অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মংগলা (চলচ্চিত্ৰ)

মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মংগলা ' ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি।১ পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে। লিমিটেড আৰু ফকট অনী ফক্ট এণ্টাৰটেইনমেণ্ট।২৩ ছবিখনত শিৱালী পৰবে মংগলা কাপুৰৰ দ্বাৰা অনুপ্ৰাণিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য ভূমিকাত আছে শশাংক শেণ্ডে আৰু অলকা কুবাল।৪ ছবিখনত এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা এগৰাকী নাৰীৰ পৰৱৰ্তী জীৱনৰ বিষয়ে বৰ্ণিত হৈছে, সেই সময়ত তেওঁ কৰা সংগ্ৰামৰ ওপৰত পোহৰ পেলোৱা হৈছে; যিয়ে প্ৰতিকূলতাক জয় কৰিছিল আৰু যি সময়ত এচিড আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ কোনো আইন নাছিল।৫

২০২৫ চনৰ ১৭ জানুৱাৰীত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে। মুক্তিৰ লগে লগে ছবিখনে অভিনয়, লেখন আৰু সংগীতৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে।৬

প্লট

১৯৭৫ চনৰ পৰিৱেশত নিৰ্মিত এই ছবিখনত এগৰাকী মহিলাৰ প্ৰেৰণাদায়ক কাহিনী বৰ্ণনা কৰা হৈছে যিয়ে নিৰ্মম এচিডৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ পিছত সমাজৰ অস্বীকৃতিৰ দ্বাৰা সংজ্ঞায়িত হ’বলৈ অস্বীকাৰ কৰে আৰু তাৰ পৰিৱৰ্তে সংগীতৰ প্ৰতি থকা আকৰ্ষণক সাকাৰৰূপ দিবলৈ প্ৰয়াস চলায়। বিকৃত মুখখনৰ বাবে শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো মংগলাৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতি অটল নিষ্ঠাই তেওঁক পি এইচ ডি অৰ্জন কৰাৰ লগতে এগৰাকী সন্মানীয় সংগীত শিক্ষয়িত্ৰী হ’বলৈ অনুপ্ৰাণিত কৰে। প্ৰায়ে লতা মংগেশকৰৰ লগত তুলনা কৰা তেওঁৰ শক্তিশালী কণ্ঠই তেওঁ সন্মুখীন হোৱা পক্ষপাতিত্বৰ ওপৰত উঠিবলৈ সহায় কৰে। মংগলাৰ এই যাত্ৰাই মানৱ আত্মাৰ শক্তিৰ গভীৰ প্ৰমাণ, যিয়ে প্ৰমাণ কৰে যে প্ৰকৃত সৌন্দৰ্য্য নিহিত হৈ আছে স্থিতিস্থাপকতা আৰু প্ৰতিভাৰ মাজত।

তথ্যসূত্ৰ

  1. ↑ Kulkarni, Apurva. (2024-07-18). Mangala Movie: कधीही न ऐकलेली 'मंगला'च्या ॲसिड अटॅकची कथा रूपेरी पडद्यावर दिसणार, पाठमोरी असलेली अभिनेत्री कोण ?. Marathi News Saam TV
  2. ↑ जाधव, अपूर्वा. (2024-07-16). सुप्रसिद्ध गायिकेवर झालेल्या ऍसिड अटॅकची गोष्ट 'मंगला' सिनेमातून प्रेक्षकांना करणार थक्क!. marathi.abplive.com
  3. ↑ टीम, सकाळ डिजिटल. (2024-07-19). Mangala Marathi Movie: 'मंगला'द्वारे उलगडणार एका गायिकेचा थक्क करणारा प्रवास... Marathi News Esakal
  4. ↑ टीम, सकाळ डिजिटल. (2024-07-19). Mangala Marathi Movie: 'मंगला'द्वारे उलगडणार एका गायिकेचा थक्क करणारा प्रवास... Marathi News Esakal
  5. ↑ वृत्तसेवा, सकाळ. (2024-09-11). Mangla Movie: पाठमोरी बसलेली ती गायिका कोण ? अनुत्तरित प्रश्न उलगडला, वेगळ्या धाटणीच्या चित्रपटातून शिवालीची एंट्री. Marathi News Esakal
  6. ↑ Information, Film. (2025-01-17). 'MANGLA' (MARATHI) REVIEW · 17 January, 2025 – Film Information

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰমাৰাঠী চলচ্চিত্ৰ২০২৫ বৰ্ষৰ চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৫৩৩৯ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।