অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মৰিচ নৃত্য

মৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত্যশিল্পীৰ দলৰ ছন্দোবদ্ধ পদক্ষেপৰ জৰিয়তে এই নৃত্য প্ৰদৰ্শিত হয়। তেওঁলোকৰ সৈতে সঙ্গীত দিবলৈ থাকে এক দল বাদ্যযন্ত্ৰবাদক বা কোনো একক সঙ্গীতশিল্পী।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৯২ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত্যশিল্পীৰ দলৰ ছন্দোবদ্ধ পদক্ষেপৰ জৰিয়তে এই নৃত্য প্ৰদৰ্শিত হয়। তেওঁলোকৰ সৈতে সঙ্গীত দিবলৈ থাকে এক দল বাদ্যযন্ত্ৰবাদক বা কোনো একক সঙ্গীতশিল্পী। নৃত্যশিল্পীসকলে নাচৰ সময়ত লাঠি, তৰোৱাল, ৰুমাল আৰু বিভিন্ন ধৰণৰ অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে।

ইংলেণ্ডত মৰিচ নৃত্যৰ সংগঠিত তিনিটা বিশিষ্ট দল হ'ল মৰিচ ৰিং,১ মৰিচ ফেডাৰেচন ২ আৰু ওপেন মৰিচ।৩ এই তিনিটা সংগঠনত আন দেশৰ সদস্যসকলো অন্তৰ্ভুক্ত।

নাম আৰু উৎপত্তি

অষ্টম হেনৰিৰ সময়কালৰ পৰা গ্ৰাম্য উৎসৱৰ জনপ্ৰিয় বিনোদনৰ ৰূপত এই মৰিচ নৃত্য পৰিচিত আছিল। মৰিচ শব্দটো সম্ভৱত "মৰিস্কো" শব্দৰ পৰা আহিছে, যাৰ অৰ্থ "মূৰ জনগোষ্ঠী।" চিচিল শাৰ্প, যিয়ে মৰিচ নৃত্যক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ বহু প্ৰচেষ্টা কৰিছিল, তেওঁ নৃত্যশিল্পীসকলক পৰামৰ্শ দিছিল যাতে প্ৰয়োজনে মুখত ক’লা ৰং লগাই ছদ্মবেশ ধাৰণ কৰি ধৰ্মীয় সমাৱেশত অংশ ল’ব পাৰে।

১৫শ শতিকাৰ মাজভাগত ইংৰাজী ভাষা সাহিত্যত মৰিচ শব্দটো প্ৰথম উল্লেখ পোৱা যায়, যাক মৰিস্ক ডান্স হিচাপে লিপিবদ্ধ কৰা হৈছিল। লগতে মোড়ে ডাউন্স, মৰিচে ডাউন্স আদি সমাৰ্থক শব্দৰো ব্যৱহাৰ দেখা যায়। সাধাৰণতে ধৰা হয় যে এই শব্দটো ফ্লেমিচ শব্দ মৰিস্কে ডান্সে-ৰ পৰা উৎপত্তি হৈছে। আনহাতে, জাৰ্মান ভাষাত মৰিস্কেটাঞ্জ্ (১৫শ শতিকাৰ), ফ্ৰেন্সত মৰিস্কুস, ক্ৰ'য়েছিয়ানত মৰেস্কা, আৰু ইটালীয় আৰু স্পেনী ভাষাত মৰিক্সা শব্দৰ প্ৰচলন আছিল। আধুনিক মৰিচ নৃত্য শব্দটোৰ প্ৰথম উল্লেখ ১৭শ শতিকাত পোৱা যায়।৪

১৬৫৮ চনত প্ৰথম প্ৰকাশিত এডৱাৰ্ড ফিলিপচৰ "দ্য নিউ ৱৰ্ল্ড অৱ ইংলিশ ৱাৰ্ডচ"ত মৰিস্কো শব্দটোক মুৰ শব্দ হিচাপে উল্লেখ কৰা হৈছিল। তেওঁ মৰিচ নৃত্যক মুৰিচ নৃত্য হিচাপেও উল্লেখ কৰিছিল। ১৬৯৫ চনতজন বুলোকাৰ কৈছিল যে, মৰিচ নৃত্যৰ উৎপত্তি মুৰসকলৰ বিশেষ নৃত্যধাৰাৰ পৰা হৈছিল।৫৬

ইংলেণ্ডৰ গ্ৰাম্য নৃত্যশিল্পীসকলে মুখ ক'লা কৰি নৃত্য প্ৰদৰ্শন কৰিছিল। ই হয়তো ঐতিহ্যগত ছদ্মবেশ ধৰণৰ এক অংশ হিচাপে গণ্য হয়, নাইবা মুৰ অথবা খনি শ্ৰমিকসকলক উদ্দেশ্য কৰি কৰা এক প্ৰদৰ্শনী বুলি ধৰা হয়।৭

২০২০ চনৰ জুন মাহত, ব্লেক লাইভছ মেটাৰ আন্দোলনৰ প্ৰভাৱত, যৌথ মৰিছ সংস্থাই নৃত্যকালত মুখত ক’লা ৰং প্ৰয়োগ নকৰিবলৈ আহ্বান জনায়। ইয়াৰ পৰিৱৰ্তে নীল, সেউজ, হালধীয়া, আৰু ক’লা ডোৰাকাটা সাজসজ্জা ব্যৱহাৰ কৰা হয়।৮

ইংলেণ্ডৰ ইতিহাস

১৬০০ চনত লণ্ডনৰ পৰা নৰউইচলৈ উইলিয়াম কেম্পে মৰিচ নৃত্যৰ চিত্ৰ।
১৬০০ চনত লণ্ডনৰ পৰা নৰউইচলৈ উইলিয়াম কেম্পে মৰিচ নৃত্যৰ চিত্ৰ।ছবি: Unknown author · Public domain
মৰিচ নৃত্যশিল্পী আৰু এটা শখৰ ঘোঁৰা: ''ৰিচমণ্ডত টেমছৰ দৃশ্য, পুৰণি ৰাজপ্ৰাসাদৰ সৈতে'', আনুমানিক ১৬২০ চন
মৰিচ নৃত্যশিল্পী আৰু এটা শখৰ ঘোঁৰা: ৰিচমণ্ডত টেমছৰ দৃশ্য, পুৰণি ৰাজপ্ৰাসাদৰ সৈতে, আনুমানিক ১৬২০ চনছবি: Unknown author · Public domain

১৫শ শতিকাত মৰিচ নৃত্য ৰাজকীয় পৰিবেশত প্ৰদৰ্শিত হৈছিল। ১৬শ শতিকাৰ শেষভাগত এই নৃত্য নিম্নবিত্ত লোকসকলৰ মাজত জনপ্ৰিয় হয়। অষ্টম হেনৰীৰ সময়ত পাঁচজন নৃত্যশিল্পীয়ে মৰিচ নৃত্য প্ৰদৰ্শন কৰিছিল, য'ত ট্যাব্ৰেট নামৰ এক বিশেষ ড্ৰাম ব্যৱহাৰ কৰা হৈছিল।৯ ১৫৫২ চনৰ ৪ জানুৱাৰীত এডৱাৰ্ড ষষ্ঠৰ শাসনকালত, লণ্ডনত জৰ্জ ফেৰাৰ্ছে এটা মৰিচ নৃত্য প্ৰদৰ্শন কৰিছিল য'ত ট্যাব্ৰেট সহযোগে শিল্পীসকলে নৃত্য কৰিছিল।১০ ১৬০০ চনত ৱিলিয়াম শ্বেইক্সপিয়াৰৰ শৈলীত অভিনয় কৰা উইলিয়াম কেম্পে নৰউইচত মৰিচ নৃত্য প্ৰদৰ্শন কৰিছিল।

১৭শ শতিকাৰ মাজভাগত, কৃষকসকলে মৰিচ নৃত্যত অংশগ্ৰহণ কৰিছিল।১১ কিন্তু অলিভাৰ ক্ৰ'মৱেলৰ পিউৰিটান চৰকাৰে এই জাতীয় উৎসৱ দমন কৰিবলৈ আৰম্ভ কৰে। দ্বিতীয় চাৰ্লছে পুনৰ বসন্তকালীন উৎসৱৰ প্ৰচলন আৰম্ভ কৰে, বিশেষকৈ হুইটচান এলেছ উৎসৱৰ সময়ত।

১৭৫০ চনত হৰ্শাম (সাচেক্স) অঞ্চলৰ এটা উৎসৱত মৰিচ নৃত্যৰ উল্লেখ পোৱা যায়।১২

শিল্প বিপ্লৱ আৰু তাৰ সৈতে অহা সামাজিক পৰিৱৰ্তন নঘটাকৈ মৰিচ নৃত্যৰ জনপ্ৰিয়তা অব্যাহত আছিল। চাৰিটা দল পৰম্পৰাগতভাৱে এই নৃত্যধাৰা সংৰক্ষণ কৰিছিল। এই দলসমূহ হল:

  • এবিংডন (হেমিংছ পৰিয়ালৰ দ্বাৰা পৰিচালিত) ১৩
  • ব্যাম্পটন
  • হেডিংটন কোয়াৰি
  • চিপিং কেম্পডেন ১৪

পুনৰুজ্জীৱন

১৮৯৯ চনৰ বক্সিং ডে উৎসৱক মৰিচ নৃত্যৰ পুনৰুজ্জীৱনৰ সূচনা বিন্দু বুলি গণ্য কৰা হয়।১৫ ছেচিল শাৰ্প অক্সফ'ৰ্ডৰ ওচৰত হেডিংটনত এটা বন্ধুৰ ঘৰলৈ গৈ থকা সময়ত মৰিচ নৃত্যৰ প্ৰদৰ্শন দেখে। তেওঁ নৃত্যশিল্পী উইলিয়াম কিম্বাৰৰ পৰা কেইটামান সুৰ সংগ্ৰহ কৰে, য'ত কাণ্ট্ৰি গাৰ্ডেনচ শীৰ্ষক সুৰটো উল্লেখযোগ্য।১৬

এটা দশক পিছত, মেৰী নীল আৰু এস্পেৰেন্স ক্লাবৰ সহায়ত ছেচিল শাৰ্পে মৰিচ নৃত্যৰ পুনৰুজ্জীৱন আৰম্ভ কৰে। লণ্ডনৰ যুৱতীসকলৰ দ্বাৰা এই নৃত্যৰ প্ৰথম পুনৰুজ্জীৱন প্ৰদৰ্শন মঞ্চস্থ হৈছিল।

সংগঠন

উত্তৰ ইয়ৰ্কশায়াৰৰ মৰিচ নৃত্যশিল্পী
উত্তৰ ইয়ৰ্কশায়াৰৰ মৰিচ নৃত্যশিল্পীছবি: Tim Green from Bradford · CC BY 2.0

২০শ শতিকাৰ আৰম্ভণিতে মৰিচ নৃত্যৰ কেইটামান পুৰুষ দল গঠিত হৈছিল। ১৯৩৪ চনত ছয়টা দলৰ দ্বাৰা মৰিচ ৰিং নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰা হয়:

  • কেমব্ৰিজ মৰিচ মেন
  • লেচৱাৰ্থ মৰিচ
  • থ্যাক্সটেড মৰিচ মেন
  • ইষ্ট চাৰে মৰিচ মেন
  • গ্ৰিনচ্লিভছ মৰিচ মেন (উইম্বলডন)
  • অক্সফ'ৰ্ড মৰিচ (প্ৰাথমিক সংগঠন সভাত উপস্থিত নাছিল কিন্তু সংগঠনৰ সংবিধান তৈয়াৰত প্ৰভাৱশালী আছিল) ১৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Morris Ring | The Founding National Association of Morris & Sword Dance Clubs. themorrisring.org
  2. ↑ The Morris Federation – UK's largest Morris & traditional dance teams association
  3. ↑ Open Morris – Open Morris – Dancing for All
  4. ↑ OED, s.v. "morris dance" and "Morisk". D. Arnold, The New Oxford Companion to Music, vol. 2 (Oxford University Press, 1983), p. 1203
  5. ↑ Phillips, Edward. (1658). The New World of English Words
  6. ↑ Bullokar, John. (1695). An English Expositour
  7. ↑ Okolosie, Lola. (14 October 2014). Cameron and the morris dancers: a sign of our nationalistic mood. The Guardian
  8. ↑ (1 May 2021). May Day Morris dancers wear blue makeup over racism concerns. BBC News Online
  9. ↑ Francis Palgrave, Antient Kalendars of the Exchequer, vol. 2 (London, 1836), pp. 286-7
  10. ↑ Clare Sponsler, 'Morris Dance and Theatre History', Thomas Postlewait, Representing the Past: Essays in Performance Historiography (Iowa, 2010), p. 96: John Gough Nichols, Diary of Henry Machyn (London: Camden Society, 1848), p. 13
  11. ↑ (2011). Llewellyn's 2012 Witches' Companion. Llewellyn Worldwide. পৃ. 125
  12. ↑ (13 February 2021). Highwayman's 1750 confessions reveal 'unusual' ambivalence about gay sex. The Guardian
  13. ↑ Hemmings tradition
  14. ↑ Chipping Campden Morris Men | Homepage
  15. ↑ Burgess, Paul. (2002). The Mystery of the Whistling Sewermen: How Cecil Sharp Discovered Gloucestershire Morris Dancing. পৃ. 178–194
  16. ↑ Country Gardens (Cecil Sharp Manuscript Collection (at Clare College, Cambridge) CJS2/10/946). The Vaughan Williams Memorial Library
  17. ↑ (19 August 2020). History · The Morris Ring. themorrisring.org

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্যনৃত্যলোক-সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিচ নৃত্য” প্ৰবন্ধৰ সংশোধন ৬৩১৯৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।