চোখৰ বালি (Chokher Bali) হৈছে ২০০৩ চনত মুক্তি পোৱা এখন বঙালী ভাষাৰ এখন ড্ৰামা বা নাট্যধৰ্মী ছবি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৯০৩ চনৰ চোখেৰ বালি উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল ঋতুপৰ্ণ ঘোষ। ইয়াত ঐশ্বৰ্য ৰায়ে বিনোদিনীৰ চৰিত্ৰত আৰু ৰাইমা সেনে আশালতাৰ চৰিত্ৰত অভিনয় কৰিছে। আশালতা আৰু বিনোদিনীয়ে ইজনে সিজনক চোখেৰ বালি বুলি অভিহিত কৰে। আন আন প্ৰধান চৰিত্ৰত অভিনয় কৰিছে, মহেন্দ্ৰৰ চৰিত্ৰত প্ৰসেনজিৎ চেটাৰ্জীয়ে, মহেন্দ্ৰৰ মাতৃ ৰাজলক্ষ্মীৰ চৰিত্ৰত লিলি চক্ৰৱৰ্তীয়ে, মহেন্দ্ৰৰ ঘনিষ্ঠ বন্ধু বেহাৰীৰ চৰিত্ৰত টোটা ৰায় চৌধুৰীয়ে আৰু এটা সৰু চৰিত্ৰত স্বস্তিকা মুখাৰ্জীয়ে। পিছত ছবিখন হিন্দী ভাষাত ডাব কৰা হয় আৰু সেই ভাষাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে।
মুক্তিৰ লগে লগে চোখৰ বালিয়ে সমালোচনা আৰু বক্স অফিচত ইতিবাচক সমাদৰ লাভ কৰে।১২৩
চোখৰ বালিয়ে বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি, শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন, আৰু শ্ৰেষ্ঠ কলা নিৰ্দেশনা, এই তিনিটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৩ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন লিঅ'পাৰ্ড বঁটাৰ বাবে মনোনীত কৰা হয়।৪ ১৯ অক্টোবৰত ভাৰতৰ ৩৪তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চোখেৰ বালি প্ৰদৰ্শিত হয়।৫ ২০০৩ চনত চিকাগো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ইয়াক আধিকাৰিক নিৰ্বাচন কৰা হৈছিল। তাৰোপৰি টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি ২৫টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এইখন প্ৰদৰ্শিত হৈছিল।৬
চাউণ্ডট্ৰেক
ছবিখনৰ নেপথ্য সংগীত দেৱজ্যোতি মিশ্ৰৰ আৰু উল্লেখযোগ্য যে ইয়াত কোনো নেপথ্য গীত নাই। চোখেৰ বালিত শ্ৰীলা মজুমদাৰে ঐশ্বৰ্য ৰায়ৰ বাবে আৰু সুদীপ্ত চক্ৰৱৰ্তীয়ে ৰাইমা সেনৰ বাবে ডাব কৰিছিল।
সমালোচনা
বিনোদিনীৰ চৰিত্ৰত অভিনয় কৰি ঐশ্বৰ্যই সমালোচকৰ প্ৰশংসা লাভ কৰে।৭৮৯১০ আনন্দবজাৰ পত্ৰিকাত চন্দ্ৰিল ভট্টাচাৰ্যই ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য, নেপথ্য সংগীত, শব্দ ডিজাইন, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইনৰ লগতে সুদীপ্ত চক্ৰৱৰ্তীৰ ডাবিঙৰ বাবে প্ৰশংসা কৰে। প্লেনেট বলীউডৰ একাংশু খেৰাই ছবিখনক ৮/১০ ৰেটিং প্ৰদান কৰে। তেওঁ চিত্ৰগ্ৰহণ সুন্দৰ বুলি বিবেচনা কৰিছিল আৰু গানৰ দৃশ্য গ্ৰহণত লিপ-চিংক নোহোৱাত আনন্দিত হৈছিল। অৱশ্যে তেওঁ কয় যে "ডাবিঙত বহুখিনি কম থাকি গ’ল" আৰু তেওঁ বিচাৰিছিল যে কোনোবা বেলেগ পৰিচালকে হিন্দীত ডাব কৰক। তেওঁ লগতে উল্লেখ কৰে যে ছবিখনে "পৰিৱেশ আৰু বিচাৰধাৰাই এক নিৰ্দিষ্ট দৰ্শকক আকৰ্ষণ কৰে।"১১ এবিচি অষ্ট্ৰেলিয়াৰ মাৰ্গাৰেট প'মেৰেঞ্জেই ছবিখনক ৫ টা তাৰকাৰ ভিতৰত ৩ টা তাৰকা প্ৰদান কৰি কয় যে "ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতিৰ ক্ষেত্ৰত যি অন্তৰ্দৃষ্টি দিয়ে, সেয়া আকৰ্ষণীয় আৰু ই আৱেগৰ অতিৰিক্ত বোজাৰ সৈতে সামান্য অধৈৰ্য্যতাক অতিক্ৰম কৰাৰ প্ৰৱণতা থাকে।" এবিচিৰ ডেভিদ ষ্ট্ৰেটনে ছবিখনক ৫ টা তাৰকাৰ ভিতৰত ৩.৫ তাৰকা দি মন্তব্য কৰিছিল যে ছবিখনৰ সংস্কৰণটো কেনেকৈ ৪০ মিনিট চুটিকৈ সম্পাদনা কৰা হৈছিল, অথচ ছবিখনৰ অভিনয় সুন্দৰ আৰু আকৰ্ষণীয়।১২
আৰু চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (13 November 2003). Alluring Ash. দ্য হিন্দু
- ↑ (2 April 2011). | Bollywood News | Celebrity News. বলিউড হাংগামা
- ↑ (10 January 2004). Bengali films zoom in on profits. Rediff.com
- ↑ International Film Festival Locarno
- ↑ (20 October 2003). Why Ash loves Binodini. Rediff
- ↑ The Toronto Film Festival. Time
- ↑ (5 May 2003). Ash will be remembered in Chokher Bali. Rediff
- ↑ Aishwarya's screen presence and passion play. Rediff.com
- ↑ Chokher Bali will widen my horizon. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ A director's film. দ্য হিন্দু
- ↑ Chokher Bali - movie review by Ekanshu Khera - Planet Bollywood
- ↑ Chokher Bali - movie review by Ekanshu Khera - Planet Bollywood
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোখেৰ বালি (২০০৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০২৯২৭ (৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।