অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)

মেটেৰিয়েলিষ্টছ (Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১৭ জুন ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেটেৰিয়েলিষ্টছ (Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন নিউয়ৰ্ক মহানগৰৰ বিলাসিতা-চালিত ডেটিং সংস্কৃতিৰ পটভূমিত নিৰ্মিত। ছবিখনত এগৰাকী ঘটক (Matchmaker), তেওঁৰ উচ্চাকাংক্ষী প্ৰাক্তন প্ৰেমিক (পেচাত অভিনেতা) আৰু এগৰাকী মনোমোহা কোটিপতিৰ মাজৰ প্ৰেমকাহিনী (Love triangle)ক চিত্ৰিত কৰা হৈছে।

এই ছবিখন পাষ্ট লাইভছ (২০২৩)ৰ পিছত চেলিন ছঙৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। পৰিচালকৰ পূৰ্বৰ ছবিখনৰ দৰে এই ছবিখনতো অন্তৰংগতা, পৰিচয় আৰু আধুনিক সম্পৰ্কৰ অন্বেষণৰ দৰে বৈশিষ্ট্যবোৰ ফুটি উঠিছে। কিলাৰ ফিল্মছ আৰু টুএএমৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে ২০২৫ চনৰ ১৩ জুন তাৰিখে এ২৪-ৰ সহযোগিতাত আমেৰিকাত মুক্তি পায় আৰু চনী পিকচাৰ্ছ ৰিলিজিং ইণ্টাৰনেশ্যনেলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনৰ বিতৰণ কৰে। ছবিখনে সমালোচকসকলৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল।

অভিনয় শিল্পী

  • লুচিৰ চৰিত্ৰত ডাকোটা জনছন
  • জনৰ চৰিত্ৰত ক্ৰিছ ইভান্স
  • হেৰী কাষ্টিলোৰ চৰিত্ৰত পেড্ৰ’ পাস্কেল
  • ছফীৰ চৰিত্ৰত জোৱে উইণ্টাৰছ
  • ভায়োলেটৰ চৰিত্ৰত মেৰিন আয়াৰলেণ্ড
  • ডেইজীৰ চৰিত্ৰত দশা নেক্ৰাছোভা
  • চাৰ্লটৰ চৰিত্ৰত লুইছা জেকবছন
  • মেছনৰ চৰিত্ৰত ছয়িয়াৰ স্পিলবাৰ্গ
  • ৰবাৰ্টৰ চৰিত্ৰত এডি কেহিল
  • ট্ৰেভৰৰ চৰিত্ৰত জোচেফ লীয়ে
  • মাৰ্ক পিৰ চৰিত্ৰতজন মাগাৰো (কণ্ঠ)
  • বিবাহৰ সংগীতশিল্পীৰ চৰিত্ৰত বেবী ৰোজ

মুক্তি

এ২৪-ৰ সহযোগিতাত ২০২৫ চনৰ ১৩ জুন তাৰিখে মেটেৰিয়েলিষ্টছ ছবিখনে আমেৰিকাৰ চিত্ৰগৃহত মুক্তি পাইছিল। চনী পিকচাৰ্ছৰ১ সহযোগিতাত ২০২৫ চনৰ ১৬ আগষ্ট তাৰিখে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পায়।২৩

তথ্যসূত্ৰ

  1. ↑ Taysom, Joe. (2025-05-22). 'Materialists' reveal new trailer and international release date. Far Out
  2. ↑ D'Alessandro, Anthony. (March 4, 2025). A24 Sets Summer Release For Celine Song's Matchmaker Movie 'Materialists'. Deadline Hollywood
  3. ↑ Keslassy, Elsa. (2024-02-18). Sony Pictures Buys International Rights to Celine Song's Materialists at the EFM. Variety

সম্পৰ্কিত শ্ৰেণী

২০২৫ বৰ্ষৰ চলচ্চিত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰইংৰাজী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৮৮৮২ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।