অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেট গালা

মেট গালা (আনুষ্ঠানিকভাৱে কষ্টুম ইনষ্টিটিউট বেনিফিট বুলি কোৱা হয়) হৈছে মানহাটানৰ ফিফথ এভিনিউৰ মিউজিয়াম মাইলত থকা মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ কষ্টুম ইনষ্টিটিউটৰ সুবিধাৰ্থে অনুষ্ঠিত হোৱা বাৰ্ষিক ‘হ’ট ক্যুট’ ধন সংগ্ৰহ উৎসৱ।

হালনাগাদ: ১২ মে’ ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

মেট গালা (আনুষ্ঠানিকভাৱে কষ্টুম ইনষ্টিটিউট বেনিফিট বুলি কোৱা হয়) হৈছে মানহাটানৰ ফিফথ এভিনিউৰ মিউজিয়াম মাইলত থকা মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ কষ্টুম ইনষ্টিটিউটৰ সুবিধাৰ্থে অনুষ্ঠিত হোৱা বাৰ্ষিক ‘হ’ট ক্যুট’ ধন সংগ্ৰহ উৎসৱ। মেট গালাক জনপ্ৰিয়ভাৱে ফেশ্বন বিশ্বৰ সবাতোকৈ সন্মানীয় আৰু গ্লেমাৰপূৰ্ণ অনুষ্ঠান হিচাপে গণ্য কৰা হয়, য'ত খ্যাতি, ধন, ক্ষমতা, সামাজিক প্ৰভাৱে একেলগে প্ৰৱেশ কৰে আৰু শিখৰত উপনীত হয়।১২ অভ্যাগতসকলক ফেশ্বনৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ সুযোগ দিয়া হয়৷ সন্ধ্যাৰ বিষয়বস্তু আৰু বহল সাংস্কৃতিক প্ৰেক্ষাপটৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিশদ আৰু প্ৰচাৰসুলভ সাজ-পোছাক প্ৰস্তুত কৰা হয়। ফেশ্বন আৰু গ্লেমাৰ আলোচনী ভ'গে আয়োজন কৰা এই অনুষ্ঠানক "ফেশ্বনৰ আটাইতকৈ ডাঙৰ নিশা" বুলি জনা যায়,৩৪ এটা বছৰত মেট গালাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰিত হোৱা ব্যক্তিসকল সাধাৰণতে ফেশ্বন, ডিজিটেল আৰু ছ'চিয়েল মিডিয়া, টেক, সংগীত, ব্ৰডৱে, ৱাল ষ্ট্ৰীট, চলচ্চিত্ৰ, টেলিভিছন, ক্ৰীড়া আৰু ৰাজনীতিকে ধৰি বিভিন্ন পেছাদাৰী ক্ষেত্ৰৰ বিশ্বৰ সংযোগস্থলত সমসাময়িক সমাজৰ বাবে সাংস্কৃতিকভাৱে প্ৰাসংগিক বুলি গণ্য কৰা হয়।৫

বছৰি মে' মাহৰ প্ৰথম সোমবাৰে এই গালা অনুষ্ঠিত হয়,৬যি মানহাটানৰ আপাৰ ইষ্ট চাইডত আয়োজিত কষ্টুম ইনষ্টিটিউটৰ বাৰ্ষিক ফেশ্বন প্ৰদৰ্শনীৰ মুকলি কৰে।৭ উপস্থিত থকা বহু লোকক ভ'গৰ কাভাৰ আৰু পৃষ্ঠাত চিত্ৰিত কৰা হয়। প্ৰতি বছৰৰ এই অনুষ্ঠানটোৱে সেই বছৰৰ কষ্টিউম ইনষ্টিটিউটৰ প্ৰদৰ্শনীৰ নিৰ্দিষ্ট বিষয়বস্তুক উদযাপন কৰে, যিয়ে নিশাৰ আনুষ্ঠানিক সাজ-পোছাকৰ গতিধাৰা নিৰ্ধাৰণ কৰে।

অতিথিসকলে বাৰ্ষিক প্ৰদৰ্শনীৰ বিষয়বস্তুৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ ফেশ্বন পৰিকল্পনা কৰে। ভ'গৰ মুখ্য সম্পাদিকা হিচাপে কৰ্মৰত ফেশ্বন কাৰ্যবাহী আন্না উইণ্টৌৰে ১৯৯৫ চনৰ পৰা মেট গালাৰ অধ্যক্ষ বা সহ-অধ্যক্ষ হিচাপে কাম কৰি আহিছে৷ অৱশ্যে ১৯৯৬ চনত ব্ৰিটিছ ভ'গত উইণ্টুৰৰ উত্তৰাধিকাৰী লিজ টিলবেৰিছে অধ্যক্ষতা কৰে।৮ সময়ৰ লগে লগে মেট গালা নিউয়ৰ্কৰ ফেশ্বন কেন্দ্ৰৰ বাহিৰলৈ বিকশিত হৈ নিজৰ দৃষ্টিভংগী আৰু পৰিসৰত ক্ৰমান্বয়ে বিশ্বব্যাপী আৰু বৈচিত্ৰ্যময় হৈ পৰিছে।

মেট গালাত অংশগ্ৰহণৰ বাবে এটা টিকটৰ প্ৰৱেশ মূল্য ২০২৬ চনত ১ লাখ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়৷৯২০২৫ চনত ইয়াৰ মূল্য আছিল ৭৫,০০০ ডলাৰ১০১১ ২০২৩ চনত চফট্ ৱেৰ কোম্পানী লঞ্চমেট্ৰিক্সে দেখিলে যে মেট গালাই ছুপাৰ ব'লৰ তুলনাত ব্ৰেণ্ডসমূহৰ বাবে "মিডিয়া ইমপেক্ট মূল্য" (উৎপন্ন হোৱা প্ৰচাৰৰ আৰ্থিক মূল্য)ৰ প্ৰায় দুগুণ সৃষ্টি কৰে, যি হৈছে ৯৯৫ মিলিয়ন মাৰ্কিন ডলাৰ। ২০২৪ চনত মেট গালাৰ আৰ্থিক মূল্য ১.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।১২ মেট গালাই ছয়খন বসতিপ্ৰধান মহাদেশৰ চেলিব্ৰিটি আৰু ডিজাইনাৰসকলক প্ৰতিনিধিত্ব কৰিবলৈ ক্ৰমান্বয়ে নিজৰ প্ৰসাৰতা বৃদ্ধি কৰিছে।১৩

তথ্যসূত্ৰ

  1. ↑ How the Met Gala Became Fashion’s Most Powerful Night. ayerhsmagazine
  2. ↑ Lilian Raji. How The 2026 Met Gala Became Fashion’s Most Transactional Affair. Forbes
  3. ↑ Ali Bauman. (May 1, 2023). Met Gala 2023: Fashion's biggest night honors Karl Lagerfeld. CBS News
  4. ↑ (April 29, 2024). Met Gala 2024: How to Watch Fashion's Biggest Night. Glamour
  5. ↑ Annie Brown. (May 5, 2019). How the Met Gala became the 'fashion Oscars'. Sydney Morning Herald
  6. ↑ Aisha Nozari. (April 16, 2023). Met Gala ticket prices upped to an eye-watering '$50,000' weeks before star-studded fashion bash. MetroEntertainment
  7. ↑ The Costume Institute · The Metropolitan Museum of Art. metmuseum.org
  8. ↑ (2024-02-25). Princess Diana's One and Only Met Gala Dress Was Loaded With Meaning. Vogue
  9. ↑ Vanessa Friedman. (May 1, 2026). Your Guide to the 2026 Met Gala: Theme, Hosts, Dress Code and More. The New York Times
  10. ↑ Vanessa Friedman. (April 24, 2024). Everything You Need to Know About the 2024 Met Gala. The New York Times
  11. ↑ Shanghai and New York--Similar, But Different. China.org
  12. ↑ Jacqui Palumbo. (May 1, 2025). Met Gala 2025: Everything you need to know about fashion's biggest night out. CNN syndicated by KOCO News 5 (affiliate of ABC News)
  13. ↑ Lavanya R. (May 15, 2025). Met Gala 2025: Shah Rukh Khan Becomes Most Popular Male Star With $19M Social Media Impact. NewsX World. NewsXWorld

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেট গালা” প্ৰবন্ধৰ সংশোধন ৬০৫৯৭৬ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।