অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৰৱা চৌথ

কৰৱা চৌথ (Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়। বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কৰৱা চৌথ (Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়। কৰৱা চৌথত, বিবাহিত মহিলাসকলে, বিশেষকৈ উত্তৰ ভাৰতত, তেওঁলোকৰ স্বামীসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ুৰ বাবে সূৰ্যোদয়ৰ পৰা চন্দ্ৰ ওলোৱালৈ উপবাস পালন কৰে।১২৩ বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে। কৰৱা চৌথ উপবাস পৰম্পৰাগতভাৱে ভাৰতৰ দিল্লী, হাৰিয়ানা, ৰাজস্থান, পঞ্জাব, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশ ৰাজ্যত উদযাপন কৰা হয়।১৪৫৬ এই উৎসৱ অন্ধ্ৰপ্ৰদেশত আটলা টাড্ডে হিচাপে উদযাপন কৰা হয়।৭

ব্যুৎপত্তি আৰু উৎস

‘কৰৱাʼ হৈছে কলহ (পানী ভৰুৱা মাটিৰ কলহ) আৰু ʼচৌথʼৰ অৰ্থ হৈছে 'চতুৰ্থ' (কাৰ্তিক মাহৰ চতুৰ্থ দিনা পূৰ্ণিমাৰ পিছত)৮ এই উৎসৱৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম অংশত আৰু ইয়াক বেছিভাগ উত্তৰ ভাৰতত উদযাপন কৰা দেখা যায়।

উদযাপনৰ নিয়ম

উপবাসকৰা মহিলাসকলে এক বৃত্তত সামূহিকভাৱে বহি আছে, কৰৱা চৌথ পূজা কৰোঁতে
উপবাসকৰা মহিলাসকলে এক বৃত্তত সামূহিকভাৱে বহি আছে, কৰৱা চৌথ পূজা কৰোঁতেছবি: CSG-Info · CC BY-SA 4.0

এই উৎসৱত, কেৱল বিবাহিত মহিলাসকলে ৰাতিপুৱাৰ পৰা ৰাতি চন্দ্ৰৰ নেদেখালৈ উপবাস পালন কৰে। এই উপবাসৰ উদ্দেশ্য হৈছে স্বামীৰ স্বাস্থ্য, দীৰ্ঘ জীৱন আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা। যেতিয়া চন্দ্ৰ দৃশ্যমান হয়, বিবাহিত মহিলাই প্ৰথমে চালনীৰ মাজেৰে চন্দ্ৰলৈ চায় আৰু তাৰ পিছত চালনীৰ মাজেৰে তেওঁলোকে স্বামীৰ মুখ একেদৰে চায়। তাৰ পিছত মহিলাসকলে স্বামীৰ আৰতি কৰে আৰু স্বামীৰ স্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।৯ পৰম্পৰাগতভাৱে উপবাস কৰা মহিলাগৰাকীয়ে সাধাৰণতে কোনো ঘৰৰ কাম নকৰে।১০ মহিলাসকলে মিলি নিজৰ আৰু ইজনে সিজনৰ হাতত জেতুকাৰ ৰং লগায় আৰু অন্যান্য প্ৰসাধন প্ৰয়োগ কৰে। দিনটো বন্ধু আৰু আত্মীয়ৰ সৈতে লগ পোৱাত পাৰ হয়। যিহেতু গ্ৰাম্য অঞ্চলত খৰিফ শস্য ৰখাৰ পিছতে কৰৱা চৌথে পালন কৰে, সেয়েহে এইটো উৎসৱ উপহাৰ বিনিময়ৰ বাবে এক ভাল সময়। অভিভাৱকে প্ৰায়ে তেওঁলোকৰ বিবাহিত কন্যা আৰু তেওঁলোকৰ সন্তানলৈ উপহাৰ প্ৰেৰণ কৰে। সন্ধিয়া, মহিলাৰ অনুষ্ঠান হয়।১১ অংশগ্ৰহণকাৰীসকলে সুন্দৰ পোছাক, গহনা আদি পিন্ধে (কিছুমান অঞ্চলত)।১১ সনাতন ধৰ্মত (হিন্দু ধৰ্ম) এইটো গুৰুত্ব দিয়া হয় যে এগৰাকী মহিলাই তেওঁৰ স্বামীক সন্মান কৰিব লাগে, স্বামীৰ বিশ্বাসী আৰু সুখ-দুখৰ লগৰী হোৱাটো উচিত। কিছুমান স্বামীয়েও তেওঁলোকৰ পত্নীসকলক তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰিবলৈ কৰৱা চৌথ উপলক্ষে উপবাস পালন কৰে, যদিও এইটো তেওঁলোকৰ ধৰ্মৰ অংশ নহয়।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kartar Singh Bhalla. (2005). Let's Know Festivals of India. Star Publications. ISBN 978-81-7650-165-1
  2. ↑ S. K. Rait. (2005). women in England: their religious and cultural beliefs and social practices. Trentham Books. ISBN 978-1-85856-353-4
  3. ↑ (2008-10-17). Hindus mark Karwa Chauth in Pakistan. Pakistan Daily
  4. ↑ Kumar, Anu. (2007-10-21). A Hungry Heart. The Washington Post
  5. ↑ Subhashini Aryan. (1993). Crafts of Himachal PradeshLiving traditions of India. Mapin. ISBN 978-0-944142-46-2
  6. ↑ Anne Mackenzie Pearson. (1996). Because it gives me peace of mind: ritual fasts in the religious lives of Hindu women (McGill studies in the history of religions). SUNY Press. ISBN 978-0-7914-3038-5
  7. ↑ Andhra Pradesh. The Hindu
  8. ↑ Rajendra Kumar Sharma. (2004). Rural Sociology. Atlantic Publishers. ISBN 978-81-7156-671-6
  9. ↑ Naz, S. (2018). Celebrating Hindu Festivals in Lahore Past and Present. Multiculturalism in Asia-Peace and Harmony, 144
  10. ↑ Naomi Jackson; Toni Shapiro-Phim. (2008). Dance, Human Rights, and Social Justice: Dignity in Motion. Rowman & Littlefield. ISBN 978-0-8108-6149-7
  11. ↑ Publications Division. (1985). Indian and foreign review, Volume 23. Publications Division of the Ministry of Information and Broadcasting, Government of India
  12. ↑ Naz, S. (2018). Celebrating Hindu Festivals in Lahore Past and Present. Multiculturalism in Asia-Peace and Harmony, 144

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহহিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰৱা চৌথ” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৪১ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।