যামিনী ৰায় সংগ্ৰহালয় ( The Jamini Roy Museum) শিল্পী যামিনী ৰয়ৰ পূৰ্বৰ বাসগৃহত অৱস্থিত এটা পৰিকল্পিত সংগ্ৰহালয়।১ ২০২৩ চনৰ আৰম্ভণিতে DAG-এ (পূৰ্বতে দিল্লী আৰ্ট গেলেৰী) ৰায়ৰ কলকাতাৰ বালিগঞ্জত অৱস্থিত, ৭৫ বছৰ পুৰণি বাসগৃহ অধিগ্ৰহণ কৰে। যামিনী ৰায়ৰ সৃষ্টিশীল জগতখনৰ দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে ঘৰটোক আধুনিক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লোৱা হৈছে।২
ভাৰতৰ প্ৰথম ব্যক্তিগত মালিকানাধীন একক শিল্পী সংগ্ৰহালয় হিচাপে গণ্য কৰা এই প্ৰকল্পটো ৩ DAG-এ ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে।৪ সংগ্ৰহালয়টোত ৰোটেচনেল শ্ব’ আৰু আধুনিক পৰিৱেশ বিৰাজ কৰা এখন কেফে থাকিব। ইয়াৰ উপৰিও ই সমগ্ৰ ভাৰত আৰু বিশ্বৰ শিল্পী আৰু পৰ্যটকৰ বাবে এক মাইলৰ খুটি হিচাপে কাম কৰিব, যিয়ে যামিনী ৰায়ৰ কৰ্ম আৰু উত্তৰাধিকাৰ সংৰক্ষণ কৰাত সহায় কৰিব।৫ এই ধৰণৰ সংগ্ৰহালয়ৰ বিশিষ্ট উদাহৰণসমূহ হ'ল এডভাৰ্ড মাঞ্চে বাস কৰা আৰু কাম কৰা ঠাইত সৃষ্টি কৰা নৰৱেৰ মাঞ্চ সংগ্ৰহালয়, মেক্সিকোৰ ফ্ৰিডা কাহলো সংগ্ৰহালয় আৰু ফ্ৰান্সৰ ফাউণ্ডেশ্যন ক্ল'ড মনেট।৬
ইতিহাস
১৯৪৯ চনত যামিনী ৰায়ে বাগবাজাৰত থকা পূৰ্বৰ ঘৰৰ পৰা বালিগঞ্জৰ নতুন বাসগৃহলৈ স্থানান্তৰিত হয়, যিটো তেওঁ আৰু তেওঁৰ পুত্ৰ অমিয়ই মিলি ডিজাইন আৰু পৰিকল্পনা কৰিছিল। ১৯৭২ চনত মৃত্যুৰ আগলৈকে তেওঁ ইয়াত নিজৰ ষ্টুডিঅ'ত থাকি কাম কৰি থাকে।৭ নিজৰ সোণালী সময়খিনিত ঘৰটো সকলো মানুহৰ বাবে মুকলি আছিল আৰু তেতিয়া সেই সময়ৰ বিশিষ্ট ব্যক্তিসকলে শিল্পীজনক লগ পাবলৈ আৰু তেওঁৰ সৈতে মত বিনিময় কৰিবলৈ ইয়ালৈ আহিছিল। ঘৰটোত ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, ৰাজীৱ আৰু সঞ্জয় গান্ধীৰ দৰে দৰ্শনাৰ্থীৰ লগতে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যোতি বসু, বুদ্ধদেৱ ভট্টাচাৰ্য আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বিশিষ্ট ব্যক্তিসকলে পদাৰ্পন কৰিছিল।৮
লগতে চাওক
তথ্যসূত্ৰ
- ↑ PTI; ThePrint. (2023-03-29). Kolkata house of veteran artist Jamini Roy to be turned into museum: DAG. ThePrint
- ↑ Home and the world of Jamini Roy, India’s first private single-artist museum. The New Indian Express
- ↑ Sarkar, Vaaswat. (2023-04-07). Modernist Master Jamini Roy's House Will Become India's First Private Artist Museum. Homegrown
- ↑ (2023-03-30). Kolkata house of veteran artist Jamini Roy to be turned into museum: DAG. The Indian Express
- ↑ (2023-04-28). Inside the DAG x Jamini Roy house. The Hindu
- ↑ (2023-04-07). The house where Jamini Roy lived. Mintlounge
- ↑ A walk through Jamini Roy’s house at Ballygunge Place. www.telegraphindia.com
- ↑ Dey, Sreyashi. (2023-04-10). Jamini Roy family says 'prayers answered'. His house-museum a window to modern Bengali art. ThePrint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যামিনী ৰায় সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৫৮৪৬৪৮ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।