কেৰু (𑜀𑜢𑜐𑜫১) হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। কেৰু অতীততে চুতীয়া আৰু টাই-আহোম জনগোষ্ঠী ৰাজ্যত প্ৰচলিত আছিল। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু,জাংফাই কেৰু, লং কেৰু ইত্যাদি।২
ইতিহাস
বুৰঞ্জীত কেৰু কাণফুলিৰ প্ৰথম উল্লেখ চুতীয়া ৰাজ্যৰ ক্ষেত্ৰত পোৱা যায়। সাতসৰী বুৰঞ্জীৰ অনুসৰি নীতিপাল ৰজাই আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ আন বস্তুৰ লগতে সোণৰ কেৰু উপহাৰ কৰিছিল৩। একেই কথাৰ উল্লেখ আহোম বুৰঞ্জী (GC Barua) গ্ৰন্থ খনৰ পৰা অসমীয়া লৈ অনুবাদ কৰা দেওধাই বুৰঞ্জী৪ আৰু পুৰণি অসম বুৰঞ্জী৫ গ্ৰন্থ কেইখনতো উল্লেখ কৰা হৈছে। টাই ভাষাৰ আহোম বুৰঞ্জী(GC Barua) গ্ৰন্থ খনত চুতীয়া ৰজাই দিয়া সোণৰ কেৰুৰ বাবে টং-ৰু-খাম(অৰ্থ ধাতু-কাণ-সোণ) শব্দ ব্যৱহাৰ কৰা হৈছে।৬ থাই ভাষাত কাণফুলিক একে ধৰণে টং-হু (ต่างหู) কোৱা হয়।৭

আহোম যুগ
বুৰঞ্জী সমূহৰ বহুতো খণ্ডত কেৰুৰ উল্লেখ পোৱা যায়। বুৰঞ্জীসমূহত আহোম ছাওফা সকলে বিভিন্ন সময়ত সোণৰ কেৰু দান কৰা উল্লেখ আছে। ছাওফা চুহিত্পংফাই লাক-নি ৰুং-চাও (ত) ফুৰালুং ধৰ্মৰ পণ্ডিতসকলক সোণৰ কেৰু দান কৰিছিল।৮ চাওফা চুচেংফাই লাকনি কামাও (ত) নিজ পুত্ৰ চাৰিং ৰজাৰ মৃত্যু পাছত ফুৰালুং ধৰ্মীয় দেওধাই পণ্ডিত সকলক সোণ, মাটি সম্পত্তি আৰু কেৰু দান কৰিছিল।৯
আকৃতি আৰু গঠন
কেৰু দেখিবলৈ অৰ্ধ চন্দ্ৰ আকৃতিৰ। ইয়াৰ তলৰ ফালে সৰু বেল-বুটামজাতীয় অলংকাৰ থাকে যিয়ে কাণত পিন্ধাৰ সময়ত সৌন্দৰ্য্য বৃদ্ধিৰ উপৰিও এটা মৃদু ধ্বনি উৎপন্ন কৰে। কেৰু সাধাৰণতে খাটি সোণৰে তৈয়াৰ কৰা হয় যদিও কিছু অঞ্চলত ৰূপ বা মিশ্ৰ ধাতু ব্যৱহাৰ কৰিও কেইবিধ কেৰু বানোৱা দেখা যায়। ১০
অঞ্চল অনুসৰি প্ৰচলন
কেৰুৰ প্ৰচলন মূলত উজনি অসম আৰু নামনিৰ বৰপেটা, নলবাৰী, কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), আৰু গোৱালপাৰা আদি অঞ্চলত ব্ৰত, বিয়াৰ অনুষ্ঠান, বিহু আদি উৎসৱ উপলক্ষে পৰিধান কৰা দেখা যায়। কেইবাজনো পৰম্পৰাগত মণিহাৰী শিল্পীৰ মতে, কেৰু এটা যুগৰ পৰা যুগলৈ পৰিয়ালৰ সদস্যৰ মাজত হস্তান্তৰিত হৈ আহিছে।১১
সাংস্কৃতিক গুৰুত্ব
কেৰু কেৱল অলংকাৰ নহয়, ই অসমীয়া পৰম্পৰা আৰু মহিলা সৌন্দৰ্য্যৰ এক অপৰিহাৰ্য অংশ। কেৰুৰ নান্দনিকতা আৰু ঐতিহাসিক প্ৰসঙ্গই ইয়াক অসমীয়া সমাজত এক সাংস্কৃতিক প্ৰতীক হিচাপে পৰিগণিত কৰে।
উৎস প্ৰসংগ
- Agnihotri, Shailendra Kumar. (1994). Phakials & Other Minor Thai Communities of Assam. S. Kumar and Associates. ISBN 978-81-900376-3-1
তথ্যসূত্ৰ
- ↑ Ahom-Assamese-English Dictionary. পৃ. 12
- ↑ 'অসমৰ সংস্কৃতি কোষ: ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী'
- ↑ Satsari Buranji, p. 58
- ↑ Deodhai Buranji,"ৰজাদেৱলৈ সন্দেশ দি আহিছিল: সোণৰ কেৰু ১ যোৰ, সোনোৱালী কাপোৰ ১ জোৰ, নৰা কাপোৰ এখান।"
- ↑ Purani Assam Buranji, p.40
- ↑ "poi tî thau-möng Nang-sung tong-rû-khang-kham kû 1 thaomuŋ-naŋceŋgoloi sôNor keru 1 yôr, nora-kapôr 1 khan;"
- ↑ thai-language.com "ต่างหู" definition is "earring"
- ↑ "...goldear-rings (Kerus), bangles, Kunbin and Kunkhā to the Deodhai, Mohan, and Bailung Pandits...."Barua, Golap Chandra. (1930). Ahom-buranji (with Parallel English Translation) from the Earliest Time to the End of Ahom Rule. Printed at the Baptist mission Press. পৃ. 340
- ↑ "...The Ahom Pandits (Deodhai Pandits) were given ear-rings, lands, and gold...."Barua, Golap Chandra. (1930). Ahom-buranji (with Parallel English Translation) from the Earliest Time to the End of Ahom Rule. Printed at the Baptist mission Press
- ↑ দেৱব্ৰত শৰ্মা. অসমীয়া জাতি আৰু সংস্কৃতি, গৌৰব প্ৰকাশন, ২০১১
- ↑ Assam State Portal. Culture of Assam. Govt. of Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰু” প্ৰবন্ধৰ সংশোধন ৬০৯০৭৯ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।