কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চেলুভি
চেলুভি (:Cheluvi অনুবাদ. সুন্দৰী গাৰ্ল) হৈছে ১৯৯২ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্য চলচ্চিত্ৰ, যি খন গিৰীশ কৰ্ণদে পৰিচালনা কৰিছিল। ছবিখনত সুষ্মা আৰু সোণালী কুলকাৰ্ণীয়ে অভিনয় কৰিছে আৰু ইয়াত সোণালী কুলকাৰ্ণীয়ে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।
-
চৈতী
চৈতী বা চৈতা হৈছে ভোজপুৰী অঞ্চলৰপৰা উৎপত্তি হোৱা অৰ্ধ-শাস্ত্ৰীয় গীত, যি পঞ্জিকাৰ চ’ত মাহৰ সৈতে জড়িত। এই গীতসমূহ মাৰ্চ/এপ্ৰিল মাহত শ্ৰী ৰাম নৱমীৰ পৱিত্ৰ মাহত পৰিৱেশন কৰা হয়। ইয়াক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ লঘু শাস্ত্ৰীয় ৰূপৰ অন্তৰ্গত কৰা হয়। ইয়া চহকী ভোজপুৰী লোক সংগীত পৰম্পৰাৰ এক অংশ।
-
চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ)
চোখেৰ বালি হৈছে এখন বাংলা নাট্য চলচ্চিত্ৰ, যিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ একেই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি সতু সেনে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰটো ৩০ জুলাই ১৯৩৮ তাৰিখে এছ’চিয়েটেড প্ৰডিউচাৰ্ছৰ অধীনত মুক্তি লাভ কৰিছিল। এই ছবিখন চোখেৰ বালি উপন্যাসৰ প্ৰথমটো চলচ্চিত্ৰ ৰূপান্তৰ আছিল।
-
চোখেৰ বালি (২০০৩ চলচ্চিত্ৰ)
চোখৰ বালি (Chokher Bali) হৈছে ২০০৩ চনত মুক্তি পোৱা এখন বঙালী ভাষাৰ এখন ড্ৰামা বা নাট্যধৰ্মী ছবি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৯০৩ চনৰ চোখেৰ বালি উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল ঋতুপৰ্ণ ঘোষ। ইয়াত ঐশ্বৰ্য ৰায়ে বিনোদিনীৰ চৰিত্ৰত আৰু ৰাইমা সেনে আশালতাৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ছগ্ৰা মিছাৱা
ছগ্ৰা মিছাৱা বা ছগ্ৰা পূজা তিৱা জনগোষ্ঠী কৃষিভিত্তিক লোক-উৎসৱ। তিৱাসকলে চ’তৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰৰপৰা ছগ্ৰা মিছাৱা পালন কৰে। ছগ্ৰা মানে সকলোৱে আৰু মিছাৱা মানে নাচা অৰ্থাৎ ছগ্ৰা মিছাৱা মানে সকলোৱে মিলিজুলি নৃত্য কৰা। ছগ্ৰা মিছাৱাত তিৱা সকলৰ সকলো ফৈদে অংশ গ্ৰহণ নকৰে।
-
ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয়
ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় (Chhatrapati Shivaji Maharaj Vastu Sangrahalaya; সংক্ষিপ্ত ৰূপ: CSMVS) মুম্বাই (বম্বে)ৰ এটা সংগ্ৰহালয় য’ত প্ৰাগঐতিহাসিক কালৰ পৰা পৰা আধুনিক সময়লৈকে ভাৰতৰ ইতিহাসৰ নথিভুক্ত কৰা হয়। পূৰ্বতে ই পশ্চিম ভাৰতৰ প্ৰিন্স অৱ ৱেলছ সংগ্ৰহালয় নামেৰে জনাজাত আছিল।
-
ছপাক
ছাপাক হৈছে এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত ২০২০ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্য ছবি। মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত দীপিকা পাডুকনে আগৰৱালৰ পৰা অনুপ্ৰাণিত চৰিত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু লগতে বিক্ৰান্ত মেছি আৰু মধুৰজীত সৰঘী।
-
ছাবা আজাদ
ছাবা আজাদ ( Saba Azad; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।
-
ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ
ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ হৈছে চীনৰ শ্বানদং প্ৰদেশৰ ছিংদাও চহৰত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক উৎসৱ। এই অনুষ্ঠানটো চীনৰ ৰাষ্ট্ৰীয় মন্ত্ৰ্যালয়সমূহ আৰু ছিংদাও পৌৰ চৰকাৰে যৌথভাৱে স্পনছৰ কৰে।
-
ছিলাম্বু
ছিলাম্বু (তামিল: சிலம்பு; মালয়ালম: ചിലമ്പ്}, অথবা গাগ্গৰা (তুলু: ಗಗ್ಗರ), হৈছে ভাৰতীয় উপমহাদেশত বিভিন্ন প্ৰসঙ্গত ব্যৱহৃত একপ্ৰকাৰৰ পায়েল।
-
জন বাহা দ্যাঃ যাত্ৰা
জন বাহা দ্যাঃ যাত্ৰা হৈছে নেপালৰ কাঠমাণ্ডুত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কৰুণা বোধিসত্ত্ব জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰা। চন্দ্ৰ নেপাল যুগৰ চান্দ্ৰ পঞ্জিকাৰ ষষ্ঠ মাহ চাউলা (चौলা)ৰ শুক্লপক্ষৰ দশম দিনত ই আৰম্ভ হয়।
-
জয়পুৰ সাহিত্য উৎসৱ
জয়পুৰ সাহিত্য উৎসৱ (Jaipur Literature Festival) (JLF)-ক প্ৰায়ে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য অনুষ্ঠান" বুলি প্ৰশংসা কৰা হয়৷ এয়া হৈছে ভাৰতৰ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা এক বিখ্যাত বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ।
-
জাগতে ৰহো
জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি। ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে।
-
জামাই ষষ্ঠী
জামাই ষষ্ঠী (Jamai Sasthi) হিন্দু বঙালীসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়। এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।
-
জিয়া (চলচ্চিত্ৰ)
জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয়…
-
জিৰকেদাম
কাৰ্বি ডেকা-গাভৰুহঁতৰ কৃষি কৰ্মৰ লগতে জীৱনৰ অত্যাৱশ্যকীয় কৰ্মৰ কেন্দ্ৰ হ'ল জিৰকেদাম। অসমীয়া প্ৰতিশব্দ ডেকা চাং বুলি কোৱা হয় যদিও আগতে ছোৱালীবোৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই জিৰকেদামৰ ডেকাসকলৰ প্ৰত্যেককে জিৰপ' আৰু সমূহীয়াভাৱে জিৰছং বুলি কোৱা হয়। ছোৱালীক জিৰপী বা মাৰপী বোলা হৈছিল।
-
জীৱিতপুত্ৰিকা
জীৱিতপুত্ৰিকা (Jivitputrika, জীতিয়া বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ এটি তিনিদিনীয়া উৎসৱ। আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমীৰ পৰা নৱমীলৈকে এই উৎসৱটি পালন কৰা হয়। মৈথেলী, মাগধী, ভোজপুৰীভাষী অঞ্চলত এই উৎসৱটি সাধাৰণতে পালন কৰা হয়। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লগতে নেপালতো ইয়াক পালন কৰা দেখা যায়।
-
জুবিন গাৰ্গে ৰেকৰ্ডিং কৰা গীতৰ তালিকা
জুবিন গাৰ্গ (১৯৭২–২০২৫) এগৰাকী ভাৰতীয় গায়ক-গীতিকাৰ; যি মূলতঃ অসমীয়া, বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু সংগীতৰ লগত জড়িত আছিল। ৩৩বছৰীয়া কেৰিয়াৰত তেওঁ অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, পাতিৰাভা, ডিমাচা, টাই-আহোম,…
-
জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।
-
জুলী (২০০৪ চলচ্চিত্ৰ)
জুলী (Julie ) এন আৰ পাচিছিয়াৰ প্ৰযোজিত আৰু দীপক শিৱদাসানীৰ পৰিচালিত, ২০০৪ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী এৰোটিক ছবি। ছবিখনত অভিনয় কৰিছে নেহা ধুপিয়া, প্ৰিয়াংশু চেটাৰ্জী, যশ টংক, সঞ্জয় কাপুৰ আৰু অচিন্ত কৌৰে।
-
জেউৰা দিয়া
জেউৰা দিয়া নামনি অসমৰ সন্তান জন্মৰ লগত জড়িত এক লোক-উৎসৱ। নামনি অসমৰ বিভিন্ন ঠাইত বিবাহিতা মহিলা গৰ্ভৱতী হ’লে সাত মাহত বা ন মাহত 'জেউৰা' পতাৰ নিয়ম আছে। কোনো কোনোৱে ইয়াক 'সাধ ভক্ষণ' বুলিও কয়। 'জেউৰা'ত পঞ্চামৃত খুওৱাৰ দৰেই পঞ্চামৃত, পৰমান্ন, মিঠাই, মাছ আদি বিধি-নিয়মৰ মাজেৰে খুওৱা হয়।
-
জেঠুৱা উৎসৱ
জেঠুৱা উৎসৱ বা জেওঠা খোৱা অসমৰ বিশেষকৈ বৰপেটা অঞ্চলত জেঠ মাহত বা ব’হাগৰ সংক্ৰান্তিৰ দিনা পালন কৰা এটা বিশেষ উৎসৱ। এই উৎসৱৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সেয়া জনা নাযায়। জেঠ মাহত ল'ৰা-ছোৱালী জন্ম হ'লে তাক জেঠুৱা বুলি কোৱা হয়।
-
জেতুকী (চলচ্চিত্ৰ)
জেতুকী (Jetuki ১৯৮৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। চন্দ্ৰজ্যোতি চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আৰু পৰিচালক চন্দ্ৰ তালুকদাৰ। কাহিনী আৰু চিত্ৰনাট্যও পৰিচালকজনে ৰচনা কৰিছে। সংগীত আৰু চিত্ৰগ্ৰহণ সুজিত সিংহৰ। এইখনে শেষ অসমীয়া ক’লা-বগা ছবি।
-
জ্ঞান সৌন্দৰী (চিটাডেল সংস্কৰণ)
জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যিখন এফ নাগুৰ আৰু জোচেফ থালিয়াথ জুনিয়ৰে যুটীয়াভাবে ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। এই ছবিখনত টি আৰ মহালিংগম, এম ভি ৰাজম্মাই মুখ্য চৰিত্ৰত আৰু ডি বালাসুব্ৰমণিয়াম, শিৱভাগ্যম, ললিতা আৰু পদুমীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ঝালিমাটিৰ গান
ঝালিমাটিৰ গান গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ইয়াৰ মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। গোৱালপাৰা জিলাৰ ঠাইবিশেষে ইয়াক বড় পুৰাণ, সংকীৰ্তন আদি নামেৰেও জনা যায়। এই গীতসমূহ আধ্যাত্মিক তত্ত্বমূলক কৰুণ-ভক্তিৰসেৰে সমৃদ্ধ।
-
ঝুমৰ
ঝুমৰ (ইংৰাজী: Jhumar বা Jhoomar) হৈছে পাকিস্তানৰ পৰম্পৰাগত ঝাং সংস্কৃতিৰ অন্তৰ্গত এক প্ৰকাৰৰ লোক-নৃত্য। পঞ্জাবৰ চন্দলবাৰ অঞ্চলৰো ই এটা জনপ্ৰিয় নৃত্য, এই অঞ্চলত ইয়াক ঘুমবৰ বুলিও কোৱা হয়। ই এটা ধীৰ গতিৰ আৰু অধিক ছন্দময় ৰূপৰ নৃত্য। "ঝুমৰ" শব্দটো ‘ਝੂਮ’ (ঝুম) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দোলায়িত।
-
ঝৰোখা
ঝৰোখা বা ঝাৰোকা হৈছে অট্টালিকাৰ মূল বেৰৰ বাহিৰৰফালে ওলাই থকা শিলৰ খিৰিকী। সাধাৰণতে ইয়াৰপৰা কোনো ৰাস্তা, বজাৰ, আদালত বা আন যিকোনো ঠাই দেখা যায়। ধ্ৰুপদী ভাৰতীয় স্থাপত্যত ই এক সাধাৰণ বৈশিষ্ট্য, ৰাজপুত স্থাপত্যত ইয়াক আটাইতকৈ বেছি দেখা যায়।
-
টাইটানিক (চলচ্চিত্ৰ)
টাইটানিক ( Titanic ) হৈছে ১৯৯৭ চনৰ এখন আমেৰিকান মহাকাব্যিক ৰোমাণ্টিক দুৰ্যোগৰ ছবি, যিখন ছবিৰ লিখক, পৰিচালক, সহ-প্ৰযোজক আৰু সহ-সম্পাদক জেমছ কেমেৰন। ছবিখনত লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ আৰু কেট উইন্সলেটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। টাইটানিক জাহাজত হোৱা যাত্ৰাৰ সময়ত জেকে উচ্চ শ্ৰেণীৰ ছোৱালী ৰোজৰ প্ৰেমত পৰে।
-
টান (২০১৪ চলচ্চিত্ৰ)
টান হৈছে ২০১৪ চনৰ ভাৰতীয় বাংলা চলচ্চিত্ৰ, ৰচনা আৰু পৰিচালনা কৰিছে মুকুল ৰয় চৌধুৰীয়ে। এই চলচ্চিত্ৰখন বেশ্যাৰ জীৱন আৰু মানৱ সৰবৰাহৰ ওপৰত আধাৰিত। বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদৰ জলবেশ্যা নামৰ গল্প আধাৰত এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
-
টুৱেলভ্থ ফেইল
টুৱেলভ্থ ফেইল (12th Fail) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। পৰিচালক বিধু বিনোদ চোপ্ৰাই ছবিখনৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। ছবিখন মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ ওপৰত অনুৰাগ পাঠক ৰচিত ২০১৯ চনৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।