অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছাবা আজাদ

ছাবা আজাদ ( Saba Azad; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ছাবা আজাদ ( Saba Azad; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।৩ ৰোমান্টিক কমেডী ছবি “মুঝছে ফ্ৰেণ্ডশ্বিপ কৰোগে”ত (২০১১) মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।৪ ২০১৬ চনৰ ৱাই-ফিল্মছ ৱেব ছিৰিজ “লেডিজ ৰুম”তো ডিংগোৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

আজাদৰ জন্ম দিল্লীত পাঞ্জাবী পিতৃ আৰু কাশ্মীৰী মাতৃৰ ঘৰত হৈছিল।৫ তেওঁ থিয়েটাৰৰ মহান কলাকাৰ চফদাৰ হাছমীৰ ভতিজী। নাট্য পৰিয়ালত জন্মগ্ৰহণ কৰা আজাদে অতি কম বয়সৰ পৰাই ছফদাৰ হাছমীৰ নাট্যদল জন নাট্যমঞ্চৰ সৈতে তেওঁলোকৰ মঞ্চ প্ৰযোজনাত অভিনয় কৰিছিল, য'ত তেওঁ হবিব তনবীৰ, এম কে ৰাইনা, জি পি দেশপাণ্ডে আৰু এন কে শৰ্মাৰ সৈতে কাম কৰিছিল।৬ ইয়াৰ উপৰিও তেওঁ অডিচি, ক্লাছিকেল বেলে, জাজ, লেটিনৰ দৰে নৃত্যৰ লগতে সমসাময়িক নৃত্যৰ ক্ষেত্ৰতো প্ৰশিক্ষণ লৈছিল।৭ তেওঁৰ ওডিচি গুৰু কিৰণ ছেহগালৰ সৈতে ইংলেণ্ড, কানাডা আৰু নেপালকে ধৰি দেশৰ ভিতৰত আৰু বাহিৰত অনুষ্ঠান পৰিৱেশন কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Bahuguna, Lavanya. (27 March 2017). This Sikh Actress With An Islamic Name Explaining Her Religious Belief Is A Slap On The Face Of Extremists. IWB
  2. ↑ (19 December 2011). Birds of then. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Chakrabarti, Paromita. (10 December 2008). Change of Scene. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  4. ↑ (13 October 2011). When Saba lost her tresses!. Hindustan Times
  5. ↑ (26 December 2011). Mongrel me. The Times of India
  6. ↑ Doshi, Riddhi. (1 January 2009). My uncle was my mentor. DNA
  7. ↑ (17 October 2011). Mujhse Fraaandship Karoge. India Today

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাবা আজাদ” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৭০ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।