অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভোগী

ভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভোগী (কন্নড় ভাষা: ಭೋಗಿ, তেলুগু ভাষা: భోగి, তামিল ভাষা: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়। ভোগী মকৰ সংক্ৰান্তিৰ আগদিনা উদ্‌যাপন কৰা হয় আৰু ই মূলতঃ অন্ধ্ৰপ্ৰদেশ, তেলংগানা, কৰ্ণাটক, তামিলনাডু আৰু মহাৰাষ্ট্ৰত ব্যাপকভাৱে পালন কৰা হয়।১২

কংগু নাডু অঞ্চলৰ ঘৰত কাপে কট্টু পৰম্পৰা
কংগু নাডু অঞ্চলৰ ঘৰত কাপে কট্টু পৰম্পৰাছবি: Surya Prakash.S.A. · CC BY-SA 3.0

ভোগী দিনা মানুহে পুৰণি আৰু ব্যৱহাৰ অনুপযোগী বস্তু ত্যাগ কৰি নতুন পৰিৱৰ্তন আৰু ৰূপান্তৰৰ ওপৰত গুৰুত্ব দিয়ে। পুৱাৰ ভাগত লোকসকলে কাঠ, কঠিন জ্বালানি আৰু ব্যৱহাৰ অযোগ্য কাঠৰ আচ-বাব জ্বলাই অগ্নিকুণ্ড প্ৰজ্বালন কৰে। ইয়াৰ জৰিয়তে পুৰণি বছৰটোৰ হিচাপ সমাপ্তি আৰু পৰৱৰ্তী দিনা আৰম্ভ হ’বলগীয়া নতুন শস্য বৰ্ষৰ সূচনা সূচিত কৰা হয়। পংগল উৎসৱৰ সময়ত বৰষুণৰ আশীৰ্বাদ লাভৰ বাবে ইন্দ্ৰ দেৱতাৰ পূজা কৰা হয়।৩৪৫

কাপে কট্টু

কাপে কট্টু হৈছে কংগু নাডু অঞ্চলত পালন কৰা এক পৰম্পৰাগত আচাৰ। এই আচাৰত নিম (Azadirachta indica), আৱৰাম (Senna auriculata) আৰু পুল্লাপ্পু (Aerva lanata) গছৰ পাতা ঘৰৰ চাল আৰু বেৰত বান্ধি থোৱা হয়। তামিল ভাষাৰ "কাপ্পু" শব্দৰ অৰ্থ হৈছে "সুৰক্ষা" বা "ৰক্ষা কৰা।"

কাপে কট্টুৰ মূল উদ্দেশ্য হৈছে অশুভ শক্তি আৰু দুষ্ট আত্মাক দূৰ কৰি পৰিয়ালৰ সুৰক্ষা আৰু মঙ্গল নিশ্চিত কৰা।

মহাৰাষ্ট্ৰত এই দিনা লোকসকলে বাজ্ৰাৰ ৰুটি তিল ছটিয়াই খায় আৰু পালং শাক, গাজৰ, মটৰ, সেউজীয়া চানা, পাপড়ি আদিৰে প্ৰস্তুত কৰা শাক-তৰকাৰী ব্যৱহাৰ কৰে।

তথ্যসূত্ৰ

  1. ↑ (2022-01-11). Bhogi 2022: What Bhogi Means? How Is It Celebrated?. Sakshi Post
  2. ↑ Srih, Sri Sri Rangapriya Sri. (2019-03-23). Festivals of Bharata. Bharatha Samskruthi Prakashana. ISBN 978-93-89028-69-0
  3. ↑ (1 January 2017). About Bogi Festival. templesinindiainfo.com
  4. ↑ (13 January 2022). Bhogi Pandigai 2022: Check date, time & significance. The Times of India
  5. ↑ Murthy, Neeraja. (2020-01-13). Citizens speak about the change they would want to see this Bhogi. The Hindu

সম্পৰ্কিত শ্ৰেণী

অন্ধ্ৰপ্ৰদেশতামিল সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোগী” প্ৰবন্ধৰ সংশোধন ৬৩০৬২৬ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।