মৰিয়নেছ উৎসৱ (Moriones Festival) হৈছে ফিলিপাইনৰ মেৰিণ্ডুক দ্বীপত প্ৰতি বছৰে পবিত্ৰ সপ্তাহ বা গ্ৰেট উইকত অনুষ্ঠিত হোৱা লেণ্টেন আৰু ধৰ্মীয় উৎসৱ। ফিলিপাইনছৰ স্থানীয় লোকে ব্যাখ্যা কৰা মতে "মৰিয়ানছ" হৈছে বাইবেলৰ ইম্পেৰিয়েল ৰোমান সৈন্য সকলে পৰিধান কৰা সাজ-পোছাকৰ প্ৰতিলিপি আৰু মুখা পিন্ধা পুৰুষ-মহিলা সকল। মৰিয়নেছ পৰম্পৰাই ফিলিপাইনছ বাসীক আন আন বহু উৎসৱ পালন কৰিবৰ বাবে অনুপ্ৰাণিত কৰি আহিছে যাৰ ফলত তেওঁলোকৰ সাংস্কৃতিক প্ৰথা সমূহক ৰাজপথৰ উৎসৱলৈ ৰূপান্তৰিত কৰা হৈছে।১
ই ফিলিপাইনছৰ মেৰিণ্ডুক দ্বীপত উদযাপন কৰা এক বৃহৎ বৰ্ণিল উৎসৱ। উৎসৱত অংশগ্ৰহণকাৰা লোকসকলে মৰিয়ন মুখা পৰিধান কৰি খ্ৰীষ্টৰ যন্ত্ৰণাৰ কাহিনীৰ লগত জড়িত ৰোমান সৈনিক আৰু ছিৰিয়ান ভাড়াতীয়া সৈনিকক প্ৰতিনিধিত্ব কৰে, যিসকলে যীশুখ্ৰীষ্টৰ মৃত্যুদণ্ডৰ সময়ত মূল কাহিনীৰ অংশ হিচাপে উপস্থিত আছিল। মৰিয়ন মুখা বোৰৰ দ্বাৰা সৈনিকসকলৰ ভয়ংকৰ আৰু কঠোৰ ৰূপ প্ৰকাশ কৰা হয়, যি খ্ৰীষ্টৰ দুৰ্গতিৰ কাহিনীৰ গভীৰতাক অধিক প্ৰকট কৰি তোলাৰ লগতে উৎসৱৰ আকৰ্ষণ বৃদ্ধি কৰিছে আৰু অঞ্চলটোৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে॥ এই মুখাবোৰৰ নাম ১৬শ আৰু ১৭শ শতিকাৰ মৰিয়ান হেলমেটৰ নামেৰে নামকৰণ কৰা হৈছিল।২
এই উৎসৱত মৰিয়নাছ সকলে মুখা আৰু সাজ-পোছাক পৰিধান কৰি সেই সময়ৰ অনুতাপকাৰীসকলক প্ৰতিনিধিত্ব কৰে আৰু পৌৰাণিক কাহিণীত থকাৰ দৰে লংগিনাছক বিচাৰি সাত দিন চহৰখনৰ চাৰিওফালে ঘূৰি ফুৰে। মৰিয়নসকলে পবিত্ৰ সোমবাৰৰ পৰা ইষ্টাৰ দেওবাৰলৈকে চহৰৰ ৰাজপথত ঘূৰি ফুৰি শিশুসকলক ভয় খুৱাই, বা অঞ্চল বাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কিছুমান আচৰিত কৰ্ম কাণ্ডত লিপ্ত হয়। এইটো এটা লোক-ধৰ্মীয় উৎসৱ যাৰ জৰিয়তে এটা চকু অন্ধ ৰোমান শতপতি চেণ্ট লংগিনাছৰ কাহিনী পুনৰাবৃত্তি কৰা হয়। এই উৎসৱৰ বৈশিষ্ট্য হৈছে ৰঙীন ৰোমান সাজ-পোছাক, ৰং কৰা মাস্ক আৰু হেলমেট, আৰু উজ্জ্বল ৰঙৰ টিউনিক পৰিধান কৰা। মেৰিণ্ডুক দ্বীপৰ ব’য়াক, গাছান, চাণ্টা ক্ৰুজ, বুয়েনাভিষ্টা আৰু মগপগ চহৰৰ এটা বিশাল অঞ্চলত এই উৎসৱ পালন কৰাহয়। এই নিয়ম সমূহ মাৰিণ্ডুকৰ লেণ্টেন উৎসৱৰ অংশ হিচাপে বিবেচিত হয়। পবিত্ৰ সপ্তাহৰ সময়ত অনুষ্ঠিত এই পৰম্পৰাবোৰে অঞ্চলটোৰ ধৰ্মীয় ভক্তি আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। এই সময়চোৱাত মেৰিণ্ডুক দ্বীপৰ গাঁৱে গাঁৱে খ্ৰীষ্টৰ দুৰ্গতিবোৰ বৰ্ননা কৰি এক অনন্য পৰম্পৰা পালন কৰে, যাক পাবাছা বোলা হয়। এই পৰম্পৰাত খ্ৰীষ্টৰ দুৰ্গতিকাহিনী সমূহ আনকি পদ্য ৰূপেও পাঠ বা আবৃত্তি কৰা হয়। এই কাৰ্য্যসমূহ পৱিত্ৰ সপ্তাহৰ সময়ত গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক আয়োজন হিচাপে গণ্য হয়।৩ তাৰ পিছত গুড ফ্ৰাইডেৰ বিয়লি তিনি বজাত ছাণ্টো চেপুলক্ৰ’ পালন কৰা হয়, য’ত বুঢ়ী মহিলাসকলে মৃত খ্ৰীষ্টৰ পিছত থিয় হৈ বাইবেলৰ ওপৰত ভিত্তি কৰি পদৰ আদান-প্ৰদান কৰে। এই উৎসৱৰ অন্যতম আকৰ্ষণীয় দিশ হ’ল ভিয়া ক্ৰুচিছ,য’ত হয় খ্ৰীষ্টই কালভাৰীলৈ যোৱাৰ পথত হোৱা দুখ-কষ্টৰ পুনৰাবৃত্তি। মানুহে পিঠিত চাবুকেৰে কোবাই, কাঠৰ ক্ৰুচ লয় আৰু কেতিয়াবা ক্ৰুচবিদ্ধ কৰিও নিজৰ ওপৰত দুখ-যান্ত্ৰনা জাপি সহ্য কৰে। তেওঁলোকে এই কাৰ্য্যক তেওঁলোকৰ পাপৰ প্ৰায়শ্চিত্ত ৰূপে বিবেচনা কৰে। এই সপ্তাহজোৰা উদযাপন পবিত্ৰ সোমবাৰৰ পৰা আৰম্ভ হয় আৰু ইষ্টাৰ দেওবাৰে শেষ হয় বাবে ইয়াক ‘পবিত্ৰ সপ্তাহ’ হিচাপে গণ্য কৰা হয়।৪
পৃষ্ঠভূমি
১৯৬০ চনত সংবাদ মাধ্যমে মৰিয়নেছ শব্দটো ৰচনা কৰিছিল যদিও স্থানীয় বাসিন্দাসকলে মূল শব্দটো মৰিয়নেন হিচাপে ৰাখিছে। বহুতো কৃষক আৰু মাছমৰীয়া লোকে যুগ যুগ ধৰি চলি অহা এই পৰম্পৰাগত উৎসৱত অংশগ্ৰহণ কৰি যীশুখ্ৰীষ্টৰ প্ৰতি তপস্যা বা ধন্যবাদৰ ব্ৰত হিচাপে লিপ্ত হৈ অনুশীলনকৰি আহিছে। খ্ৰীষ্টিয়ান কিংবদন্তি অনুসৰি লংগিনাছক সাধাৰণতে এক দৃষ্টিহীন ৰোমান সৈনিক বুলি বৰ্ণনা কৰা হৈছে। তেওঁ যীশুখ্ৰীষ্টক ক্ৰুশত বিদ্ধ কৰা সময়ত তেওঁৰ বুকুৰ ওপৰত বাণেৰে আঘাত কৰিছিল। কাহিনী মতে, সেই আঘাতৰ ফলত যীশুখ্ৰীষ্টৰ ৰক্ত আৰু পানী লংগিনাছৰ চকুত পৰি তেওঁ অলৌকিকভাৱে দৃষ্টিশক্তি লাভ কৰে। এই অলৌকিকতাই লংগিনাছক খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত কৰিছিল। ফলত তেওঁৰ সতীৰ্থ শতাধিকাৰীৰ ক্ষোভৰ বলি হৈছিল আৰু তেওঁলোকে লংগিনাছক ধৰি আনি মূৰটো কাটি পেলাইছিল। লংগিনাছৰ এই অলৌকিক ঘটনাক খ্ৰীষ্টৰ দুৰ্গতিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। খ্ৰীষ্টৰ জীৱন আৰু মৃত্যুত হোৱা অলৌকিক ঘটনাৰ সৈতে লংগিনাছৰ কাহিনীয়ে পৰম্পৰাগত খ্ৰীষ্টীয়কাহিনীত এক উল্লেখযোগ্য স্থান লাভ কৰিছে।৫
=ইতিহাস
স্পেইনৰ ভেলেন্সিয়া নামৰ ঠাইত ও ফেষ্টিভেল ডি মৰ’ছ ৱাই ক্ৰিষ্টিয়ানছ (মূৰ আৰু খ্ৰীষ্টান উৎসৱ) নামৰ একেধৰণৰ উৎসৱ উদযাপন কৰা হয়। মৰিয়নেছ শব্দটো মৰ’ছৰ পৰাই উদ্ভৱ হৈছে বুলি ইতিহাসবিদ সকল প্ৰায় নিশ্চিত। আন এটা সম্ভাৱ্য ব্যুৎপত্তি হৈছে স্পেনিছ শব্দ "murió" (মূল ক্ৰিয়া:morir) অৰ্থাৎ"(তৃতীয় ব্যক্তি একবচন) মৃত্যুবৰণ"ৰ পৰা। এই উৎসৱৰ উৎপত্তি মগপগ আৰু ১৮৮৭ চনত উক্ত চহৰৰ পেৰিছৰ পুৰোহিত ডাইঅ'নিচিঅ' ছাণ্টিয়াগোৱে প্ৰথমবাৰৰ বাবে আয়োজন কৰাৰ পৰাই পৰম্পৰাগত ভাবে উদযাপন কৰা হৈ আহিছে বুলি অনুমান কৰা হয়।৬
লগতে চাওক
- ফিলিপাইনছত পবিত্ৰ সপ্তাহ
- বাহ্যিক সংযোগসমূহ
- ননঅফিচিয়েল মেৰিণ্ডুক পৰ্যটন ৱেবছাইট
- Youtube-মৰিয়নেছ উৎসৱ
- মৰিয়নেছত ক্ৰুছিছৰ জৰিয়তে ইউটিউব
- মৰিয়নেছ উৎসৱৰ ৩৬০টা দৃশ্য
তথ্যসূত্ৰ
- ↑ MARINDUQUE'S THRUST FOR CULTURAL & TOURISM DEVELOPMENT
- ↑ Cinco, Maricar. (13 April 2014). Last of Moriones mask makers looking for heirs. Philippine Daily Inquirer
- ↑ One of the Philippines most Colorful Festivals
- ↑ Moriones Festival-Marinduque
- ↑ Fuhrmann, Christopher. (11 April 2014). Policing the Roman Empire: Soldiers, Administration, and Public Order. Oxford University Press. পৃ. 231. ISBN 978-0199360017
- ↑ The Moriones Festival of Marinduque
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়নেছ উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬০৪৪৭৬ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।