কৃষ্ণনাট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ এটা মন্দিৰৰ এবিধ নৃত্য-নাট্য কলা।১। ইয়াত কৃষ্ণৰ কাহিনী অভিনয় কৰি দেখুওৱা হয়। কেৰালাৰ কলিকটৰ ৰজা মানৱেদে ইয়াক সৃষ্টি কৰিছিল।১ ইয়াৰ নাটসমূহ আঠটা ভাগত বিভক্ত। নাটক কেইখন হ'ল: অৱতাৰ, কালিয়মৰ্দন, ৰাসক্ৰীডা, কংসবধ, স্বয়ম্বৰ, বাণযুদ্ধ, বিবিধাবধ আৰু স্বৰ্গাৰোহণ।২ কেৰালাৰ থ্ৰিচূৰৰ জিলাৰ গুৰুৱায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰত এই শিল্প আজীৱন জীয়াই আছে। ই কথাকলি নৃত্যৰ মূল প্ৰাচীন ৰূপ।
১৯৫৮ চনত ৰজাৰ শিল্পী দলটো গুৰুৱায়ুৰ দেৱস্বমলৈ যায়।৩ বৰ্তমানো এই দলটোৱে মন্দিৰত সেৱা আগবঢ়াই আহিছে।
উৎপত্তি
ৰজা মানৱেদে লিখা 'কৃষ্ণগীতি' নামৰ পুথিখনৰ ওপৰত ভিত্তি কৰি কৃষ্ণনাট্টম তৈয়াৰ কৰা হৈছিল।৪ বিশ্বাস কৰা হয় যে ৰজাই ভগৱান কৃষ্ণক সপোনেৰে দৰ্শন পাইছিল। তেতিয়া কৃষ্ণই ৰজাক এটা ম'ৰাৰ পাখী দিছিল। সেই কাৰণে এই নৃত্যৰ শিল্পাসকলে মুকুটত ম'ৰাৰ পাখী পিন্ধে।৫
কিংবদন্তি

ৰজা মানৱেদৰ ইচ্ছা আছিল তেওঁ কৃষ্ণক প্ৰত্যক্ষভাৱে দেখিব। এদিন তেওঁ এজন গুৰুৰ কথামতে পুৱতি নিশা ইলাঞ্জি গছৰ তলত কৃষ্ণক ৰূপ দেখা পালে।৬ আনন্দতে ৰজাই কৃষ্ণক আকোৱালি ধৰিবলৈ খোজ আগবঢ়ালে। তেতিয়া লগে লগে কৃষ্ণ অন্তৰ্ধান হ'ল। কিন্তু ৰজাই ভগৱানৰ মুকুটৰ পৰা এটা ম'ৰাৰ পাখী পালে।১ সেই ম'ৰাৰ পাখীটো কৃষ্ণ চৰিত্ৰৰ মুকুটত ব্যৱহাৰ কৰা হয়। নৱম দিনা অৱতাৰ নাটখন পুনৰ অভিনয় কৰা হয়। কিয়নো ভগৱানৰ মৃত্যুৰে নাটকৰ অন্ত পেলোৱা অশুভ বুলি ভৱা হয়।৭ ভক্তসকলে মনৰ কামনা পূৰণৰ বাবে এতিয়াও এই নৃত্য দান হিচাপে দিয়ে।৮
লেখক
ৰজা মানৱেদন ৰাজাই ১৫৮৫ চনৰ পৰা ১৬৫৮ চনলৈ জীয়াই আছিল। তেওঁ ১৬৪৩ চনত পূৰ্ব ভাৰত চম্পু নামৰ গ্ৰন্থখন লিখে।৯ তেওঁ ১৬৫৩ চনৰ ১৬ নৱেম্বৰত কৃষ্ণনাট্টম সম্পূৰ্ণ কৰে।১০ গুৰুৱায়ুৰত তেওঁৰ এটা মূৰ্তি সজা হৈছে।
কৃষ্ণগীতি
১৬৫৩ চনত ৰচিত সংস্কৃত ভাষা গ্ৰন্থৰ ওপৰত ভিত্তি কৰি কৃষ্ণনাট্টম কৰা হৈছিল।১১ ইয়াৰ আঠটা ভাগ আছে। ই ভাগৱত পুৰাণৰ কৃষ্ণৰ কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত।১২ ইয়াত জয়দেৱৰ গীত গোবিন্দ মহাকাব্য আদিৰ প্ৰভাৱ আছে।১৩
কৃষ্ণনাট্টমৰ প্ৰথম শ্লোক হ'ল:
- Jagathi sukritilokai: nandithaananthidaasa
- Kalaviranithavamsiibhasamanaasamana
- Pashupayuvathibhogya devathaadevathaa saa
- Sajalajaladhapaliimechaka me chakaasthu১০
কাহিনীসমূহ
আঠখন নাটকৰ নাম হ'ল: অৱতাৰ, কালিয়মৰ্দন, ৰাসক্ৰীডা, কংসবধ, স্বয়ম্বৰ, বাণযুদ্ধ, বিবিধবধ আৰু স্বৰ্গৰোহণ।১৪
এই নাটসমূহৰ ফলসমূহ তলত দিয়া হ’ল:
- সন্তান লাভৰ বাবে অৱতাৰ।
- বিষৰ প্ৰভাৱ শেষ কৰিবলৈ কালিয়মৰ্দন।
- অবিবাহিত ছোৱালীৰ মংগলৰ বাবে ৰাসক্ৰীডা।
- শত্ৰু নাশ কৰিবলৈ কংসবধ।
- সুখী বিবাহিত জীৱনৰ বাবে স্বয়ম্বৰ।
- দৰিদ্ৰতা গুচাবলৈ আৰু খেতি ভাল হ'বলৈ বাণযুদ্ধ।
- দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ বিবিধবধ।
- মৃত আত্মাৰ শান্তিৰ বাবে স্বৰ্গাৰোহণ।১৫
পোশাক, মেকআপ আৰু আচাৰ-অনুষ্ঠান
ভৰত মুনিয়ে কোৱাৰ দৰে নাটকৰ চাৰিটা ভাগ—অংগিক, বাচিক, আহাৰ্য আৰু সাত্বিক ইয়াত সুন্দৰকৈ মিলাই লোৱা হয়। শিক্ষক আৰু শিল্পীসকলে নিজেই পোচাক তৈয়াৰ কৰিছিল।১৬ পুৰুষ আৰু মহিলা চৰিত্ৰৰ পোচাক বেলেগ বেলেগ হয়। পুৰুষ চৰিত্ৰৰ পোচাকত থাকে—
- এটা ডাঠ ঘূৰণীয়া পেটিকোট
- তলৰ অংশত কমলা বা কমলা-ৰঙা আৰু ক'লা দাগ থকা বগা স্কাৰ্ট
- আঁঠুৰ তলত বান্ধিবলৈ চামৰাৰ ওপৰত লগোৱা ঘণ্টি
- পিছফালে খোলা থকা দীঘল হাতৰ চাৰ্ট
- বুকুৰ আভৰণ
- মুকুতা আৰু ফুলৰ বুকুৰ অলংকাৰ
- কঁকালৰ বান্ধ
- হাতৰ ওপৰভাগৰ অলংকাৰ
- প্ৰতিটো মূৰত আইনা থকা চাদৰ
- কান আৰু কপালৰ অলংকাৰ; আৰু
- মুকুট।১৭
মহিলা চৰিত্ৰৰ পোচাকত থাকে—
- ৰঙা পাৰ থকা বগা দীঘল স্কাৰ্ট
- পিছফালে খোলা দীঘল হাতৰ ব্লাউজ
- কঁকালৰ বান্ধ
- হাতৰ অলংকাৰ
- ৰঙা কাপোৰেৰে ঢকা কাঠৰ বুকুৰ আভৰণ
মহিলা চৰিত্ৰসমূহে গোৰোহাত ঘণ্টা বান্ধে। ইয়াক চিলংকা বোলে।১৮
শিল্পীসকলে মুখৰ ৰং কৰিবলৈ তিনিটা ৰং ব্যৱহাৰ কৰে—
- পাজুপ্পু: হালধিয়াৰ সৈতে ৰঙা কমলা ৰং
- মিনুক্কু: ৰঙাৰ সৈতে হালধীয়া কমলা ৰং
- পাচ্চা: ই এটা বিশেষ সেউজীয়া ৰং। এই ৰঙত নীলাতকৈ হালধীয়া বেছি থাকে। অভিনেতাজনে যদি চুটী পিন্ধে, তেন্তে চুটী শিল্পীজনে ইয়াক লগাই দিয়ে। চুটী হ'ল দুডাল বগা আৰু ওলাই থকা অংশ। এই অংশ কানৰ পৰা কানলৈ মুখৰ চোতাল আৰু ঠুতৰিৰ কাষেৰে থাকে।১৯
শিশু কৃষ্ণৰ সেউজীয়া ৰংটোত নীলাতকৈ হালধীয়া বেছি থাকে। মেকআপ কৰাৰ আগতে অভিনেতাজনে তেলৰ চাকিৰ সামনে সেৱা জনায় আৰু ভগৱান গুৰুৱায়ুৰপ্পানক স্মৰণ কৰে।২০
কৃষ্ণনাট্টমৰ আটাইতকৈ পবিত্ৰ অংশটো হ'ল মূৰৰ মুকুট।২১ ইয়াত মুডি অৰ্থাৎ খোপা আৰু কিৰীটম অৰ্থাৎ মুকুট থাকে।২২
প্ৰশিক্ষণ
শিল্পীসকলৰ প্ৰশিক্ষণ ১০ বছৰ বয়সৰ পৰা আৰম্ভ হয়। মাদলম আৰু চুট্টি শিকিবলৈ ৫ বছৰ লাগে।
প্ৰদৰ্শন
গুৰুৱায়ুৰ মন্দিৰত নিশা ভকতসকলৰ দান হিচাপে এই নৃত্য হয়। ভাৰতৰ উপৰিও ইউৰোপ আৰু আমেৰিকাতো ইয়াৰ প্ৰদৰ্শন হৈছে। ইউৰোপ-১৯৮০, আমেৰিকা যুক্তৰাষ্ট্ৰ-১৯৮৫, ছিংগাপুৰ, পেৰিছ।
বৰ্তমানৰ অৱস্থা
গুৰুৱায়ুৰ দেৱস্বমৰ অধীনত ৭০ জনতকৈ অধিক কৰ্মচাৰী আছে। দেৱস্বমৰ জৰিয়তে টিকট কাটিব লাগে। মন্দিৰৰ ভিতৰত এটা সাধাৰণ নাটৰ দাম ৩০০০ টকা।২৩
লগতে চাওক
বাহ্যিক সংযোগ
- guruvayurdevaswom.nic.in
- Krishnattam
- Neokerala.com
- thehindu.com
- [http://indianclassicals.com://indianclassicals.com]
- guruvayur.com
তথ্যসূত্ৰ
- ↑ Krishnanattam - History and Origin - chintha
- ↑ Comprehensive Study of Indian Folk Music and Culture, Volume 11, page 228
- ↑ (www.guruvayurdevaswom.org) - KRISHNANATTAM
- ↑ History of Indian theatre, vol 1, page 93
- ↑ The Contribution of Kerala to Sanskrit Literature, K. Kunjunni Raja - 1980, page 99
- ↑ (5 August 2010). Manavedan's 'Krishnageethi'-the story
- ↑ Bhavan's journal, vol 33, page 97
- ↑ Ayyappappanikkar. (1 January 1997). Medieval Indian Literature: Surveys and selections. Sahitya Akademi. ISBN 9788126003655
- ↑ Krsngitih of Manaveda, Indira Gandhi National Center for Arts, page 56
- ↑ The Art Forms of Kerala - Krishnanaattam
- ↑ Martin Banham - 1995, The Cambridge Guide to Theatre, page 614
- ↑ Martha Bush Ashton-Sikora, Robert Peter Sikora, Krishnattam, page 201
- ↑ Welcome to Guruvayur. The Bhooloka vaikunda ..
- ↑ Krishnanattam, Krishnanattam Dance, Traditional Dance of Kerala, Kerala, Kerala.me
- ↑ Krishnanattam
- ↑ Ayyappappanikkar. (1997). Medieval Indian Literature: Surveys and selections. Sahitya Akademi. পৃ. 223. ISBN 9788126003655
- ↑ Krishnanattam Temple Dance Kerala - Krishnattam Traditional Dance of Kerala
- ↑ Krishnanattam
- ↑ Annals of Oriental Research, Volume 12, মাদ্ৰাজ বিশ্ববিদ্যালয়, page 223-229
- ↑ Devi, Ragini. (1 January 1990). Dance Dialects of India. Motilal Banarsidass. ISBN 9788120806740
- ↑ A panorama of Indian dances, Yu. Es Kr̥ṣṇarāv, Yu. Ke Candrabhāgādēvi, 1983, page 43
- ↑ The Sampradaya Sun - Independent Vaisnava News - Feature Stories - December 2009
- ↑ (27 October 2012). Krishnanattam. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণনাট্টম” প্ৰবন্ধৰ সংশোধন ৬৩০১১৯ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।