মহাত্মা ফুলে মিউজিয়াম (Mahatma Phule Museum) হৈছে মহাৰাষ্ট্ৰৰ পুনাত অৱস্থিত এটি সংগ্ৰহালয়। ১ ১৮৯০ চনত এইটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়া এই সংগ্ৰহালয়টো পুনা উদ্যোগিক সংগ্ৰহালয় (পুনা ইণ্ডাষ্ট্ৰিয়েল মিউজিয়াম) নামেৰে জনা গৈছিল। পিছত ‘লৰ্ড ৰে মিউজিয়াম’ নামেৰে নামাকৰণ কৰা হৈছিল। ১৯৬৮ চনত ইয়াক মহাত্মা ফুলে মিউজিয়াম নাম দিয়া হয়।২
বিভাগ সমূহ
সংগ্ৰহালয়টোত কিছুমান ছবি, চাৰ্ট, মডেল আৰু যন্ত্ৰ আৰু বিজ্ঞানৰ আৰ্হি থকা শাখা আছে। প্ৰদৰ্শিত বস্তুবোৰ উদ্যোগ আৰু অভিযান্ত্ৰিক, ভূতত্ত্ব আৰু খনিজ, হস্তশিল্প আৰু কুটিৰ উদ্যোগ, কৃষি, বনাঞ্চল, প্ৰাকৃতিক ইতিহাস আৰু অস্ত্ৰাগাৰৰ সৈতে সম্পৰ্কিত। অস্ত্ৰাগাৰত মোগল আৰু মাৰাঠা যুগৰ অস্ত্ৰ আছে। পুনে জিলাৰ বিভিন্ন কিলাৰ বিৱৰণ দিয়া চাৰ্ট আছে। প্ৰাকৃতিক ইতিহাস শাখাত বিভিন্ন প্ৰজাতিৰ প্ৰাণী, চৰাই, পোক-পতংগ, সাপ আৰু মাছৰ সংগ্ৰহ আছে। ঔদ্যোগিক শাখাত ভাৰতীয় জল-বৈদ্যুতিক আৰু জলসিঞ্চন প্ৰকল্প আৰু তেল শোধন পদ্ধতিৰ আৰ্হি আছে যি বৈজ্ঞানিক কৃষিৰ বিষয়ে ব্যাখ্যা কৰে।২
পুথিভঁৰাল
সংগ্ৰহালয়টোত আৰম্ভণিৰ পৰাই এটা পুথিভঁৰাল আছিল।৩ ইয়াত প্ৰাচীন প্ৰযুক্তি আৰু মিউজিঅ'লজী আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা বহুতো কিতাপ আছে।২
বি ভি ঘৰপুৰে
টয় নামৰ বাতৰি প্ৰতিষ্ঠানটোৰ এটা বাতৰিত এই মিউজিয়ামৰ প্ৰশাসক ৰাজীৱ ভিলেকাৰৰ এটা উদ্ধৃতি দি এইদৰে কোৱা হৈছিল যে, “ঘৰপুৰে ১৯৩০ৰ পৰা১৯৫৪ চনলৈ এই সংগ্ৰহালয়ৰ কিউৰেটৰ আছিল। সংগ্ৰহালয়লৈ তেওঁৰ অৱদান অপৰিসীম... ইয়াত থকা এটা হল তেওঁলৈ সন্মান যাঁচি তেওঁৰ নামত ৰখা হৈছে।”২ এই মিউজিয়ামৰ জৰিয়তে অশিক্ষিত জনগণক আধুনিক পদ্ধতিৰে কৃষি, ইঞ্জিনিয়াৰিং আৰু বিজ্ঞানৰ শিক্ষা প্ৰদানেই ঘৰপুৰেৰ উদ্দেশ্য আছিল।
সৃষ্টিজ্ঞান
সংগ্ৰহালয়টোৱে ১৯২৮ চনৰপৰা সৃষ্টিজ্ঞান নামে এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰি আহিছে।২ ই হৈছে মাৰাঠী ভাষাত প্ৰকাশিত এখন জনপ্ৰিয় বিজ্ঞান আলোচনী। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন শাখাৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকলে আলোচনীখনত সৰল ভাষাত জনপ্ৰিয় প্ৰবন্ধ লেখে।
তথ্যসূত্ৰ
- ↑ Ganesh Kumar. (1 September 2010). Modern General Knowledge. Upkar Prakashan. পৃ. 119. ISBN 978-81-7482-180-5
- ↑ Sonawane, Snehal. (2005-04-02). Phule museum: natural history delight. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ed. K.R. Gupta. (1 September 2001). Directory of Libraries in India,2 Vols. Atlantic Publishers & Distri. পৃ. 487. ISBN 978-81-7156-985-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাত্মা ফুলে মিউজিয়াম” প্ৰবন্ধৰ সংশোধন ৩৮২৫০০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।