অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহাণ্ডে নৃত্য

মহাণ্ডে (ইংৰাজী: Mhande) হ’ল শোনা লোকসকলৰ মাজত প্ৰচলিত এক পৰম্পৰাগত প্ৰদৰ্শনী, য’ত সংগীত আৰু নৃত্য অন্তৰ্ভুক্ত থাকে। ই কাৰাঙ্গা লোকসকলৰ এক বাৰ্ষিক বৰ্ষা অনুষ্ঠান 'মুতুৰো' উৎসৱৰ এক গুৰুত্বপূৰ্ণ উপাদান।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মহাণ্ডে (ইংৰাজী ভাষা: Mhande) হ’ল শোনা লোকসকলৰ মাজত প্ৰচলিত এক পৰম্পৰাগত প্ৰদৰ্শনী, য’ত সংগীত আৰু নৃত্য অন্তৰ্ভুক্ত থাকে। ই কাৰাঙ্গা লোকসকলৰ এক বাৰ্ষিক বৰ্ষা অনুষ্ঠান 'মুতুৰো' উৎসৱৰ এক গুৰুত্বপূৰ্ণ উপাদান।১

মহাণ্ডে নৃত্য

পূৰ্বে উল্লেখ কৰা ধৰণে, মহাণ্ডে নৃত্য আৰু গীত ইটো-সিটোৰ লগত নিবিড়ভাৱে জড়িত আৰু ই এক সংহত অভিজ্ঞতাৰ সৃষ্টি কৰে। মহাণ্ডেক কাৰাঙ্গাসকলৰ বাৰ্ষিক বৰ্ষা উৎসৱ 'মুতুৰো' অনুষ্ঠানৰ অংশ হিচাপে পৰিৱেশিত এক খিলঞ্জীয়া গীত-নৃত্য বুলি সংজ্ঞায়িত কৰা হয়।২ মহাণ্ডে নৃত্য কেৱল এটা গীতৰ তালে তালে কৰা সাধাৰণ নৃত্যই নহয়; ইয়াৰ এক ঐতিহাসিক তাৎপৰ্য আৰু গভীৰ অৰ্থ আছে। এই নৃত্য বিশেষভাৱে মিডলেণ্ডছ জনজাতিৰ সৈতে জড়িত আৰু ই তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ দিশ। ই জিম্বাবৱেৰ শুৰুগৱী জিলাৰ গ্ৰাম্য কাৰাঙ্গা সম্প্ৰদায়ৰ মূল্যবোধ আৰু বিশ্বাসৰ এক শৈল্পিক প্ৰকাশ।৩ মহাণ্ডে জিম্বাবৱেৰ লোকসকল আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলৰ বাবে খিলঞ্জীয়া প্ৰেক্ষাপটত নিজৰ মূল্যবোধ প্ৰকাশ কৰাৰ এক মঞ্চস্বৰূপ: 'কুৰোভা গুভা' আৰু 'মুতুৰো'ই ক্ৰমে পূৰ্বপুৰুষৰ আত্মাৰ বসতি আৰু বৰষুণৰ বাবে কৰা ধৰ্মীয় অনুষ্ঠানক প্ৰতিনিধিত্ব কৰে।

মহাণ্ডে নৃত্য হ’ল কাৰাঙ্গা সংস্কৃতিৰ এক আধ্যাত্মিক প্ৰকাশ যি এক "মূৰ্ত চৰ্চা" (embodied practice)ক ধাৰণ কৰে।৪ ইয়াৰ উদ্দেশ্য হ’ল সেই সাংস্কৃতিক জ্ঞানসমূহ প্ৰসাৰ কৰা যিবোৰ হয়তো গতানুগতিক উপায়েৰে লাভ কৰাটো কঠিন হ’ব পাৰে। গায়ন, বাদ্যবাদন আৰু নৃত্যৰ ভংগিমাৰ সংমিশ্ৰণেৰে মহাণ্ডে অনানুষ্ঠানিকভাৱে খিলঞ্জীয়া আধ্যাত্মিক জ্ঞান (চিকিৰাঙ্গা) প্ৰদান কৰে।৪ এই নৃত্যই বিশেষকৈ নৃত্যৰ অংগস্বৰূপ শৈলীৱদ্ধ আৰু সাংকেতিক ভংগিমাসমূহৰ জৰিয়তে খিলঞ্জীয়া সাংস্কৃতিক জ্ঞানক শাৰীৰিকভাৱে মূৰ্ত কৰি তোলে।৪ এই ভংগিমাসমূহৰ জৰিয়তে ঐতিহাসিক পৰিঘটনা, অস্তিত্বৰ অভিজ্ঞতা, সামাজিক মূল্যবোধ আৰু প্ৰতীকবাদক স্বীকাৰ কৰা হয় আৰু যোগাযোগ কৰা হয়।

মহাণ্ডেত সংগীত আৰু নৃত্য

মহাণ্ডেৰ সংগীত আৰু নৃত্য ইটো-সিটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।৫ অন্যান্য পৰম্পৰাগত শোনা সংগীত (যেনে এমবিৰা)ৰ দৰেই মহাণ্ডে সংগীতত ত্ৰিপল মিটাৰ, চক্ৰীয় গাঁথনি আৰু পলিৰিথম বা বহু-লয়ৰ প্ৰয়োগ দেখা যায়। ঢুলীয়াৰ ঢোলৰ শব্দ, নৰ্তকৰ ভৰিৰ কাম, গায়কৰ কণ্ঠ আৰু অংশগ্ৰহণকাৰী বা দৰ্শকৰ হাত-চাপৰিৰ (মাকৱা) পৰা এই মিশ্ৰিত লয়বোৰৰ সৃষ্টি হয়। "১, ২ … ১, ২, ৩, ৪ … ১, ২, ৩" — এই অনন্য ছন্দময় শৈলীয়ে মহাণ্ডেক আন অনুষ্ঠানিক শোনা সংগীত আৰু নৃত্য শৈলীৰ (যেনে মবেণ্ডে জেৰুচালেমা নৃত্য) পৰা পৃথক কৰে।২

অধিকভাগ মহাণ্ডে প্ৰদৰ্শনত দুজন ঢুলীয়াই শৌৰো আৰু চিনহিৰো ঢোল ব্যৱহাৰ কৰে। ইয়াৰ লগতে অংশগ্ৰহণকাৰীসকলৰ হাত-চাপৰি আৰু নৰ্তকসকলৰ ভৰিত বান্ধি থকা জুনজুকা বা জুনুকাৰ শব্দই ভৰিৰ খোজৰ লয়ক অধিক স্পষ্ট কৰি তোলে। কিছুমান ক্ষেত্ৰত একাধিক মাৰিম্বাও এই সংগীত দলটোৰ অংশ হ’ব পাৰে।২ এজন ঢুলীয়াই শৌৰো ঢোলত "কল" (call) ৰিথম বজায় আৰু আনজনে চিনহিৰো ঢোলত "ৰেচপন্স" (response) ৰিথম দি তাৰ সঁহাৰি জনায়।

পৰম্পৰাগত শোনা বিশ্বাস অনুসৰি, অনুষ্ঠানিক পৰিৱেশত সংগীতে এনে এটা বাতাৱৰণ সৃষ্টি কৰে যিয়ে একাংশ ব্যক্তিক ট্ৰেন্স বা আধা-চেতন অৱস্থালৈ (vanonyaunyawa) লৈ যায়। ইয়াৰ ফলত তেওঁলোকৰ দেহত পূৰ্বপুৰুষৰ আত্মা (যাক dzavadzimu বুলি কোৱা হয়) লম্ভিব পাৰে বুলি বিশ্বাস কৰা হয়। এই আত্মাসমূহৰ জৰিয়তে মানুহে ঈশ্বৰৰপৰা অন্তৰ্দৃষ্টি লাভ কৰিবলৈ যোগাযোগ কৰিব পাৰে।৬ মহাণ্ডেত সংগীত আৰু নৃত্য দুয়োটাৰ উপস্থিতিয়ে এই আত্মাসমূহক জাগ্ৰত কৰে বুলি বিশ্বাস কৰা হয়। অৱশ্যে প্ৰতিযোগিতামূলক, উদ্‌যাপনমূলক আৰু অনানুষ্ঠানিক প্ৰেক্ষাপটতো মহাণ্ডে পৰিৱেশন কৰা হয়।

মহাণ্ডেৰ সময়ত বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰা হয়, যাৰ প্ৰতিটোৰে একোটা নিজা উৎপত্তিৰ কাহিনী থাকে আৰু সেইবোৰ বিশেষ আত্মাক আমন্ত্ৰণ জনাবলৈ গোৱা হয়। ইয়াৰ উদাহৰণ হ’ল "উয়া উওনে" (Uya Uone)৭ আৰু "ফুমোজেনা" (Pfumojena)। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে চলা সংগ্ৰামৰ সময়ত যুদ্ধৰ বাবে শক্তি আৰু সহায় বিচাৰি "ফুমোজেনা" গোৱা হৈছিল।৬ আন এক গীত "মাদজুৰা উচৱা"ৰ জৰিয়তে প্ৰচুৰ বৰষুণ দিয়াৰ বাবে আত্মাসমূহক ধন্যবাদ জনোৱা হয় আৰু লগতে খেতিয়কসকলক ধুমুহাৰপৰা বাচিবলৈ নলা নিৰ্মাণ কৰিবলৈ সতৰ্ক কৰি দিয়া হয়।২

সাংস্কৃতিক গুৰুত্ব

মহাণ্ডে হ’ল কাৰাঙ্গা জ্ঞানতত্ত্বৰ এক প্ৰতিফলন, যি মুতুৰো (বাৰ্ষিক বৰ্ষা অনুষ্ঠান) আৰু কুৰোৱা গুভা অনুষ্ঠানৰ এক অপৰিহাৰ্য অংশ।৮ ইয়াত গায়ন, নৃত্য, ঢোলবাদন আৰু হাত-চাপৰি অন্তৰ্ভুক্ত থাকে। ইয়াৰ লয়, গীত আৰু নৃত্যই 'মাজুকৱা' নামৰ বৰ্ষা দেৱতাসকলৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে, যিয়ে সৃষ্টিকৰ্তা 'মুচিকি' বা 'মৱাৰী'ৰ ওচৰত বৰষুণৰ বাবে প্ৰাৰ্থনা জনায়। এই অনুষ্ঠানসমূহ প্ৰায়ে মাটোপো পাহাৰৰ মাটোনজেনি নামৰ পৱিত্ৰ স্থানত অনুষ্ঠিত হয়, যি কাৰাঙ্গা আধ্যাত্মিক চৰ্চাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি, মহাণ্ডে হ’ল পূৰ্বপুৰুষসকলে তেওঁলোকৰ বংশধৰসকলৰ সৈতে সংযোগ স্থাপনৰ এক উপায়।৯২

জিম্বাবৱেত, বিশেষকৈ কাৰাঙ্গা সম্প্ৰদায়ৰ মাজত বাৰ্ষিক মুতুৰো অনুষ্ঠানৰ গুৰুত্ব অধিক কাৰণ এই অঞ্চলটো কৃষিনিৰ্ভৰ। দেশখনত স্পষ্ট বৰ্ষা আৰু শুকান ঋতু দেখা যায় আৰু বছৰটোৰ শস্যৰ সফলতা বৰ্ষা ঋতুত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। এই মুতুৰো ৰীতি-নীতিসমূহ পৰ্যাপ্ত বৰষুণৰ বাবে কৰা এক সামূহিক প্ৰাৰ্থনা।২

মহাণ্ডে হ’ল কাৰাঙ্গা সংস্কৃতিৰ এক মূৰ্ত ৰূপ আৰু তেওঁলোকৰ মূল্যবোধৰ প্ৰতিফলন হিচাপে ইয়াক পৰিৱেশন কৰা হয়। এই "মূৰ্ত চৰ্চা" (embodied practice)১০ হ’ল এটা পুৰুষৰপৰা আনটো পুৰুষলৈ হস্তান্তৰিত হৈ অহা এক পৰম্পৰা। ইয়াত অংশগ্ৰহণ কেৱল প্ৰাপ্তবয়স্কসকলৰ মাজতে সীমাবদ্ধ আৰু ইয়াৰ জ্ঞান প্ৰায়ে পিতৃ-মাতৃৰপৰা সন্তানলৈ যায়।

মহাণ্ডেক তেওঁলোকৰ সামাজিক প্ৰেক্ষাপট আৰু সম্প্ৰদায়ৰ সামূহিক অভিজ্ঞতাৰ এক ব্যাৱহাৰিক উদাহৰণ হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ ঐতিহাসিক উত্তৰাধিকাৰে, বিশেষকৈ দাসত্বৰ প্ৰেক্ষাপটে, সকলো সংগীত আৰু নৃত্যক এক মুক্তিৰ ভাব প্ৰদান কৰে আৰু বাস্তৱক এক বৈচাৰিক ধৰণে চিত্ৰিত কৰে।২

তথ্যসূত্ৰ

  1. ↑ Rutsate, Jerry. (1 January 2010). Mhande Dance in the Kurova Guva Ceremony: An Enactment of Karanga Spirituality. Yearbook for Traditional Music. পৃ. 81–99
  2. ↑ Rutsate, Jerry. (2008). Performance of Mhande song-dance: a contextualized and comparative analysis. Rhodes University
  3. ↑ Rutsate, Jerry. (2011). Mhande dance in kurova guva and mutoro rituals: an efficacious and symbolic enactment of Karanga epistemology.
  4. ↑ Omoregie, F-K. (7 September 2007). Language and communication in the Kurova Guva Ceremony in Zimbabwe. Marang: Journal of Language and Literature
  5. ↑ Yumpu.com. MHANDE DANCE IN KUROVA GUVA AND MUTORO RITUALS: AN ... yumpu.com
  6. ↑ Rutsate, Jerry. (2010). "Mhande" Dance in the Kurova Guva Ceremony: An Enactment of Karanga Spirituality. Yearbook for Traditional Music. পৃ. 81–99
  7. ↑ Kyker, Jennifer. (18 January 2019). Uya Uone. Sekuru's Stories
  8. ↑ Rutsate, Jerry. (2019). Mhande Dance in the Kurova Guva Ceremony: An Enactment of Karanga Spirituality. Yearbook for Traditional Music. পৃ. 81–99
  9. ↑ Rutsate, Jerry. (2011). Mhande dance in kurova guva and mutoro rituals: an efficacious and symbolic enactment of Karanga epistemology.
  10. ↑ Sklar, Deidre. (2014). II. On Dance Ethnography. Dance Research Journal. পৃ. 6–10

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাণ্ডে নৃত্য” প্ৰবন্ধৰ সংশোধন ৬০৩৫৫০ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।