জ্ঞান সৌন্দৰী (Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যিখন এফ নাগুৰ আৰু জোচেফ থালিয়াথ জুনিয়ৰে যুটীয়াভাবে ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। এই ছবিখনত টি আৰ মহালিংগম, এম ভি ৰাজম্মাই মুখ্য চৰিত্ৰত আৰু ডি বালাসুব্ৰমণিয়াম, শিৱভাগ্যম, ললিতা আৰু পদুমীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনী ৰজা ধৰ্মৰৰ কন্যা জ্ঞান সৌন্দৰীক (সুন্দৰী) কেন্দ্ৰ কৰি ঘূৰিছে। সতীয়া মাক লেনালে তেওঁক দুৰ্ব্যৱহাৰ কৰে আৰু তেওঁৰ পৰা নিস্কৃতি পাবলৈ লেনালে তেওঁক অৰণ্যলৈ পঠিয়াই দিয়ে। এই প্ৰক্ৰিয়াত সৌন্দৰীয়ে দুয়োখন হাত হেৰুৱাই পেলায় আৰু ৰাজকুমাৰ পিলেন্থিৰনে তেওঁক ৰক্ষা কৰে।
ছবিখন নবাব ৰাজমনিকমে পৰিচালনা কৰা এখন মঞ্চ নাটকৰ পৰা অভিযোজিত কৰা কৰা। আনহাতে স্বয়ং এই নাটকখন এটা খ্ৰীষ্টান লোককথাৰ পৰা অভিযোজিত।১২ ছবিখনৰ চিত্ৰনাট্য লিখিছিল নঞ্জিল নাডু টি এন ৰাজাপ্পাই। ছবিখনৰ সংগীত ৰচনা কৰিছিল এছ ভি ভেংকটৰমণে। জ্ঞান সৌন্দৰীৰ চিত্ৰগ্ৰহণ ক্ৰমে জিতিন বেনাৰ্জী আৰু চেলভাৰাজে কৰিছিল।৩ সম্পাদনা কৰিছিল ভি বি নাগৰাজে। চূড়ান্ত ফিল্ম ৰিলৰ দৈৰ্ঘ্য আছিল ৫,২৬৪ মিটাৰ (১৭,২৭০ ফুট) আৰু আনুমানিক ৩০,০০০ ₹ বাজেটেৰে জ্ঞান সৌন্দৰী নিৰ্মাণ কৰা হৈছিল। চিটাডেল পিকচাৰ্ছে ছবিখনৰ অভিযোজন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰ পৰা ছবিখনৰ নিৰ্মাণৰ কুৰুংকাৰাং কৰা হৈছিল। সেই সময়ত এছ এছ বসনেও একেখন নাটকৰ অভিযোজন, আন এটা সংস্কৰণ পৰিচালনা কৰি আছিল। ১৯৪৮ চনৰ ২১ মে'ত৪ ছবিখন মুক্তি লাভ কৰে আৰু চিটাডেল পিকচাৰ্ছৰ সংস্কৰণটো সফল হোৱাৰ বিপৰীতে বসনৰ সংস্কৰণটো বিফল হয়।৫
বাহ্যিক সংযোগ
- - A song sung by T. R. Mahalingam included in the original film but not available in the You Tube video copy.
তথ্যসূত্ৰ
- ↑ Guy, Randor. (18 July 2010). Ithaya Geetham (1950). দ্য হিন্দু
- ↑ Vijayakumar, B. (30 March 2015). Jesus: 1973. দ্য হিন্দু
- ↑ (29 August 2008). Gnanasoundari 1948. দ্য হিন্দু
- ↑ (22 June 2009). Gnanasundari 1961. দ্য হিন্দু
- ↑ (1948). ஞான சௌந்தரி. Citadel Film Corporation Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞান সৌন্দৰী (চিটাডেল সংস্কৰণ)” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৮৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।