মৃণালমাহী হ'ল সত্য প্ৰসাদ বৰুৱাৰ এখন উল্লেখযোগ্য সামাজিক মনস্তাত্ত্বিক নাটক।১ এই নাটকখন প্ৰকাশ হৈছিল ১৯৭৭ চনত।
কাহিনী
এই নাটকখনৰ মূল চৰিত্ৰ হ'ল মৃণাল, দীপক, হাজৰিকা, ভবেশ।
স্বামীৰ অক্ষমতাৰ বাবে নাটকত নায়িকা মৃণাল সন্তানহীনা। তেওঁৰ স্বামী ভবেশ ঠিকাদাৰ। পুৱাই বিভিন্ন কামত ঘৰৰ পৰা ওলাই যায় আৰু ক্লাবত মদ খাই ৰাতি ঘৰলৈ উভতি আহে। ইতিমধ্যে মৃণালে তেওঁলোকৰ ঘৰত থাকি মেডিকেল পঢ়া দীপক নামৰ ডেকা ল'ৰাটিট পুত্ৰবৎ মৰম কৰি স্বামীৰ মৰমৰ পৰা বঞ্চিতা হোৱাৰ বেদনা পাহৰি অলপ শান্তি লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছত তেওঁৰ সান্নিধ্যলৈ আহে সুচৰিত্ৰৱান আৰু আদৰ্শৱান ডেকা ইঞ্জিনীয়াৰ হাজৰিকা। এওঁ মৃণাল মাহীৰ প্ৰতি আকৃষ্ট হয়। কিন্তু মৃণাল বিবাহিতা বাবে তেওঁক বিয়া কৰি তেওঁৰ স্বামীৰ মনত দুখ দিবলৈ আৰু সমাজতো মৃণালক লঘু কৰিবলৈ হাজৰিকাই নিবিচাৰে। সেয়ে ইজনে সিজনৰ প্ৰতি অনুৰক্ত যদিও তেওঁলোকৰ সম্বন্ধ বন্ধুত্বৰহে। কিন্তু হাজৰিকাৰ প্ৰতি গঢ়ি উঠা অনুৰাগ আৰু সন্তান কামনা দুয়ো লগ লাগি মৃণাল মাহী 'চিওডোচায়েচিচ' (Pseudocyesis) ৰোগত ভোগে যাৰ ফলত তেওঁৰ গাত মিছা গৰ্ভধাৰণাৰ সকলো লক্ষণ মানসিক কাৰণতে দেখা দিয়ে। মৃণাল প্ৰকৃততে অন্তঃসত্ত্বা হোৱা বুলি ভাবি নিজৰ অক্ষমতাৰ কথা ভালদৰে জনা ভৱেশৰ সন্দেহ হয় যে মৃণালৰ দেহত থিতি লোৱা সন্তানটো কেতিয়াও তেওঁৰ হ'ব নোৱাৰে। সেয়ে এদিন ৰাতি ভৱেশে পত্নীৰ আগত তেওঁৰ সন্দেহ আৰু ঈৰ্ষাৰ ভাব নিষ্ঠুৰভাৱে প্ৰকাশ কৰে আৰু পাগলৰ দৰে ব্যৱহাৰ কৰি যেন মাৰি পেলাব এই ভাবত তেওঁৰ ডিঙিলৈ হাত মেলে। পিছত গা-ধোৱা ঘৰত মৃণালৰ মৃতদেহ চিপজৰী লৈ ওলমি থকা অৱস্থাত পোৱা যায়। নাট্যকাৰে খোলাখুলিভাবে নক'লেও দৰ্শকৰ মনত এই সন্দেহ নাথাকে যে আচলতে তেওঁক গিৰিয়েকেহে হত্যা কৰিলে। কাহিনী উপস্থাপনৰ বেলিকাও নাট্যকাৰে নতুনত্ব প্ৰদৰ্শন কৰিব পাৰিছে। নায়িকা নাট্যকাৰৰ লেখীয়াকৈ ইয়াতো ঠায়ে ঠায়ে আলোচনামূলক সংলাপে জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰীলৈ মনত পেলায়। নাটকৰ এঠাইত হাজৰিকাৰ চিন্তামূলক কথাৰ উত্তৰত মৃণাল মাহীয়ে কৈছেঃ “মনটো যে দেহটোতকৈ ডাঙৰ, দৈহিক সম্বন্ধত বাধা থাকিলেও মনৰ সম্বন্ধত তেনে বাধা যে নাথাকিবও পাৰে সেই কথা যেন মই কিছু পৰিমাণে উপলব্ধি কৰিব পাৰিছোঁ।”২
নাট্যকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: সত্য প্ৰসাদ বৰুৱা'সত্য প্ৰসাদ বৰুৱা' (Satya Prasad Baruah; ১৯১৯-২০০১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক আছিল।৩ ডেকা বয়সতে তেখেতে নাটকত অভিনয় আৰম্ভ কৰাৰ লগতে লিখিবলৈও লয়। গুৱাহাটীৰ "সুন্দৰ সেৱী সংঘ"ৰ জৰিয়তে তেখেতে নাটকত মহিলা অভিনেত্ৰীৰ প্ৰৱেশত আগভাগ লৈছিল।৩ "শিখা" (১৯৫৭) আৰু "জ্যোতিৰেখা" (১৯৫৮) নাটকেৰে তেখেতে চৰ্চালৈ আহে।৪ তেখেতে ১৯৭৮ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। তেখেতে জীৱনকালত প্ৰায় বিশখন মৌলিক নাটক, শিশু ৰচনা, মঞ্চতত্ত্বৰ ৰচনা, অনুবাদ নাটক আদি লিখি গৈছে।
তথ্যসূত্ৰ
- ↑ নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ স্বনিৰ্বাচিত ত্ৰিশখন নাটক, সম্পাদক - কনকচন্দ্ৰ ডেকা, প্ৰকাশক - পদ্ম প্ৰকাশ, গুৱাহাটী ১৯৯৯, পৃষ্ঠা - ৯
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী ষষ্ঠ খণ্ড, সম্পাদক - হোমেন বৰগোহাঞি, প্ৰকাশক -আনন্দৰাম বৰুৱা ভাষা -কলা -সংস্কৃতি সংস্থা,অসম ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, পৃষ্ঠা - ৪৯৯-৫০০
- ↑ (July 7, 2009). Satya Prasad Barua, Assamese Theatre Personality. India Netzone
- ↑ Satyendranath Sarma. (1976). Assamese literature, Volume 9, Part 2. Otto Harrassowitz Wiesbaden. পৃ. 109
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণালমাহী” প্ৰবন্ধৰ সংশোধন ৫৯৯৭১৭ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।