মহাকবি গিৰীশচন্দ্ৰ (Mahakavi Girishchandra) ১৯৫৬ চনৰ মধু বসু পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক নাট্যধৰ্মী ছবি। কবি আৰু নাট্যকাৰ গিৰীশচন্দ্ৰ ঘোষৰ জীৱনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।১ নাম ভূমিকাত অভিনয় কৰিছে পাহাৰী সান্যালে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অসিতবৰণ, অহীন্দ্ৰ চৌধুৰী, গুৰুদাস বন্দ্যোপাধ্যায়, সন্ধ্যাৰাণী আৰু মলিনা দেৱী।২ ১৯৫৬ চনৰ ১ জুনত কালিকা ফিল্মছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন মুক্তি পায়। চতুৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মহাকবি গিৰিশচন্দ্ৰই বঙালী ভাষা শিতানত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।৩
অভিনয় শিল্পী
- পাহাড়ী সান্যাল – (গিৰিশচন্দ্ৰ ঘোষ)
- অসিত বৰণ
- অহীন্দ্ৰ চৌধুৰী
- গুৰুদাস বন্দ্যোপাধ্যায় (ঠাকুৰ ৰামকৃষ্ণ)
- সন্ধ্যাৰাণী (বিনোদিনী)
- মলিনা দেৱী (গিৰিশৰ বায়েক)
- ভাৰতী দেবী (সুৰত)
- জহৰ ৰায়
- অনুপ কুমাৰ
- সবিতাব্ৰত দত্ত
- নীতিশ মুখোপাধ্যায়
- সন্তোষ সিংহ
- মিহিৰ ভট্টাচাৰ্য
- উৎপল দত্ত
- অবিনাশ দাস
- দেৱেন বন্দ্যোপাধ্যায়
- শ্ৰীপতি
- নিৰ্ম্মল
- আদিত্য
- সৌৰিন
- শিৱকালী
- গংগাপদ বসু
- অজিত প্ৰকাশ
- বিনয়
- সজল কুমাৰ
- শোভা সেন
- তপতী ঘোষ
সংগীত
ছবিখনৰ সংগীত ৰচনা কৰিছে অনিল বাগচীয়ে। গীত ৰচনা গিৰীশচন্দ্ৰ ঘোষ আৰু শ্যামল গুপ্তৰ। গীত কণ্ঠদান কৰিছে গীতা দত্ত, ধনঞ্জয় ভট্টাচাৰ্য, উৎপলা সেন, মৃণাল চক্ৰৱৰ্তী, অঞ্জু আৰু ছবি বন্দোপাধ্যায়ে।৪
বঁটা
৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৬)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)৩
তথ্যসূত্ৰ
- ↑ নবাব সিৰাজদ্দৌলা নাটকেৰ ৰচয়িতা নাট্যগুৰু গিৰিশচন্দ্ৰ ঘোষ এবং নাট্যকাৰ সচীন্দ্ৰনাথ সেনগুপ্ত. dailydeshtottoh.com
- ↑ Modhu Bose. Mahakavi Girishchandra. indiancine.ma
- ↑ 4th NFA catalogue. Directorate of Film Festival
- ↑ মহাকবি গিৰিশচন্দ্ৰ. bengalfilmarchive.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাকবি গিৰীশচন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫১১৩০০ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।