কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কথাপুৰুষন
কথাপুৰুষন ( Kathapurushan )) অদুৰ গোপালকৃষ্ণন ৰচিত আৰু পৰিচালিত ১৯৯৫ চনৰ মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক স্বয়ং গোপালকৃষ্ণন আৰু সহ-প্ৰযোজক এন.এইচ.কে.। ছবিখনত অভিনয় কৰিছে বিশ্বনাথন, মিনি নায়াৰ, অৰণমুলা প’ন্নম্মা, নৰেন্দ্ৰ প্ৰসাদ আৰু উৰ্মিলা উন্নী।
-
কলকাতাৰ দুৰ্গা পূজা
কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়। এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।
-
কল্কি ২৮৯৮ এডি (চলচ্চিত্ৰ)
কল্কি ২৮৯৮ এডি (KALKI 2898-A.D) হৈছে নাগ অশ্বিনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন আগন্তুক ভাৰতীয় মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক হৈছে বৈজয়ন্তি মুভিজৰ সি.অশ্বিনী দত্ত। ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান, দীপিকা পাডুকন, দিশা পাটানি ইত্যাদিয়ে অভিনয় কৰিছে।
-
কাজৰী
কাজৰী (কজৰি বুলিও লিখা হয়) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ভোজপুৰী অঞ্চলৰপৰা উৎপত্তি হোৱা এক পৰম্পৰাগত লোকগীত আৰু নৃত্য ৰূপ। ই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বৃহত্তৰ পৰম্পৰাৰ ভিতৰত এক অৰ্ধ-শাস্ত্ৰীয় সংগীত ধাৰা, যি সাধাৰণতে বৰষুণৰ বতৰত (জুনৰ শেষৰপৰা ছেপ্টেম্বৰলৈ) পৰিৱেশন কৰা হয়, যেতিয়া…
-
কাদম্বৰী (চলচ্চিত্ৰ)
কাদম্বৰী (Kadambari ) হ'ল ২০১৫ চনত মুক্তিপ্ৰাপ্ত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক হ'ল সুমন ঘোষ আৰু প্ৰযোজক ৰাকেশ সিং। এই ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী কাদম্বৰী দেৱীৰ বায়’পিক। কঙ্কনা সেন শৰ্মা আৰু পৰমব্ৰত চট্টোপাধ্যায়ে এই চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিছে।
-
কাবনে
with saffron kabney (reserved for the Bhutanese king and chief abbot).]] কাবনে (:kabney; জোংখা: བཀབ་ནེ་, ৱাইলি: bkab-ne) হৈছে ভূটানৰ পুৰুষ সকলৰ পৰম্পৰাগত আৰু জাতীয় সাজ-পোছাক ঘোৰৰ অংশ হিচাপে পিন্ধা এক ৰেশমী স্কাৰ্ফ।
-
কাবাড়ী আট্টাম
কাবাড়ী আট্টাম (তামিল: காவடி ஆட்டம்) ( Kabadi Aattam) হিন্দু যুদ্ধৰ দেৱতা “মুৰুগান’’ অৰ্থাৎ কৰ্তিকৰ পূজাৰ সময়ত ভক্তসকলে কৰা এক আনুষ্ঠানিক বলিদান আৰু প্ৰসাদ। ই থাইপুছাম উৎসৱৰ কেন্দ্ৰীয় অংশ আৰু এই অনুষ্ঠানত ভক্তৰ মানসৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
কৃষ্ণনাট্টম
কৃষ্ণনাট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ এটা মন্দিৰৰ এবিধ নৃত্য-নাট্য কলা।। ইয়াত কৃষ্ণৰ কাহিনী অভিনয় কৰি দেখুওৱা হয়। কেৰালাৰ কোঝিকোডৰ ৰজা মানৱেদে ইয়াক সৃষ্টি কৰিছিল। কেৰালাৰ ত্ৰিশূৰৰ জিলাৰ গুৰুৱায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰত এই শিল্প আজীৱন জীয়াই আছে। ই কথাকলি নৃত্যৰ মূল প্ৰাচীন ৰূপ।
-
কৃষ্ণপুৰম প্ৰাসাদ
কৃষ্ণপুৰম প্ৰাসাদ দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুয়া জিলাৰ কায়ামকুলাম চহৰৰ ওচৰত অৱস্থিত এখন প্ৰাসাদ আৰু সংগ্ৰহালয়। ট্ৰাভাংকোৰ ৰাজ্যৰ ৰজা অনিঝাম থিৰুনাল মাৰ্তণ্ড বাৰ্মাই (১৭২৯–১৭৫৮ খ্ৰীষ্টাব্দ) অষ্টাদশ শতিকাত এই প্ৰাসাদখন নিৰ্মাণ কৰাইছিল।
-
কেদ্দাছো
কেদ্দাছো, কেদ্দাসোৱে বা কেদ্দাছা বা ভূমি পুজে বুলিও বানান কৰে, দক্ষিণ ভাৰতৰ তুলুনাডু অঞ্চলত "পৃথিৱী মাতৃ পূজাৰ উৎসৱ" বুলি জনপ্ৰিয়ভাৱে জনা যায়। পৃথিৱী মাতৃ (ভূমি দেৱী) ঋতুস্ৰাৱ হয় আৰু তুলুনাডুত ‘কেদ্দাছা’ৰ নামত এই দিনটো সামগ্ৰিকভাৱে পালন কৰা হয়।
-
কেৰালাৰ সংগীত
কেৰালা ৰাজ্যৰ এক অতি ব্যাপক আৰু চহকী সংগীত পৰম্পৰা আছে। ইয়াৰ গীতসমূহৰ মাজত নৱম শতিকাৰ মালয়ালম সাহিত্যৰ সমল পোৱা যায়। মালয়ালম ভাষাৰ মাজেৰে লোক-কবিতা আৰু সংগীতৰ গুৰুত্ব প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলৰ সংগীত কেইবাটাও বেলেগ বেলেগ দিশত বিকশিত হৈছিল।
-
কেৰু
কেৰু (𑜀𑜢𑜐𑜫) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। কেৰু অতীততে চুতীয়া আৰু আহোম ৰাজ্যত প্ৰচলিত আছিল। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু,জাংফাই কেৰু, লং কেৰু ইত্যাদি।
-
কোছাৰী নৃত্য
কোছাৰী( Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷ আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,আজাৰবাইজান, কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷
-
কোট্টাংকুলাঙ্গাৰা উৎসৱ
কোট্টাংকুলাঙ্গাৰা উৎসৱ হৈছে ভাৰতৰ কেৰালাৰ কোল্লাম অঞ্চলৰ কোট্টাঙ্কুলাঙ্গাৰা দেৱী মন্দিৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক হিন্দু উৎসৱ। এই উৎসৱ উপলক্ষে হাজাৰ হাজাৰ পুৰুষে মহিলাৰ দৰে পোছাক পৰিধান কৰে। ভগৱতী দেৱী এই উৎসৱৰ আৰাধ্য দেৱতা।
-
কোলাট্টম
কোলাট্টম ( Kolattam) হৈছে প্ৰধানকৈ তামিলনাডু আৰু কেৰালাত প্ৰচলিত এক প্ৰাচীন লোকনৃত্য। সাধাৰণতে মহিলাসকলে প্ৰতিখন হাতত এটাকৈ দুটা সৰু কাঠৰ লাঠি ব্যৱহাৰ কৰি সম্পন্ন কৰে। সাধাৰণতে নৃত্যশিল্পীসকলে বৃত্তৰ দৰে থিয় হৈ লোকগীত গোৱাৰ সময়ত লাঠিবোৰ ইটোৱে সিটোৰ ওপৰত ক্ৰিছক্ৰছ কৰি এটা নিৰ্দিষ্ট ছন্দ সৃষ্টি কৰে।
-
ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)
ক্লেশ্ব অফ দ্য টাইটানছ ২০১০ চনৰ এখন ফেণ্টাছী এডভেঞ্চাৰ চলচ্চিত্ৰ যি ১৯৮১ চনৰ একে নামৰ চলচ্চিত্ৰৰ এক পুনৰ্নিৰ্মাণ (যাৰ স্বত্ব ১৯৯৬ চনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ক্ৰয় কৰে)। ইয়াৰ কাহিনীভাগ উপৰুৱাকৈ গ্ৰীক কিংবন্তিৰ পাৰ্চিয়াছৰ ওপৰত আধাৰিত।
-
কৰভাৰ
কৰভাৰ( Karbhar) নামনি অসমৰ কিছুমান সত্ৰত প্ৰচলিত এক পৰম্পৰা৷ এই প্ৰথা আৰম্ভ কৰিছিল মাধবদেৱে৷ গুৰুসকলৰ তিৰোভাৱ তিথিত সত্ৰৰ ভকতসকলে বিভিন্ন বস্তু ভাৰ বৈ গায়ন-বায়নসহ আহি সত্ৰক শোধায়, এয়েই কৰভাৰ৷ গুৰু চৰিত কথাত আছে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ মাহেকীয়া শ্ৰাদ্ধ পাতিবলৈ অৰ্থৰ অভাৱ হোৱাত মাধবদেৱে…
-
কৰৱা চৌথ
কৰৱা চৌথ (Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়। বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে।
-
খনিকৰ (নাট)
খনিকৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন পূৰ্ণাংগ অসমীয়া নাটক। ১৯২৮ চনত লিখিবলৈ আৰম্ভ কৰা নাটখনি ১৯৪০ চনত লিখা সম্পূৰ্ণ হয়। এই নাটখনিত শিল্প-ভাস্কৰ্যৰ প্ৰতি অনুৰক্ত নবীন নামৰ এজন ডেকাল'ৰাই বিভিন্ন প্ৰতিকূলতা নেওচি বিলাতলৈ গৈ এজন প্ৰখ্যাত শিল্পকাৰ হৈ উঠাৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
খাদান
খাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ লেখক আৰু পৰিচালক হৈছে সুজিত ৰিনো দত্ত। ক্ৰমে সুৰিন্দৰ ফিল্মছ আৰু দেৱ এণ্টাৰটেইনমেণ্ট ভেনচাৰৰ বেনাৰত নিসপাল সিং আৰু দেবৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত দেৱে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে, লগতে মুখ্য চৰিত্ৰৰ সৈতে…
-
খৰম
খৰম বা পাদুকা (সংস্কৃত: पादुक, pāduka) দক্ষিণ এছিয়াৰ এটা প্ৰাচীন পাদুকাৰ ৰূপ, য'ত এখন তলুৱা আৰু বুঢ়া আঙুলি আৰু দ্বিতীয় আঙুলিৰ মাজত ধৰা এটা খুঁটি থাকে। ইয়াক ঐতিহাসিকভাৱে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত ব্যৱহাৰ কৰা হৈছিল।
-
গংগুবাই কাঠিয়াৱাড়ী (চলচ্চিত্ৰ)
গংগুবাই কাঠিয়াৱাড়ী ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক অপৰাধ নাট্যধৰ্মী ছবি। পৰিচালনা সঞ্জয় লীলা ভাঞ্চালীৰ আৰু প্ৰযোজনা কৰিছে ভাঞ্চালীয়ে নিজে আৰু জয়ন্তীলাল গাদাই।
-
গঙ্গা পূজা
গঙ্গা পূজা (Ganga Puja) উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়।
-
গল্ডেন গেট, কিয়েভ
কিয়েভৰ গোল্ডেন গেট (Golden Gate of Kyiv) আছিল একাদশ শতিকাত কিয়েভান ৰুছৰ ৰাজধানী কিয়েভ নগৰীৰ দুৰ্গ-প্ৰাচীৰৰ মুখ্য প্ৰৱেশদ্বাৰ। ইয়াৰ নাম সম্ভৱতঃ কনষ্টাণ্টিনোপলৰ গোল্ডেন গেটৰ অনুকৰণত ৰখা হৈছিল। মধ্যযুগত এই স্থাপনাটো ভাঙি পেলোৱা হয় আৰু ইয়াৰ অস্তিত্বৰ অতি কমসংখ্যক অৱশেষহে পোৱা গৈছিল।
-
গান্ধী শান্তি বঁটা
গান্ধী শান্তি বঁটা (Gandhi Peace Award) হৈছে বছৰি প্ৰদান কৰা এক বঁটা আৰু নগদ পুৰস্কাৰ।এই বঁটা আন্তৰ্জাতিক শান্তি আৰু সদিচ্ছাৰ প্ৰচাৰত আগবঢ়োৱা অৱদানৰ বাবে ব্যক্তিসকলক প্ৰদান কৰা হয়।
-
গান্ধী, মাই ফাদাৰ
গান্ধী, মাই ফাদাৰ (Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল।
-
গাভৰু চাং
গাভৰু চাং ( Gabharu Chang) অসমত প্ৰাচীন কালৰেপৰা বসবাস কৰি অহা কিছুমান জনজাতীয় সমাজত প্ৰচলিত এক ব্যৱস্থা। এই ব্যৱস্থাৰ দ্বাৰা একোখন গাঁৱত অবিবাহিতা গাভৰুসকলৰ বাবে একোখন উমৈহতীয়া চাংঘৰ থাকে৷ এই চাংঘৰতে গাভৰুসকলে সাংসাৰিক আৰু সামাজিক সকলো বিষয়ৰ শিক্ষা লাভ কৰে৷ ডেকা চাং যিদৰে ডেকাসকলৰ বাবে সাংসাৰিক…
-
গামছা
গামছা (বা গামচা, গামুছা (ওড়িয়া), গামোচা (অসমীয়া) আৰু অংগোছা ) হৈছে পৰম্পৰাগত মোটা কপাহী কাপোৰৰ আয়তাকাৰ টুকুৰা, কেতিয়াবা চেকযুক্ত ডিজাইনৰ, যিটো ভাৰতীয় উপমহাদেশৰ পুৰুষে পৰম্পৰাগত গামোচা হিচাপে পিন্ধে, প্ৰধানকৈ পূব ভাৰতত (অসমকে ধৰি), বাংলাদেশত, লগতে নেপালৰ পূব তেৰাই গামছা পিন্ধা হয়।
-
গাৰ্গয়্ল
গাৰ্গোইল (/ˈɡɑːrɡɔɪl/) হৈছে অট্টালিকাত খোদিত শিলামূৰ্তি যাক পানীৰ টোপাল ছাদৰ পৰা আৰু অট্টালিকাৰ কাষৰ পৰা আঁতৰত কঢ়িয়াই নিবলৈ সজোৱা কৰা হয়, এইদৰে শিলৰ দেৱালৰ তললৈ পানী বাগৰি যোৱাৰ পৰা বাধা দিয়া হয়।
-
গাৰ্জা পূজা
গাৰ্জা পূজা অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক ধৰ্মীয় অনুষ্ঠান। বড়োসকলে ইয়াক 'মওদাই হওনাই' বুলিও কয়। 'মওদাই হওনাই'ৰ অৰ্থ হৈছে অশুভ শক্তি বা অপদেৱতা বিতাড়ন কৰা। ই এক সমূহীয়া ভিত্তিত কৰা পূজা।