কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দ্য ডাৰ্টি পিকচাৰ
দ্য ডাৰ্টি পিকচাৰ (The Dirty Picture) কামোদ্দীপক চৰিত্ৰৰ বাবে বিখ্যাত ভাৰতীয় অভিনেত্ৰী ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত আৰু ২০১১ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন বায়’পিক সংগীতমধুৰ ড্ৰামা ছবি।
-
দ্য নাইট অৱ দ্য হাণ্টাৰ (চলচ্চিত্ৰ)
দ্য নাইট অৱ দ্য হাণ্টাৰ (The Night of the Hunter) হৈছে ১৯৫৫ চনত আমেৰিকান ফিল্ম নোৱাৰ থ্ৰিলাৰ, চাৰ্লছ লাফটনৰ পৰিচালনাত নিৰ্মিত আৰু ৰবাৰ্ট মিচাম, শ্বেলী উইণ্টাৰছ আৰু লিলিয়ান গিছ অভিনীত চিনেমা। জেমছ ৰুফাছ এজিৰ চিত্ৰনাট্য ১৯৫৩ চনত ডেভিছ গ্ৰাবৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
-
দ্য মেকিং অৱ দ্য মহাত্মা
দ্য মেকিং অৱ দ্য মহাত্মা (The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত।
-
ধামাল
ধামাল হৈছে ইন্দ্ৰ কুমাৰৰ পৰিচালনা আৰু অশোক ঠাকেৰিয়াৰ প্ৰযোজনাত ২০০৭ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কৌতুকধৰ্মী চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সঞ্জয় দত্ত, ৰিতেশ দেশমুখ, আৰ্শ্বদ ৱাৰ্ছি, আশিস চৌধুৰী আৰু জাভেদ জাফ্ৰী লগতে সহযোগী চৰিত্ৰত অভিনয় কৰিছে আছৰাণী, সঞ্জয় মিশ্ৰ, মুৰলী শৰ্মা,…
-
ধালো নৃত্য
ধালো নৃত্য (Dhalo) হৈছে ভাৰতৰ গোৱাৰ হিন্দুসকলৰ এক জনপ্ৰিয় লোক নৃত্য। নৃত্যটো মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি পৰিৱেশন কৰে। নৃত্য কৰা গানবোৰ সাধাৰণতে কোংকণী বা মাৰাঠী ভাষাত গোৱা হয়। এই গানৰ বিষয়বস্তুবোৰ সাধাৰণতে ধৰ্মীয় বা সামাজিক প্ৰকৃতিৰ হয়।
-
ধিময়
ধিময়, ধীমায়া, বা (নেৱাৰ ভাষাত: धिमय्) নেৱাৰ জনগোষ্ঠীৰ পৰম্পৰাগত নেপালী ঢোল। বাদ্যৰ শ্ৰেণীবিভাজন অনুসৰি ই অনৱদ্ধ বাদ্য, ইয়াৰ নলাকাৰ মূল গঠনটোৰ দুয়োমূৰে চামৰাৰে ঢকা।
-
নংক্ৰেম
নংক্ৰেম উৎসৱ হৈছে মেঘালয়ৰ খাচী জনজাতিৰ বাৰ্ষিক উৎসৱ। উৎসৱটো পাঁচ দিন ৰখা হয় আৰু সাধাৰণতে নৱেম্বৰ মাহত উদযাপন কৰা হয়। এই উৎসৱটো স্মৃতিত অনুষ্ঠিত হয়, যি খাচী পাহাৰৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ৰাজধানী চহৰ শ্বিলঙৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত।
-
নবাব এলএলবি
নবাব এল এল বি (ইংৰাজী শিৰোনাম: নবাব এল এল বি: বেক ফৰ জাষ্টিচ) এখন বাংলাদেশী আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য অনন্য মামুনে ৰচনা কৰিছে আৰু আজমত হোছেইনে চেলিব্ৰেটি প্ৰডাকচনৰ ব্যানাৰত প্ৰযোজনা কৰিছে।
-
নাট বল্টু
নাট বল্টু (Nut Boltu) হৈছে ভাৰতীয় বঙালী ভাষাৰ এখন হাস্যৰসাত্মক এনিমেটেড টেলিভিছন ধাৰাবাহিক। শিশুসকলৰ বাবে নিৰ্মিত এই পাৰিবাৰিক ধাৰাবাহিকখন ২০১৬ চনৰ পৰা চনী আঠ টেলিভিছন চেনেলত নিয়মিতভাৱে সম্প্ৰচাৰিত হৈ আহিছে।
-
নাদুন
নাদুন (ইংৰাজী: Nadun) হৈছে মংগুঅৰ জনগোষ্ঠীৰ (যিসকলক চীনাত টু জু বুলি জনা যায়)দ্বাৰা উদযাপিত এটা পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ নামটো মংগোলিয়াৰ নাদাম উৎসৱৰ সৈতে সাদৃশ্যপূৰ্ণ যদিও ইয়াৰ বিন্যাস আৰু বিষয়-বস্তু সম্পূৰ্ণ পৃথক।
-
নায়ক (১৯৬৬ চলচ্চিত্ৰ)
নায়ক (Nayak) ১৯৬৬ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা, পৰিচালনা আৰু সংগীত সত্যজিৎ ৰায়ৰ আছিল। কাঞ্চনজংঘাৰ (১৯৬২)ৰ পিছত এইখন সত্যজিৎ ৰায়ৰ দ্বিতীয়খন সম্পূৰ্ণ মৌলিক চিত্ৰনাট্য আছিল।
-
নাৰীবাদ আৰু আধুনিক স্থাপত্য
স্থাপত্যৰ সৈতে জড়িত নাৰীবাদী তত্ত্বই আইলিন গ্ৰেৰ দৰে মহিলা স্থপতিবিদৰ পুনৰ আৱিষ্কাৰৰ পথ প্ৰশস্ত কৰিছে। এই মহিলাসকলে এনে এক স্থাপত্যৰ কল্পনা কৰিছিল যিয়ে পৰম্পৰাগত পাৰিবাৰিক জীৱনশৈলীক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকে নাৰীবাদী তত্ত্ব বা দৃষ্টিভংগী বিবেচনা কৰি স্থাপত্যৰ অনুশীলন কৰিছিল।
-
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব (Feminist film theory) হৈছে দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰভাৱত নাৰীবাদী ৰাজনীতি আৰু নাৰীবাদী তত্ত্বৰ পৰা উদ্ভৱ হোৱা আৰু ১৯৭০ চনৰ আশে-পাশে আমেৰিকাত দৃষ্টিগোচৰ হোৱা এক তাত্ত্বিক চলচ্চিত্ৰ সমালোচনা।
-
নিয়ান লি
নিয়ান লি ( Nian Li) হৈছে চীনৰ পশ্চিম গুৱাংডং প্ৰদেশৰ এক অনন্য পৰম্পৰাগত উৎসৱ। মেণ্ডেৰিন চীনা ভাষাত “নিয়ান”ৰ অৰ্থ এবছৰ, আনহাতে “লি”ৰ অৰ্থ হৈছে এটা ৰুটিন। এই দুটা শব্দৰ সংমিশ্ৰণৰ অৰ্থ হ’ল এবছৰৰ ৰুটিন। এইদৰে মানুহে বছৰত এবাৰকৈ নিয়ান লি উদযাপন কৰে।
-
নিশান্ত
নিশান্ত (Nishant) ১৯৭৫ চনত মুক্তি পোৱা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি, যিখন বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ মূল চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত। ছবিৰ সংলাপ লিখিছে সত্যদেৱ ডুবেই।
-
নিৰ্ভয়া সমাৰোহ
নিৰ্ভয়া সমাৰোহ (Nirbhaya Samaroh) মহিলাৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' বা মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ দ্বাৰা আয়োজিত এক বাৰ্ষিক নৃত্য আৰু সাংগীতিক অনুষ্ঠান।
-
নীলকণ্ঠ (চলচ্চিত্ৰ)
নীলকণ্ঠ (Neelkantha) ২০০৭ চনত মুক্তিপ্ৰাপ্ত ৰজনী বৰ্মণ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যা ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামপূৰ্ণ জীৱনক চিত্ৰায়িত কৰা এই ছবিখনৰ কাহিনী লিখিছে প্ৰকাশ মেধিয়ে।
-
নৃসিংহ যাত্ৰা
নৃসিংহ যাত্ৰা নাটখন ভাগৱত পুৰাণৰ সপ্তম স্কন্ধ (১-১০ অধ্যায়)ৰ পৰা কাহিনী সংগ্ৰহ কৰি দৈত্যাৰি ঠাকুৰে ৰচনা কৰিছিল। নাটখনৰ মূল সমল হৈছে ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰৰ বিষয়বস্তু। ভক্তিৰসক প্ৰাধান্য দি ৰচনা কৰা নৃসিংহ যাত্ৰা নাটখনত বীৰৰসেও প্ৰাধান্য লাভ কৰিছে।
-
নেপাল সম্বৎ
নেপাল সম্বৎ (Nepala Samvat, অৰ্থাৎ "নেপাল যুগ") হৈছে নেপালৰ নেৱাৰ লোকসকলে ব্যৱহাৰ কৰা লুনিসৌৰ কেলেণ্ডাৰ। ৮৭৯ চনৰ ২০ অক্টোবৰৰপৰা আৰম্ভ হোৱাৰপৰা ১৭৬৯ চনত মল্ল বংশৰ শেষলৈকে ই নেপালৰ চৰকাৰী কেলেণ্ডাৰ আছিল।
-
নেপালৰ উৎসৱসমূহৰ তালিকা
নেপাল ধৰ্মনিৰপেক্ষ আৰু বহুসংস্কৃতিৰ জাতিৰ এক অনন্য উদাহৰণ হিচাপে থিয় দিছে, য’ত সম্প্ৰদায়ৰ ভিতৰত বৈচিত্ৰময় উৎসৱ আনন্দৰে উদযাপন কৰা হয়। নেপালত বিভিন্ন ধৰ্মীয় পটভূমিৰ ব্যক্তিসকলে একেটা চুবুৰী আৰু সমাজতে সহাৱস্থান কৰে, একত্ৰিত হৈ অসংখ্য উৎসৱৰ উদ্যাপনত অংশগ্ৰহণ কৰাৰ লগে লগে ঐক্যৰ মনোভাৱ গঢ়ি তোলে,…
-
নেপালৰ নৃত্য
নেপালৰ নৃত্য নৃত্য হৈছে মানুহৰ গতিবিধিৰ উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্বাচিত ক্ৰমৰদ্বাৰা গঠিত এক পৰিৱেশন কলা। নেপালত নৃত্য বুলি কলে লোকনৃত্য, জনগোষ্ঠীয়, ধ্ৰুপদী নৃত্যৰপৰা আধুনিক নৃত্যকে ধৰি অসংখ্য নৃত্য শৈলীৰে গঠিত। লাখেই হৈছে ভগৱানৰ কাৰ্নিভালত অসুৰৰ নৃত্য।
-
নো ৱান কিল্ডড্ জেচিকা
নো ৱান কিল্ডড্ জেচিকা ( No One Killed Jessica ) ২০১১ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে বিদ্যা বালান আৰু ৰাণী মুখাৰ্জীয়ে। জেচিকা লালৰ হত্যাকাণ্ডৰ গোচৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
নৰকাসুৰ (নাট)
নৰকাসুৰ সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ জীৱনক বিষয়বস্তু হিচাপে লৈ নাটখন ৰচনা কৰা হৈছে। নাট্যকাৰে ১৯২৬ চনত কলেজীয়া জীৱনৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীতে নাটখন লিখিছিল।
-
পঞ্জাবৰ লোক-নৃত্য
পঞ্জাবী নৃত্য (ইংৰাজী: Punjabi dances) হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ বিস্তৃত পঞ্জাব অঞ্চলৰ খিলঞ্জীয়া পঞ্জাবী জনগোষ্ঠীৰ লোক আৰু ধৰ্মীয় নৃত্যৰ এক শৃংখল। পঞ্জাবী নৃত্যৰ শৈলী অতি উচ্চ গতিৰ পৰা আৰম্ভ কৰি লেহেমীয়া গতিৰ হোৱা দেখা যায়। পঞ্জাবী নৃত্যত পুৰুষ আৰু মহিলাৰ বাবে নিৰ্দিষ্ট শৈলী থাকে।
-
পটুৱা সংগীত
পটুৱা সংগীত বা পটেৰ গান (Patua Sangeet) ভাৰতৰ পশ্চিম বংগৰ এক প্ৰাচীন লোক সংগীত ধাৰা। চিত্ৰশিল্পী আৰু পটুৱাসকলে বিভিন্ন পটচিত্ৰ অংকন কৰে আৰু পটৰ কাহিনীৰ চাৰিওফালে সংগীত ৰচনা কৰিবলৈ সাৰ্বজনিক আৰু পৌৰাণিক কাহিনী ব্যৱহাৰ কৰে। তেওঁলোকে পটচিত্ৰ দেখুৱাবলৈ ঘৰে ঘৰে যায় আৰু পট প্ৰদৰ্শনৰ লগতে পৰৱেশন কৰে।
-
পাটানি
পাটানি কোচ ৰাজবংশী মহিলাসকলৰ এক প্ৰধান পৰম্পৰাগত পোচাক। ই হাততাঁতত বোৱা এখন দীঘল কাপোৰ, যাক মহিলাসকলে বুকুৰ ওপৰত মেৰিয়াই তললৈ ভৰি ঢাকিব পৰাকৈ পিন্ধে। অসম, উত্তৰ বংগ আৰু নেপালৰ কিছুমান অংশত পাটানি দৈনন্দিন জীৱন আৰু সামাজিক-ধাৰ্মিক অনুষ্ঠানত পৰম্পৰাগত সাজ হিচাপে ব্যৱহৃত হৈ আহিছে।
-
পাঠান (চলচ্চিত্ৰ)
পাঠান হৈছে এখন হিন্দী ভাষাৰ চোৰাংচোৱা একচন-থ্ৰিলাৰ ছবি। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা লিখিত আৰু পৰিচালিত আৰু আদিত্য চোপ্ৰাই তেওঁৰ য়শ ৰাজ ফিল্মছৰ অধীনত নিৰ্মিত। শ্বাহৰুখ খান, ৫ বছৰৰ বিৰতিৰ পিছত চিনেমালৈ উভতি অহা দীপিকা পাডুকন আৰু জন আব্ৰাহামে অভিনীত এই ছবিখন ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি।
-
পান সিং তোমৰ (চলচ্চিত্ৰ)
পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।
-
পানী ছটিওৱা উৎসৱ
পানী ছটিওৱা উৎসৱ বা পানী ছটিয়াই খেলা উৎসৱ (ইংৰাজী: Water-Sprinkling Festival) হৈছে ডাই জনগোষ্ঠীৰ এক প্ৰধান আৰু পৰম্পৰাগত উৎসৱ, যাৰ জৰিয়তে তেওঁলোকৰ নতুন বছৰক আদৰা হয়।
-
পাহান চাৰ্হে
পাহান চাৰ্হে (দেৱনাগৰী: पाहां चह्रे) বা পাছা চাৰ্হে নেপাল মণ্ডলৰ বছৰৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ। কাঠমাণ্ডুত ইয়াক বিশেষ উৎসাহেৰে উদ্যাপন কৰা হয় আৰু ইয়াত পেৰেড, মুখা নৃত্য, ঘোঁৰা দৌৰ আৰু বিভিন্ন ঠাইত তিনিদিন ধৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উপাসনাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।