অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মধুশ্ৰাৱনী

মধুশ্ৰাৱনী ( Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.

হালনাগাদ: ১৮ মাৰ্চ ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মধুশ্ৰাৱনী ( Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.১২৩ বিশ্বাস কৰা হয় যে দেৱী পাৰ্বতীয়ে প্ৰথমে মধুশ্ৰাৱণী পূজাৰ উপবাস পালন কৰিছিল আৰু সকলো জন্মতে ভগৱান শিৱক স্বামী হিচাপে পাবলৈ কামনা কৰিছিল। কিংবদন্তি অনুসৰি এই উৎসৱ এক তপস্যাৰ দৰে।

১৫ দিনীয়া এই উৎসৱ কৃষ্ণপক্ষৰ পঞ্চমীৰপৰা শাওন মাহৰ শুক্লপক্ষৰ তৃতীয়ালৈকে চলে।১৪

পালনীয় পৰম্পৰা

মধুশ্ৰাৱনীৰ ''পূজা''ত ব্যৱহৃত এটি হাতী মূৰ্তি।
মধুশ্ৰাৱনীৰ পূজাত ব্যৱহৃত এটি হাতী মূৰ্তি।ছবি: Saumya lath · CC BY-SA 4.0

এই ব্ৰতত বিয়াত শহুৰেকৰ ঘৰৰপৰা দিয়া কাপোৰ-কানি আৰু গহনা কইনাসকলে পিন্ধা নিয়ম। মধুশ্ৰাৱনী পূজাৰ সকলো সামগ্ৰী পূজা আৰম্ভ হোৱাৰ এদিন আগতে শহুৰেকৰ ঘৰৰ পৰা আহি পায়।৫ ফুল ছিঙি বিষাৰি মাতা, নাগ নাগিনী, কেচুৱা, হাতী, মাতৃ গৌৰীৰ মূৰ্তিবোৰক বিভিন্ন ধৰণৰ ফল-মূল, ফুল, মিঠাইৰে পূজা কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰ পিছত শুনা হয় শিৱ বিবাহৰ কাহিনী। পূজাৰ সময়ত মাইনা পঞ্চমী, মংগল গৌৰী, পৃথ্বী জন্ম, মহাদেৱ কাহিনী, গৌৰী তপস্য, শিৱ বিবাহ, গংগা কাহিনী, বিহুলা কাহিনী, আৰু বাল বসন্ত কাহিনী আদি ১৪টা খণ্ডত কাহিনী কোৱা হয়।৫ গ্ৰাম্য মহিলাসকলে মধুশ্ৰাৱনী গীত গায়। ৰাজপথত সুৰীয়া মৈথিলী লোকগীতৰ অনুৰণন ঘটে। এই উৎসৱত ঘৰতে বনোৱা, সুস্বাদু, মিঠা খাদ্য আগবঢ়োৱা হয়। পূজাৰ সপ্তম, অষ্টম আৰু নৱম দিনা প্ৰসাদ হিচাপে খীৰ আগবঢ়োৱা হয়।১৫ প্ৰতিদিনে সন্ধিয়া মহিলাসকলে আৰতি, সুহাগ গীত আৰু কোহবৰ গীত গাই ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। মহিলাসকলে দিনটোত এবাৰ আৰাভা খাদ্য খায়। মহিলাসকলে ৰাতিপুৱা আৰু গধূলি নাগ দেৱতাক গাখীৰ আৰু লাভা আগবঢ়ায়।

উৎসৱৰ অন্তিম দিনা কইনাসকলে এক কঠিন পৰীক্ষাৰ সম্মুখীন হয়। কইনাৰ হাত-ভৰিত কপাহী টেমিৰে মেৰিয়াই তাৰ ওপৰত পাণৰ পাত দি টেমিবোৰ জ্বলাই জ্বলাই দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ मधुश्रावणी पूजा शुरू होते ही गांवों की गलियां मैथिली लोक गीतों से गुंजायमान हुआ - मधुश्रावणी पूजा शुरू होते ही गांवों की गलियां मैथिली लोक गीतों से गुंजायमान हुआ - Bihar Araria Common Man Issues News. Jagran
  2. ↑ Madhushravani: A festival celebrated by women of Mithila. kathmandupost.com
  3. ↑ (2023-07-07). madhushravani puja 2023 starts know role of brother. Prabhat Khabar
  4. ↑ अधिकमास की वजह से डेढ़ माह का होगा मधुश्रावणी व्रत, जानें पर्व की मुख्य बातें. Navbharat Times
  5. ↑ राव, कुमुद रंजन. (2022-07-18). 14 दिवसीय मधुश्रावणी व्रत शुरू, पति की लंबी आयु के लिए नवविवाहित महिलाएं करेंगी पूजा. www.abplive.com

সম্পৰ্কিত শ্ৰেণী

উৎসৱহিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুশ্ৰাৱনী” প্ৰবন্ধৰ সংশোধন ৫৯০০২৬ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।