মহাৰাজা (Maharaja, ) ২০২৪ চনৰ তামিল ভাষাৰ এখন ভাৰতীয় একচন থ্ৰিলাৰ চলচ্চিত্ৰ৷১ পৰিচালক নিথিলান স্বামীনাথনে সংলাপসমূহ সহযোগীভাৱে ৰাম মুৰালীৰ সৈতে লিখিছে। চলচ্চিত্ৰখনৰ যৌথ প্ৰযোজক পেচন ষ্টুডিঅ’, দ্য ৰুট আৰু থিংক ষ্টুডিঅ’৷ “মহাৰাজা” নামেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় সেতুপতিয়ে, লগতে ইয়াত অভিনয় কৰিছে অনুৰাগ কাশ্যপ, সচানা নমিদাস, মমতা মহনদাস, নটৰাজন সুব্ৰমণিয়াম, অভিৰামী, অৰুলদোছ, মুনিষকান্ত, মণিকন্দন, চিংগাম্পুলি আৰু ভাৰতীৰাজা৷ চলচ্চিত্ৰখনত বৃত্তিত নাপিতৰ ভূমিকা গ্ৰহণ কৰা মহাৰাজাই আৰক্ষীক জনায় যে, তেওঁৰ ঘৰত ডকাইতিৰ পিছত ‘লক্ষ্মী’ নিৰুদ্দেশ হৈছে, কিন্তু আৰক্ষীয়ে তেওঁৰ প্ৰকৃত উদ্দেশ্যক সন্দেহ কৰিবলৈ লয়।
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে আংশিক শিৰোনামেৰে চলচ্চিত্ৰখন VJS50 বুলি ঘোষণা কৰে, কিয়নো চলচ্চিত্ৰখনত মুখ্য অভিনেতা হিচাপে অভিনয় কৰা সেতুপতিৰ এইখন ৫০ সংখ্যক চলচ্চিত্ৰ। প্ৰধান ফটোগ্ৰাফীৰ কাম একেতা মাহতে একক সময়সূচীৰে প্ৰধানকৈ চেন্নাইত আৰম্ভ হৈছিল। জুলাই মাহত চিত্ৰগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে আৰু সহ-প্ৰযোজক হিচাপে যোগদান কৰি থিংক ষ্টুডিঅ’ৰ সৈতে সংগতি ৰাখি এই আনুষ্ঠানিক শিৰোনাম ঘোষণা কৰা হৈছিল। ছবিখনৰ সংগীত বি অজানিশ লোকনাথৰ, চিনেমেট’গ্ৰাফী দীনেশ পুৰুষোত্তম, পৰিচালনা আৰু সম্পাদনা ফিলোমিন ৰাজ।
২০২৪ চনৰ ১৪ জুন তাৰিখে মহাৰাজাক ইতিবাচক সমালোচনাৰ সৈতে বিশ্বজুৰি মুক্তি দিয়ে। ই ২০২৪ চনৰ তামিল চলচ্চিত্ৰৰ বাবে সৰ্বাধিক মুকলি সাপ্তাহান্তিক চলচ্চিত্ৰ,২৩ আৰু বৰ্ষটোৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল চলচ্চিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।
প্ল’ট
মহাৰাজা বৃত্তিত চেন্নাইৰ পল্লীকৰনাইত বাস কৰা এগৰাকী নাপিত। তেওঁৰ ছোৱালীজনীৰ সৈতে এখন ঘৰত বহি থকা অৱস্থাত এখন ট্ৰাকে দুৰ্ঘটনা কৰাত মহাৰাজাৰ পত্নীৰ মৃত্যু হয়। তেওঁৰ ছোৱালী জ্যোতি দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে যিহেতু ধাতুৰ ডাষ্টবিনে তেওঁক ঢাকি ৰাখে আৰু সৰি পৰা ধ্বংসাৱশেষৰ পৰা ৰক্ষা কৰে। মহাৰাজা আৰু জ্যোতিয়ে পিছলৈ জীৱন ৰক্ষাৰ হেতুকে ডাষ্টবিনটোৰ নাম ‘লক্ষ্মী’ ৰাখে।
এদিন মহাৰাজাই ‘লক্ষ্মী’ৰ কথা উল্লেখ কৰি ডকাইতিৰ খবৰ দিবলৈ স্থানীয় আৰক্ষী থানালৈ যায়, যিটোৱে পুলিচক বহুত আমোদ দিয়ে। তেওঁ ঘটনাটো বিৱৰি কয় যে- এটা অস্ত্ৰধাৰী দলে তেওঁৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰি ‘লক্ষ্মী’ক লৈ যায়। ইপিনে আৰক্ষীয়ে খালী ডাষ্টবিন (লক্ষ্মী) বিচাৰি উলিওৱাবলৈ নিবিচাৰে, পাছত ৫ লাখ টকাৰ উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতিত মান্তি হয়। পাছলৈ আৰক্ষীৰ বেচৰকাৰী তথ্যদাতা নাল্লাশিৱমক সিহঁতে ধৰি দিয়ে।
অতীত (২০০৯): চেলভাম আৰু চাবাৰী নামৰ দলটোৱে ঘৰত চুৰি কৰে, মহিলাক ধৰ্ষণ কৰে আৰু ভুক্তভোগীক হত্যা কৰে। এদিন চাবাৰীয়ে চেলভামক ফোন কৰি জনায় যে, তেওঁলোকে কৰা অপৰাধৰ বাতৰি কাকতত প্ৰকাশ পাইছে। ফোনত হোৱা কথা-বতৰাৰ সময়ত চেলভাম দাড়ি খুৰাবলৈ ৰামকি চেলুনত থাকে আৰু মহাৰাজাই শুনিছে বুলি সন্দেহ কৰিবলৈ লয়। তেওঁ গুচি যায় যদিও সোণৰ চেইনডাল চেলুনতে এৰি থৈ যায়, যিডাল চেইন তেওঁ নিজৰ কন্যা আম্মুক জন্মদিনৰ উপহাৰ দিবৰ বাবে আনিছিল। মহাৰাজা চেলভামৰ ঘৰত চেইনডাল ঘূৰাই দিবলৈ বুলি যায় যদিও একে সময়তে আৰক্ষী আহি পায়। তেওঁলোকে চাবাৰীক বন্দুকৰে হত্যা কৰি চেলভামক গ্ৰেপ্তাৰ কৰে। চেলভামে ভাবে যে মহাৰাজাই তেওঁক এই কামটো কৰাইছে।
বৰ্তমান (২০২৪): বৰ্তমান সময়ত ধন নামৰ এজন অপৰাধীয়ে গাড়ীৰ গেৰেজত কাম কৰে; মহাৰাজাই তেওঁৰ বাৰত কাজিয়া হোৱা প্ৰত্যক্ষ কৰে। ইফালে, নাল্লাশিৱমে অপৰাধী হিচাপে কাম কৰিবলৈ সন্মত হয় যাতে ডাষ্টবিনৰ গোচৰটো "সমাধান" হয়। আৰক্ষীয়ে মহাৰাজাক ফোনযোগে ঘটনাটো পুনৰ বৰ্ণনা কৰিবলৈ কয় যাতে নাল্লাশিৱমে সেই অনুসৰি অভিনয় কৰিব পাৰে।
মহাৰাজাই ঘটনাটো পুনৰ ক’বলৈ আৰম্ভ কৰে আৰু ফ্লেছবেকত প্ৰকৃত ঘটনাটো চিত্ৰিত কৰে। আচলতে ঘটনাটো মহাৰাজাৰ লগত ঘটা নাই ঘটিছে তেওঁৰ কন্যা জ্যোতিৰ লগতহে। জ্যোতিয়ে তেওঁৰ প্ৰশিক্ষণৰ শিক্ষয়িত্ৰী আচিফাই আয়োজন কৰা ক্ৰীড়া শিবিৰৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া মহাৰাজা কৰ্মস্থলীত আছিল। চেলভামে এতিয়াও বিশ্বাস কৰে যে, তেওঁক ১৪ বছৰ আগতে ৰেট আউট কৰাজন মহাৰাজাই আছিল৷ সেয়ে প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতিৰে ধন আৰু নাল্লাশিৱমৰ সৈতে তিনিগৰাকীয়ে মিলি মহাৰাজাক হত্যা কৰিবলৈ মহাৰাজাৰ ঘৰলৈ আহে। এইপিনে তেওঁলোকে জ্যোতিক শাৰীৰিক নিৰ্যাতন কৰে আৰু নাল্লাশিৱমে তেওঁক একাধিকবাৰ ধৰ্ষণ কৰে। পাছত জ্যোতি চিকিৎসাধীন হৈ থাকে। ঘৰলৈ উভতি আহোঁতে ধনৰ পৰা পতিত ৰচিদ এখনে মহাৰাজাক ধনে পূৰ্বতে উল্লেখ কৰা বাৰ যুঁজখনলৈ লৈ যায়। মহাৰাজাই ধনৰ মূৰ কটাৰ আগতে প্ৰকাশ কৰে যে, তেওঁৰ এগৰাকী সহযোগী স্থানীয় থানাৰ ভিতৰতে আছে। এই সময়তে তেওঁ আৰম্ভণিতে দেখুওৱাৰ দৰে থানালৈ যায় আৰু তেওঁৰ ডাষ্টবিনটো কেনেকৈ চুৰি হৈছিল সেই কাহিনী বৰ্ণনা কৰে।
তথ্যসূত্ৰ
- ↑ Maharaja. Toronto International Film Festival
- ↑ (20 June 2024). With Maharaja, Garudan and Aranmanai 4, is Tamil cinema back on track?. OTTPlay
- ↑ (2024-06-17). Massive first weekend collection for Vijay Sethupathi's Maharaja. 123telugu.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাজা (২০২৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৪৬১৪ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।