গংগুবাই কাঠিয়াৱাড়ী ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক অপৰাধ নাট্যধৰ্মী ছবি। পৰিচালনা সঞ্জয় লীলা ভাঞ্চালীৰ আৰু প্ৰযোজনা কৰিছে ভাঞ্চালীয়ে নিজে আৰু জয়ন্তীলাল গাদাই। এছ হুছেইন জাইদিৰ মাফিয়া কুইনছ অৱ মুম্বাই নামৰ কিতাপখনৰ আধাৰত নিৰ্মিত এই ছবিখনত কাঠিয়াৱাড়ৰ এজনী সাধাৰণ ছোৱালী গংগুবাই কাঠিয়াৱাড়ীৰ কাহিনী কোৱা হৈছে, যাক বলপূৰ্বকভাবে বেশ্যাবৃত্তিত জড়িত কৰোৱা হৈছিল; পিছলৈ গংগুবাই বোম্বেৰ ৰেড লাইট এলেকাৰ মেডাম আৰু এগৰাকী প্ৰভাৱশালী ব্যক্তিত্বলৈ পৰিণত হৈছিল।[7] ছবিখনৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শান্তনু মহেশ্বৰী, বিজয় ৰাজ, ইন্দিৰা তিৱাৰী, সীমা পাহৱা, জিম সৰভ আৰু অজয় দেৱগনে।
২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৭২তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা গংগুবাই কাঠিয়াৱাড়ীয়ে ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰে। এই ছবিখন ঘৰুৱা বক্স অফিচত ১৫৩.৬৯ কোটি টকা (১৮ মিলিয়ন মাৰ্কিন ডলাৰ) আৰু বিশ্বজুৰি ২০৯.৭৭ কোটি টকা (২৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক সফল চিহ্নিত হয়।[8] অসংখ্য প্ৰকাশনে ২০২২ চনত বিভিন্ন বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবি আৰু আৰু অভিনয়ৰ তালিকাত গংগুবাই কাঠিয়াৱাড়ী আৰু ছবিখনত আলিয়া ভাটৰ প্ৰদৰ্শনক সূচীবদ্ধ কৰিছিল।[9][10]
ছবিখনে বিভিন্ন প্ৰশংসা লাভ কৰিছে। ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত গংগুবাই কাঠিয়াৱাড়ীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী (ভাট) আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকে (ভাঞ্চালী আৰু বশিষ্ঠ) ধৰি ৫টা বঁটা লাভ কৰে।[11] ৬৮তম ফিল্মফেয়াৰ বঁটাত ছবিখনে ১৭টা আগশাৰীৰ মনোনয়ন লাভ কৰে আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক (ভাঞ্চালী), আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে (ভাট) ধৰি ১১টা আগশাৰীৰ বঁটা লাভ কৰে।[12]
সন্মান
৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী - আলিয়া ভাট, কীৰ্তি ছেননৰ সৈতে
- শ্ৰেষ্ঠ চিত্ৰনাট্য (অভিযোজিত) -
- শ্ৰেষ্ঠ চিত্ৰনাট্য (সংলাপ)-
- শ্ৰেষ্ঠ সম্পাদনা
- শ্ৰেষ্ঠ মেকআপ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগুবাই কাঠিয়াৱাড়ী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯০৪৫৫ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।