'য়াদৱী– দ্য ডিগ্নিফাইড প্ৰিন্সেছ'(Yadvi – The Dignified Princess) হৈছে জ্যোতি সিঙৰদ্বাৰা প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় ইংৰাজী ভাষা চলচ্চিত্ৰ।১
ছবিখনত চন্দ্ৰচূড় সিং২ আৰু জনপ্ৰিয় ভাৰতীয় দূৰদৰ্শন অভিনেতা বিভু ৰাঘৱে অভিনয় কৰিছে।৩ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড ২০০৯ নিকিতাশা মাৰৱাহায়ো ছবিখনত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছে।৪ ছবিখন ২০১৭ চনৰ ২৫ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনৰ চিত্ৰনাট্য গৌৰী সিঙে লিখিছিল, যি নৰ্থ কেৰোলিনা ইণ্ডিয়ান এণ্ড চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলৰ দৰে কেইবাটাও মহোৎসৱৰ প্ৰতিষ্ঠাপক।
কাহিনী
ছবিখন এগৰাকী প্ৰকৃত জীৱনৰ ৰাজকুমাৰীৰ বিষয়ে যি এটা অত্যন্ত ধনী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল যদিও মাজ বয়সত তেওঁৰ সকলো সুযোগ-সুবিধা হেৰুৱাই পেলায়। ১৯৪০ চনৰ ভাৰতৰ পটভূমিত নিৰ্মিত এই কাহিনীটোত দেখা যায় যে কেনেকৈ ৰাজকুমাৰী গৰাকীয়ে কেৱল নিজৰ মৰ্যাদাই ৰক্ষা কৰা নাছিল, বৰঞ্চ তিনিগৰাকী কন্যাকো লালন-পালন কৰিছিল।
ইয়াত পাটিয়ালাৰ মহাৰাজ ভূপিন্দৰ সিংৰ কন্যা মহাৰাণী যদু বংশ কুমাৰীৰ জীৱন আৰু সময়ক প্ৰদৰ্শন কৰা হৈছে।৫
চলচ্চিত্ৰখনত অপ্ৰত্যাশিত দুৰ্যোগৰ মুখত সততা আৰু সাহসৰ কাহিনী কোৱা হৈছে। যাদৱীয়ে আপোনাক ৰজা-ৰাণী, ৰাজকুমাৰ আৰু বহুবিবাহৰ সেই সময়ৰ ভাৰতলৈ লৈ যাব। পৰিয়ালৰ সন্মান ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ গভীৰ আন্তৰিক শক্তিয়ে দৰ্শকক অনুপ্ৰাণিত কৰিব।
অভিনয় শিল্পী
- চন্দ্ৰচূড় সিং (মহাৰাজ ভূপিন্দৰ সিং হিচাপে)
- চাৰু ব্যাস (মহাৰাণী বিমল কৌৰ হিচাপে)
- ৰাহুল গোদাৰা (যুৱৰাজ গোবিন্দ সিং হিচাপে)
- জ্যোতি সিং (য়াদৱীহিচাপে)
- বিভু ৰাঘৱে (ৰাজকুমাৰ বিলি হিচাপে)
- নাম্যা ছাক্সেনা (য়াদৱীহিচাপে)
- গৌৰী সিং
- নিকিতাশা মাৰৱাহা
- ৰেশা সবৰৱাল
- মিনি পণ্ডিত
- ঐশ্বৰ্য সিং
চলচ্চিত্ৰ মহোৎসৱ আৰু বঁটা
য়াদৱী- দ্য ডিগ্নিফাইড প্ৰিন্সেছ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল, যাৰ ভিতৰত ম্যানহাটান ফিল্ম ফেষ্টিভেল৬ আৰু ডিচি চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল অন্যতম।৭
- চতুৰ্থ ভাৰতীয় চিনে ফিল্ম ফেষ্টিভেল (২০১৬)ত শ্ৰেষ্ঠ পৰিচালক (জ্যোতি সিং)
- চতুৰ্থ ভাৰতীয় চিনে ফিল্ম ফেষ্টিভেল (২০১৬)ত শ্ৰেষ্ঠ সংগীত (অনুজ গাৰ্গ)
- এৰাউণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল (মে ২০১৬)ত গ্লোব বঁটা
- গ্ল'বেল ফিল্ম কম্পিটিচন (নৱেম্বৰ ২০১৬)ত স্বীকৃতি বঁটা
- ঋষিকেশ আৰ্ট এণ্ড ফিল্ম ফেষ্টিভেল (২০১৭)ত শ্ৰেষ্ঠ কাহিনী চিত্ৰ (তৃতীয় পুৰস্কাৰ)
- আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত গোল্ড বঁটা বিজয়ী
- ৱৰ্ল্ডছ উইমেন বঁটাত ৱৰ্ল্ড প্লেটিনাম বঁটা
- দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ উদীয়মান মহিলা পৰিচালক (জ্যোতি সিং)
- ডেপ্ত অৱ ফিল্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰী (জ্যোতি সিং) আৰু শ্ৰেষ্ঠ অভিনেতা (বিভু ৰাঘৱে) বঁটা৮
তথ্যসূত্ৰ
- ↑ (10 June 2017). Actress-filmmaker Jyoti Singh brings her grandmother's royal story to the big screen. Cinestaan
- ↑ (16 June 2017). Maharaja of Patiala's Daughter Rajmata Yadhuvansh Kumari Comes to Life in 'Yadvi'. Centist
- ↑ Debasmita Ghosh. (3 October 2016). TV actor Vibhu K Raghave talks about his Hollywood film. Centist
- ↑ (13 June 2017). Independent Film 'Yadvi' Takes a Royal Look at Women's Empowerment. Centist
- ↑ (6 August 2017). Yadvi: The Dignified Princess is an inspiring story. Times of India
- ↑ Yadvi at Manhattan. Centist
- ↑ (13 June 2017). Movie Review: Yadvi (screened at DCSAFF. Centist
- ↑ Yadvi at dofiff 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াদৱী - দ্য ডিগ্নিফাইড প্ৰিন্সেছ” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৭৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।