰম্ভণিতে মমিতা উৎসৱ পালন কৰা হয়৷ শস্য চপোৱাৰ পাছত “মাইমি’’ ধানৰ চাউল উলিয়াই “মাইলুমা’’(শস্যৰ দেৱী) আৰু “খুলুমা’’(তুলাৰ দেৱী)ক উছৰ্গা কৰি পূজা কৰা হয়৷ ইয়াক…
-
মস্তবাত আল-ফেৰাউন
মস্তবাত আল-ফেৰাউন (مصطبة الفرعون, ইজিপ্তবিজ্ঞানৰ সাহিত্যত ফেৰাউনক মাস্তাবা আল-ফেৰাউন, মস্তবাত আল-ফেৰাউন বা মস্তবাত ফাৰাউন বুলিও কোৱা হয় আৰু ইয়াৰ অৰ্থ হৈছে "ফেৰাউনৰ বেঞ্চ") হৈছে প্ৰাচীন মিচৰৰ ৰজা শ্বেপচেস্কাফৰ ( ২৫১০–২৫০৩ খ্ৰীষ্টপূৰ্ব), কবৰ স্মৃতিসৌধ, চতুৰ্থ বংশৰ শেষৰজন ৰজা আজিলৈকে নথিভুক্ত কৰা…
-
মহা চোৰ
মহা চোৰ (অৰ্থাৎ "ডাঙৰ চোৰ") হৈছে নৰেন্দ্ৰ বেদীৰদ্বাৰা পৰিচালিত ১৯৭৬ চনৰ এখন বলীউডৰ এক্সন কমেডী চলচ্চিত্ৰ। ইয়াত ৰাজেশ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে নীতু সিঙক দেখা গৈছে।
-
মহা ছোনা
মহা ছোনা বা মহা ছোহোনা সিংহলী লোককথাৰ এক ইয়াক’(অৰ্থাৎ দানৱ), যিয়ে মৃত্যুৰ পিছৰ আত্মাক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়। মহাছোনা নামৰ অৰ্থ সিংহল ভাষাত “সৰ্বশ্ৰেষ্ঠ অসুৰ" বা "কবৰস্থানৰ দেৱতা বা দানৱ"। ই শ্ৰীলংকাৰ আটাইতকৈ ভয়ংকৰ দেৱতা বা দানৱ।
-
মহাকবি গিৰীশচন্দ্ৰ
মহাকবি গিৰীশচন্দ্ৰ (Mahakavi Girishchandra) ১৯৫৬ চনৰ মধু বসু পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক নাট্যধৰ্মী ছবি। কবি আৰু নাট্যকাৰ গিৰীশচন্দ্ৰ ঘোষৰ জীৱনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। নাম ভূমিকাত অভিনয় কৰিছে পাহাৰী সান্যালে।
-
মহাণ্ডে নৃত্য
মহাণ্ডে (ইংৰাজী: Mhande) হ’ল শোনা লোকসকলৰ মাজত প্ৰচলিত এক পৰম্পৰাগত প্ৰদৰ্শনী, য’ত সংগীত আৰু নৃত্য অন্তৰ্ভুক্ত থাকে। ই কাৰাঙ্গা লোকসকলৰ এক বাৰ্ষিক বৰ্ষা অনুষ্ঠান 'মুতুৰো' উৎসৱৰ এক গুৰুত্বপূৰ্ণ উপাদান।
-
মহাত্মা ফুলে মিউজিয়াম
মহাত্মা ফুলে মিউজিয়াম (Mahatma Phule Museum) হৈছে মহাৰাষ্ট্ৰৰ পুনাত অৱস্থিত এটি সংগ্ৰহালয়। ১৮৯০ চনত এইটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়া এই সংগ্ৰহালয়টো পুনা উদ্যোগিক সংগ্ৰহালয় (পুনা ইণ্ডাষ্ট্ৰিয়েল মিউজিয়াম) নামেৰে জনা গৈছিল। পিছত ‘লৰ্ড ৰে মিউজিয়াম’ নামেৰে নামাকৰণ কৰা হৈছিল।
-
মহাৰাজা (২০২৪ চলচ্চিত্ৰ)
মহাৰাজা (Maharaja, ) ২০২৪ চনৰ তামিল ভাষাৰ এখন ভাৰতীয় একচন থ্ৰিলাৰ চলচ্চিত্ৰ৷ পৰিচালক নিথিলান স্বামীনাথনে সংলাপসমূহ সহযোগীভাৱে ৰাম মুৰালীৰ সৈতে লিখিছে। চলচ্চিত্ৰখনৰ যৌথ প্ৰযোজক পেচন ষ্টুডিঅ’, দ্য ৰুট আৰু থিংক ষ্টুডিঅ’৷ “মহাৰাজা” নামেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় সেতুপতিয়ে, লগতে ইয়াত অভিনয়…
-
মহাৱতাৰ নৰসিংহ
মহাৱতাৰ নৰসিংহ (Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচনধৰ্মী ছবি, যাৰ পৰিচালক আছিল অশ্বিন কুমাৰ৷ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু নৰসিংহ পুৰাণৰ আধাৰত জয়পূৰ্ণা দাসৰ দ্বাৰা লিখিত কাহিনীটো ক্লিম প্ৰডাকচন আৰু হোম্বলে ফিল্মছে প্ৰযোজনা কৰে।
-
মহীশূৰ ৰোজউড ইনলে
মহীশূৰ ৰোজউড ইনলে মহীশূৰৰ আশে-পাশে শিল্পীসকলে ভাস্কৰ্য আৰু আলংকাৰিক কামত ব্যৱহাৰ কৰা বিভিন্ন কৌশল সামৰি লৈছে, ইয়াত প্ৰায়ে হাতীদাঁতৰ খোলা, শামূকৰ খোলা, পশুৰ শিং আৰু চন্দন কাঠৰ দৰে ৰঙীন সামগ্ৰী গোলাপ কাঠৰ মিশ্ৰণত পৰিণত কৰি সাধাৰণতে মেট্ৰিক্সৰ সৈতে সমতল অলংকাৰ বা ছবি গঠন কৰে।
-
মহীশূৰৰ পৰম্পৰাগত চিত্ৰকলা
মহীশূৰৰ পৰম্পৰাগত চিত্ৰকলা কৰ্ণাটকৰ মহীশূৰ চহৰ আৰু ইয়াৰ আশে-পাশে উৎপত্তি হোৱা দক্ষিণ ভাৰতীয় ধ্ৰুপদী চিত্ৰশৈলীৰ এক গুৰুত্বপূৰ্ণ ৰূপ। মহীশূৰৰ শাসকসকলে এই চিত্ৰশৈলীক উৎসাহিত কৰাৰ লগতে পৃষ্ঠপোষকতা কৰিছিল।
-
মহুৰত শ্বট
মহুৰত শ্বট বা মুহুৰ্তম শ্বট (Muhurat shot)) হ'ল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চিনেমা এখনৰ শ্বুটিং আৰম্ভ কৰাৰ মুহূৰ্তৰ প্ৰধান ফটোগ্ৰাফীৰ আৰম্ভণিৰ চিন স্বৰূপ ছবিৰ প্ৰথম শ্বট (বা টেক)। প্ৰথম শ্বট (বা টেক) লোৱাৰ আগতে পূজা (ধৰ্মীয় অনুষ্ঠান) কৰা হয়। মুহুৰ্তম ঋগবেদৰ শব্দ আৰু ইয়াৰ অৰ্থ হৈছে মুহূৰ্ত।
-
মহেশীন্তে প্ৰতিকাৰম
মহেশীন্তে প্ৰতিকাৰম (অৰ্থ: মহেশৰ প্ৰতিশোধ) হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ কমেডী ড্ৰামা চলচ্চিত্ৰ। এইখন পৰিচালক দিলীশ পুথানৰ পৰিচালনাৰ প্ৰথম ছবি আছিল আৰু ছবিখনৰ প্ৰযোজনা কৰিছিল আশিক আবুৱে।
-
মহৰি
মহৰি নাটকখন দুৰ্গাপ্ৰসাদ মজিন্দাৰবৰুৱাৰ এখন ধেমেলীয়া নাট। মহৰি মজিন্দাৰ বৰুৱাৰ প্ৰথম নাট। মহৰি নাটকখন ১৮৯২ খৃষ্টাব্দত ৰচিত হৈ ১৮৯৬ খৃষ্টাব্দত প্ৰকাশ হয়।
-
মা বেটী
মা বেটী হ'ল ১৯৮৬ চনৰ ভাৰতীয় পাৰিবাৰিক নাট্য চলচ্চিত্ৰ। বলীউডৰ এইখন চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰ, শৰ্মিলা ঠাকুৰ, তনুজা আৰু মীনাক্ষী শেশাদ্ৰীয়ে।
-
মাংবউং নৃত্য
মাংবউং নৃত্য নক্তে জনগোষ্ঠীৰ লোকৰ মাজত প্ৰচলিত এক নৃত্যানুষ্ঠান। নক্তেসকলে কোনো সন্মানীয় লোকৰ মৃত্যু হ’লে মৃতকৰ সন্মানাৰ্থে মংবউং নৃত্য অনিষ্ঠিত কৰে। নক্তেসকলৰ মাত মৃতদেহ খৰি দিয়া, কবৰ দিয়া আৰু চাঙত তুলি থোৱা- তিনিওটা নিয়মেই আছে।