অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জাগতে ৰহো

জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি। ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি।১ ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে। কিন্তু সৰল মানুহজন অতি সোনকালেই মধ্যবিত্তীয় লোভ আৰু দুৰ্নীতিৰ জালত আবদ্ধ হৈ পৰে।২ ছবিখনৰ চূড়ান্ত দৃশ্যত নাৰ্গিছৰ এটা সৰু ভূমিকা দেখা পোৱা যায়।৩

এই ছবিখনক বঙালী ভাষাত এক দিন ৰাত্ৰে নামেৰে নিৰ্মাণ কৰা হৈছে, য’ত ৰাজ কাপুৰ, ছবি বিশ্বাস, পাহাড়ী সান্যাল, নাৰ্গিছ দত্ত আৰু ডেইজী ইৰাণীয়ে অভিনয় কৰিছে।৪ ১৯৫৭ চনত চেকোশ্লোভাকিয়াত অনুষ্ঠিত হোৱা কাৰ্ল’ভী ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে ক্ৰিষ্টেল গ্লোব গ্ৰেণ্ড প্ৰিস্ক লাভ কৰে।৫

কাহিনী

কাম বিচাৰি চহৰলৈ অহা গাঁৱৰ এজন দুখীয়া কৃষকে পিয়াহ নিবাৰণৰ বাবে কিছু পানী বিচাৰি ফুৰিছে। তেওঁ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত প্ৰৱেশ কৰে, যাৰ বাসিন্দাসকলে তেওঁক চোৰ বুলি ভাবি খেদি ফুৰে। ধৰা পৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি তেওঁ এটা ফ্লেটৰ পৰা আন এটা ফ্লেটলৈ বগাই ফুৰে। তেওঁ লুকাই থকা ফ্লেটবোৰত বহুতো অপৰাধমূলক ঘটনা লক্ষ্য কৰে। বিড়ম্বনাৰ কথাটো হ'ল যে এই অপৰাধসমূহ সংঘটিত কৰিছে চহৰখনৰ তথাকথিত "ভদ্ৰ" নাগৰিকসকলে, যিসকলে দিনৰ ভাগত এনে এক জীৱন কটায়, যিটো বন্ধ দুৱাৰৰ আঁৰত ৰাতিৰ কাম-কাজৰ সম্পূৰ্ণ বিপৰীত।

তাতেই তেওঁ এগৰাকী কণমানি ছোৱালীক দেখা পায়। তাইৰ লগত কথা পাতে আৰু নিজৰ আত্মবিশ্বাস জগাই তোলে। এইবাৰ সাহসেৰে তেওঁ বাহিৰত তেওঁক ধৰিবলৈ অপেক্ষা কৰি থকা লোকসকলৰ মুখামুখি হয়। কিন্তু ফ্লেটৰ পৰা ওলাই আহোঁতে তেওঁ আচৰিত হয় যে তেওঁক কোনেও গুৰুত্ব দিয়া নাই। অৱশেষত তেওঁ এপাৰ্টমেণ্ট বিল্ডিঙৰ পৰা ওলাই যায়, কিন্তু তেওঁৰ পিয়াহ যে এতিয়াও নিৰ্বাপিত হোৱা নাই। হঠাৎ এটা সুৰীয়া গীত শুনি তাৰ উৎস বিচাৰি কুঁৱাৰ পৰা পানী তুলি থকা এগৰাকী মহিলাক দেখা পায়। আৰু অৱশেষত তেওঁৰ তৃষ্ণা দূৰ হয়।

সংগীত

অভিনয়ৰ বাহিৰেও সংগীত ছবিখনৰ মুখ্য আকৰ্ষণ আছিল। গীতৰ কথা শৈলেন্দ্ৰ আৰু প্ৰেম ধাৱনৰ; সংগীত ৰচনা সলিল চৌধুৰীৰ।

বঙালী সংস্কৰণ

হিন্দী সংস্কৰণত মোতীলালৰ ওপৰত চিত্ৰায়ণ কৰা "জিন্দেগী খোৱাব হায়" গীতটো বঙালী সংস্কৰণত মান্না দেৰ কণ্ঠত "এই দুনিয়াই সবই হয়" হিচাপে বাণীবদ্ধ কৰা হৈছিল আৰু ছবি বিশ্বাসৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। দুয়োটা সংস্কৰণৰ কাহিনীভাগ প্ৰায় একেই, লগতে গীতবোৰো। মহম্মদ ৰফীয়ে গোৱা আৰু শিখ চালকৰ ওপৰত চিত্ৰায়ণ কৰা "টেকি মেইন ঝুথ ব’লিয়া" দুয়োটা সংস্কৰণতে একে ধৰণৰ। লতা মংগেশকাৰে গোৱা "জাগো মোহন প্ৰীতম", দুয়োটা সংস্কৰণতে সমান, কেৱল গীতৰ কথাহে প্ৰয়োজন অনুসৰি হিন্দী আৰু বাংলালৈ সলনি কৰা হৈছিল।

অভিনয় শিল্পী

  • ৰাজ কাপুৰ (কৃষক)
  • নাৰ্গিছ (মন্দিৰৰ গায়িকা)
  • প্ৰদীপ কুমাৰ (প্ৰদীপ)
  • সুমিত্ৰা দেৱী
  • স্মৃতি বিশ্বাস
  • পাহাড়ী সান্যাল
  • সুলোচনা চেটাৰ্জী
  • ডেইজী ইৰাণী
  • মোতীলাল (কেবল হিন্দী সংস্কৰণত)
  • ছবি বিশ্বাস (কেবল বঙালী সংস্কৰণত)
  • নানা পালচিকাৰ
  • ইফটিকাৰ
  • নেমো

সঁহাৰি

বক্স অফিচ

জাগতে ৰহো ছোভিয়েট বক্স অফিচত এখন বিদেশী ব্লকবাষ্টাৰ ছবি আছিল। ছোভিয়েট ইউনিয়নত ৰাজ কাপুৰৰ জনপ্ৰিয়তাৰ বাবে ১৯৬৫ চনত ৩৩.৬ মিলিয়ন ছোভিয়েট দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।৫ ছোভিয়েট ইউনিয়নত ১৯৬৫ চনত ছবিখনে আনুমানিক ৮.৪ মিলিয়ন ৰুবল (৯.৩৩ মিলিয়ন মাৰ্কিন ডলাৰ বা ৪.৪৪ কোটি টকা) উপাৰ্জন কৰিছিল, যিটো ২০১৬ চনত ৯৩ মিলিয়ন মাৰ্কিন ডলাৰ বা ৪৭৭ কোটি টকাৰ সমতুল্য।

বঁটা

১৯৫৭ চনত চেকোস্লোভাকিয়াত অনুষ্ঠিত হোৱা কাৰ্ল’ভী ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ এটা চুটি সংস্কৰণে ক্ৰিষ্টেল গ্ল'ব গ্ৰেণ্ড প্ৰিস্ক লাভ কৰে।৬ চতুৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনৰ বঙালী সংস্কৰণ এক দিন ৰাত্ৰেই বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট পায়।৭

তথ্যসূত্ৰ

  1. ↑ Kahlon, Sukhpreet. Jagte Raho: Revisiting Raj Kapoor's socially relevant masterpiece. Cinestaan
  2. ↑ Jagte Raho (1956) - Full Cast and Crew. Cinestaan
  3. ↑ Jagte Raho (1956) - Cinestaan.com. Cinestaan
  4. ↑ Ek Din Raatre. Gomolo
  5. ↑ Sergey Kudryavtsev. Зарубежные популярные фильмы в советском кинопрокате (Индия)
  6. ↑ 10th Karlovy Vary IFF. Film Servis Festival Karlovy Vary
  7. ↑ 4th National film Awards

সম্পৰ্কিত শ্ৰেণী

১৯৫৬ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাগতে ৰহো” প্ৰবন্ধৰ সংশোধন ৬৩৭১৪৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।