জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয় কৰিছে৷ অনাকাংক্ষিত মানসিক পৰিস্থিতিৰ সন্মুখীন হৈ বৈবাহিক জীৱন ত্যাগ কৰা 'জিয়া' নামৰ মাতৃগৰাকীৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ত আলোকপাত কৰা ছবিখনে প্ৰাগ চিনে বঁটা ২০২৪ত ৫ টাকৈ মনোনয়ন আৰু ৪টা শাখাত বিজয় সাব্যস্ত কৰে৷ ইয়াৰ ভিতৰত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটাটোও আছে৷ ১
কাহিনী
ছবিখনত জীয়া (শৰ্মিষ্ঠা চক্ৰৱৰ্তী) নামৰ এগৰাকী যুৱতীৰ কাহিনী কোৱা হৈছে, যিয়ে নিৰ্যাতনৰ সন্মুখীন হোৱা যুগ্ম জীৱনৰ পৰা আঁতৰি আহে আৰু একক মাতৃত্বৰ প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰাৰ প্ৰয়াস কৰে৷ জিয়াৰ সংগ্ৰামত সহায় কৰে তেওঁৰ ঘনিষ্ঠ বান্ধৱী পল্লৱীয়ে (ইপ্সিতা হাজৰিকা)৷ শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয় যে "জিয়া" কেৱল জিয়াৰ কাহিনী নহয় বৰঞ্চ প্ৰতিগৰাকী নাৰী আৰু মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি৷ ছবিখন তেওঁলোকৰ দৈনন্দিন সংগ্ৰাম আৰু শক্তিৰ চিত্ৰণ৷ ২
অভিনয়ত
- জিয়াৰ চৰিত্ৰত শৰ্মিষ্ঠা চক্ৰৱৰ্তী
- পল্লৱীৰ চৰিত্ৰত ঈপ্সিতা হাজৰিকা
- অভিৰ চৰিত্ৰত ৰিকি শৰ্মা
- পাপলুৰ চৰিত্ৰত কৌশিক ভৰদ্বাজ
- জিয়াৰ প্ৰাক্তন স্বামীৰ চৰিত্ৰত মনোজ বৰকটকী
- পল্লৱীৰ বন্ধুৰ চৰিত্ৰত উদয়ন দুৱৰা
- জিয়াৰ কন্যা সন্তানৰ চৰিত্ৰত আৰাধ্যা মহন্ত
আন বিভাগত
- মুখ্য সহকাৰী পৰিচালক:অৰিন্দম কাশ্যম
- প্ৰডাকচন মেনেজাৰ: বিভাস সিনহা
- সাজসজ্জা: ঈপ্সিতা হাজৰিকা
- ৰূপসজ্জা: জাৰা জিয়া
মুক্তি
ছবিখনে ২০২৪ চনৰ ১৭ মে'ত অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ ৩২
সংগীত
ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে অম্বৰ দাস৷ ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছে অংগৰাগ মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ, শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু ঈপ্সিতা হাজৰিকাই৷৪ ছবিখনৰ
বঁটা-সন্মান
ছবিখনে প্ৰাগ চিনে বঁটা ২০২৩ত শ্ৰেষ্ঠ ছবিৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীৰ সন্মান লাভ কৰে৷ ইয়াৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে, শ্ৰেষ্ঠ কণ্ঠশিল্পী (পুৰুষ) শিতানত অংগৰাগ মহন্ত আৰু শ্ৰেষ্ঠ নেপথ্য সংগীতৰ শিতানত অম্বৰ দাসে প্ৰাগ চিনে বঁটা লাভ কৰিবলৈ সক্ষম হয়৷২
ইয়াৰ লগতে ছবিখনে ব্ৰহ্মপুত্ৰ ভেলি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰে৷ ২০২৩ চনৰ ১৫ ডিচেম্বৰত ছবিখন মহোৎসৱত প্ৰদৰ্শিত হয়৷ ছবিখনে দৰ্শকৰ মাজত ইতিবাচক সমৰ্থন লাভ কৰে৷ ৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Jiya. IMDB
- ↑ (May 11, 2024). Assamese film 'Jiya' set to release across theaters on May 17. indiatodayne. ndia Today NE
- ↑ (16 may 2024). Jiya. Times of India
- ↑ (1 May 2024). Jiya Trailer. You Tube
- ↑ (15 December 2023). houseful-global-premiere-of-jiya-at-brahmaputra-valley-film-festival. Newsmill
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিয়া (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৩০৭২ (২৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।