অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহা চোৰ

মহা চোৰ (অৰ্থাৎ "ডাঙৰ চোৰ") হৈছে নৰেন্দ্ৰ বেদীৰদ্বাৰা পৰিচালিত ১৯৭৬ চনৰ এখন বলীউডৰ এক্সন কমেডী চলচ্চিত্ৰ। ইয়াত ৰাজেশ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে নীতু সিঙক দেখা গৈছে।

হালনাগাদ: ১৭ মাৰ্চ ২০২৬ ৭৭৪ শব্দ · ৪ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মহা চোৰ (অৰ্থাৎ "ডাঙৰ চোৰ") হৈছে নৰেন্দ্ৰ বেদীৰদ্বাৰা পৰিচালিত ১৯৭৬ চনৰ এখন বলীউডৰ এক্সন কমেডী চলচ্চিত্ৰ। ইয়াত ৰাজেশ খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে নীতু সিঙক দেখা গৈছে।১ ছবিখনত সংগীত দিছিল আৰ ডি বৰ্মনে আৰু গীতিকাৰ আছিল আনন্দ বক্সী, যাৰ গীত ৰাজেশ খান্নাই নিজৰ ছবিৰ বাবে পছন্দ কৰিছিল।

চলচ্চিত্ৰখনৰ কাহিনী মূলতঃ মুম্বাইত আধাৰিত। এজন অনাথ ল’ৰা এটা স্থানীয় কলনীৰ মানুহৰ মাজত ডাঙৰ-দীঘল হয় আৰু তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিবলৈ ল’ৰাটোৱে চুৰি কৰিবলৈ শিকে। এজন নিৰ্দয় ব্যৱসায়ীৰ বাবে কাম কৰি থকাৰ সময়তে ল’ৰাটোৱে ৰায়গড়ৰ ৰাজকুমাৰীক লগ পায় আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হয়। ল’ৰাটোৰ চেহেৰাৰ সৈতে ৰাজকুমাৰৰ মিল থকা বাবে ব্যৱসায়ীজনে তাক এজন অন্তৰ্ধান হোৱা ৰাজকুমাৰ হিচাপে পৰিচয় দিবলৈ মান্তি কৰায়।

পটভূমি

বম্বেৰ জুহু অঞ্চলৰ এখন কলনীৰ মানুহে ডাঙৰ-দীঘল কৰা এজন অনাথ শিশু ৰাজু। তেওঁ কলনীৰ সকলো বাসিন্দাৰ পুত্ৰ হিচাপে জীয়াই থাকে আৰু চুৰি কৰি তেওঁলোকৰ আৰ্থিক প্ৰয়োজনীয়তাত সহায় কৰে আৰু ইয়াৰ বাবেই তেওঁক প্ৰায়ে কিছু মাহৰ কাৰাগাৰত ভৰোৱা হয়। তেওঁক হিন্দুসকলে মৰমেৰে "ৰাজু" আৰু মুছলমানে "খান" বুলি কয়। প্ৰেম সিঙে কলনীত হোটেল নিৰ্মাণ কৰাৰ মনস্থ কৰি মানুহক সেই ঠাই খালী কৰিবলৈ বাধ্য কৰে বা ভাড়া হিচাপে ১০০০০০ টকা দিব লাগে। আচলতে সেই ভূমি ৰায়গধৰ ৰাজকুমাৰী নীতুৰ। প্ৰেমে নীতুক বিয়া দিবলৈ আহ্বান জনায় যাতে তেওঁ জুহুৰ মাটিৰ মালিক হ’ব পাৰে। কিন্তু নীতুৱে এই প্ৰস্তাৱক প্ৰতিহত কৰে। নীতুৰ ককাকে কোনোমতে ৰাজকুমাৰৰ ফটোখন লৈ ৰাজ মাথালৈ পঠিয়াই দিয়ে। ৰাজকুমাৰ ৰাজেশ্বৰক প্ৰেমৰ শৈশৱতে প্ৰেমৰ মাকে অপহৰণ কৰিছিল যাতে তেওঁ ৰায়গড় ৰাজপ্ৰাসাদৰ ধন-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব নোৱাৰে আৰু তেওঁৰ পুত্ৰক তাৰ উত্তৰাধিকাৰী হিচাপে গঢ়ি তুলিছিল।

প্ৰেম সিঙৰ গাড়ী এখন চুৰি কৰি ৰাজুয়ে গাড়ীখন ঘূৰাই বিক্ৰী কৰিবলৈ চেষ্টা কৰিলেই ধৰা পৰে। তেওঁৰ বুদ্ধিমান নিৰ্দোষতা দেখি প্ৰথমে তেওঁক ব্যৱহাৰ কৰি গাড়ীৰে চোৰাংপ্ৰকাৰৰ বস্তু ৰায়গাড়লৈ লৈ যায়। প্ৰেমৰপৰা পলায়ন কৰি নিতুৱে গাড়ীৰ পিছফালে লুকাই থাকে। ৰাজুৱে গাড়ী চলাই ৰায়গাধৰফালে গৈ থাকোঁতে তাইক বিচাৰি পায় আৰু লগত লৈ যায়। বাটত দুয়োৰে কাজিয়া হ’লেও ইজনে সিজনৰ প্ৰতি অনুভৱৰ সৃষ্টি হয়। ৰাজকুমাৰীৰ বাবে নিজকে যোগ্য নহয় বুলি ভবা ৰাজুৱে নিজৰ অনুভৱক হত্যা কৰিবলৈ চেষ্টা কৰে।

ৰাজুত হেৰাই যোৱা ৰাজকুমাৰ ৰাজেশ্বৰৰ পৰিচয় স্বীকাৰ কৰে প্ৰেমে। গতিকে তেওঁ ৰাজপ্ৰাসাদত তেওঁৰ দৰে কাম কৰিবলৈ ৰাজুক জোৰ দিয়ে, কিন্তু ৰাজুৱে নাকচ কৰে কাৰণ তেওঁৰ কলনীৰ মানুহক তেওঁৰ প্ৰয়োজন হোৱাৰ বাবে তেওঁ কেইবাবছৰ কাৰাদণ্ড কটাব নোৱাৰে। প্ৰেমে কলনীত জুই লগায় আৰু ইয়াৰ ফলত ৰাজুক খং উঠে। গতিকে তেওঁ ৰাজপ্ৰাসাদলৈ ৰাওনা হয় য’ত কোনো প্ৰচেষ্টা নকৰাকৈয়ে বাৰে বাৰে অস্বীকাৰ কৰাৰ পাছতো ৰাণীয়ে ৰাজকুমাৰ ৰাজেশ্বৰ হিচাপে গ্ৰহণ কৰে। ৰাণীয়ে তেওঁক তেওঁৰ ফটো, জ্বলি যোৱা হাত (আচলতে তেওঁ কলনীত জ্বলোৱা জুইত জ্বলি গৈছিল) আৰু ৰাজকুমাৰৰ আঙুলিৰ ছাপৰ জৰিয়তে চিনাক্ত কৰে। কিন্তু প্ৰেমৰ বাবে কাম কৰি থকা জ্যোতিষীজনে ৰাজুক প্ৰেমৰ পঠোৱা মানুহ বুলি ভাবি ৰাজুক আচল ৰাজকুমাৰ বুলি মিছা কথা কয়।

ৰাজকুমাৰ ৰাজেশ্বৰ হিচাপে ৰাজমুকুট পিন্ধোৱা হয়। প্ৰকৃত ৰাজকুমাৰজন প্ৰেমৰ মাকৰ তত্ত্বাৱধানত আছে, যি এতিয়াও শিশুসুলভ, খেলনাৰে খেলি আছে আৰু শিশুৰ দৰে বুঢ়া আঙুলিটো মুখত সোমাই দিছে। ৰাজুৱে প্ৰেমক ধৰি গ্ৰেপ্তাৰ কৰি ৰাজপ্ৰাসাদৰ কাৰাগাৰত ভৰাই দিয়ে। প্ৰকৃত উত্তৰাধিকাৰী হ’ব বিচৰা ঠাকুৰ সিঙে বিচাৰি পায় যে প্ৰেম নিজৰ পুত্ৰ। প্ৰেমে দেউতাকৰ আগত প্ৰকাশ কৰে যে তেওঁ প্ৰকৃত ৰাজকুমাৰ নহয়, বৰঞ্চ তেওঁৰদ্বাৰা পঠোৱা। ঠাকুৰ সিঙে এই কথা সকলোৰে আগত প্ৰকাশ কৰে, কিন্তু তেওঁৰ বক্তব্যৰ কোনো প্ৰমাণ নথকাৰ বাবে তেওঁক কোনেও বিশ্বাস নকৰে। ৰাজুক ৰাণীৰ মাতৃসুলভ প্ৰেমে আপ্লুত কৰে আৰু সেয়েহে তেওঁ ৰাজপ্ৰাসাদ এৰি যাব বিচাৰে, তাইক প্ৰতাৰণা আৰু নিৰাশ কৰিবলৈ অনিচ্ছুক, কিন্তু নীতুৰ বাধ্যবাধকতাত থাকে কাৰণ তাই জোৰ দি কয় যে ৰাজ মাতাই মাত্ৰ তেওঁৰ আগমনৰ লগে লগে হাঁহিছে। ৰাজুয়ে শপত খাই থাকি আচল ৰাজকুমাৰক বিচাৰি উলিয়াব। ইফালে ৰাণীয়ে সত্য গম পাই তেওঁক ওলাই আহিবলৈ কয়, কিন্তু ঠাকুৰ সিঙে গুলীয়াই হত্যা কৰে আৰু গুলীচালনাৰ বাবে ৰাজুক দোষাৰোপ কৰে। ৰাজুক গ্ৰেপ্তাৰ কৰা হয়, কিন্তু তেওঁ পলায়ন কৰে। ৰাজমাতাক চাবলৈ হস্পিতাললৈ আহিলে প্ৰেমে ৰাজুক হত্যা কৰাৰ পৰিকল্পনা কৰে। কিন্তু ৰাজুয়ে মাদ্ৰাজৰ এজন ব্যক্তি ডা° মুথুস্বামীৰ বেশত বিৰল তেজৰ এবি নেগেটিভ ৰাণীক দান কৰি ৰাণীক বচাই দিয়ে।

ৰাজুৱে প্ৰেমৰ জিম্মাত থকা প্ৰকৃত ৰাজকুমাৰ ৰাজেশ্বৰক বিচাৰি উলিয়াই উদ্ধাৰ কৰে। প্ৰেম, মাতৃ আৰু ঠাকুৰ সিঙক গ্ৰেপ্তাৰ কৰা হয়। অৱশেষত ৰাণীয়ে পুত্ৰৰ সৈতে পুনৰ মিলিত হয়। তায়ো নীতুক ৰাজুৰ লগত একত্ৰিত কৰে কাৰণ নীতুৱে প্ৰকৃততে তাক ভাল পায়।

অভিনয় শিল্পী

  • ৰাজেশ খান্না (ৰাজু খান / ৰাজেশ্বৰ এ. সিং /জনী ফাৰ্নাাণ্ডেছ হিচাপে)
  • নীতু সিং (নীটু হিচাপে)
  • প্ৰেম চোপ্ৰা (প্ৰেম ডি. সিং হিচাপে)
  • অৰুণা ইৰানী (ৰাণী হিচাপে)
  • কামিনী কৌশল (মিচেছ অজয় সিং "ৰাণী মা" হিচাপে)
  • মনোৰমা (নিৰ্মলা হিচাপে)
  • আনোৱাৰ হুছেইন (ঠাকুৰ দিলীপ সিং হিচাপে)
  • কৃষাণ ধৱন (দেৱানজী হিচাপে)
  • মনমোহন (প্ৰেমৰ গুণ্ডা হিচাপে)
  • ৰাজন হাকছাৰ (ঠাকুৰ ৰাজন সিং হিচাপে)
  • ললিপপ (চিম্পু হিচাপে)
  • ভিজু খোটে (প্ৰেমৰ গুণ্ডা হিচাপে)
  • ৰাজপাল
  • বীৰবল
  • নৰবদা শংকৰ

সংগীত

ছবিখনৰ আটাইকেইটা গীতৰ ৰচনা কৰিছিল আনন্দ বক্সীয়ে।

  • "হিন্দু হুঁ ম্যেয়ঁ, না মুছলমান হুঁ" - কিশোৰ কুমাৰ
  • "ম্যেয়ঁ তুমছে প্যাৰ কৰতী হুঁ" - কিশোৰ কুমাৰ, লতা মংগেশকাৰ
  • "মেৰা নাম ইয়াৰো মহা চোৰ হ্যেয়ঁ" - কিশোৰ কুমাৰ
  • "মিঠী মিঠী আঁখিয়ো ছে মন ভৰ দে" - কিশোৰ কুমাৰ, আশা ভোছলে
  • "চুন বাণ্টো বাত মেৰী" - আশা ভোছলে, আনন্দ বক্সী
  • "তু ক্যা মুঝে বৰ্বাদ কৰেগা" - লতা মংগেশকাৰ

তথ্যসূত্ৰ

  1. ↑ RAJESH KHANNA: Film / Movie Information. www.citwf.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰনাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহা চোৰ” প্ৰবন্ধৰ সংশোধন ৫৮৯৫২৮ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।