অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ

ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ হৈছে চীনৰ শ্বানদং প্ৰদেশৰ ছিংদাও চহৰত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক উৎসৱ। এই অনুষ্ঠানটো চীনৰ ৰাষ্ট্ৰীয় মন্ত্ৰ্যালয়সমূহ আৰু ছিংদাও পৌৰ চৰকাৰে যৌথভাৱে স্পনছৰ কৰে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ হৈছে চীনৰ শ্বানদং প্ৰদেশৰ ছিংদাও চহৰত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক উৎসৱ। এই অনুষ্ঠানটো চীনৰ ৰাষ্ট্ৰীয় মন্ত্ৰ্যালয়সমূহ আৰু ছিংদাও পৌৰ চৰকাৰে যৌথভাৱে স্পনছৰ কৰে।

ইতিহাস

ছিংদাও চহৰ প্ৰতিষ্ঠা হোৱাৰ ১০০বছৰীয়া জয়ন্তী উদ্‌যাপনৰ বাবে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ অনুষ্ঠিত কৰা হৈছিল। প্ৰথমটো উৎসৱ আয়োজনৰ ক্ষেত্ৰত ছিংতাও বিয়েৰে মুখ্য ভূমিকা লৈছিল। এই উৎসৱসমূহৰ মুখ্য আকৰ্ষণসমূহ হৈছে কলাত্মক পেৰেড, "বিয়েৰ কাৰ্নিভাল" খেল, বিয়েৰৰ সোৱাদ গ্ৰহণ, বিয়েৰ পান কৰা প্ৰতিযোগিতা, সংগীত, খাদ্য, পাৰস্পৰিক প্ৰদৰ্শনী, বিভিন্ন ব্ৰেৱৰীৰ বিয়েৰ টেণ্ট, বাণিজ্য প্ৰদৰ্শনী, গালা প্ৰদৰ্শনী, কাৰ্নিভাল এমিউজমেণ্ট পাৰ্কৰ খেল তথা ৰাইডছ, আনকি বিকিনি মডেল প্ৰতিযোগিতাও ইয়াত অন্তৰ্ভুক্ত থাকে।১

প্ৰতি বছৰে আগষ্ট মাহৰ দ্বিতীয়টো সপ্তাহৰপৰা এই উৎসৱ আৰম্ভ হয় আৰু ১৬ দিন ধৰি চলে।

গুৰুত্বপূৰ্ণ দিশসমূহ

এই উৎসৱটো চহৰখনেৰ একাধিক স্থানত অনুষ্ঠিত কৰা হয়। ২০১৫ চনত এটা ৬৬.৬ হেক্টৰ জোখৰ স্থান নিৰ্মাণ কৰা হৈছিল, য’ত বিয়েৰ টেণ্ট আৰু প্লাষ্টিকৰ কেৰিয়াৰ বেগত (উৎসৱৰ এটা পৰম্পৰা) বিয়েৰ বিক্ৰী কৰা বাবে থকা ষ্টল আছিল। ইয়াৰ লগতে জাৰ্মানীৰ বাভেৰিয়ান বেণ্ড সংগীত, দলগতভাৱে বিয়েৰ খোৱা প্ৰতিযোগিতা, পেকিং অপেৰা প্ৰদৰ্শনী আৰু কেৰাওকে আদিৰো ব্যৱস্থা আছিল।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 青岛国际啤酒节
  2. ↑ (7 August 2015). Millions gather for Chinese 'Oktoberfest'

সম্পৰ্কিত শ্ৰেণী

চীনৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিংদাও আন্তঃৰাষ্ট্ৰীয় বিয়েৰ উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৪৯০০ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।