ঝালিমাটিৰ গান গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ইয়াৰ মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। গোৱালপাৰা জিলাৰ ঠাইবিশেষে ইয়াক বড় পুৰাণ, সংকীৰ্তন আদি নামেৰেও জনা যায়। এই গীতসমূহ আধ্যাত্মিক তত্ত্বমূলক কৰুণ-ভক্তিৰসেৰে সমৃদ্ধ।১
ব্যৱহৃত বাদ্যযন্ত্ৰ
ঝালিমাটিৰ গানত ব্যৱহৃত প্ৰধান বাদ্যযন্ত্ৰবোৰ হৈছে খোল, তাল আৰু ঝালি। খোলটো সাধাৰণ খোলতকৈ কিছু দীঘলীয়া ধৰণৰ। খোলটো মাটিৰে নিৰ্মাণ কৰা হয়। ‘ঝালি’ সাধাৰণ তালতকৈ চেপেটা আৰু বহল আ্কৃতিৰ এবিধ বিশেষ তাল। ‘ঝালি’ আৰু ‘মাটিৰ খোল’ ব্যৱহাৰ কৰি এইবিধ লোকগীত গোৱা হয় বাবেই ইয়াক ‘ঝালিমাটিৰ গান’ বুলি কোৱা হয়।২
বিভিন্ন ধৰণৰ ঝালিমাটিৰ গান
এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে ‘ঝালিমাটিৰ গান’ গোৱা আৰম্ভ হয় আৰু ই মৃতকৰ শ্ৰাদ্ধ আদি সম্পন্ন হোৱালৈকে ই চলি থাকে। অৱশ্যে কাৰ্য্য অনুসৰি ইয়াৰ বিষয়বস্তু আৰু নাম বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে মৃতকক সাঙীত তুলি শ্মশানলৈ লৈ যাওঁতে, শ্ৰাদ্ধৰ সময়ত, পিণ্ড দানৰ সময়ত এই গীতৰ ৰূপ ভিন্ন হ’ব পাৰে।৩
সংস্কৃতিত
এই গীত পৰিবেশনৰ ক্ষেত্ৰত বা ইয়াৰ লগত জড়িত বাদভযন্ত্ৰ সমূ্হৰ সংৰক্ষণৰ ক্ষেত্ৰত থকা কঠোৰ নিয়ম-নীতিৰ বাবেই এই গীতবিধ পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম হৈছে বুলি বহুতে মতপোষণ কৰে।
তথ্যসূত্ৰ
- ↑ ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭
- ↑ ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭
- ↑ ড॰ যতীন বৰুৱা (১৬ - ৩১ অক্টোবৰ, ২০১৪). "ঝালিমাটিৰ গান". প্ৰান্তিক. খণ্ড ৩৩ শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ৪৬-৪৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝালিমাটিৰ গান” প্ৰবন্ধৰ সংশোধন ৩৬৪৮৮৫ (৮ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।