টান হৈছে ২০১৪ চনৰ ভাৰতীয় বাংলা চলচ্চিত্ৰ, ৰচনা আৰু পৰিচালনা কৰিছে মুকুল ৰয় চৌধুৰীয়ে।১২ এই চলচ্চিত্ৰখন বেশ্যাৰ জীৱন আৰু মানৱ সৰবৰাহৰ ওপৰত আধাৰিত।৩৪ বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদৰ জলবেশ্যা নামৰ গল্প আধাৰত এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। এই চলচ্চিত্ৰৰখনৰ অন্তৰ্গত স্বপ্নেৰ ঠোঁটে শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে।
অভিনেত্ৰা-অভিনেত্ৰী
- ঋতুপৰ্ণা সেনগুপ্ত, (সুন্দৰী)
- দেৱলীনা দত্ত, (মেঘনা)
- চন্দন সেন, (আবেদ মিঞা)
- কৌশিক সেন
- ৰাজেশ শৰ্মা, (জাহাংগীৰ চৰ্দাৰ)
- সুমন্তো চট্টোপাধ্যায়, (সাজু)
- দেবদুত ঘোষ
- নন্দিনী চেটাৰ্জী
- পামেলা সিং ভূটৰীয়া
পটভূমি আৰু কাহিনী
সুন্দৰবন অঞ্চলৰ জলসীমাত ৰাজত্ব কৰে কিছুমান জলদস্যু৷ সিহঁতে অবৈধভাবে বাঘ চিকাৰ কৰে, চামৰা বিক্ৰী কৰে বিদেশত৷ ইয়াৰ উপৰিও সৰু ডাঙৰ লুটপাটতো আছেই৷ এই জলদস্যুসকলে নানা ঠাইত ডকাইতি কৰিবলৈ গৈ উঠাই আনে গাঁৱৰ ছোৱালী বিলাকক৷ নিজৰ যৌনক্ষুধা পৰিপূৰ্ণ কৰাৰ লগতে সিহঁতে এই ছোৱালী বিলাকক দি যৌন ব্যৱসায় চালায়৷ সুন্দৰবন এলাকাত নৌকাৰ বা নাওৰ ওপৰতে চলি থাকে সেই ভাসমান বেশ্যাপল্লী। আৰু সেয়ে সেই ছোৱালী বিলাকক কোৱা হয় জলবেশ্যা৷
বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদে জলবেশ্যা নামৰ এটি গল্প লিখিছিল৷ সেই কাহিনীটোৰ মূলত আছে এনে এদল ছোৱালী যিসকল একলগে বেদেনী আৰু বেশ্যা৷ সিহঁত ভাঁহি ফুৰে সুন্দৰবনৰ গভীৰ অৰণ্যৰ কাষেৰে বৈ থকা খাঁড়িত (উপ নদীত)৷ সাপৰ বিষ বিক্ৰী কৰাৰ লগতে সিহঁতে ৰাতিৰ সময়ত বিক্ৰী কৰে সিহঁতৰ শৰীৰো৷ ইহঁতৰ মূৰৰ ওপৰত চৰ্দাৰ হিচাবে থাকে এজন জল-মাফিয়া, যাৰ নেতৃত্বত গোপনে সুন্দৰবনৰ বাঘৰ চামৰা, হৰিণাৰ চামৰা, কাঠ আদি ৰপ্তানি হয়, তেনেদৰেই সংলগ্ন দুইদেশৰ মাজত চোৰাং ভাবে চালান হয় আৰু অনেক বস্তু৷ জঙ্গলৰ কোৰ এৰিয়া, য’ত সাধাৰণ ব্যক্তিৰ প্ৰবেশ নিষেধ, তাতেই ইহঁতৰ গোপন বাণিজ্যৰ ডেৰা (জুপুৰী)৷ দুইদেশৰ প্ৰশাসনক বুড়া আঙুলি দেখুৱাই দলবল লৈ দিনে নিশাই ইহঁতৰ ৰাজত্ব৷ ইহঁত কোনো কাল্পনিক চৰিত্ৰ নহয়৷ বৰঞ্চ অধিক মাত্ৰাতেই বাস্তৱিক৷
উক্ত ঘটনাৰ আলমত কলকাতাৰ পৰা টান নামৰ এখন ১৮+ বাংলা ছবি নিৰ্মাণ কৰিছিল৷ হৃদয়স্পৰ্শী কাহিনী৷ ১৮+ যদিও, অশ্লীল দৃশ্য বিশেষ নাই৷ অৱশ্যে মুখৰ ভাষাত অশ্লীলতা বিদ্যমান৷ উক্ত অঞ্চলত তেনে অশ্লীল শব্দ মুকলি ভাবেই ব্যৱহাৰ হয়৷ আৰু সেই অঞ্চলৰ কথিত ভাষাৰ ব্যৱহাৰে চিনেমাখনক বিশেষ ৰূপত আকৰ্ষণীয় কৰি তুলিছে৷ ঋতুপৰ্ণা সেনগুপ্তাৰ অভিনয়ৰ লগতে জুবিন গাৰ্গৰ কণ্ঠই কাহিনীটো আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে৷
তথ্যসূত্ৰ
- ↑ Taan (2014). Moviebuff.com
- ↑ Taan (2014). gomolo.com
- ↑ TAAN (2012) Bengali Movie Music Release: Rituparna Sengupta, Debolina Dutta, Sumanta Chattopadhyay, Pamela. WBRi Washington Bangla Radio USA
- ↑ Taan (2014). Bengali Movies - Reviews - Celebs - Showtimes - Tollywood News - Box Office - Photos - Videos - BongoAdda.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টান (২০১৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৫১৪৩ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।