অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঝুমৰ

ঝুমৰ (ইংৰাজী: Jhumar বা Jhoomar) হৈছে পাকিস্তানৰ পৰম্পৰাগত ঝাং সংস্কৃতিৰ অন্তৰ্গত এক প্ৰকাৰৰ লোক-নৃত্য। পঞ্জাবৰ চন্দলবাৰ অঞ্চলৰো ই এটা জনপ্ৰিয় নৃত্য, এই অঞ্চলত ইয়াক ঘুমবৰ বুলিও কোৱা হয়। ই এটা ধীৰ গতিৰ আৰু অধিক ছন্দময় ৰূপৰ নৃত্য। "ঝুমৰ" শব্দটো ‘ਝੂਮ’ (ঝুম) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দোলায়িত।

হালনাগাদ: ২ মে’ ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ঝুমৰ (ইংৰাজী: Jhumar বা Jhoomar) হৈছে পাকিস্তানৰ পৰম্পৰাগত ঝাং সংস্কৃতিৰ অন্তৰ্গত এক প্ৰকাৰৰ লোক-নৃত্য।১২ পঞ্জাবৰ চন্দলবাৰ অঞ্চলৰো ই এটা জনপ্ৰিয় নৃত্য৩, এই অঞ্চলত ইয়াক ঘুমবৰ বুলিও কোৱা হয়।৪ ই এটা ধীৰ গতিৰ আৰু অধিক ছন্দময় ৰূপৰ নৃত্য।৫ "ঝুমৰ" শব্দটো ‘ਝੂਮ’ (ঝুম) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দোলায়িত। সাধাৰণতে বিয়াৰ অনুষ্ঠানত ঝুমৰ পৰিৱেশন কৰা হয়।৬ এই নৃত্যৰ শিল্পীসকলে বৃত্তাকাৰে, আৱেগিক গীতৰ সুৰত নৃত্য কৰে।৬

পঞ্জাবৰ লোক-নৃত্য

ঝুমৰৰ উপৰিও পঞ্জাবত প্ৰচলিত অন্যান্য লোক-নৃত্যসমূহ হৈছে -

ভাংৰা নৃত্য: পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল।৭ ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।৮ ভাংৰাৰ এক সাধাৰণ প্ৰদৰ্শনত কেইবাজনো নৃত্যশিল্পীয়ে শৰীৰৰ জোৰদাৰ পদচালনা কৰে, জাঁপ মাৰে আৰু শৰীৰ বেঁকা কৰে। ইয়াৰ লগতে প্ৰায়ে ওপৰলৈ উঠা বাহু বা কান্ধৰ চলাচলৰ সৈতে এক সুকীয়া নৃত্যভংগীমাৰে নৃত্য কৰে। ভাংৰা নৃত্য বলিয়ান নামৰ চুটি গীতৰ সৈতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ঢোলৰ তালে তালে নৃত্য কৰা হয়।৯ ভাংৰাৰ সৈতে জড়িত ঢোলৰ এটা মূৰত জোৰেৰে আঘাত কৰে আৰু আনটো মূৰত লাহেকৈ আঘাত কৰি এক বৈশিষ্ট্যপূৰ্ণ সংগীতক তালৰ ছন্দময় ধ্বনি প্ৰস্তুত কৰা হয়।১০

গিদ্ধা নৃত্য: পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ্শন কৰে। এইটো অতি ৰঙীন নৃত্যৰ প্ৰকাৰ। এতিয়া দেশৰ সকলো অঞ্চলতে গিদ্ধা নৃত্যৰ প্ৰচলন দেখা যায়। মহিলাসকলে মুখ্যতঃ উৎসৱ বা সামাজিক অনুষ্ঠানত এই নৃত্য পৰিৱেশন কৰে। নৃত্যৰ লগত ছন্দ তুলি হাততালি বজোৱা হয় আৰু নেপথ্যত বয়স্ক মহিলাসকলে সাধাৰণ পৰম্পৰাগত লোকগীত গায়।

মালৱাই গিদ্ধা: মালৱাই গিদ্ধা পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষ সকলৰ লোকনৃত্য।১১১২১৩১৪১৫ প্ৰথমে বৃদ্ধ পুৰুষে এই নৃত্য পৰিবেশন কৰিছিল। পঞ্জাৱ অঞ্চলৰ মালৱা অঞ্চলৰ পৰা উৎপত্তি হোৱা এই নৃত্য মুক্তসৰ, বাথিণ্ডা, ফৰিদকোট, সাংগুৰুৰ, ফিৰোজপুৰ, মানছা আৰু পাটিয়ালা জিলাৰ সৈতে জড়িত।

কিকলী নৃত্য: পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি ঘূৰণীয়াকৈ ঘূৰে৷

গতকা: পঞ্জাৱৰ শিখ আৰু অন্যান্য আনুষংগিক জনগোষ্ঠী, যেনে হিন্দকোৱানৰ সৈতে জড়িত যুদ্ধ কলাৰ এক প্ৰকাৰৰ খেল।১৬১৭ ই লাঠি-যুদ্ধৰ এক শৈলী, কাঠৰ লাঠিৰে তৰোৱালৰ অনুকৰণ কৰা হয়।১৮ পঞ্জাবী ভাষা নাম, গটকা, ব্যৱহৃত কাঠৰ লাঠিডালক বুজায় আৰু এই শব্দটোৰ উৎপত্তি হয়তো সংস্কৃত শব্দ "গদা"ৰ ক্ষুদ্ৰ ৰূপ হিচাপে হ'ব পাৰে।১৯

ছাম্মি: পঞ্জাৱৰ জনজাতীয় অঞ্চল বিশেষকৈ পাকিস্তানী পঞ্জাবৰ চন্দলবৰ অঞ্চল আৰু পোথোহাৰ অঞ্চলৰ পৰা উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য শৈলী।২০২১ সাধাৰণতে প্ৰচলিত পঞ্জাবী উদযাপনৰ সময়ত পুৰুষে ছাম্মি নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও মহিলাসকলেও উজ্জ্বল ৰঙীন কুৰ্তা আৰু লেহেংগা পিন্ধি এই নৃত্য পৰিবেশন কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2019-04-29). International Dance Day is being observed today. Global Village Space
  2. ↑ Of culture and political identity · Art & Culture · thenews.com.pk. www.thenews.com.pk
  3. ↑ (1897). Punjab District Gazetteers: Shahpur District. পৃ. 93
  4. ↑ Dhillan, I. S. (1998). Folk Dances of Panjab. National Book Shop. পৃ. 55. ISBN 978-81-7116-220-8
  5. ↑ Jhumar Dance - Folk Dance Performed on Marriage Ceremonies by Men
  6. ↑ Manga, Dhiren. (2018-08-21). The Most Popular Dances of Pakistan. DESIblitz
  7. ↑ Bhangra – dance
  8. ↑ doi-org.wikipedialibrary.idm.oclc.org/10.1093/gm
  9. ↑ Vora, Shivani. (2012-01-12). A Wedding Dance That's Also a Workout. The New York Times
  10. ↑ (Jan 23, 2016). Bhangra classes offered for high school credit in B.C.. CBC News
  11. ↑ Walia, Aarohi. (2008). Folk Dances of Punjab. Unistar Books. পৃ. 64–65. ISBN 9788171426027
  12. ↑ Roy, Anjali Gera. (April 2020). Gendering Dance. Religions. পৃ. 202
  13. ↑ David, Ann R. (10 December 2015). Embodied cultural memories of the Punjab: Giddha dance and song in migrant London space. Traditiones. পৃ. 149–171
  14. ↑ Singh, Nahar; Gill, R.S. (2004). Folk Practices in Punjab. Journal of Punjab Studies. পৃ. 171–196
  15. ↑ Mooney, Nicola. (September 19, 2008). Aaja Nach Lai (Come Dance): Performing and Practicing Identity among Punjabis in Canada. Ethnologies. পৃ. 103–124
  16. ↑ یاوری, موسیٰ. (26 February 2019). 'گتکا ہماری ثقافت ہے اور ہم نے اسے قائم رکھنا ہے'. BBC News اردو
  17. ↑ Sadaqat, Muhammad. (March 17, 2019). Gatka a centuries old art of self-defence. DAWN
  18. ↑ Donn F. Draeger and Robert W. Smith. (1969). Comprehensive Asian Fighting Arts. Kodansha International Limited
  19. ↑ Ananda Lal, The Oxford companion to Indian theatre, Oxford University Press (2004),, p. 129
  20. ↑ Culture. www.punjab.gov.in
  21. ↑ Schreffler, Gibb. (2012). DESPERATELY SEEKING SAMMI: RE-INVENTING WOMen's DANCE IN PUNJAB. Sikh Formations. পৃ. 127–146

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুমৰ” প্ৰবন্ধৰ সংশোধন ৬০৪০৬৭ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।