অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ)

চোখেৰ বালি হৈছে এখন বাংলা নাট্য চলচ্চিত্ৰ, যিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ একেই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি সতু সেনে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰটো ৩০ জুলাই ১৯৩৮ তাৰিখে এছ’চিয়েটেড প্ৰডিউচাৰ্ছৰ অধীনত মুক্তি লাভ কৰিছিল। এই ছবিখন চোখেৰ বালি উপন্যাসৰ প্ৰথমটো চলচ্চিত্ৰ ৰূপান্তৰ আছিল।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৫ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চোখেৰ বালি হৈছে এখন বাংলা নাট্য চলচ্চিত্ৰ, যিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ একেই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি সতু সেনে পৰিচালনা কৰিছিল।১২ এই চলচ্চিত্ৰটো ৩০ জুলাই ১৯৩৮ তাৰিখে এছ’চিয়েটেড প্ৰডিউচাৰ্ছৰ অধীনত মুক্তি লাভ কৰিছিল।৩ এই ছবিখন চোখেৰ বালি উপন্যাসৰ প্ৰথমটো চলচ্চিত্ৰ ৰূপান্তৰ আছিল।৪

কাহিনী

এই চলচ্চিত্ৰখন এগৰাকী যৌৱনা বিধৱা বিনোদিনী আৰু মহেন্দ্ৰৰ অবৈধ প্ৰেম সম্পৰ্কক কেন্দ্ৰীভূত। মহেন্দ্ৰৰ পত্নী আশালতা বিনোদিনীৰ এক ঘনিষ্ঠ বান্ধৱী। স্নেহ আৰু মৰমৰ বাবে বিনোদিনীয়ে মহেন্দ্ৰৰ পৰিয়ালৰ সৈতে বাস কৰিবলৈ আহে। মহেন্দ্ৰৰ শৈশৱৰ ঘনিষ্ঠ বন্ধু বিহাৰীয়ো বিনোদিনীৰ প্ৰতি মানসিকভাৱে আকৰ্ষিত হৈ পৰে।৫৬

অভিনেতা-অভিনেত্ৰী

  • ছাবি বিশ্বাস — বিহাৰী
  • ৰমা বেনাৰ্জী — অন্নপূৰ্ণা
  • মনোৰঞ্জন ভট্টাচাৰ্য — সাধুচৰণ
  • হৰেণ মুখোপাধ্যায় — মহেন্দ্ৰ
  • সুৱপ্ৰভা মুখোপাধ্যায় — বিনোদিনী
  • শান্তিলতা ঘোষ — ৰাজলক্ষ্মী
  • ইন্দিৰা ৰায় — আশালতা
  • অট্ৰি গুহ ঠাকুৰতা
  • শিৱকালী চট্টোপাধ্যায়

ঠাকুৰৰ প্ৰতিক্ৰিয়া

ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই চলচ্চিত্ৰখন জোড়াসাঁকোত থাকোঁতে চাইছিল৭ আৰু পিছত ১৯৩৮ চনৰ ৪ আগষ্ট তাৰিখে শান্তিনিকেতনৰ পৰা এখন পত্ৰত লিখিছিল:

কলিকাতাত থাকোঁতে মোৰ চিনেমা-নাট্য "চোখেৰ বালি" চোৱাৰ সুযোগ হৈছিল। বিশেষকৈ অভিনয় কলাৰ প্ৰশংসনীয় দক্ষতা মোৰ মনত গভীৰ প্ৰভাৱ পেলালে। অভিনেতাসকলে যি ধৰণে নায়ক-নায়িকাৰ গভীৰ মানসিক দ্বন্দ্ব উদ্ভাৱন কৰি এটা উত্তেজনাপূৰ্ণ নাটক সৃষ্টি কৰিছে, তাৰ যোগেদি তেওঁলোকৰ প্ৰকৃত পৰিশ্ৰম প্ৰকাশ পাইছে...

৪৮

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Chokher Bali (1938). The A.V. Club
  2. ↑ FilmiClub. Chokher Bali (1938). FilmiClub
  3. ↑ Chokher Bali (1938). Indiancine.ma
  4. ↑ Rai, Anugamini; Rai, Shri Krishan. (2015-10-05). Adaptations: Some Journeys from Words to Visuals. Cambridge Scholars Publishing. ISBN 978-1-4438-8409-9
  5. ↑ Hawker, Philippa. (2005-09-28). Chokher Bali: A Passion Play. The Age
  6. ↑ Chakraborty, Mridula Nath. (2014-03-26). Being Bengali: At Home and in the World. Routledge. ISBN 978-1-317-81890-8
  7. ↑ Service, Statesman News. (2020-05-11). Page to Screen. The Statesman
  8. ↑ Some Journeys from Words to Visuals. Adaptations

সম্পৰ্কিত শ্ৰেণী

বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৬২৪২ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।