অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেধা যোধ

মেধা যোধ (ইংৰাজী: Medha Yodh; ৩১ জুলাই ১৯২৭ - ১১ জুলাই ২০০৭) এগৰাকী ভাৰতীয় আৰু ভাৰতীয় আমেৰিকান ভাৰতনাট্যম নৃত্যশিল্পী আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী ভাৰতীয় নৃত্যৰ শিক্ষক আছিল। তঞ্জোৰ বালাসৰস্বতীৰ শিষ্য হিচাপে তেওঁ গৰবাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৪ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেধা যোধ (ইংৰাজী: Medha Yodh; ৩১ জুলাই ১৯২৭ - ১১ জুলাই ২০০৭) এগৰাকী ভাৰতীয় আৰু ভাৰতীয় আমেৰিকান ভাৰতনাট্যম নৃত্যশিল্পী আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী ভাৰতীয় নৃত্যৰ শিক্ষক আছিল। তঞ্জোৰ বালাসৰস্বতীৰ শিষ্য হিচাপে তেওঁ গৰবাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৯২৭ চনৰ ৩১ জুলাইত বৰ্তমানৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত মেধা যোধৰ জন্ম হৈছিল।১ মেধা যোধৰ বয়স পাঁচ বছৰ হোৱাৰ আগৰ পৰাই নাচিবলৈ আৰম্ভ কৰিছিল।১ তেওঁ ভাৰতৰ অন্যতম পৰিচিত ধ্ৰুপদী নৃত্য ভাৰতনাট্যমৰ প্ৰতি জীৱনৰ আৰম্ভণিতে আকৰ্ষিত হৈছিল।১

নৃত্যৰ প্ৰতি আগ্ৰহ থকাৰ পিছতো মেধা যোধে শিক্ষা জীৱনত বিজ্ঞানৰ ওপৰত প্ৰচণ্ডভাৱে মনোনিৱেশ কৰিছিল। যোধে বম্বে বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে।১ তাৰ পিছত তেওঁ শিক্ষা অব্যাহত ৰাখে আৰু কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।১ পিছত মেধা যোধে ১৯৮৪ চনত লছ এঞ্জেলছ টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এগৰাকী নৃত্য শিক্ষয়িত্ৰীৰ বাবে তেওঁৰ অস্বাভাৱিক শৈক্ষিক পটভূমিৰ বিষয়ে বুজাই দিছিল, “মোৰ প্ৰকৃত ব্ৰাহ্মণ পটভূমি আছে। মই ব্ৰিটিছ ভাৰতত ডাঙৰ-দীঘল হৈছো, আৰু মোৰ পৰা আশা কৰা হৈছিল যে মই কলা শিকিম, দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ মই বিজ্ঞান পঢ়িবলৈ ললোঁ”।১

মেধা যোধে সৰুকালত ভাৰতৰ বাহিৰত বহু পৰিমাণে ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক আধুনিক আৰু বিশ্ব শৈলীৰ নৃত্যৰ বিভিন্ন ৰূপৰ সৈতে পৰিচিত কৰাইছিল। শেষত কানেকটিকাট ভ্ৰমণৰ সময়ত যোধ সেই সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ ভাৰতীয় নৃত্যশিল্পী তঞ্জোৰ বালাসৰস্বতীৰ ছাত্ৰী হয়।১ তেওঁ আজীৱন বালাসৰস্বতীৰ ছাত্ৰী আৰু শিষ্যা হৈ পৰিছিল।

বিদেশ ভ্ৰমণৰ সময়ত তেওঁ ছুইডেনৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ কাৰ্ল ভন এচেনক (Carl von Essen) লগ পাইছিল আৰু তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছিল।১ পৰবৰ্তী সময়ত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।১

কেৰিয়াৰ

১৯৭৬ চনত মেধা যোধ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যাপক সদস্য হিচাপে যোগদান কৰে আৰু বালাসৰস্বতীৰ মূল্যবোধ আৰু নৃত্য শৈলী শিকোৱাত মনোনিৱেশ কৰে। ১৯৯৪ চনলৈকে তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যপনা কৰে আৰু তাৰপৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো তেওঁ ডান্স কেলিডস্কোপ ছিৰিজকে ধৰি কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কেইবাটাও সংস্থাৰ উপদেষ্টা হিচাপে কাম কৰি থাকিল।২

১৯৮৭ চনত মেধা যোধে এখন শৈক্ষিকভাৱে সমাদৃত তথ্যচিত্ৰ নিৰ্মাণ কৰে। গৰবা-ৰাস: এ গ্লিম্পছ ইনটু গুজৰাটী কালচাৰ (Garba-Ras: A Glimpse Into Gujarati Culture) শীৰ্ষক ছবিখনে গৰবা নামৰ পৰম্পৰাগত গুজৰাটী নৃত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

অৱসৰৰ পিছতো যোধে সমগ্ৰ কেলিফৰ্ণিয়াতে নৃত্য প্ৰদৰ্শন কৰি থাকিল। ২০০০ চনত চাণ্টা মনিকাৰ হাইৱেজ পাৰফৰমেন্স স্পেচত অনুষ্ঠিত হোৱা "স্পিৰিট ডান্সেছ" ধাৰাবাহিকত প্ৰদৰ্শন কৰা তেওঁৰ নৃত্য-অভিনয়ৰ সম্পৰ্কে সংবাদ পত্ৰত এটা লেখা প্ৰকাশিত হৈছিল। লেখাটোত তেওঁৰ নৃত্য শৈলীক ভূয়সী প্ৰসংশা কৰা হৈছিল।৩

২০০২ চনলৈকে মেধা যোধে ব্যক্তিগতভাৱে অধ্যাপনা কৰি থাকিল আৰু তাৰ পিছত তেওঁ অকলেণ্ডৰ পৰা কেলিফৰ্ণিয়াৰ ছান ডিয়েগোলৈ গুচি যায়।৪

২০০৭ চনৰ ১১ জুলাইত ছান ডিয়েগোত বাস কৰা কন্যা কমল মুইলেনবাৰ্গৰ ঘৰত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মেধা যোধৰ মৃত্যু হয়। মৃত্যুৰ সময়ত মেধাৰ বয়স আছিল ৭৯ বছৰ। ইহসংসাৰত মেধাই দুগৰাকী কন্যা কমল আৰু নীলা ভন এচেন আৰু দুগৰাকী নাতিনীক এৰি থৈ যায়। ১৯৯৭ চনত এৰিক ভন এচেন নামৰ তেওঁৰ এজন জাজ বেছিষ্ট পুত্ৰৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Segal, Lewis. (2007-07-18). Medha Yodh, 79; classical Indian dancer and arts advocate taught at UCLA. Los Angeles Times
  2. ↑ LA Times: Medha Yodh, 79; classical Indian dancer and arts advocate taught at UCLA latimes.com
  3. ↑ Medha Yodh, an icon of classical dance, is dead DAWN - July 19, 2007 dawn.com
  4. ↑ Pacific Review of Ethnomusicology Volume 1 (1984) - UCLA ethnomusic.ucla.edu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা যোধ” প্ৰবন্ধৰ সংশোধন ৪১৫৯০৪ (৩০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।