অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভৈৰৱ দ্বীপম

ভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে। সহযোগী অভিনেতাসকলৰ ভিতৰত আছে কে আৰ বিজয়া, বিজয়কুমাৰ, কৈকলা সত্যনাৰায়ণ, আৰু বাবু মোহন। কাহিনীটোত জনজাতীয় মুখিয়ালৰ দ্বাৰা ডাঙৰ-দীঘল হোৱা বিজয় নামৰ যুৱকে ৰাজকুমাৰী পদ্মাৱতীক দুষ্ট যাদুকৰ ভৈৰৱৰ পৰা হাতৰ পৰা উদ্ধাৰৰ অভিযানত নামি পৰিছে।

চন্দামামা বিজয়া পিকচাৰ্ছৰ বেনাৰত বি ভেংকতৰাম ৰেড্ডীয়ে প্ৰযোজনা কৰা ভৈৰৱ দ্বীপমৰ লক্ষ্য আছিল তেলেগু চিনেমাত লোককথা-কাল্পনিক ধাৰাটোক পুনৰ সজীৱ কৰি তোলা। ৰবি কোণ্ডলা ৰাৱে পৰিচালক শ্ৰীনিবাস ৰাওৰ সৈতে সহযোগিতাৰে চিত্ৰনাট্য লিখিছিল আৰু ছবিখনৰ নিৰ্মাণৰ তদাৰক কৰিছিল। ১৯৯৩ চনৰ জুন মাহৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হয়। বিজয়া বৌহিনী ষ্টুডিঅ' আৰু কেম্মনগুণ্ডীৰ এটা জলপ্ৰপাতকে ধৰি বিভিন্ন প্ৰত্যাহ্বানমূলক আউটডোৰত প্ৰধান ফটোগ্ৰাফী কৰা হয়। ₹৪.৫ কোটি বাজেটৰ সৈতে ২৪০ দিনীয়া এই নিৰ্মাণ কাৰ্যই লজিষ্টিক দিশটোত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চিনেমেট’গ্ৰাফী কবীৰ লালে চম্ভালিছিল আৰু ছবিখন প্ৰধানকৈ প্ৰেকটিকেল ইফেক্টৰ ওপৰত নিৰ্ভৰশীল আছিল, যাৰ পৰিপূৰক আছিল ভিজুৱেল গ্ৰাফিক্সৰ সীমিত ব্যৱহাৰ।

১৯৯৪ চনৰ এপ্ৰিল মাহত মুক্তি পোৱা ভৈৰৱ দ্বীপমে ব্যৱসায়িকভাৱে বৃহৎ সফলতা লাভ কৰিছিল। ২৮টা ছবিগৃহত ১০০ দিনীয়া প্ৰদৰ্শন সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰিও ইয়াৰ প্ৰাৰম্ভিক মুক্তিৰ সময়ত ৫৯টা ছবিগৃহত ৫০ দিনৰ বাবে চলিছিল আৰু সেই সময়ত এখন তেলেগু ছবিৰ বাবে সেয়া অভিলেখ আছিল।১ ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু ছিংগীতম শ্ৰীনিবাস ৰাওৰ শ্ৰেষ্ঠ পৰিচালনাকে ধৰি ৯টা নন্দী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।২ ইয়াক তামিল ভাষাত বিজয়া প্ৰথপন নামেৰে ডাব কৰাৰ উপৰিও হিন্দী ভাষাতো ডাব কৰা হৈছিল। এই ছবিখনক তেলেগু ফেণ্টাচী চিনেমাৰ এক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়।৩৪

তথ্যসূত্ৰ

  1. ↑ (21 September 2019). Happy Birthday Singeetham Srinivasa Rao: 5 monumental films of the versatile director. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ CR, Hemanth Kumar. (5 February 2020). 7 Telugu films you must check out if you love the fantasy genre. Vogue India
  3. ↑ (20 May 2017). Bhairava Dweepam a retake on folklore. Telangana Today
  4. ↑ (2020-04-14). రికార్డులు సృష్టించిన 'భైరవద్వీపం'కు 26 ఏళ్లు. ETV Bharat News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবিতেলেগু চলচ্চিত্ৰ১৯৯৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৈৰৱ দ্বীপম” প্ৰবন্ধৰ সংশোধন ৪৯৫১০৬ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।