অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মধুবালা (১৯৫০ চলচ্চিত্ৰ)

মধুবালা ( Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মধুবালা ( Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে। দেৱ আনন্দই তেওঁৰ প্ৰেমিকৰ ৰূপত অভিনয় কৰিছে। আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জীৱন, ৰণধীৰ আৰু ৰমেশ ঠাকুৰে।১ মধুবালা আৰু দেৱ আনন্দই একেলগে অভিনয় কৰা বহু ছবিৰ ভিতৰত এইখনেই আছিল প্ৰথমখন ছবি।২৩

নিৰ্মাণ

১৯৪৬ চনত মধুবালাৰ বয়স যেতিয়া ১৩ বছৰ আৰু কিশোৰী চৰিত্ৰত অভিনয় কৰি আছিল, সেই সময়তে তেওঁৰ গৰ্ভৱতী মাতৃ হঠাতে অতি অসুস্থ হৈ পৰে। তেওঁৰ জীৱন বচাবলৈ এখন ভাল চিকিৎসালয়ৰ প্ৰয়োজন হৈছিল। গোটেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মধুবালাক সেই সময়ত মাত্ৰ ৩০০ টকাকৈ দিয়া হৈছিল, আনহাতে চিকিৎসালয়ৰ মাচুল ২০০০ টকাতকৈ কম নাছিল। এই প্ৰয়োজনীয়তাৰ সময়ত ৰঞ্জিত ষ্টুডিঅ’ৰ চন্দুলাল শ্বাহে তেওঁক আৰ্থিকভাৱে সহায় কৰে।

এই ঘটনা আৰু শ্বাহৰ দয়াই মধুবালাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। যাৰ বাবে মধুবালা জনপ্ৰিয় তাৰকা হৈছিল, ১৯৫০ চনত ষ্টুডিঅ’টোৱে বেয়া সময়ৰ মাজেৰে দিন পাৰ কৰিছিল। এই সময়ত মধুবালাই কেৱল ষ্টুডিঅ’টোৰ এখন ছবিত অভিনয় কৰিবলৈ সন্মত হোৱাই নহয়, আনকি ছবিখনত অভিনয় কৰাৰ বাবদ তেওঁ কোনো পাৰিশ্ৰমিকো লোৱা নাছিল। ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ নামেৰে ছবিখনক মধুবালা নামেৰে নামকৰণ কৰা হয়।৪

প্ৰসংগ

গ্ৰন্থ

  • Akbar, Khatija. (1997). Madhubala: Her Life, Her Films. UBS Publishers Distributors. ISBN 9788174761538
  • Deep, Mohan. (1996). The Mystery and Mystique of Madhubala. Magna Publishing Co. Ltd. ISBN 1906574219

তথ্যসূত্ৰ

  1. ↑ Madhubala (1950) Cast - Actor, Actress, Director, Producer, Music Director. Cinestaan
  2. ↑ Madhubala (1950) - Review, Star Cast, News, Photos. Cinestaan
  3. ↑ Madhubala (1950) – Review – Cineplot.com
  4. ↑ Madhubala (1950) – Review – Cineplot.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুবালা (১৯৫০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১০২৯১ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।