জেতুকী (Jetuki ১৯৮৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। চন্দ্ৰজ্যোতি চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আৰু পৰিচালক চন্দ্ৰ তালুকদাৰ। কাহিনী আৰু চিত্ৰনাট্যও পৰিচালকজনে ৰচনা কৰিছে। সংগীত আৰু চিত্ৰগ্ৰহণ সুজিত সিংহৰ। এইখনে শেষ অসমীয়া ক’লা-বগা ছবি। নিৰ্মাণ আৰম্ভ কৰাৰ বহু বছৰ পিছত প্ৰযোজকে ছবিখন মুক্তি দিবলৈ সক্ষম হৈছিল।
নাম ভূমিকাত অভিনয় কৰিছে বিদ্যা ৰাৱে। বিদ্যা ৰাওৰ বিপৰীতে আছে মৃণাল কুমাৰ। ‘জেতুকী’ত বিজু ফুকনে এটা সৰু চৰিত্ৰত অতিথি শিল্পীৰূপে ভূমুকি মাৰিছে, য’ত তেওঁ এটা গীতৰ দৃশ্যত অভিনয় কৰিছে।
গীত ৰচনা সুজিত সিংহ আৰু হেমন্ত দত্তৰ। কণ্ঠদান কৰিছে হেমলতা, পুলক বেনাৰ্জী, আল্পনা মহন্ত, নৰেন বৰুৱা, ৰুণু চৌধুৰী, আদিল শ্বাহ আৰু অঞ্জনা বৰুৱাই।১
কাহিনীৰ সাৰাংশ
জেতুকী এজনী সহজ-সৰল, দুখীয়া গাঁৱলীয়া ছোৱালী। জেতুকীৰ সৈতে প্ৰেম হয় চহৰৰ চহকী পৰিয়ালৰ সন্তান প্ৰদীপৰ। এই সম্পৰ্কত বিৰোধিতা কৰে প্ৰদীপৰ দেউতাকে। সেইবাবে প্ৰদীপে ঘৰৰ পৰা ওলাই আহি জেতুকীক বিবাহ কৰায়। দাম্পত্য জীৱনৰ চিন স্বৰূপে তেওঁলোকৰ ল’ৰা এটা ওপজে। বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে কাহিনী আগবাঢ়ে আৰু সামৰণিত পুত্ৰ, বোৱাৰী আৰু নাতিক প্ৰদীপৰ দেউতাকে আদৰি লয়।১
অভিনয় শিল্পী
- বিদ্যা ৰাও (অভিনেত্ৰী)
- মৃণাল কুমাৰ
- তুলসী দাস
- ধৰণী চৌধুৰী
- ৰুণু বৰুৱা
- আল্পনা মহন্ত
- ইন্দ্ৰ বণিয়া
- ললিত বৰা
- পবিত্ৰ ডেকা
- বিজু ফুকন (অতিথি শিল্পী)১
তথ্যসূত্ৰ
- ↑ Jetuki (1987). youtube.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেতুকী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩১৮৬৫৩ (৮ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।