ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।১২৩
ইতিহাস
দুই শতিকাৰ আগৰ কথা। স্থানীয় লোকে জনোৱা অনুসৰি, ধিঙৰবৰী অঞ্চলত ৩৫ বছৰ ওপৰত জীয়াই নাথাকিছিল কোনো মানুহ। এজনক সৎকাৰ কৰি আহি মৃত্যু হৈছিল আনজন লোকৰো। এনেদৰে প্ৰজন্মৰ পাছত প্ৰজন্ম অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। এনে প্ৰেক্ষাপটত অঞ্চলটোৰ এজন লোকক সপোন দেখুৱাই মহাদেৱে কৈছিল, অঞ্চলটোৰ বিশেষ এক স্থানত আছে এখন ভেল। সেই ভেলখন কলাজল নৈত উটুৱাই দি কৰিব লাগিব পূজা আৰু তেতিয়াহে এই অচিন ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত হ’ব সমগ্ৰ পচৰীয়া ধিঙৰবৰী অঞ্চল।৪
তেতিয়াৰে পৰা অম্বুবাচীৰ নিবৃত্তিৰ নিশা ধিঙৰবৰিত অনুষ্ঠিত হৈ আহিছে এই ঐতিহাসিক ভেল দিয়া উৎসৱ। দিনটো উপবাসে থাকি নিশাৰ ভাগত বিশেষ পূজা অৰ্চনাৰ জৰিয়তে কলৰ ডোনাৰে নিৰ্মাণ কৰা বৃহৎ আকাৰৰ ভেল মূৰত লৈ প্ৰথমে শোভাযাত্ৰা আৰু তাৰ পাছত কলাজল নৈত উটুৱাই দিয়া হয় বিশেষ ভেলখন।৪
ঐতিহ্য
কামৰূপ জিলাৰ দক্ষিণ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ আন বিভিন্ন লোক কৃষ্টি–সংস্কৃতিসমূহৰ ভিতৰত বৰ্ষাকালীন উৎসৱ ‘ভেল দিয়া উৎসৱ’এ এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। ভেল দিয়া উৎসৱ নৈপৰীয়া আৰু বিলপৰীয়া জনজীৱনৰ এক নিবিড় সম্পৰ্ক থকা উৎসৱ বুলি ক’ব পাৰি। যিসকল লোকৰ নদী, বিল, জান আদিৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ থাকে, সেইসকল লোকে প্ৰধানতঃ এই উৎসৱ নিজস্ব আৰু পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰে। বিশ্বাস আছে যে, পানীৰ লগত সম্পৰ্ক থকা এই উৎসৱ জলৰ অধিষ্ঠিত দেৱতা জলদেৱতাক সন্তুষ্ট কৰাৰ মানসেৰে পালন কৰা হয়। বানপানীৰ সংহাৰী ৰূপে যাতে নৈপৰীয়া চহা জীৱনত প্ৰভাৱ পেলাব নোৱাৰে, মাছমৰীয়া লোকসকলে যাতে পৰ্যাপ্ত পৰিমাণে মাছ পাব পাৰে, সমাজত অপায় অমংগল দূৰ হোৱাৰ লগতে অপদেৱতাই অনিষ্ট সাধন নকৰে তাৰ বাবে অঞ্চলবাসীয়ে সমূহীয়াকৈ জলদেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায়।৫
গীত-মাত
পুৰোহিতে শান্তি পানী ছটিয়াই ভেলখন শুচি কৰি লোৱাৰ পিছত সকলোৱে হৰিধ্বনিৰে মন্ত্ৰ পাঠ কৰি স-ভক্তিৰে প্ৰণাম জনোৱা নিয়ম আছে। প্ৰণাম জনোৱাৰ পিছত কেইগৰাকীমান স্থানীয় ডেকাই ভেলখন কান্ধত তুলি লৈ বিল/জান/নদীৰ কাষেৰে গীত গাই গাই আগুৱাই যায়- ভেলৰ মূৰত মালা
ৰ’দ পাই লেটেৰা
চেঙা পাই মেলিলা পাহি।৫
পানীত ভেল উটুৱাই দিয়াৰ সময়ত আয়তীসকলে গীত পৰিৱেশন কৰে- এ’ ভেল ভাগিলৰে
বেউলা সুন্দৰী।
গোঁসাইক জীয়াবা যায়।
যমৰে পুৰী
ভেল ভাসিলৰে।৫
পিছত যেতিয়া ভেলখন উটি গৈ থাকে তেতিয়া এনেদৰে গায়- এ’ ভেল ৰৈ যাৰে
ৰাইজৰ দুখৰ কথা
শুনি যাৰে।৫
তথ্যসূত্ৰ
- ↑ কিশোৰ কুমাৰ কলিতা. অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদিয়া উৎসৱ. বিকাশপেডিয়া
- ↑ অনুশ্ৰী দাস. (১৭ জানুৱাৰী ২০১৮). নামনি অসমৰ তিনিটা লোক উৎসৱ. সাহিত্য ডট অৰ্গ
- ↑ শংকৰ-মাধৱৰ জীৱন দৰ্শন আৰু শংকৰী ক’লা কৃষ্টি”ৰ ভিত্তিত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ দলৰ অংশ গ্ৰহণ-দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গুৰুজয়ন্তীৰ সামৰণি. NE Focus
- ↑ ধিংৰবড়ীত অনুষ্ঠিত 'ভেল দিয়া উৎসৱ', জানক এই উৎসৱৰ বিষয়ে. News18 অসম
- ↑ প্ৰবন্ধ শীৰ্ষক. জ্ঞানম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল দিয়া উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫০৯৩৪০ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।