অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কোছাৰী নৃত্য

কোছাৰী( Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷ আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,আজাৰবাইজান, কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৩ শব্দ · ২ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

কোছাৰী( Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷১২৩ আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,৪আজাৰবাইজান,৫ কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷৬ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷৭

ব্যুৎপত্তি

আৰ্মেনিয়ান ভাষাত কোছাৰীৰ আক্ষৰিক অৰ্থ হৈছে, “আঁঠুৰ পৰা অহা’’৷৮ আনহাতে, আজাৰবাইজান তুৰ্কী ভাষাত "kộḉ"ৰ অৰ্থ লৰচৰ কৰা যাক ক্ৰিয়া আৰু বিশেষ্য৯ দুয়োটা অৰ্থতে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ পিছৰ অৰ্থটো যাযাবৰী লোকৰ ভ্ৰমণৰ প্ৰসংগত অধিক ব্যৱহাৰ কৰা হয়৷ কোছাৰী শব্দটো যাযাবৰ আৰু যাযাবৰী দুয়োটা শব্দ বুজাবলৈ বিশেষ্য আৰু বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়৷ তেনেদৰে, কুৰ্দিছমতে কোছাৰ মানে যাযাবৰ আৰু তেনেকৈ কোছাৰী শব্দই যাযাবৰী বুজায়৷১০ ই তুৰ্কী ভাষাৰ পৰা অহা৷ ১১ আকৌ পণ্টিক গ্ৰীক ভাষাত কোছাৰী মানে গেৰোহা উথোৱা, নৃত্যত সকলোৱে একেলগে গেৰোহা উত্থাপন কৰে৷ এই নৃত্যত গেৰোহা মূৰ অংগ৷

সংস্কৰণ

জন ব্লেকিঙে কোছাৰীৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে,

দলীয় নৃত্য৷ যেতিয়া নৃত্যশিল্পীসকলে জঁপিয়াই থকা ছাগলীক অনিকৰণ কৰি নাচে, তেতিয়া ইয়াক কোছাৰী বুলি জনা যায়৷ নৃত্যশিল্পীসকলে ইজনে সিজনৰ হাতত ধৰি একেলগে থিয় হৈ থাকে৷ নৃত্যৰ গতি মধ্যমীয়াৰ পৰা দ্ৰুততৰ হয়৷ কাল্পনিক প্ৰতিদ্বন্দীক কুঁজা হৈ খুন্দা মৰাৰ পিছত উচ্চ জাঁপ মাৰে৷ ১২

আৰ্মেনিয়ান

আৰ্মেনিয়ানসকলে হাজাৰ বছৰতকৈয়ো আগৰে পৰা কোছাৰী নাচি আহিছে৷১৩ এই নৃত্যত পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰে আৰু এই নৃত্য ভয়ংকৰ পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যেৰে কৰা হয়৷ কোছাৰীৰ অত্যাধুনিক সংযোজনত “ট্ৰেমেলো ষ্টেপ’’ সংযোজন কৰা হৈছে, য’ত গোটেই শৰীৰটো জোকাৰি যোৱা হয়৷ এই নৃত্য আৰ্মেনিয়াৰ পূব প্ৰান্তত আৰ্মেনিয়াৰ গণহত্যাৰ পিছত বিয়পি পৰিছে৷ ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনেস্ক’ই জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “অক্ষত সাংস্কৃতিক ঐতিহ্য’’ৰ তালিকাত কোছাৰী নৃত্যক অন্তৰ্ভূক্ত কৰে১৪

আজাৰবাইজানী

আজাৰবাইজানী কোছাৰী নৃত্যৰ লিপি
আজাৰবাইজানী কোছাৰী নৃত্যৰ লিপিছবি: folk art · Public domain

আজাৰবাইজানত বিশেষকৈ নাখচিভান স্বায়ত্তশাসিত গণৰাজ্যত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত “ইয়ালি’’ নামে জনাজাত অন্যতম এই নৃত্য৷ লেহেমীয়া গতি আৰু দ্ৰুত গতিৰে গঠিত কোছাৰী নৃত্যৰ তিনিটা ভিন্ন ৰূপ প্ৰচলিত৷ ইজনৰ পিছত সিজন বা এজন পুৰুষৰ পিছত এজনী মহিলাই অৱস্থান লোৱাৰ পিছত নৃত্যশিল্পীসকলৰ মাজৰ এজনে দলনেতা হয় আৰু তেওঁৰ মূৰত এদাল লাঠি ধৰে৷ লাঠিদাল নৃত্যশিল্পীসকলক শাস্তি দিবলৈ নহয়, ইয়াৰ নৃত্যত এটা গুৰুত্বপূৰ্ণ কাম আছে৷১৫ আজিকালি, এই নৃত্য নাখচিভান অঞ্চলৰ বিভিন্ন অংশত বিবাহ অনুষ্ঠানত ইয়াক পৰিৱেশন পৰা হয়৷১৫ টেনজেৰৰ সৈতে কোছাৰী নৃত্যক ২০১৮ চনৰ নৱেম্বৰ মাহত ইউনেস্ক’ৰ জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “লুপ্তপ্ৰায় সাংস্কৃতিত ঐতিহ্য’’ৰ তালিকাত ইয়াক ইয়ালি নৃত্যৰ সংস্কৰণ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে৷১৬১৭

পণ্টিক গ্ৰীক কোছাৰী

পণ্টিক গ্ৰীক আৰু আৰ্মেনিয়ানসকলৰ কোছাৰীৰ দৰে আন বহুতো জোৰদাৰ যুদ্ধংদেহী শৈলীৰ নৃত্য আছে৷১৮ বেছিভাগ পণ্টিক নৃত্যৰ দৰে কোছাৰীও সমছন্দত প্ৰধানতঃ বন্ধ বৃত্ত বা বৃত্তাকাৰ ৰূপত নচা হয়৷ ১৯

তথ্যসূত্ৰ

  1. ↑ Elia, Anthony J. (2013). Kochari (Old Armenian Folk Tune) for Solo Piano. Center for Digital Research and Scholarship at Columbia University
  2. ↑ Vvedensky, Boris. (1953). ((Great Soviet Encyclopedia)). Soviet Encyclopedia. পৃ. 170
  3. ↑ Yuzefovich, Victor. (1985). Aram Khachaturyan. Sphinx Press. পৃ. 217. ISBN 9780823686582
  4. ↑ BetBasoo, Peter Pnuel. (30 April 2003). Thirty Assyrian Folk Dances. Assyrian International News Agency
  5. ↑ Gottlieb, Robert. (26 July 1998). Astaire to Zopy-Zopy. New York Times
  6. ↑ Kotsari. Pontian.info
  7. ↑ (1978). ((Soviet Armenian Encyclopedia)) Volume 4. Armenian Encyclopedia Publishing. পৃ. 476
  8. ↑ Cholakean, Hakob. (2016). Ավանդական ուղղագրություն
  9. ↑ KÖÇ
  10. ↑ KÖÇƏRİ
  11. ↑ Koçer Ne Demek? - Türkçe Kelime Anlamı. Türkçe Ne Demek
  12. ↑ Blacking, John. (1979). The Performing Arts: Music and Dance. Walter de Gruyter. পৃ. 71. ISBN 9789027978707
  13. ↑ Kochari // Music encyclopedic dictionary / Yu.V. Keldysh, M.G. Aranovsky, L.Z. Korabelnikova — Great Soviet Encyclopedia, 1990. — p. 275
  14. ↑ Kochari, traditional group dance. UNESCO
  15. ↑ The National Dancings. Nakhchivan Autonomous Republic
  16. ↑ Intangible Heritage: Seven elements inscribed on the List in Need of Urgent Safeguarding. UNESCO
  17. ↑ Yalli (Kochari, Tenzere), traditional group dances of Nakhchivan - intangible heritage - Culture Sector - UNESCO. ich.unesco.org
  18. ↑ Greece - Page 67 by Paul Hellander, Kate Armstrong, Michael Clark, Des Hannigan, Victoria Kyriakopoulos, Miriam Raphael, Andrew Ston
  19. ↑ (10 November 2019). Kotchari. Pontos World

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোছাৰী নৃত্য” প্ৰবন্ধৰ সংশোধন ৬৩০৯৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।