অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জামাই ষষ্ঠী

জামাই ষষ্ঠী (Jamai Sasthi) হিন্দু বঙালীসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়। এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জামাই ষষ্ঠী (Jamai Sasthi) হিন্দু বঙালী ভাষাসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়।১ এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।২ এনেকৈয়ে জোৱায়েকক সন্তুষ্ট কৰি ৰখাৰ চেষ্টাত ষষ্ঠীপূজাৰ লৌকিক প্ৰথাই হৈ উঠে বঙালীসকলৰ জেঠ মাহৰ উৎসৱ।৩

ইতিহাস

ভাৰতবৰ্ষ তথা দক্ষিণ এছিয়াৰ বিভিন্ন দেশত এসময়ত এনে সংস্কাৰ আছিল যে যিমান দিন বিবাহিত কন্যা পুত্ৰৱতী নহয়, সিমান দিন তেওঁ মাক-দেউতাকৰ ঘৰলৈ নাহে। এনে ৰীতিৰ এটা সমস্যা এয়ে আছিল যে সন্তান ধাৰণ কৰিব নোৱাৰিলে বা জন্মতে সন্তানৰ মৃত্যু হ’লে মাক-দেউতাকে বিবাহিত জীয়েক নিজৰ ঘৰলৈ আহিবলৈ দীৰ্ঘদিন অপেক্ষা কৰিব লাগিছিল। সেয়েহে বিবাহিত কন্যাৰ মুখ দৰ্শন কৰিবলৈ জেঠ মাহৰ শুক্লা ষষ্ঠীৰ দিনটোকে বাচি ল’লে জামাই ষষ্ঠী হিচাপে। সেই দিনটোত জোৱাই আৰু কন্যাক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়। কন্যাৰ মুখ দৰ্শন কৰাৰ লগতে মা ষষ্ঠীৰো পূজা কৰা হয়, যাতে কন্যাই শীঘ্ৰেই পুত্ৰৱতী হয়।৪

কথিত আছে যে এটা পৰিয়ালত দুজনী ঘৈণী আছিল। দুই ঘৈণীৰ মাজত সৰুজনী লোভী আছিল। তেওঁ সদায় ঘৰত যিখিনি ভাল বস্তু ৰন্ধাবঢ়া হয়, সেইখিনি লুকাই খাই পেলায় আৰু মেকুৰীৰ ওপৰত দোষ জাপে। মেকুৰী হ’ল ষষ্ঠীদেৱীৰ বাহন। নিজৰ বাহন মেকুৰীৰ ওপৰত এনে মিছা বদনাম জাপি দিয়াত ক্ৰুদ্ধ হৈ দেৱীয়ে সৰু ঘৈণীৰ সন্তানৰ প্ৰাণ কাঢ়ি নিয়ে। মনৰ দুখত সৰু ঘৈণী ভাঙি পৰে। পিছত এজনী বুঢ়ীৰ ভেশচন ধৰি দেৱী তেওঁৰ ওচৰলৈ যায়। তেওঁ নিজৰ ভুল বুজিব পাৰি অনুতপ্ত হোৱাত দেৱী ষষ্ঠীয়ে সন্তানটো ওভতাই দিয়ে।৫ পিছে ঘটনাবোৰ জানিব পাৰি শহুৰৰ ঘৰৰ মানুহবোৰে ক্ষুব্ধ হৈ তেওঁৰ মাক-দেউতাকৰ ঘৰলৈ যোৱাত বাধা দিয়ে। ষষ্ঠী পূজাৰ দিনা জীয়ৰীৰ মুখ দৰ্শন কৰিবলৈ আগ্ৰহী মাক-দেউতাকে তেওঁলোকৰ জীয়েক-জোৱায়েকক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ আগবঢ়ায়। তেনেকৈয়ে এই দিনটোৱে জামাই ষষ্ঠী নামে পৰিচিতি লাভ কৰে। ইয়াৰ পুনৰমিলন বা আনন্দৰ দিন হিচাপে উদযাপন কৰা হয়।৬

তাৎপৰ্য

জামাই ষষ্ঠীৰ দিনা শাহুৱেকে অৰ্থাৎ কন্যাৰ মাকে ষষ্ঠী দেৱীক সন্তুষ্ট কৰাৰ অৰ্থে পূজা কৰে আৰু তেওঁৰ কন্যা আৰু জামাতাৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে আশিস বিচাৰে। শাহুৱেকে জোৱায়েকক আমিষ, নিৰামিষ বিধেবিধে ব্যঞ্জন, মিষ্টান্ত আদিৰে ভূড়িভোজন কৰায়। কন্যা আৰু জোৱায়েকক উপহাৰো দিয়া হয়। জামাই ষষ্ঠী এটা পৰিয়ালৰ সকলো একত্ৰিত হোৱাৰ আৰু সকলোৱে একেলগে এসাজ খোৱাৰ দিন হিচাপে উদযাপন কৰা হয়।৭

তথ্যসূত্ৰ

  1. ↑ বুধবাৰ জামাই ষষ্ঠী - জানুন নিৰ্ঘণ্ট, পুজোৰ নিয়ম ও কাহিনি. bangla.hindustantimes.com
  2. ↑ Jamai Sasthi 2022: ৰবিবাৰ জামাইষষ্ঠী বা অৰণ্য ষষ্ঠী, ৰইল নিৰ্ঘণ্ট. www.anandabazar.com
  3. ↑ Jamai Sasthi 2022: বাংলায় জামাইষষ্ঠী কীভাবে শুৰু হল? এত আয়োজনেৰ কাৰণ কী?. bangla.aajtak.in
  4. ↑ জামাইদেৰ জন্য জামাই ষষ্ঠী নয়! কাদেৰ মঙ্গল কামনায় পালিত হয় এই দিন? জানেন?. bengali.news18.com
  5. ↑ ৫ জুন জামাই ষষ্ঠী, জানেন কেন পালিত হয়?. eisamay.com
  6. ↑ Jamai Sasthi 2022: History, significance and all that you need to know. www.hindustantimes.com
  7. ↑ Jamai Shashthi: 'জামাইষষ্ঠী' কি আসলে জামাইদেৰ জন্য অনুষ্ঠান?. calcuttanews.tv

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংস্কৃতিবাংলাদেশৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামাই ষষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬০২২৭০ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।