অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেৰী কম (চলচ্চিত্ৰ)

মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩,১৪০ শব্দ · ১৭ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভণশালীয়ে। প্ৰিয়ংকা চোপ্ৰাই নাম ভূমিকাত অভিনয় কৰাৰ বিপৰীতে নৱাগত দৰ্শন কুমাৰ আৰু সুনীল থাপাই ক্ৰমে তেওঁৰ স্বামী আৰু গুৰুৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত মেৰী কম এগৰাকী বক্সাৰ হোৱাৰ পৰা ২০০৮ চনত নিংবোত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়লাভ কৰালৈকে সামৰি লোৱা হৈছে। মেৰী কমত চোপ্ৰাই এগৰাকী নেপথ্য কণ্ঠশিল্পী হিচাপেও আত্মপ্ৰকাশ কৰে। তেওঁ "চাওৰো" শীৰ্ষক এটা গীতৰ বাবে কণ্ঠদান কৰিছিল।

মেৰী কমৰ কাহিনীটো লেখক ছাইৱিন কোৱাড্ৰাছে বিকশিত কৰে, যিয়ে পৰিচালক কুমাৰক কাহিনীটোৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল, যেতিয়া কম তেওঁৰ অসংখ্য কৃতিত্বৰ পিছতো ভাৰতত চিনাকি নাম নাছিল। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পূৰ্বে কুমাৰে ছবিখনৰ অনুমতি বিচাৰি কমক লগ ধৰে। চোপ্ৰাই পেশীবহুল শৰীৰ লাভ কৰিবলৈ চাৰি মাহ ধৰি বিস্তৃত শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু এই খেলবিধ আৰু কমৰ সুকীয়া বক্সিং শৈলী শিকে। ২০১৩ চনৰ জুন মাহত ফিল্মিস্তানত বক্সিঙৰ চিত্ৰগ্ৰহণেৰে মূল দৃশ্যগ্ৰহণ আৰম্ভ হয়। নিৰাপত্তাজনীত কাৰণত কমৰ গৃহ ৰাজ্য মণিপুৰত শ্বুটিঙৰ পৰিকল্পনা বাদ পৰাৰ পিছত ধৰ্মশালা আৰু মানালীত মেৰী কম ছবিৰ দৃশ্যগ্ৰহণ কৰা হয়, য’ত মণিপুৰৰ এটা ডাঙৰ অংশ পুনৰ সৃষ্টি কৰি লোৱা হৈছিল।

২০১৪ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ছবিখনে মহোৎসৱৰ উদ্বোধনৰ নিশা প্ৰদৰ্শিত হোৱা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হয়। ₹৩৮ কোটি (৪.৩ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটত নিৰ্মিত মেৰী কমক ২০১৪ চনৰ ৫ ছেপ্টেম্বৰত মুক্তি দিয়া হয়। চোপ্ৰাৰ অভিনয়ে উচ্চ প্ৰশংসা লাভ কৰে। মুক্তিৰ লগে লগে মহিলা প্ৰধান ছবি হিচাপে ভাৰতীয় ছবিৰ বাবে সৰ্বকালৰ সৰ্বাধিক অপেনিং উইকেণ্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। বক্স অফিচ সফল ছবিখন ₹৮৬.১৯ কোটি (৯.৯ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে। মেৰী কমে সৰ্বাধিক উপাৰ্জন কৰা এখন নাৰী প্ৰধান ভাৰতীয় ছবিৰ ভিতৰতো স্থান লাভ কৰিছে।

ভাৰতবৰ্ষৰ বহুতো পুৰস্কাৰ সমাৰোহত মেৰী কমে কেইবাটাও প্ৰশংসা লাভ কৰিছে। এই ছবিখনে সম্পূৰ্ণ মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে; লগতে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ (চোপ্ৰা) ফিল্মফেয়াৰ বঁটাৰ বাবেও মনোনীত হয়। ইয়াৰ উপৰিও চোপ্ৰাই মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা আৰু প্ৰডিউচাৰ্ছ গীল্ড চলচ্চিত্ৰ বঁটা লাভ কৰে।

কাহিনী

ইম্ফলৰ এজন ধান খেতিয়কৰ কন্যা মাংটে চুংগেইজেং কম নামৰ এগৰাকী যুৱতীয়ে ১৯৯১ চনত কংগাথেইত হোৱা বিমান দুৰ্ঘটনাৰ অৱশিষ্টত বক্সিং গ্লোভছ বিচাৰি পায়। গ্লোভছটোৰ প্ৰতি আকৰ্ষিত হোৱা কম দেউতাকৰ অসন্মতি সত্ত্বেও বক্সিঙৰ প্ৰতি তীব্ৰ আগ্ৰহ লৈ ডাঙৰ-দীঘল হয়। তেওঁ এজন ল’ৰাক অনুসৰণ কৰি বক্সিং জিমলৈ যায়। জিমৰ প্ৰশিক্ষক নৰ্জিত সিং যে এছিয়ান চেম্পিয়ন ডিঙকো সিঙৰ প্ৰশিক্ষক আছিল, সেই কথা বুজাৰ পিছত কমে তেওঁক বক্সিং শিকাৰ আগ্ৰহৰ বিষয়ে কয়। প্ৰশিক্ষকগৰাকীয়ে পৰৱৰ্তী ত্ৰিশ দিনৰ বাবে তেওঁক জিমলৈ যাবলৈ কয় আৰু কয় যে তেওঁ পৰ্যাপ্তভাবে যোগ্য হ’লেহে শিকাব। তেওঁ জিমলৈ যাবলৈ আৰম্ভ কৰে আৰু এই কথা মাকক জনায়; কিন্তু দেউতাকক নকয়। দিনবোৰ পাৰ হৈ যায়, কিন্তু প্ৰশিক্ষকে তেওঁক একো সোধা-পোছা নকৰে। কমৰ নিষ্ঠা আৰু জেদী স্বভাৱৰ বাবে সিঙে তেওঁক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। প্ৰশিক্ষকজনেই তেওঁক নাম সলনি কৰি মেৰী কৰিবলৈ পৰামৰ্শ দিয়ে।

কমে ধনৰ বিনিময়ত এজন স্থানীয় মল্লযুঁজাৰুক প্ৰত্যাহ্বান জনায়, যাতে ঘৰৰে এটা গাই ঘূৰাই কিনিব পাৰে। গাইজনী পৰিয়ালটোৰ আৰ্থিক সমস্যাৰ বাবে বিক্ৰী কৰিবলগীয়া হৈছিল। এইখিনিতে তেওঁ ফুটবলাৰ ওনলেৰ কমক লগ পায়। ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপ জয় কৰাৰ পিছতহে দেউতাকে গম পায় যে তেওঁ বক্সিং খেলে। দেউতাকে তেতিয়া তেওঁক দেউতাক আৰু বক্সিঙৰ মাজৰ পৰা এটা বাছি ল’বলৈ কয়, কমে অনিচ্ছা সত্ত্বেও বক্সিং বাছি লয়। ২০০২ চনৰ মহিলা বিশ্ব এমেচাৰ বক্সিং চেম্পিয়নশ্বিপৰ বিজয়ী মেচখন টেলিভিছনত চোৱাৰ পিছতহে দেউতাকৰ সৈতে কমৰ মিলন হয় আৰু এই খেলবিধৰ প্ৰতি তেওঁৰ আবেগ বুজি নোপোৱাৰ বাবে দেউতাকে তেওঁৰ ওচৰত ক্ষমা বিচাৰে। ইফালে ওনলেৰে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু কেতিয়াও বক্সিং এৰিবলৈ যাতে নকয়, তাৰবাবে সন্মত হয়। ২০০৬ চনৰ মহিলা বিশ্ব এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত জয়ী হোৱাৰ পিছত কমে ওনলেৰক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। কমৰ এই সিদ্ধান্তৰ বাবে তেওঁৰ প্ৰশিক্ষকে যথেষ্ঠ অসন্তুষ্টি প্ৰকাশ কৰে। বিয়াৰ পিছত কম গৰ্ভৱতী হয় আৰু পৰিয়াল চোৱাচিতা কৰিবলৈ নিজৰ কেৰিয়াৰ এৰি দিয়ে।

কমে এহাল যমজ সন্তান জন্ম দিয়ে আৰু চৰকাৰী চাকৰিৰ বাবে আবেদন কৰে। কিন্তু বিশ্ব চেম্পিয়ন বক্সাৰ হিচাপে তেওঁ নিজকে এটা ভাল পদবীৰ যোগ্য বুলি অনুভৱ কৰি চৰকাৰে দিয়া আৰক্ষী কনিষ্টবলৰ চাকৰিটো প্ৰত্যাখান কৰে। মানুহে তেওঁক আৰু চিনি নাপায় বুলি জানি তেওঁৰ মনটো ভাগি পৰে। ওনলেৰে তেওঁক বক্সিং প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবলৈ উৎসাহিত কৰে। স্বামীক তেওঁলোকৰ যমজ সন্তানহালক চোৱাচিতা কৰিবলৈ এৰি তেওঁ আকৌ জিমত যোগদান কৰে। তেওঁৰ প্ৰশিক্ষক তেতিয়াও তেওঁৰ বিয়াৰ সিদ্ধান্তক লৈ বিচলিত হৈ আছিল যদিও কমে নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত পুনৰ উভতি আহে। প্ৰতিদ্বন্দ্বীতকৈ ভাল প্ৰদৰ্শন কৰাৰ পিছতো বিচাৰকৰ আপাত পক্ষপাতিত্বৰ বাবে মেচখনত পৰাস্ত হয়। কমে খঙত তেওঁলোকৰ ফালে চকী এখন দলিয়াই দিয়ে, যাৰ ফলত তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। পিছত তেওঁ ক্ষমাপ্ৰাৰ্থনা কৰি পত্ৰ লিখে, আৰু বিষয়াববীয়াজনে সেয়া মানি লয়।

পিছত কমে নৰ্জিত সিঙক তেওঁক প্ৰশিক্ষণ দিবলৈ পতিয়ন নিয়ায়, কিয়নো তেওঁ ভাবে যে এইজন প্ৰশিক্ষকৰ পৰাই তেওঁ সৰ্বোত্তমখিনি লাভ কৰিব পাৰিব। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত ২০০৮ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ওনলেৰে তেওঁক তেওঁলোকৰ এটা সন্তানৰ ভেণ্টিকুলাৰ চেপটাল ডিফেক্ট হোৱাৰ কথা জনায়। পৰৱৰ্তী যুঁজখনত কমে নিজকে ৰক্ষা কৰাত ব্যৰ্থ হয়। প্ৰতিদ্বন্দ্বী খেলুৱৈজনৰ নকআউট পাঞ্চৰ পাছত তেওঁ নিজৰ শক্তি ঘূৰাই পায় আৰু প্ৰতিপক্ষক ধৰাশায়ী কৰি চেম্পিয়নশ্বিপ জয় কৰে। মঞ্চত পদক গ্ৰহণ কৰি থাকোঁতে তেওঁ গম পায় যে পুত্ৰৰ অস্ত্ৰোপচাৰ সফল হৈছে।

অভিনয় শিল্পী

  • প্ৰিয়ংকা চোপ্ৰা (মেৰী কম)
  • সুনীল থাপা (এম নৰজিৎ সিং)
  • দৰ্শন কুমাৰ (ওনলেৰ কম)
  • ৰবীন দাস (মাংতে টনপা কম)
  • ৰজনী বসুমতাৰী (মাংতে আখাম কম)
  • লিন লেইছৰাম (বেম-বেম)
  • বিজও থাংজাম (নাওবি)
  • জেচাৰী কফিন (জাৰ্মান বক্সিং কোচ্চ
  • বন্দৰী ৰাঘৱেন্দ্ৰ (পিটাৰ মাইকেল)
  • শিশিৰ শৰ্মা (ৰাষ্ট্ৰীয় দলৰ কোচ্চ)
  • শক্তি সিনহা (এচ শৰ্মা)
  • কেনী দেউৰী বসুমতাৰী (জিমী)
  • ৰিচিকা মূৰ্তি (সাংবাদিক)
  • বিনোদ কুমবাং (লালবয়)
  • পবিত্ৰ ৰাভা (আছং)
  • ৰমেন্দ্ৰ বশিষ্ঠ (ফেডাৰেচন কাৰ্যালয় সহায়ক)
  • দীপক কুমাৰ সিং (এলবেট্ৰো)
  • মৃদুল শতম (কিশোৰী মেৰী কম)১

নিৰ্মাণ

বিকাশ

অলিম্পিক জয়ৰ পিছত মেৰী কম ৰাষ্ট্ৰীয় নায়ক হিচাপে প্ৰশংসিত হৈছিল আৰু তেওঁৰ পূৰ্বৰ কৃতিত্বকো উজ্জ্বল কৰি তুলিছিল
অলিম্পিক জয়ৰ পিছত মেৰী কম ৰাষ্ট্ৰীয় নায়ক হিচাপে প্ৰশংসিত হৈছিল আৰু তেওঁৰ পূৰ্বৰ কৃতিত্বকো উজ্জ্বল কৰি তুলিছিলছবি: British High Commission, India · OGL v1.0

সঞ্জয় লীলা ভাঞ্চালীৰ সাৱৰিয়া (২০০৭) ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰাৰ সময়তে ওমুং কুমাৰে নিজৰ পৰিচালনাৰ প্ৰথমখন ছবিৰ বাবে একেলগে দুখন চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰে। কিন্তু কোনো এখন ছবি নিৰ্মাণ কৰা হোৱা নাছিল।২ তাৰ পিছত তেওঁ লেখিকা ছাইৱিন কোৱাড্ৰাছক তেওঁৰ প্ৰথমখন ছবিৰ বাবে মহিলা জীৱনীমূলক বিষয় এটা বিচাৰিবলৈ কয়; "এনে এটা ভূমিকা যিটো কোনো অভিনেত্ৰীয়ে নাকচ নকৰে"। তেওঁ লগতে কয় যে তেওঁ "কাৰোবাৰ কেৰিয়াৰৰ মাডাৰ ইণ্ডিয়াৰ দৰে হ'ব পৰা এখন ছবি নিৰ্মাণ কৰিব বিচাৰে।" ৰাণী লক্ষ্মীবাই আৰু ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ দৰে ঐতিহাসিক ব্যক্তিসকলৰ কথা ওলাল; কিন্তু তেওঁলোকে কুমাৰক অনুপ্ৰাণিত কৰিব পৰা নাছিল। তেতিয়া কোৱাড্ৰছে পাঁচবাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমৰ নাম আগবঢ়ায়, যিগৰাকীয়ে অসংখ্য কৃতিত্বৰ পিছতো সেই সময়ত ভাৰতৰ এক অচিনাকি নাম আছিল। কুমাৰে স্বীকাৰ কৰে যে কমৰ অস্তিত্বৰ বিষয়ে একো নজনা বাবে কমৰ কৃতিত্বৰ কথা কোৱাৰ পিছত তেওঁৰ আগ্ৰহ জন্মা নাছিল। পিছলৈ কোৱাড্ৰছে মেৰী কমৰ চিত্ৰনাট্য লৈ কুমাৰৰ ওচৰলৈ যায় আৰু তেওঁ এই চিত্ৰনাট্যখনেৰেই পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰাৰ সিদ্ধান্ত লয়।৩

ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কোৱাড্ৰাছে ২০১১ চনৰ পৰা ছবিখনৰ চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰে আৰু সম্পূৰ্ণ হ'বলৈ দুবছৰ সময় লাগে। কোৱাড্ৰাছে চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰা বছৰতে কমৰ মেনেজাৰৰ জৰিয়তে কমৰ সৈতে এটা সাক্ষাৎকাৰৰ ব্যৱস্থা কৰে।৪ কুমাৰে মণিপুৰলৈ কমক লগ কৰি ছবিখন নিৰ্মাণৰ অনুমতি ল’বলৈ যায়। প্ৰথম অৱস্থাত কমে এই ঘটনাক্ৰমৰ বাবে আচৰিত হৈছিল; কাৰণ এই খেলবিধ, বিশেষকৈ মহিলা বক্সিং ভাৰতত বেছি পৰিচিত নাছিল। কিন্তু ছবি নিৰ্মাণ সংক্ৰান্তত তেওঁ যথেষ্ঠ উৎসাহী আছিল।৫

যেতিয়া ওমুং মোৰ ওচৰলৈ আহিছিল, মই পাঁচবাৰৰ বিশ্ব এমেচাৰ বক্সিং চেম্পিয়ন আছিলোঁ। মই আচৰিত হৈছিলো যে তেওঁ মোৰ বিষয়ে কিয় চিনেমা বনাব বিচাৰিছে আৰু ভাবিলো যে তেওঁ ধেমালি কৰিছে বা পাগল হৈ গৈছে! বিশেষকৈ মহিলা বক্সিং ভাৰতত ইমান পৰিচিত নহয়, খবৰত তেনেকৈ নোলায়েই আৰু কোনেও মোক মেৰী কম বুলি চিনি নাপায়।
— – মেৰী কম৫

অনলাইন তথ্য আৰু বাতৰি কাকতৰ আৰ্কাইভ আদি উপলব্ধ উৎসৰ জৰিয়তে ছবিখনৰ বাবে বিস্তৰ গৱেষণা কৰা হৈছিল। কমৰ ভিডিঅ'সমূহে গৱেষণাত মূল ভূমিকা পালন কৰিছিল।৪ লেখকজনে তেওঁৰ জীৱনী সন্দৰ্ভত কেইবাবাৰো কমৰ সৈতে টেলিফোন আৰু ইমেইলত কথা-বতৰাও পাতিছিল। কোৱাড্ৰাছ আৰু কুমাৰৰ সৈতে হোৱা কথাবতৰাত কমে তেওঁৰ জীৱনৰ সবিশেষ প্ৰকাশ কৰিছিল আৰু চিত্ৰনাট্যৰ বাবে সেইখিনি উল্লেখযোগ্য সমল আছিল।৪ কোৱাড্ৰাছে প্ৰকাশ কৰে যে তেওঁৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল, ছবিখনক প্ৰামাণিক আৰু চিনেমাৰ দৰে কৰি তোলা, যাতে ই তথ্যচিত্ৰৰ দৰে নহয়। গতিকে তেওঁ ছবিৰ কাহিনী এনেদৰে লিখিছিল যে এগৰাকী মহিলা ক্ৰীড়াবিদ হিচাপে কমে সংগ্ৰাম কৰিবলগীয়া হৈছিল, তেওঁ পিতৃৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হৈছিল, ৰাজনীতি আৰু দীৰ্ঘদিনীয়া কেৰিয়াৰ বিৰতিৰ পিছত পুনৰ এৰেনালৈ উভতি আহিছিল।৪ কৰণ সিং ৰাথোৰ, ৰমেন্দ্ৰ বশিষ্ঠই সংলাপসমূহ লিখিছিল।১ ছবিখনত তেওঁৰ প্ৰাৰম্ভিক সংগ্ৰামৰ সময়ছোৱা আৰু মাতৃত্বৰ পিছত তেওঁৰ প্ৰত্যাৱৰ্তনৰ সময়ছোৱাহে দেখুওৱা হৈছে। ২০০৮ চনলৈকে কমৰ জীৱনৰ চিত্ৰায়ণৰ অনুমতি দিয়া চুক্তিখনৰ বাবে তেওঁৰ পঞ্চমটো বিশ্ব বক্সিং চেম্পিয়নশ্বিপ জয় আৰু লণ্ডন অলিম্পিক বাদ দিয়া হৈছিল। তথাপিও ছবিখনে নাটকীয় প্ৰভাৱৰ বাবে কেইবাটাও চলচ্চিত্ৰীয় স্বাধীনতাৰ সুযোগ গ্ৰহণ কৰিছিল।৬

২০১২ চনত ভাঞ্চালীৰ সৈতে হোৱা বৈঠকত কুমাৰে তেওঁক ছবিখনৰ বিষয়ে কয়। ভাঞ্চালীয়ে কাহিনীটো শুনিব বিচাৰিছিল আৰু প্ৰকল্পটোৰ প্ৰতিও উৎসাহী আছিল। চিত্ৰনাট্য শুনি তেওঁ ভাল পাইছিল আৰু লগে লগে ছবিখন নিৰ্মাণ কৰিবলৈ সন্মত হৈছিল। ৭ তেওঁৰ প্ৰডাকচন কোম্পানী ভাঞ্চালী প্ৰডাকচনৰ অধীনত ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু ভাঞ্চালী নিজেই ছবিখন প্ৰযোজনা কৰিবলৈ একত্ৰিত হয়। কিন্তু কুমাৰৰ সহকৰ্মীসকল নিশ্চিত নাছিল যে মণিপুৰত নিৰ্মিত এখন ছবিয়ে দৰ্শকে ভাল সমাদৰ পাব।২ এই চিন্তা ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত নাইকীয়া হৈ গৈছিল, যেতিয়া কমে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁৰ এই জয়ে তেওঁৰ পূৰ্বৰ কৃতিত্বসমূহকো উজলাই তোলে। ৮ সংবাদ মাধ্যমত ছবিখনৰ অগ্ৰগতিৰ খবৰ বিয়পি পৰাৰ পিছত নিৰ্মাতাসকলে স্পষ্ট কৰি দিয়ে যে অলিম্পিকৰ বহু আগতেই ২০১১ চনৰ পৰা ছবিখনৰ কামকাজ চলি আছে আৰু তেওঁৰ শেহতীয়া সফলতাৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হোৱা নাই। ৯ ১০ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাঞ্চালীয়ে ছবিখনক "বিৰল পৰীক্ষা" বুলি অভিহিত কৰিছিল, কাৰণ "জীৱিত মানুহৰ জীৱনীমূলক ছবি খুব বেছি নিৰ্মাণ নহয়" আৰু প্ৰকল্পটোৰ সৈতে জড়িত হব পাই তেওঁ গৌৰৱবোধ কৰিছিল। লগতে তেওঁ কয় যে কাহিনীটো ইমানেই প্ৰেৰণাদায়ক যে ই তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল।৮

কাষ্টিং আৰু চৰিত্ৰ

শিৰোনাম চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰা, কুমাৰ আৰু ভাঞ্চালীৰ প্ৰথম পছন্দ আছিল। ২০১২ চনৰ নৱেম্বৰৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চোপ্ৰাই ছবিখনত অভিনয় কৰিবলৈ আলোচনা চলায়। অৱশ্যে তেওঁ প্ৰথমতে অস্বীকাৰ কৰিছিল।১১ সেই মাহৰ শেষৰ ফালে নিশ্চিত কৰা হয় যে তেওঁক এই চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰা হৈছে।১২ চৰিত্ৰটোৰ আৱশ্যকীয় বৈশিষ্ট্যৰ বাবে প্ৰথমতে কিছু সংশয়ৰ সৃষ্টি হৈছিল, য’ত প্ৰশিক্ষণ, মাংসপেশীৰ গঠন, খেলবিধৰ কলাকৌশল শিকিবলগীয়া আছিল। পিছলৈ কুমাৰৰ তেওঁৰ ওপৰত থকা আস্থাৰ বাবেই তেওঁ ছবিখনৰ বাবে সন্মত হয়।২ চোপ্ৰাক অভিনয় কৰোৱাৰ সিদ্ধান্ত বিতৰ্কিত বুলি প্ৰমাণিত হয়, কাৰণ কিছুমানে বিশ্বাস কৰিছিল যে কমৰ মংগোলীয় মুখাৱয়ৱৰ উত্তৰ-পূব ভাৰতৰ এগৰাকী অভিনেত্ৰী এই চৰিত্ৰটোৰ বাবে অধিক উপযুক্ত হ'ব।২ পৰিচালকে অৱশ্যে অনুভৱ কৰিছিল যে ছবিখনত বহল প্ৰসাৰতা থকা এজন ডাঙৰ তাৰকাৰ প্ৰয়োজন আৰু সেই অঞ্চলৰ পৰা এগৰাকী অচিনাকি অভিনেত্ৰীক নিৰ্বাচিত কৰিলে ছবিখনৰ পৰিসৰ হ্ৰাস পাব আৰু ইয়াৰ প্ৰসাৰ কম হ'ব, যাৰ ফলত কমৰ কাহিনী বৃহৎ দৰ্শকৰ আগত কোৱাৰ উদ্দেশ্য বিঘ্নিত হ’ব।২ চোপ্ৰাৰ গ্ৰহণযোগ্যতা আৰু দৰ্শকৰ মাজত প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুমাৰে মন্তব্য কৰে যে, "মোক কেৱল এগৰাকী সক্ষম অভিনেত্ৰীৰ প্ৰয়োজন নাছিল, মোক এনে এগৰাকী অভিনেত্ৰীৰ প্ৰয়োজন, যি লাখ লাখ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে"।২ মেৰী কমে চোপ্ৰাৰ কাষ্টিঙক সমৰ্থন কৰিছিল আৰু চোপ্ৰাক এই চৰিত্ৰটোৰ বাবে "নিখুঁত পছন্দ" বুলি ভাবিছিল।১৩ ডেইলী নিউজ এণ্ড এনালাইছিছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কমে চোপ্ৰাক এই চৰিত্ৰত অভিনয় কৰা শ্ৰেষ্ঠ অভিনেত্ৰী বুলি অভিহিত কৰে আৰু লগতে কয় যে তেওঁৰ শৰীৰটোৰ গঠন এগৰাকী বক্সাৰৰ দৰেই।৪

ইয়াৰ বিপৰীতে ছবিখনৰ বাবে উপযুক্ত সহযোগী অভিনেতা চূড়ান্ত কৰিবলৈ কাষ্টিং ডাইৰেক্টৰ শ্ৰুতি মহাজন আৰু পৰাগ মেহতাক কেইবামাহো অডিচনৰ প্ৰয়োজন হৈছিল।৩ ২০১৩ চনৰ মে' মাহত বহুতো সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ছবিখনত কমৰ প্ৰশিক্ষক নৰ্জিত সিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ ডেনি ডেনজংপাৰ কাষ চপা হৈছিল।১৪ ইয়াৰ পৰিৱৰ্তে সুনীল থাপাকহে কমৰ প্ৰশিক্ষকৰ চৰিত্ৰত নিৰ্বাচিত কৰা হয়। দৰ্শন কুমাৰক কমৰ স্বামী ফুটবলাৰ ওনলেৰ কম হিচাপে চূড়ান্ত কৰা হয়, অডিচনৰ এটা শৃংখলাৰ অন্তত তেওঁৰ জীৱনৰ তিনিটা ভিন্ন পৰ্যায়ক প্ৰতিনিধিত্ব কৰা তিনিটা ভিন্ন ৰূপ অন্তৰ্ভুক্ত কৰা হৈছিল।১৫১৬ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যাপক ৰবিন দাসক কমৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰোৱা হৈছিল।১৭

গীত মু্ক্তিৰ অনুষ্ঠানত কম আৰু চোপ্ৰা
গীত মু্ক্তিৰ অনুষ্ঠানত কম আৰু চোপ্ৰাছবি: Bollywood Hungama · CC BY 3.0

চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগতে চোপ্ৰাই তিনিমাহৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰস্তুতিৰ ভিতৰত আছিল বক্সাৰৰ দৰে শৰীৰ গঠন কৰা আৰু এই খেলবিধ শিকা।১৮ সমীৰ জৌৰাক চোপ্ৰাক প্ৰশিক্ষণ দিবলৈ অনা হৈছিল। সেই সময়ত তেওঁ কৃষ-৩ৰ (২০১৩) ডাবিং আৰু গুণ্ডাৰ (২০১৪) চিত্ৰগ্ৰহণত ব্যস্ত আছিল। পিছত সিদ্ধান্ত লোৱা হয় যে জৌৰাই তেওঁৰ লগত চলচ্চিত্ৰৰ শ্বুটিঙলৈও যাব, যাতে প্ৰশিক্ষণৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰা যায়।১৯ যদিও তেওঁ কমক লগ পোৱাৰ সুযোগ নাপালে, তেওঁৰ ভিডিঅ'সমূহ চাই তেওঁৰ শৰীৰৰ ভাষা অধ্যয়ন কৰিছিল আৰু ২০১৩ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰা চোপ্ৰাৰ বাবে কৰ্ম-আঁচনি যুগুত কৰিছিল।২০ বক্সাৰৰ শৰীৰ এটা লাভ কৰিবলৈ জোৰদাৰ প্ৰশিক্ষণ লোৱাটো তেওঁৰ বাবে কঠিন হৈ পৰা যেন হৈছিল। তেওঁক কম কাৰ্ব’ আৰু উচ্চ প্ৰটিনযুক্ত খাদ্য দিয়া হৈছিল।১৭ ডেক্কান ক্ৰনিকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, "ছোৱালী হিচাপে সেই মাংসপেশী নিৰ্মাণ কৰাটো অতি কঠিন আছিল। মই তিনিমাহতে সেইখিনি কৰিবলগীয়া হৈছিল, যিটো মেৰীয়ে ১৫ বছৰত কৰিছিল।"২১

চোপ্ৰাই ছবিখনৰ বাবে প্ৰশিক্ষণ লোৱাৰ বাবে আন আন দায়িত্বৰ পৰা পোন্ধৰ দিনৰ বিৰতি পাইছিল। তেওঁ গোৱাৰ নিজৰ বাংলোলৈ গুছি যায়, য'ত তেওঁ দিনটোত পাঁচ ঘণ্টা প্ৰশিক্ষণ লৈছিল।১৯ কৰ্ম-আঁচনি সম্পূৰ্ণ কৰাৰ পাছত, য’ত ওজন আৰু চাৰ্কিট ট্ৰেইনিঙো অন্তৰ্ভূক্ত হৈ আছিল, তেওঁ বক্সিঙৰ প্ৰশিক্ষণ ল’বলৈ জোৰ দিয়ে। পিছলৈ বক্সিঙক তেওঁৰ দৈনন্দিন কৰ্ম-আঁচনিৰ অংশ কৰি লোৱা হয়।১৯ কমৰ সুকীয়া বক্সিং শৈলী শিকিবলৈ কমৰ প্ৰশিক্ষকসকলে চোপ্ৰাক প্ৰশিক্ষণ দিছিল। চোপ্ৰাই বুজাই দিলে যে তেওঁ বক্সাৰৰ ভূমিকা লোৱাৰ সলনি বক্সাৰ হ'ব লাগিছিল; আৰু কয় যে "বক্সিং শিকা এটা ধৰ্ম আছিল। আজি মই নিয়ম, শৰীৰৰ ভংগীমা, ভৰিৰ কাম জানো, মই মাৰিব পাৰো, মই নিজক ৰক্ষা কৰিব পাৰো। খেলবিধ মই জানো।"২২

প্ৰেৰণাদায়ক কাহিনীৰ বাবেই মেৰী কম ছবিখনক অতি বিশেষ আৰু ব্যক্তিগত ছবি বুলি বিবেচনা কৰি চোপ্ৰাই লগতে কয় যে তেওঁ নিজকে এই চৰিত্ৰটোৰ সৈতে ন্যায় কৰিবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ প্ৰকাশ কৰে যে তেওঁ দেউতাকৰ মৃত্যুৰ দুখক ছবিখনলৈ স্থানান্তৰ কৰিছিল: "মই এই ছবিখন মোৰ জীৱনৰ আটাইতকৈ কঠিন সময়ত, মোৰ দেউতাৰ মৃত্যুৰ চাৰিদিন পিছত আৰম্ভ কৰিছিলো। মোৰ দুখ আৰু সকলোবোৰ মই এই ছবিখনৰ মাজত উবুৰিয়াই দিছো। মোৰ আত্মাৰ এটা অংশ ইয়াত আছে।"২৩২৪ ডেইলী নিউজ এণ্ড এনালাইছিছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চোপ্ৰাই প্ৰকাশ কৰে যে যিহেতু তেওঁ দেখাত মেৰী কমৰ দৰে নহয়, সেয়েহে তেওঁ কমক নকল কৰাৰ চেষ্টা কৰা নাছিল। কিয়নো তেওঁৰ মূল লক্ষ্য আছিল কমৰ ভাৱনা আৰু ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰা। ২০১৩ চনৰ জুলাই মাহত চোপ্ৰাই কমৰ গৃহ ৰাজ্য মণিপুৰ ভ্ৰমণ কৰে, যাতে তেওঁৰ জীৱনৰ বিষয়ে অধিক জানিব পাৰে।২৫ গৱেষণাৰ অংশ হিচাপে চোপ্ৰাই কম আৰু তেওঁৰ পৰিয়ালৰ সৈতে তিনি বা চাৰিদিন থাকিছিল আৰু তেওঁৰ বিষয়ে অধিক জানিবলৈ তেওঁৰ বক্সিং একাডেমী আৰু গীৰ্জালৈ গৈছিল।২১ কমে কয়, "যেতিয়া তেওঁ মণিপুৰলৈ আহে, তেতিয়া তেওঁ বক্সিঙৰ বিষয়ে জানিছিল গতিকে মই এগৰাকী মাতৃ আৰু পত্নী হিচাপে কেনেকৈ মই ঘৰ আৰু পেছা চম্ভালিছিলো, তাৰে টিপছ দিছিলো। মই কেনেকৈ মোৰ ঘৰ আৰু পেছা পৰিচালনা কৰো, মই মোৰ পৰিয়ালৰ সৈতে কেনেকৈ থাকোঁ – মূলতঃ তেওঁ মোৰ পাৰিবাৰিক জীৱনৰ কিছুমান দিশ জানিব পাৰিছিল।"২৬ কমৰ হিন্দী আৰু মণিপুৰী উচ্চাৰণ সঠিক ভাবে বুজিবলৈ চোপ্ৰাই বক্সাৰগৰাকীৰ টেপ কৰা কথা-বতৰাবোৰ শুনিছিল।২৭

প্ৰাক-নিৰ্মাণ

কুমাৰৰ পত্নী বনিতাই প্ৰডাকচন ডিজাইনৰ কাম চম্ভালিছিল। সুৰক্ষাজনীত কাৰণত বাবে মণিপুৰত শ্বুটিং কৰাৰ পৰিকল্পনা বাদ দিয়াৰ পিছত মণিপুৰৰ দৰে স্থান বিচাৰিবলৈ বিস্তৃত গৱেষণা কৰা হয়। তেওঁলোকে অনুসন্ধান হিমাচল প্ৰদেশৰ মানালী শেষ হয় আৰু তাত মণিপুৰৰ এটা বৃহৎ অঞ্চল এটা তৈয়াৰ কৰি লোৱা হয়।২৮ বনিতাই কংগাথেইত থকা কমৰ শৈশৱৰ ঘৰখন দেখুৱাবলৈ চেটৰ সলনি বাস্তৱিক গঠন ব্যৱহাৰ কৰিছিল। ধৰ্মশালা আৰু মানালীত মণিপুৰৰ ৰং-ৰূপ পুনৰাই সৃষ্টি কৰা হৈছিল।১৭

অনুসন্ধানৰ সময়ত বনিতাই দুটা ঘৰ পাইছিল, য’ত কমে শৈশৱ আৰু বিয়াৰ পিছত বাস কৰিছিল।২ বাস্তৱিকতা অনাৰ বাবে ঘৰ দুটাত কমৰ ঘৰত পোৱাৰ দৰে বস্তুৰে, যেনে মণিপুৰৰ পৰা আহৰণ কৰা থলুৱা সৰু সৰু বহা টুল আৰু হাতে বোৱা পৰ্দা আদিৰে ভৰোৱা হৈছিল।১৭ যিহেতু কমৰ এটা সুকীয়া ট্ৰফী ৰুম আছে য’ত তেওঁৰ সকলো ট্ৰফী ৰখা হয়, সেয়েহে একে ধৰণৰ কোঠা এটা সৃষ্টি কৰা হৈছিল। দেৱালত বাইবেলৰ উদ্ধৃতি খোদিত কৰা হৈছিল। বিয়াৰ দৃশ্যবোৰৰ বাবে ধৰ্মশালাৰ এটা ১৯ শতিকাৰ এটা গীৰ্জা বাছি লোৱা হৈছিল।২ বনিতাই লক্ষ্য কৰিছিল যে "চিনেমাৰ বাস্তৱবাদ, ভাঞ্চালীৰ চেটৰ ভৱ্যতা এক সুকীয়া অভিজ্ঞতা আছিল।" কিন্তু কমক প্ৰশিক্ষণ দিয়া জৰাজীৰ্ণ জিমটো পুনৰ সৃষ্টি কৰাত তেওঁ অসুবিধা পাইছিল। এখন এনেকুৱা ঠাই বাচি লোৱা হৈছিল য’ত নূন্যতম সুবিধা আছে আৰু বেৰৰ ফাকেৰে পানী বৈ আহে। তেওঁ প্ৰকাশ কৰে যে চেটবোৰ কৃত্ৰিমভাৱে সৃষ্টি কৰাতকৈ বাস্তৱিকতাৰ অনুভৱ হ’ব লাগিব।২ সাজ-পোছাকসমূহৰ ডিজাইন কৰিছিল ইছা মন্ত্ৰী আৰু ৰজত তাংগ্ৰীয়ে। স্থানীয় সাজ-পোছাকত ব্যৱহৃত কাপোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ তৰংগী মণিপুৰলৈ গৈছিল। পৰম্পৰাগত পোচাকৰ পৰা আৰম্ভ কৰি স্পোৰ্টচ আৰু এথলেটিক সাজ-পোছাক তৈয়াৰ কৰিবলৈ তাংগ্ৰীয়ে কমৰ শৈশৱৰ ফটোগ্ৰাফ ব্যৱহাৰ কৰিছিল।১৭ ছবিখনত কমৰ বিয়াৰ দৃশ্যৰ বাবে তাংগ্ৰীয়ে তেওঁৰ বিবাহৰ গাউনৰ সঠিক প্ৰতিৰূপ তৈয়াৰ কৰিছিল।২৯

হলিউডৰ মাৰ্ক গাৰ্বাৰিনো আছিল চোপ্ৰাৰ মেকআপ আৰ্টিষ্ট। প্ৰথমতে তেওঁলোকে বিচাৰিছিল যে তেওঁক কৃত্ৰিম মেকআপ ব্যৱহাৰ কৰি হুবহু কমৰ দৰে দেখুৱাব লাগে।৩০ চকুৰ গধুৰ পতাৰেঅধিক পূব-এছীয় যেন দেখাবলৈ চোপ্ৰাই আমেৰিকাত এটা প্ৰ’স্থেটিক টেষ্ট কৰিছিল। কিন্তু চূড়ান্ত ফলাফলে নিৰ্মাতাসকলক আকৰ্ষণ কৰা নাছিল। তাৰোপৰি হেভি-একচন বক্সিং দৃশ্যৰ চিত্ৰগ্ৰহণৰ সময়ত কৃত্ৰিম ভাবে তৈয়াৰ কৰা চকুৰ পতা সঠিক ৰূপত ৰাখিব নোৱাৰিব।[34] পিছলৈ কোৱা হৈছিল যে চোপ্ৰাৰ লুক ভিজুৱেল ইফেক্ট ব্যৱহাৰ কৰি পোষ্ট প্ৰডাকচন সৃষ্টি কৰা হ'ব। কিন্তু ফলাফল সন্তোষজনক নাছিল আৰু সেয়েহে এই ধাৰণাটোও বাদ দিয়া হৈছিল। চোপ্ৰাই কয় যে "আমি বহুতো বস্তু চেষ্টা কৰিলোঁ – ভিজুৱেল ইফেক্ট, প্ৰস্থেটিক্স, মেকআপ, কিন্তু ইয়াক অতি কৃত্ৰিম যেন লাগিছিল। তেতিয়াই আমি ছবিখনৰ বাহিৰৰ, প্ৰসাধন অংশটো নহয়, কেৱল ছবিখনৰ সাৰমৰ্মখিনি লৈ আগবঢ়াৰ সিদ্ধান্ত লৈছিলো।"৩১ পিছলৈ অগ্নিপথত (২০১২) চোপ্ৰাৰ মেকআপ আৰ্টিষ্ট উদয় শিৰালিক মাতি অনা হয়।১৭ বক্সিঙৰ দাগ সৃষ্টিৰ বাবে মেকআপ আৰ্টিষ্ট সুভাষ শিন্দেক নিযুক্তি দিয়া হৈছিল। তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল যুঁজৰ চিনবোৰ যিমান পাৰি বাস্তৱিক যেন কৰিব লাগে আৰু ইয়াৰ বাবে বহু সময় আৰু বিশদ বিৱৰণৰ প্ৰয়োজন। তেওঁ কয়, "প্ৰতিটো ঘোচা বা দাগ বাস্তৱিক যেন দেখুৱাব লাগিছিল। পৰ্দাত সময়ৰ সৈতে ৰং আৰু বয়স সলনি হ'ব লাগে, আৰু মেকআপ ব্যৱহাৰ কৰি সৃষ্টি কৰা যেন দেখাব নালাগে।" ছালৰ আঘাতৰ বিষয়ে অধিক বুজিবলৈ তেওঁ চিকিৎসালয়লৈ গৈ কিছু গৱেষণা কৰিছিল।৩২ ৰোহিত কুলকাৰ্ণীয়ে বেকগ্ৰাউণ্ড স্কোৰ ৰচনা কৰিছিল।১

চিত্ৰায়ণ

মানালীত ছবিখনৰ বহুলাংশে দৃশ্যগ্ৰহণ কৰা হৈছিল
মানালীত ছবিখনৰ বহুলাংশে দৃশ্যগ্ৰহণ কৰা হৈছিলছবি: Kprateek88 · CC BY-SA 3.0

২০১৩ চনৰ ১৭ জুনত মুম্বাইৰ ফিল্মিষ্টানত মুখ্য চিত্ৰগ্ৰহণ আৰম্ভ হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চেট সাজু কৰা আৰু চোপ্ৰাই ইতিমধ্যে প্ৰশিক্ষণ লোৱাৰ লগে লগে ফিল্মিষ্টানত চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু চোপ্ৰাৰ পিতৃৰ মৃত্যুৰ বাবে শ্বুটিঙৰ পৰিকল্পনা স্থগিত ৰখা হয়। ভাঞ্চালীয়ে চোপ্ৰাক কৈছিল যে চিত্ৰগ্ৰহণৰ বাবে কিছু অপেক্ষা কৰিব পাৰে আৰু কিছু দিন বিৰতিও ল’ব পাৰে; কিন্তু অভিনেত্ৰীগৰাকীয়ে তাৎক্ষণিকভাবে চিত্ৰগ্ৰহণ আৰম্ভ কৰিবলৈ জোৰ দিছিল।৩৩ চিনেমেটোগ্ৰাফাৰ কেইকো নাকাহাৰাই ছবিখনৰ শ্বুটিঙৰ সময়ত হাতত লোৱা কেমেৰা ব্যৱহাৰ কৰিছিল।৩৪ ক্ৰীড়া সমন্বয়ক ৰবাৰ্ট মিলাৰক যুঁজৰ দৃশ্যৰ কৰিঅ’গ্ৰাফীৰ বাবে নিযুক্তি দিয়া হৈছিল।১৭ মিলাৰে লণ্ডন অলিম্পিকত আমেৰিকাৰ সহকাৰী প্ৰশিক্ষক ক্ৰীষ্টি হালবাৰ্টক যুদ্ধৰ দৃশ্যসমূহৰ কৰিঅ’গ্ৰাফত সহায় কৰিবলৈ লৈ লৈছিল।১৭ বক্সিঙৰ দৃশ্যবোৰক বাস্তৱসন্মত কৰি তুলিবলৈ কুমাৰকে ধৰি ক্ৰুৰ কিছুমানে এই খেলবিধৰ প্ৰয়োজনীয়খিনি বুজি পাবলৈ বক্সিং শিকিছিল। প্ৰথম অৱস্থাত নিৰ্মাতাসকলে বক্সিঙৰ দৃশ্যসমূহ চিত্ৰগ্ৰহণ কৰিবলৈ অভিনেতা ব্যৱহাৰ কৰা আৰু তেওঁলোকক বক্সিং শিকোৱাৰ পৰিকল্পনা কৰিছিল। অৱশেষত তেওঁলোকে উপলব্ধি কৰিলে যে ই সম্ভৱপৰ নহ'ব আৰু ই সময়সাপেক্ষ হ'ব।৩৫ তেওঁলোকে এইটোও ভাবিছিল যে যদি চোপ্ৰা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী দুয়োজনেই প্ৰকৃত বক্সাৰ নহয় তেন্তে ইয়াক যথেষ্ট পতিয়ন যোগ্য যেন নালাগিব। তাৰ পিছত অধিক স্বাভাৱিক অনুভৱ আৰু পতিয়ন যোগ্য ৰূপ দিয়াৰ বাবে বক্সিং দৃশ্যসমূহ চিত্ৰগ্ৰহণ কৰিবলৈ পেছাদাৰী বক্সাৰক নিয়োগ কৰা হৈছিল। বক্সিঙৰ দৃশ্য চিত্ৰগ্ৰহণ কৰাটো চোপ্ৰাৰ বাবে কঠিন আছিল, কাৰণ তেওঁ কেইবাবাৰো আঘাত পাইছিল; তেওঁ কয়, "তেওঁলোক প্ৰকৃত বক্সাৰ, আৰু তেওঁলোকে নকল পাঞ্চ মাৰিব নাজানে, তেওঁলোকে আপোনাক সঁচাকৈয়ে মাৰিছিল। গতিকে মই বহুত মাৰ খাবলগীয়া হৈছিল আৰু সেয়া সঁচাকৈয়ে কঠিন আছিল।"৩৬

চোপ্ৰাই তেওঁৰ অন্যান্য প্ৰতিশ্ৰুত কামখিনি শেষ কৰাৰ পিছত ২০১৪ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে মানালীত দ্বিতীয় সূচী আৰম্ভ হয়।৩৭ চিত্ৰগ্ৰহণৰ পূৰ্বে চোপ্ৰাই পেশী গঠনৰ বাবে পুনৰ প্ৰশিক্ষণ লবলগীয়া হৈছিল। ভাঞ্চালীয়ে তেওঁৰ বাবে এমাহতকৈ অধিক কালৰ এক বিশদ সময়সূচী পৰিকল্পনা কৰিছিল, যাতে তেওঁৰ শৰীৰি গঠন আৰু চপলতা, ভূমিকাটোৰ বাবে যথেষ্ট উপযুক্ত হোৱাটো নিশ্চিত হয়।৩৮ এখন বজাৰত এটা দৃশ্যৰ চিত্ৰগ্ৰহণ কৰি থাকোঁতে দহ হাজাৰৰো অধিক লোক চেটত গোট খাইছিল। সীমিত নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে জনসমাগম অনিয়ন্ত্ৰিত হৈ পৰিল, যিখন ঠাইক ঘন জনবসতিপূৰ্ণ বুলি ভবা হোৱা নাছিল। চোপ্ৰাই নিজৰ ভেনৰ পৰা নামি আহোঁতে একাংশ অনুৰাগীয়ে তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি গৈছিল। ফলস্বৰূপে শ্বুটিং বাতিল কৰা হয় আৰু গোটেই ক্ৰু গুচি যাবলগীয়া হয়।৩৯ মানালীত চিত্ৰগ্ৰহণ ২০১৪ চনৰ এপ্ৰিলৰ আৰম্ভণিলৈকে চলি থাকে, তাৰ পিছত ধৰ্মশালালৈ স্থানান্তৰিত হয়।৪০ ধৰ্মশালাত ফাইট ছিকুৱেন্সৰ চিত্ৰগ্ৰহণৰ সময়ত চোপ্ৰাই চকুত আঘাত পাইছিল।৪১ ধৰ্মশালাত চিত্ৰগ্ৰহণ ২০১৪ চনৰ ১৯ এপ্ৰিললৈকে চলি থাকে।৪২ দুবছৰৰ ভিতৰত ৫৭ দিন চিত্ৰগ্ৰহণ হয়। ৰাজেশ জি পাণ্ডেই ভাঞ্চালীৰ সৈতে ছবিখনৰ সম্পাদনা কৰে।১

চাউণ্ডট্ৰেক

ছবিখনৰ চাউণ্ডট্ৰেকত শশী সুমন আৰু শিৱম পাঠকৰ দ্বাৰা সংগীত ৰচনা কৰা সাতটা মৌলিক গীত আছে। গীতৰ কথা প্ৰশান্ত ইংগোলে আৰু সন্দীপ সিঙে। আৱহ সংগীত ৰচনা কৰিছিল ৰোহিত কুলকাৰ্ণীয়ে। কণ্ঠদান কৰিছিল বিশাল দাদলানী, অৰিজিৎ সিং, সুনিধি চৌহান, মোহিত চৌহান, চেলিম মাৰ্চেণ্ট আৰু দিব্য কুমাৰে।৪৩ চোপ্ৰাই এটা নিচুকনি গীত "চাওৰো"ৰ জৰিয়তে হিন্দী নেপথ্য কণ্ঠশিল্পী ৰূপে আত্মপ্ৰকাশ কৰে।৪৪ জি মিউজিক কোম্পানীয়ে ২০১৪ চনৰ ৪ আগষ্টত গীতবোৰ মুকলি কৰে।৪৫৪৬ "ছালাম ইণ্ডিয়া" গীতটো দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ২০১৪ চনৰ এছিয়ান গেমছৰ আনুষ্ঠানিক গীত আছিল।৪৭

বজাৰ আৰু মুক্তি

''মেৰী কম''ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ভায়াকম ১৮ মোচন পিকচাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত আন্ধাৰে, ভাঞ্চালী, চোপ্ৰা, আৰু কুমাৰ
মেৰী কমৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ভায়াকম ১৮ মোচন পিকচাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত আন্ধাৰে, ভাঞ্চালী, চোপ্ৰা, আৰু কুমাৰছবি: Bollywood Hungama · CC BY 3.0

২০১৪ চনৰ বহু প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত অন্যতম আছিল মেৰী কম।৩ ছবিখনৰ প্ৰথম পোষ্টাৰখন ২০১৪ চনৰ ১৪ জুলাইত চোপ্ৰাই তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে।৪৮৪৯ ইয়াত পেশীবহুল চোপ্ৰাক খেলুৱৈৰ পোচাক পিন্ধি, চুলিখিনি পনি টেইলত বান্ধি বক্সিং বেগ এটাত ঘোচা মৰা অৱস্থাত মেৰী কমৰ চৰিত্ৰত দেখুওৱা হৈছিল।৫০৫১ ই চলচ্চিত্ৰ সমালোচক, উদ্যোগৰ পেছাদাৰী ব্যক্তি আৰু দৰ্শকৰ পৰা ইতিবাচক মতামত লাভ কৰিছিল।৫২৫৩ হিন্দুস্তান টাইমছৰ স্বেতা কৌশলে লক্ষ্য কৰিছিল যে "ভালকৈ গঠিত পেশী আৰু সম্পূৰ্ণ টোনড্ কৰা শৰীৰৰ সৈতে প্ৰিয়ংকাক ভয়ংকৰ ৰূপত দেখা যায়।"৫৪৫৫ পোষ্টাৰখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল, ভাৰত আৰু বিশ্বজুৰি "#MaryKomFirstLook" হেচটেগ ট্ৰেণ্ডিং হৈছিল।৫৬ পিছদিনা চোপ্ৰাই ছবিখনৰ আন এখন পোষ্টাৰ টুইট কৰে; সেইদিনা এখন মোচন পোষ্টাৰ মুকলি কৰা হৈছিল।৫৭৫৮ চোপ্ৰাৰ জন্মদিনত (১৮ জুলাই) "মোষ্ট চেম্পিয়নছ্ মেক দেয়াৰ নেম। শ্বি মেড হিষ্ট্ৰী" এই টেগলাইনৰ প্ৰথম টিজাৰ মুকলি কৰা হৈছিল।৫৯৬০ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ট্ৰেইলাৰ ২৪ জুলাইত উন্মোচন কৰা হ'ব।৬১ কিন্তু ইয়াৰ আগদিনা ২৩ জুলাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ইয়াক মুক্তি দিয়া হৈছিল আৰু দৰ্শক, সংবাদ মাধ্যম আৰু সমালোচকৰ মাজত আগ্ৰহ জগাই তুলিছিল।৬২৬৩ ২৭ আগষ্টত সংবাদ মাধ্যম, বজাৰৰ লগত জড়িত ব্যক্তি আৰু সমালোচকৰ নিৰ্বাচিত সদস্যসকলৰ বাবে বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়, য'ত ছবিখনৰ ২০ মিনিটৰ কেঁচা ফুটেজৰ পূৰ্বাৱলোকন কৰা হৈছিল। ফলস্বৰূপে এক ইতিবাচক হুলস্থুলৰ সৃষ্টি হয়।৬৪ মেৰী কম নিজেই স্বামীৰ সৈতে ছবিখনৰ প্ৰচাৰমূলক কেইটামান অনুষ্ঠানত অংশ লৈছিল। তেওঁলোকৰ প্ৰচাৰ কৌশলৰ অংশ হিচাপে ভাঞ্চালী প্ৰডাকচনে এটা পুতলা মুকলি কৰিছিল, যিটো দেখাত কমৰ চৰিত্ৰত চোপ্ৰাৰ দৰে আছিল।৬৫৬৬

প্ৰথমে ছবিখন ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা মুক্তি পোৱাৰ কথা আছিল।৬৭ কিন্তু ছবিখনক অনিশ্চিত তাৰিখলৈ পিছুৱাই দিয়া হৈছিল, যাতে ছবিখনক নতুন ৰূপত নিৰ্মাণ কৰি কমৰ জীৱনৰ সৈতে জড়িত অধিক ঘটনাৱলী প্ৰদৰ্শন কৰিব পৰা যায়।৬৮ এমাহৰ বাবে মুক্তিৰ তাৰিখ অনিশ্চিত হোৱাৰ পিছত ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা মুক্তি পাব বুলি ঘোষণা কৰে, য'ত চোপ্ৰাৰ সম্পৰ্কীয় ভগ্নী পৰিনীতিয়ে অভিনয় কৰা দাৱত-ই-ইছকৰ মুক্তিৰ তাৰিখৰ সৈতে সংঘৰ্ষ হয়।৬৯ যশৰাজ ফিল্মছে ভাঞ্চালীক মুক্তিৰ তাৰিখ সলনি কৰিবলৈ অনুৰোধ জনায়। কিন্তু ইতিপূৰ্বে ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰা হোৱা বাবে আৰু চলি থকা প্ৰচাৰমূলক কাৰ্য্যকলাপৰ বাবে তেওঁ এই অনুৰোধ নাকচ কৰে। পিছলৈ যশৰাজ ফিল্মছে দাৱত-ই-ইছক মুক্তিৰ তাৰিখ দুসপ্তাহ পিছুৱাই দিয়ে।৭০

২০১৪ চনৰ ৪ ছেপ্টেম্বৰত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মেৰী কমৰ বিশ্ব প্ৰিমিয়াৰ হয় আৰু চলচ্চিত্ৰ মহোৎসৱৰ উন্মোচনৰ নিশা প্ৰদৰ্শিত হোৱা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হয়।৭১৭২ ইয়াক বিশ্বজুৰি ১৫০০ খন পৰ্দাত মুক্তি দিয়া হৈছিল।৭৩ ইৰ’ছ আৰু ভায়াকম ১৮ ষ্টুডিঅ’ৰ মাজত সম্পাদিত চাৰিখন ছবিৰ চুক্তিৰ অংশ হিচাপে ইৰ’ছ ইণ্টাৰনেশ্যনেলে বহিঃৰাজ্যৰ বজাৰত ছবিখন মুক্তি দিছিল। টেলিভিছন সম্প্ৰচাৰৰ অধিকাৰ ভায়াকম ১৮ৰ ফ্লেগশ্বিপ মনোৰঞ্জন চেনেল কালাৰছৰ আছিল।৭৪ ইম্ফল ভিত্তিক বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন- ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্টে (RPF) ২০০০ চনৰ পৰা বলীউডৰ ছবি নিষিদ্ধ কৰাৰ বাবে কমৰ গৃহ ৰাজ্য মণিপুৰত ছবিখন মুক্তি নাপালে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কমে তেওঁৰ নিজৰ ৰাজ্যৰ লোকে তেওঁৰ বায়’পিকখন চাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰে।৭৫ কিন্তু অকৰ্তৃত্বশীল ডিভিডি আৰু ভিচিডিয়ে ৰাজ্যখনক বুৰাই পেলায়। স্থানীয় লোকসকলে ছবিখন চোৱাৰ একমাত্ৰ বিকল্প হিচাপে ডিভিডি ফৰ্মেটৰ যথেষ্ট চাহিদা আছিল।৭৬

উৎপাদন, প্ৰিন্ট আৰু বিজ্ঞাপন, আৰু বিপণনকে ধৰি ১৮ কোটি টকাৰ বাজেটত নিৰ্মিত মেৰী কমে ২০ কোটি টকা উপাৰ্জন কৰিছিল আৰু মুক্তিৰ পূৰ্বে ব্ৰেণ্ড টাই-আপৰ পৰা খৰচতকৈ অধিক ধন লাভ কৰিছিল।৭৭ মুক্তিৰ পূৰ্বে ছবিখনে লাভৱান হৈছিল। অংশীদাৰিত্বৰ ব্যৱস্থা এনেদৰে কৰা হৈছিল যে ব্ৰেণ্ডসমূহৰ পৰা পোৱা সামগ্ৰীসমূহ হয় ছবিখনত প্ৰদৰ্শিত হৈছিল, নহয় ব্ৰেণ্ডসমূহে নিজৰ বিজ্ঞাপনত ছবিখনৰ প্ৰচাৰ কৰিছিল।৭৮ ছবিখনৰ চেটেলাইট অধিকাৰ ১৪ কোটি আৰু সংগীতৰ অধিকাৰ ৩ কোটি টকাত বিক্ৰী কৰা হয়।৭৯ ২০১৪ চনৰ ১৫ অক্টোবৰত সকলো অঞ্চলতে এন.টি.এছ.চি. ফৰ্মেটত এটা ডিস্ক পেকত এই ছবিখনৰ ডিভিডি মুক্তি দিয়া হয়।৮০ শ্বেমাৰু এণ্টাৰটেইনমেণ্টে বিতৰণ কৰা ছবিখনত পৰ্দাৰ আঁৰৰ ফুটেজ আৰু ডিলিট কৰা দৃশ্য সংযোজিত আছিল।৮১ ভিচিডি আৰু ব্লু-ৰে সংস্কৰণ একে সময়তে মুকলি কৰা হৈছিল।৮২৮৩ মেৰী কম ব্লু-ৰে হৈছে ভাৰতৰ প্ৰথম ব্লু-ৰে শিৰোনাম, য'ত ডলবি এটমছৰ চাউণ্ডট্ৰেক আছে।৮০

সঁহাৰি

সমালোচনাত্মক সঁহাৰি

মেৰী কমৰ চৰিত্ৰত অভিনয় কৰি চোপ্ৰাই সমালোচকৰ প্ৰশংসা লাভ কৰে
মেৰী কমৰ চৰিত্ৰত অভিনয় কৰি চোপ্ৰাই সমালোচকৰ প্ৰশংসা লাভ কৰেছবি: Bollywood Hungama · CC BY 3.0

ছবিখনে সমালোচকৰ পৰা সাধাৰণভাবে ইতিবাচক সমালোচনা লাভ কৰে। চোপ্ৰা তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসিত হয়।৮৪৮৫ সুভাষ কে ঝাই ছবিখনক ৫ টাৰ ভিতৰত ৫ টা তাৰকা প্ৰদান কৰে আৰু ইয়াক "এখন প্ৰেৰণাদায়ক মাষ্টাৰপিছ" বুলি অভিহিত কৰি কয় যে "প্ৰথম ফ্ৰেমৰ পৰা শেষলৈকে ই আপোনাৰ অনুভূতিক সজীৱ কৰি ৰাখে আৰু হৃদয় জীপাল কৰি তোলে, যিটো শেহতীয়া সময়ৰ অতি কম সংখ্যক বায়'পিকতহে দেখা যায়। এয়া এনে এক কৰ্ম যে যি মেহবুবৰ মাদাৰ ইণ্ডিয়াৰ দৰে নাটকীয় আৰু এটেনবৰো গান্ধীৰ দৰে প্ৰেৰণাদায়ক।" ঝাই চোপ্ৰাৰ কমলৈ ৰূপান্তৰিত হোৱাৰ প্ৰশংসা কৰিছিল আৰু "পিচ্চ-পাৰফেক্ট" সাহসিকতাৰে চৰিত্ৰৰ প্ৰতিটো ৰং-ৰূপ প্ৰকাশ কৰা লক্ষ্য কৰিছিল।৮৬ ৰেডিফ ডট কমে ছবিখনক ৫ৰ ভিতৰত ৪.৫ ৰেটিং দিছিল। ইয়াৰ নায়িকা চোপ্ৰা, চিত্ৰনাট্যকাৰ ছাইৱিন কোৱাড্ৰাছ আৰু পৰিচালক ওমুং কুমাৰৰ বাবে বিজয় বুলি উল্লেখ কৰি লিখিছে "মেৰীৰ কাহিনীটো এনে এক আন্তৰিকতাৰে উপস্থাপন কৰা হৈছে, যিয়ে ইয়াক অপ্ৰতিৰোধ্য কৰি তুলিছে।"৮৭ ছিফিৰ ছোনিয়া চোপ্ৰাই ছবিখনক “থ্ৰিলিং ৰিংচাইড ভিউ”ৰ ৰূপত বৰ্ণনা কৰি কৈছে যে “মেৰী কম এখন গুৰুত্বপূৰ্ণ ছবি, যিখন অতি প্ৰেৰণাদায়ক; কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াক চাবলৈও বৰ মজা লাগে।" সমালোচকে চোপ্ৰাৰ অভিনয়ক প্ৰশংসা কৰি লিখিছিল "প্ৰিয়ংকা চোপ্ৰা, মেৰী কমলৈ ৰূপান্তৰিত হৈ এতিয়ালৈকে আটাইতকৈ আন্তৰিক, স্মৰণীয় অভিনয় দিবলৈ প্ৰস্তুত হৈছে!"৮৮ সমালোচকে চোপ্ৰাৰ অভিনয়ক প্ৰশংসা কৰি লিখিছে যে "প্ৰিয়ংকা চোপ্ৰাই আমাক এই বছৰৰ এতিয়ালৈকে আটাইতকৈ আন্তৰিক, স্মৰণীয় অভিনয় দিবলৈ মেৰী কমলৈ ৰূপান্তৰিত হৈছে!"৮৮ টাইমছ অৱ ইণ্ডিয়াই ছবিখনক ৫ টাৰ ভিতৰত ৪ তাৰকাৰ ৰেটিং দিছিল আৰু ইয়াক একাডেমী বঁটা বিজয়ী ছবি মিলিয়ন ডলাৰ বেবীৰ (২০০৪) বলিউডৰ উত্তৰ বুলি অভিহিত কৰিছিল।৮৯ বলীউড হাংগামাই ইয়াক ৪ তাৰকা প্ৰদান কৰি কয় যে ছবিখন "নিশ্চিত ভাবে ভাৰতীয় চেলুলয়ডত আদৰ্শ বায়'পিকৰ ইতিহাসত নিশ্চয়কৈ নামি পৰিব।"৯০ সমীক্ষাত ছবিখনৰ কাৰিকৰী দিশ, যেনে চিনেমেট'গ্ৰাফী, সাজ-পোছাক, আৱহ সংগীতক লক্ষ্য কৰা হৈছিল, যিয়ে ছবিখনৰ চাউণ্ডট্ৰেক আৰু আৰু "মচমচীয়া" সম্পাদনাক ঢাকি পেলাইছিল।৯০

বক্স অফিচ

মুক্তিৰ দিনটোত ছবিখনে ৮৫ মিলিয়ন টকা উপাৰ্জন কৰে, যিটো মহিলাকেন্দ্ৰিক ছবিৰ বাবে আটাইতকৈ বৃহৎ সংগ্ৰহ।৯১ [115] ৯২ মুখে মুখে হোৱা ধনাত্মক প্ৰচাৰৰ বাবে শুকুৰবাৰৰ তুলনাত শনিবাৰৰ সংগ্ৰহ ২০% বৃদ্ধি পাইছিল আৰু ৯ কোটি টকা সংগ্ৰহ কৰিব পাৰিছিল।৯২ প্ৰায় ১১ কোটি টকা উপাৰ্জন কৰি দেওবাৰৰ সংগ্ৰহত শনিবাৰৰ তুলনাত অতিৰিক্ত ২০% বৃদ্ধি দেখা যায়।৯২ ছবিখনে প্ৰথম সপ্তাহৰ শেষৰ ফালে ২৭৫ মিলিয়ন টকা সংগ্ৰহ কৰে। এগৰাকী মহিলাক লৈ নিৰ্মিত ভাৰতীয় ছবি হিচাপে মেৰী কমে সপ্তাহৰ শেষৰ ফালে সৰ্বকালৰ সৰ্বাধিক সংগ্ৰহৰ ৰেকৰ্ড গঢ়িছিল।৯৩ ছবিখনৰ প্ৰথম সোমবাৰে সংগ্ৰহ ৫৫% হ্ৰাস পাইছিল আৰু ৩৬ মিলিয়ন ₹ সংগ্ৰহ কৰিছিল আৰু চাৰিদিনত মুঠ ৩০৫ মিলিয়ন টকা হৈছিল।৯৪ মঙলবাৰে সংগ্ৰহৰ পৰিমাণ আছিল ৩৩ মিলিয়ন টকা।৯৫ প্ৰথম সপ্তাহত ৪০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।৯৬ দ্বিতীয় সপ্তাহত ছবিখনে ১১ কোটি টকা সংগ্ৰহ কৰি ঘৰুৱা বক্স অফিচত ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰে।৯৭ ছবিখনৰ ঘৰুৱা সংগ্ৰহ আছিল ৬১.৪৩ কোটি টকা (৭.০ মিলিয়ন মাৰ্কিন ডলাৰ)। মেৰী কমে বিশ্বজুৰি ৮৬.১৯ কোটি টকা (৯.৯ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিছিল আৰু বক্স অফিচত সফলতা লাভ কৰিছিল।

বঁটা

৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মেৰী কমে সম্পূৰ্ণ মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা লাভ কৰে।[121] ৬০তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ ছবি আৰু চোপ্ৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়।৯৮ ২১তম স্ক্ৰীণ বঁটাত ছবিখনে আঠটা মনোনয়ন লাভ কৰে, য'ত চোপ্ৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।৯৯১০০১০১ প্ৰচিউচাৰ্ছৰ গীল্ড ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালককে ধৰি দহটা মনোনয়ন পোৱাৰ বিপৰীতে পাঁচটা বঁটা লাভ কৰে।১০২১০৩

তথ্যসূত্ৰ

  1. ↑ (5 September 2014). Mary Kom Cast & Crew. বলিউড হাংগামা
  2. ↑ Dundoo, Sangeetha Devi. (16 August 2014). The story of a biopic. দ্য হিন্দু
  3. ↑ Tandon, Raedita. (4 September 2014). Priyanka was my only choice for Mary Kom. Filmfare
  4. ↑ Akoijam, Indira. (1 September 2014). The making of Mary Kom- the film. Manipur Times
  5. ↑ KBR, Upala. (16 August 2014). Priyanka Chopra's story is similar to mine: Mary Kom. Daily News and Analysis
  6. ↑ Duggal, Saurabh. (1 October 2014). MC Mary Kom – unboxed. হিন্দুস্তান টাইমছ
  7. ↑ Gupta, Priya. (27 August 2014). Sanjay Leela Bhansali: PC is a girl who wants to find excellence, not perfection and that is beautiful. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (30 August 2012). Film on Mary Kom is a rare experiment: Sanjay Leela Bhansali. NDTV
  9. ↑ (21 August 2012). Bhansali to make a film on Mary Kom's life. The Times of India
  10. ↑ Omung Kumar: Biopic on Mary Kom not a risk. The Times of India
  11. ↑ (6 December 2012). Any actress can play me, but Priyanka is special: Mary Kom. Wonder Woman
  12. ↑ (27 November 2012). Priyanka Chopra to play Mary Kom in Sanjay Leela Bhansali's biopic. NDTV
  13. ↑ (5 December 2012). Happy that Priyanka Chopra is playing me: Mary Kom. Hindustan Times. Press Trust of India
  14. ↑ (3 May 2013). Danny Denzongpa to train Priyanka Chopra?. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  15. ↑ Kumari, Barkha. (19 August 2014). Meet Priyanka Chopra's reel husband. Deccan Chronicle
  16. ↑ Jha, Subhash K. (8 September 2014). Meet Priyanka Chopra's screen husband from 'Mary Kom' – Darshan Kumar. Daily News and Analysis
  17. ↑ (23 August 2014). Why Priyanka Chopra was picked to play Mary Kom. Business Standard
  18. ↑ Misra, Iti Shree. (30 August 2014). Priyanka Chopra: For Mary Kom I did three months of homework. The Times of India
  19. ↑ Thakkar, Mehul S. (21 July 2014). My aim was to make Priyanka look like a female boxer: Samir Jaura. Deccan Chronicle
  20. ↑ Bollywood Hungama. (15 April 2013). Priyanka Chopra begins training for Mary Kom biopic. Hindustan Times
  21. ↑ (15 September 2014). It was very painful getting hit by the boxers, says Priyanka Chopra. Deccan Chronicle. Press Trust of India
  22. ↑ (31 August 2014). I did not imitate Mary Kom, just showed her spirit, says Priyanka Chopra. Daily News and Analysis. Press Trust of India
  23. ↑ (5 September 2014). Priyanka Chopra 'channeled' grief of father's death into 'Mary Kom'. Daily News and Analysis
  24. ↑ (3 September 2014). Priyanka Chopra: I have invested a part of my soul in 'Mary Kom'. The Indian Express. Press Trust of India
  25. ↑ (17 July 2014). Priyanka Chopra visits Imphal for Mary Kom biopic. Hindustan Times. Indo-Asian News Service
  26. ↑ Talukdar, Taniya. (13 December 2013). What did Mary Kom say to Priyanka Chopra. The Times of India
  27. ↑ Das, Anirban. (29 November 2013). Priyanka Chopra learns Manipuri for Mary Kom biopic. Hindustan Times
  28. ↑ Thakkar, Mehul S. (1 June 2013). Priyanka Chopra to shoot Mary Kom's biopic in Manali. The Times of India
  29. ↑ (5 August 2015). Priyanka Chopra wears a replica of Mary Kom's wedding gown in the biopic. Deccan Chronicle
  30. ↑ Jha, Subhash K. (2 June 2014). No prosthetics for Priyanka Chopra's Mary Kom act. Daily News and Analysis
  31. ↑ (27 August 2014). For 'Mary Kom', we tried prosthetics and make-up to make my eyes look slanted – but it all looked gimmicky: Priyanka Chopra. News18
  32. ↑ (14 August 2014). Creating boxing scars was challenging in 'Mary Kom': Make-up artist. The Indian Express
  33. ↑ Awaasthi, Kavita. (17 June 2014). Priyanka Chopra begins shooting for Mary Kom biopic today. Hindustan Times
  34. ↑ Ghosh, Sankhayan. (7 September 2015). Into the Light: Japanese cinematographer Keiko Nakahara on shooting for Mary Kom. The Indian Express
  35. ↑ Dedhia, Sonali. (3 September 2014). Priyanka Chopra: I am not confident about Mary Kom. Rediff.com
  36. ↑ (25 July 2014). Priyanka Chopra fought real boxers in Mary Kom. ইণ্ডিয়া টুডে. Indo-Asian News Service
  37. ↑ (22 March 2014). Priyanka Chopra in Manali for Bhansali's Mary Kom film!. Yahoo!
  38. ↑ (21 February 2014). Priyanka Chopra's grueling 45 days training schedule for 'Mary Kom'. The Indian Express. Indo-Asian News Service
  39. ↑ Pitale, Sonali Joshi. (7 April 2014). Too much to handle for Priyanka Chopra?. Mid-Day
  40. ↑ (7 April 2014). Goons attack Priyanka Chopra in Manali; MARY KOM shifts to Dharamshala!. Yahoo!
  41. ↑ (22 April 2014). PC Injured on Mary Kom Sets. NOTCH
  42. ↑ (19 April 2015). 'Mary Kom' shoot harder than hardest for Priyanka Chopra. Mid-Day. Indo-Asian News Service
  43. ↑ Vijayakar, Rajiv. (5 August 2014). Mary Kom Music Review. বলিউড হাংগামা
  44. ↑ Bhattacharya, Roshmila. (4 September 2014). When Priyanka Chopra sang a lullaby. The Times of India
  45. ↑ Vijaykar, R.M. (4 August 2014). Mary Kom Releases Soundtrack to Her Biopic. India-West
  46. ↑ Priyanka Chopra and boxer Mary Kom bond during Mary Kom music launch. India Today
  47. ↑ Priya Adivarekar. (19 September 2014). Salaam India chosen as Anthem at Asian Games 2014. The Indian Express
  48. ↑ (14 July 2014). First look: Priyanka Chopra in and as Mary Kom. India Today
  49. ↑ (16 July 2014). First Look: Priyanka Chopra's Chiseled Body In Mary Kom. Business of Cinema
  50. ↑ (15 July 2014). 'Mary Kom' First Look: Priyanka Flaunts Sculpted Body, Celebs Rave about it on Twitter. International Business Times India
  51. ↑ (15 July 2014). First look of Priyanka Chopra-starrer 'Mary Kom' unveiled. দ্য হিন্দু
  52. ↑ Sharma, Sarika. (15 July 2014). Priyanka Chopra packs a punch in the first poster of 'Mary Kom'. The Indian Express
  53. ↑ (14 July 2014). First Look Poster of Mary Kom; Priyanka Perfects the Look Impeccably. Koimoi
  54. ↑ Kaushal, Sweta. (14 July 2014). First look: Priyanka Chopra poses with a punch for Mary Kom biopic. Hindustan Times
  55. ↑ (16 July 2014). Mary Kom: Film industry goes gaga over Priyanka Chopra's 'Mary Kom' look. The Times of India. Indo-Asian News Service
  56. ↑ Madhavan, Deepu. (15 July 2014). Priyanka Chopra Takes Twitter By Storm as Mary Kom. NDTV
  57. ↑ (15 July 2014). Another impressive 'Mary Kom' poster revealed. ABP News
  58. ↑ (15 July 2014). Priyanka Chopra looks fierce in 'Mary Kom' first look motion poster. Mid-Day
  59. ↑ Singh, Apurva. (18 July 2014). Watch 'Mary Kom' teaser: Priyanka Chopra's knock out moment. The Indian Express
  60. ↑ (20 July 2014). Mary Kom trailer to release July 24. The Hindu. Indo-Asian News Service
  61. ↑ Jha, Subhash K. (21 July 2014). Mary Kom trailer to release on July 24. বলিউড হাংগামা
  62. ↑ (24 July 2014). Mary Kom trailer is unbelievable'. Rediff.com
  63. ↑ (23 July 2014). Trailer out: Priyanka Chopra packs a punch in Mary Kom. India Today
  64. ↑ Thombare, Suparna. (27 August 2014). Priyanka Chopra Shows Raw Footage at 'Mary Kom' Screening. India-West
  65. ↑ (3 September 2014). Mary Koms – Real, reel and the doll – sizzle up Delhi. The Indian Express
  66. ↑ (3 September 2014). Priyanka Chopra gets an action figure made on her 'Mary Kom' avatar. Daily News and Analysis
  67. ↑ (2 April 2014). Priyanka Chopra's Mary Kom to release on Gandhi Jayanti. Firstpost
  68. ↑ Jha, Subhash K. (12 June 2014). Mary Kom biopic's release postponed. বলিউড হাংগামা
  69. ↑ Jha, Subhash K. (11 July 2014). Sisters clash again in Bollywood as Priyanka Chopra's Mary Kom releases on same day as Parineeti Chopra's Daawat-e-Ishq. Daily News and Analysis
  70. ↑ Pitale, Sonali Joshi. (12 August 2014). Sanjay Leela Bhansali refuses to shift 'Mary Kom' release date. Mid-Day
  71. ↑ Kotwani, Hiren. (2 September 2014). Mary Kom to have world premiere in Toronto. The Times of India
  72. ↑ (5 September 2014). Holy Wow! Priyanka Chopra sets hearts aflutter at Toronto Film Fest. Rediff.com
  73. ↑ Pacheco, Sunitra. (5 September 2014). Filmy Friday: Priyanka Chopra's 'Mary Kom' releases today. The Indian Express
  74. ↑ Ronamai, Raymond. (11 September 2014). 'Mary Kom' Pirated DVDs Flood Manipur; People Left with No Option due to Ban on Bollywood Movies. International Business Times India
  75. ↑ (9 September 2014). Mary Kom DVDs kick up storm. The Telegraph
  76. ↑ Dasgupta, Surajeet. (31 October 2014). Breaking the myths about box office hits. Business Standard
  77. ↑ Malvania, Urvi. (3 September 2014). Film on Mary Kom attracts 20 brand associations. Business Standard
  78. ↑ (4 September 2014). Priyanka Chopra's Mary Kom Has Already Pocketed Rs 20 Crore?. Business of Cinema
  79. ↑ Malvania, Urvi. (26 May 2015). A boxer, a queen and a movie studio. Business Standard
  80. ↑ (29 September 2014). Dolby Atmos Comes to the Home in India with the Release of Mary Kom on Blu-ray (Press release). Dolby
  81. ↑ (15 October 2014). Mary Kom. Amazon
  82. ↑ Mary Kom. Amazon
  83. ↑ Mary Kom. Amazon
  84. ↑ (13 September 2014). Priyanka Chopra's 'Mary Kom' biopic receives good response. Daily News and Analysis
  85. ↑ (5 September 2014). Box office report- Mary Kom all set to knock out Box office records. Filmfare
  86. ↑ (3 September 2014). 'Mary Kom', a motivational masterpiece (IANS Movie Review – Rating: *****). Business Standard. Indo-Asian News Service
  87. ↑ Negi, Laxmi. (5 September 2014). Review: Mary Kom truly packs a punch. Rediff.com
  88. ↑ Chopra, Sonia. (5 September 2014). Movie Review: Mary Kom review: A thrilling ringside view!. Sify
  89. ↑ Iyer, Meena. Mary Kom Review. The Times of India
  90. ↑ (5 September 2014). Mary Kom Review. বলিউড হাংগামা
  91. ↑ Mehta, Ankita Mehta. (6 September 2014). 'Mary Kom' Box Office Collection: Priyanka Starrer Opens Well Worldwide; Beats 'Heroine' Day 1 Total. International Business Times India
  92. ↑ Mary Kom First Weekend Territorial Breakdown. Box Office India
  93. ↑ (8 September 2014). Mary Kom Does Good Business in First Weekend. Box Office India
  94. ↑ Mary Kom Drops on Monday. Box Office India
  95. ↑ (10 September 2014). Mary Kom Tuesday Business. Box Office India
  96. ↑ (12 September 2014). Mary Kom First Week Collections. Box Office India
  97. ↑ (19 September 2014). Mary Kom Crosses 50 Crore in Two Weeks. Box Office India
  98. ↑ (19 January 2015). Nominations for the 60th Britannia Filmfare Awards. Filmfare
  99. ↑ Sharma, Sarika. (14 January 2015). Highlights: 21st Life OK Screen Awards: Shahid Kapoor, Priyanka Chopra win Best Actor, 'Queen' Best Film. The Indian Express
  100. ↑ (3 January 2015). Crowd Favourites. The Indian Express
  101. ↑ (10 January 2015). Nominations for 21st Annual Life OK Screen Awards. বলিউড হাংগামা
  102. ↑ (12 January 2015). Winners of 10th Renault Star Guild Awards. বলিউড হাংগামা
  103. ↑ (9 January 2015). Star Guild Awards 2015: Queen, PK Lead Nominations. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী কম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৯১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।