অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জুবেইদা (চলচ্চিত্ৰ)

জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।১

জুবেইদা হৈছে শ্যাম বেনেগালৰ ত্ৰিল’জীৰ শেষৰখন ছবি। অন্য দুখন হ’ল মাম্মো (১৯৯৪) আৰু চৰ্দাৰী বেগম (১৯৯৬)। যোধপুৰৰ হানৱন্ত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দুৰ্ভগীয়া অভিনেত্ৰী জুবেইদা বেগমৰ জীৱনৰ আধাৰত নিৰ্মিত। জুবেইদা বেগম এই ছবিখন ছবিখনৰ লেখক খালিদ মহম্মদৰ মাতৃ আছিল।

এই ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে কৰিশ্মা কাপুৰে শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)ৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। কৰিশ্মাই এই ছবিত কৰা অভিনয়ক তথা ফিজাৰ নাম ভূমিকাত কৰা অভিনয়ক বহু সমালোচকে তেওঁৰ শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰে।২ ছবিখনে বহুল প্ৰশংসা লাভ কৰিছিল আৰু ইয়াক বেনেগালৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়, যিয়ে বাণিজ্যিক আৰু সমান্তৰাল চলচ্চিত্ৰৰ ৰেখাডালক ম্লান কৰি পেলাইছিল।৩

বঁটা

তথ্যসূত্ৰ

  1. ↑ (February 2001). Film Review: Zubeidaa. The Hindu
  2. ↑ Iqbal, Murtuza. (2019-06-25). Birthday Special: Top performances of Karisma Kapoor. EasternEye
  3. ↑ (2017-12-14). Shyam Benegal's Zubeidaa was the tale of an era where men ruled and women were merely consorts. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ২০০১ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবেইদা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৬৮ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।