ক্লেশ্ব অফ দ্য টাইটানছ ২০১০ চনৰ এখন ফেণ্টাছী এডভেঞ্চাৰ চলচ্চিত্ৰ যি ১৯৮১ চনৰ একে নামৰ চলচ্চিত্ৰৰ এক পুনৰ্নিৰ্মাণ (যাৰ স্বত্ব ১৯৯৬ চনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ক্ৰয় কৰে)।১২৩ ইয়াৰ কাহিনীভাগ উপৰুৱাকৈ গ্ৰীক কিংবন্তিৰ পাৰ্চিয়াছৰ ওপৰত আধাৰিত।২৩ লুইচ লেটেৰিয়াৰ পৰিচালিত আৰু তাৰকা হিচাপে ছেম ৱৰ্ডিংটন অভিনীত চলচ্চিত্ৰখন ২০১০ চনৰ ২৬ মাৰ্চত মুক্তি দিয়াৰ কথা আছিল। কিন্তু পিছত ঘোষণা কৰা হয় যে ছবিখনক ত্ৰিবিমীয় ৰূপ দিয়া হ'ব আৰু ২০১০ চনৰ দুই এপ্ৰিলত ই মুক্তি লাভ কৰে।৪৫ সমালোচকসকলৰ নেতিবাচক সমালোচনা লাভ কৰা সত্ত্বেও ক্লেশ্ব অফ দ্য টাইটানছে সমগ্ৰ বিশ্বজুৰি $৪৯৩ মিলিয়ন আৰ্জন কৰে।
ছবিখনৰ সফলতাই ২০১২ চনৰ মাৰ্চত ইয়াৰ ছিকুৱেল ৰেথ অফ দ্য টাইটানছ পোৱাইগৈ।
কাহিনীভাগ
পুৰণি কালত দেৱতাসকলে ব্ৰহ্মাণ্ডখন নিজৰ মাজত ভগাই লৈছিল; জিউচে আকাশ লয়, প'জাইডনে সাগৰ লয়, আৰু জিউচৰ চক্ৰান্তত হেডিছৰ ভাগলৈ পাতালপুৰী থাকেগৈ। দেৱতাসকলে মৰণশীলসকলক সৃষ্টি কৰে, যাৰ বিশ্বাস আৰু প্ৰাৰ্থনাই দেৱতাৰ মৃত্যুহীনতাক নিশ্চিতি প্ৰদান কৰে। সেয়ে হ'লেও, সময়ৰ বাগৰাৰ লগে লগে মৰণশীলসকলে তেওঁলোকৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে।
পাৰ্চিয়াছ আৰু তেওঁৰ পৰিয়ালে নাৱেৰে মাছ ধৰি থাকোঁতে আৰ্গছ নগৰৰ সৈন্যসকলে জিউচৰ মূৰ্ত্তি এটা ধ্বংস কৰা প্ৰত্যক্ষ কৰে। এই কথাত ক্ৰোধিত হৈ দেৱতাসকলে ফিউৰিসমূহক এৰি দিয়ে যি সৈন্যদলক আক্ৰমণ কৰাৰ লগতে পাৰ্চিয়াছহঁতৰ মাছমৰীয়া বাহনখনো বিনষ্ট কৰে। কেৱলমাত্ৰ পাৰ্চিয়াছহে জীয়াই থাকে আৰু সৈনিকৰ এটা দলে তেওঁক বিচাৰি পায়।
পাৰ্চিয়াছক দেৱতাৰ বিৰুদ্ধে তেওঁলোকৰ জয়যাত্ৰা উদযাপন কৰি থকা ৰজা চেফিয়াছ আৰু ৰাণী কেচিয়'পিয়াৰ সন্মুখলৈ লৈ যোৱা হয়। ৰাণী কেচিয়'পিয়াই নিজৰ কন্যা এণ্ড্ৰমেডাক দেৱতাৰ লগত তুলনা কৰি কয় যে তেওঁ এফ্ৰোডাইটিতকৈয়ো বেছি ধুনীয়া। এনেতে মৰণশীলসকলৰ অবাধ্যতাৰ বাবে শাস্তি দিবলৈ জিউচে পথোৱা হেডিছৰ আগমণত আমোদ-প্ৰমোদ ব্যাহত হয়।
হেডিছে ভাবুকি দিয়ে যে এণ্ড্ৰমেডাক উছৰ্গা নকৰিলে তেওঁ আৰ্গছ নগৰত ক্ৰেকেন নামৰ দৈত্যটো মেলি দিব। যোৱাৰ আগতে তেওঁ এই কথা কৈ যায় যে পাৰ্চিয়াছ এজন অৰ্ধদেৱতা, জিউচৰ এজন পুত্ৰ।
পাৰ্চিয়াছে আয়'ক লগ পায়, যি তেওঁৰ মূল সম্পৰ্কে নিশ্চিতি দিয়ে। আয়'য়ে এই কথাও জানিবলৈ দিয়ে যে তাই পাৰ্চিয়াছক গোটেই জীৱনটো চোৱাচিতা কৰিছে। তাই সদায়ে পাৰ্চিয়াছক সুৰক্ষা দি আহিছে, কিয়নো কেৱলমাত্ৰ পাৰ্চিয়াছেহে দেৱতাসকলক পৰাভূত কৰিব পাৰিব।
পাৰ্চিয়াছে ৰজাৰ দেহৰক্ষীসকলক ক্ৰেকেনক মাৰিবলৈ এটা উপায় বিচাৰি ষ্টাইজিয়ান ডাইনীসকলৰ ওচৰলৈ লৈ যায়। ক্ষমতালোভী হেডিছৰদ্বাৰা প্ৰতাৰিত হোৱাৰ পিছত জিউচে পাৰ্চিয়াছক অলিম্পাছ পৰ্বতত এখন তৰোৱাল আৰু পেগেছাছ নামৰ এটা উৰণীয়া ঘোঁৰা উপহাৰ দিয়ে। পাৰ্চিয়াছে দুয়োকে অস্বীকাৰ কৰে যদিও ৰাজকীয় দেহৰক্ষীৰ নেতা ড্ৰেক'ই তৰোৱালখন সুৰক্ষিত কৰি ৰাখি থয়। সোনকালেই তেওঁলোকক হেডিছে পথোৱা কেলিব'ছ নামৰ অৰ্ধজন্তু এটাই আক্ৰমণ কৰে। ড্ৰেক'ৱে তাৰ এখন হাত কাটি পেলায় আৰু কেলিব'ছ পলাই যায়। দলটোৱে পিছ লয় কিন্তু কেলিব'ছৰ পৰি যোৱা তেজৰপৰা উদ্ভৱ হোৱা দৈত্যাকাৰ বৃশ্চিকৰ আক্ৰমণৰ বলি হয়। শ্বেইখ চুলেইমানে নেতৃত্বত দিয়া জিন নামৰ মৰুভূমিৰ যাদুকৰৰ দলে তেওঁলোকক ৰক্ষা কৰে। জিনসকলেও দেৱতাৰ পৰাজয় ঘটাতো বাঞ্ছা কৰে আৰু পাৰ্চিয়াছহঁতলৈ সহায় আগবঢ়ায়।
দলটো গৈ ষ্টাইজিয়ান ডাইনীসকলৰ বাসস্থান পায়গৈ আৰু এই কথা গম পায় যে ক্ৰেকেনক মাৰিবলৈ তেওঁলোকে পাতালপুৰীৰ এটা মন্দিৰত থকা মেডুছা নামৰ এজনী ৰাক্ষসীৰ মূৰটো হাচিল কৰি তাক ব্যৱহাৰ কৰিব লাগিব। মেডুছাৰ চকুলৈ চোৱা যিকোনো প্ৰাণীয়েই শিললৈ ৰূপান্তৰিত হয়।
পাৰ্চিয়াছ, আয়', চুলেইমান, ড্ৰেক', আৰু তেওঁৰ বাকী থকা অনুগামী চ'লন, ইউচেবিয়াছ আৰু ইক্সাছ পাতালপুৰী পায়গৈ। পুৰুষকেইজন মেডুছাৰ মন্দিৰৰ ভিতৰ সোমাই আৰু আয়' বাহিৰতে ৰয়। চুলেইমান আৰু ড্ৰেক'ই নিজৰ প্ৰাণ আহুতি দি ৰাক্ষসীজনীক আহত কৰে। অৱশেষত পাৰ্চিয়াছে নিজৰ প্ৰতিফলক ঢালখনত চাই মেডুছাৰ শিৰশ্ছেদ কৰে। মূৰটোৰে সৈতে মন্দিৰটোৰ পৰা ওলাই আহোঁতেই কেলিব'ছ উপস্থিত হয় আৰু আয়'ক ঘাতক ৰূপত আঘাত কৰে। পাৰ্চিয়াছ আৰু কেলিব'ছৰ যুঁজ লাগে আৰু অৱশেষত নিজকে জিউচৰ পুত্ৰ বুলি স্বীকাৰ কৰি পাৰ্চিয়াছে অলিম্পিয়ান তৰোৱালখনেৰে কেলিব'ছক বধ কৰে।
মৰাৰ আগতে আয়'ই পাৰ্চিয়াছক তেওঁক এৰি এণ্ড্ৰমেডা আৰু আৰ্গছ নগৰক ৰক্ষা কৰিবলৈ কয় আৰু সোণালী বাষ্পত পৰিণত হৈ যায়। তেনেতে পেগেছাছ আহি উপস্থিত হয় আৰু ঘোঁৰাটোৰ পিঠিত উঠি আৰ্গছলৈ ৰাওনা হয় কিয়নো ক্ৰেকেনক ইতিমধ্যেই মুকলি কৰি দিয়া হয়। আৰ্গছৰ মানুহবোৰ এণ্ড্ৰমেডাক ধৰি বান্ধি ক্ৰেকেনলৈ উছৰ্গা কৰিবলৈ আনে। ইফালে ক্ৰেকেন জাগি উঠোঁতে মানুহৰ মৃত্যু হোৱাত অলিম্পাছৰ শক্তিৰ ভাৰসাম্য হেৰায়; হেডিছে এই কথা পোহৰলৈ আনে যে জিউচৰ দৰে হেডিছক মৰণশীল মানুহৰ প্ৰাৰ্থনা নেলাগে, মাত্ৰ ভয়হে লাগে। হেডিছে হেলাৰঙে দুৰ্বল হৈ পৰা জিউচক পৰাভূত কৰে।
পেগেচাছত উঠি পাৰ্চিয়াছ আৰ্গছ পাইহি আৰু মেডুছাৰ মূৰটো ক্ৰেকেনৰ আগত উদঙাই দিয়ে, যাৰ দৃষ্টিসংযোগ ঘটে আৰু এণ্ড্ৰমেডাৰ কাষ পোৱাৰ আগতেই ধীৰে ধীৰে জড়ভৰত হৈ বাগৰি পৰে। পাৰ্চিয়াছক মাৰিবৰ বাবে ক্ৰোধিত হেডিছৰ আবিৰ্ভাব ঘটে। পাৰ্চিয়াছে জিউচৰ নাম লৈ তেওঁৰ তৰোৱালখন হেডিছলৈ নিক্ষেপ কৰে। এক বিজুলীসদৃশ শক্তিয়ে তৰোৱালখন উজ্জ্বলাই তোলে আৰু এটা বিস্ফোৰণে হেডিছক পাতাললৈ পুনৰ্নিক্ষেপ কৰে।
পাৰ্চিয়াছে এণ্ড্ৰমেডাক উদ্ধাৰ কৰে যি এতিয়া আৰ্গছৰ প্ৰকৃত ৰাণী। এণ্ড্ৰমেডাই পাৰ্চিয়াছক ৰজা হিচাপে কাষতে থাকিবলৈ কয় কিন্তু তেওঁ অস্বীকাৰ কৰে। আনফালে জিউচেও তেওঁক দেৱত্বৰ প্ৰস্তাৱ দিয়ে আৰু তেওঁ তাকো প্ৰত্যাখ্যান কৰে। তেতিয়া জিউচে কয় যে মানুহ হিচাপে থাকিলে পাৰ্চিয়াছ অকলে থাকিব নেলাগে আৰু তাৰপিছত তেওঁ আয়'ক পুনৰ্জীৱিত কৰে।
অভিনয় শিল্পী
- জিউচৰ পুত্ৰ পাৰ্চিয়াছৰ ভূমিকাত ছেম ৱৰ্ডিংটন
- অলিম্পাছ পৰ্বতৰ দেৱতাসকলৰ ৰজা জ্যুচৰ ভূমিকাত লায়াম নিছন
- পাতাললোকৰ দেৱতা হেডিছৰ ভূমিকাত ৰালফ ফিয়েনছ
- পাৰ্চিয়াছৰ পথ প্ৰদৰ্শক আৰু টাইটানৰ যুদ্ধৰ বৰ্ণনাকাৰী আয়'ৰ ভূমিকাত জেমা আৰ্টাৰটন
- ৰাজকীয় সৈন্যৰ মুখিয়াল ড্ৰেক'ৰ ভূমিকাত মেডছ মিকেলছেন
- আৰ্গছৰ ৰাজকুমাৰী এণ্ড্ৰমেডাৰ ভূমিকাত এলেক্সা ডাভালছ
- এটা জন্তুলৈ পৰিণত হোৱা আৰ্গছৰ ৰজা এক্ৰিচিয়াছ/কেলিব'ছৰ ভূমিকাত জেছন ফ্লেমিং
- পাৰ্চিয়াছৰ ধৰ্মপিতৃ স্পাইৰছৰ ভূমিকাত পিট প'ষ্টলেথৰৱেইট
- আৰ্গছৰ ৰাণী তথা এণ্ড্ৰমেডাৰ মাতৃ কেচিয়'পিয়াৰ ভূমিকাত পলি ৱাকাৰ
- অ'জেলৰ ভূমিকাত আশ্ৰফ বাৰহ'ম
- পাৰ্চিয়াছৰ মাতৃ, ৰজা এক্ৰিচিয়াছৰ পত্নী দনয়িৰ ভূমিকাত টাইন ষ্টাপেলফেল্ড
- পাৰ্চিয়াছৰ ধৰ্মমাতৃ মাৰ্মাৰাৰ ভূমিকাত এলিজাবেথ মেকগভাৰ্ণ
- ইউচেবায়াছৰ ভূমিকাত নিক'লাছ হ'ল্ট
- চ'লনৰ ভূমিকাত হেন্স মেথিছন
- আৰ্গছৰ ৰজা, এণ্ড্ৰমেডাৰ পিতৃ চেফিয়াছৰ ভূমিকাত ভিনচেণ্ট ৰেগান
- অভিযাত্ৰী আৰু চোৰবোৰৰ দেৱতা, দেৱদূত হাৰ্মিচৰ ভূমিকাত আলেকজেণ্ডাৰ ছিডিং
- প্ৰক'পিয়নৰ ভূমিকাত লুক ট্ৰেডাৱে
- কাচুকৰ ভূমিকাত ম'লাউড এচাৰ
- সূৰ্য, গীত, কবিতা, কলা, আৰোগ্য, ধনুৰ্বিদ্যা আৰু ঔষধৰ দেৱতা এপ'ল'ৰ ভূমিকাত লুক ইভানছ
- যুদ্ধ, সমৰকলা, জ্ঞান আৰু ন্যায়ৰ দেৱী এথেনাৰ ভূমিকাত ইজাবেলা মিক'
- শ্বেইখ চুলেইমানৰ ভূমিকাত ইয়ান হোৱাইট
- শত্ৰুতা আৰু ৰক্তক্ষয়ৰ দেৱতা এৰিচৰ ভূমিকাত তামেৰ হাছান
- সমুদ্ৰ আৰু ভূমিকম্পৰ দেৱতা প'জাইডনৰ ভূমিকাত ডেনী হাষ্টন
- নাৰী আৰু বিবাহৰ দেৱী, জিউচৰ পত্নী হীৰাৰ ভূমিকাত নীনা য়াং
- ঘৰৰ দেৱী হেষ্টিয়াৰ ভূমিকাত জেন মাৰ্চ
- অৰণ্য, চন্দ্ৰ, পাহাৰ, চিকাৰ আৰু জন্তুৰ দেৱী আৰ্টেমিছৰ ভূমিকাত নাটালিয়া ক'ক্স
- প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিৰ ভূমিকাত এজিনেছ ডিন
- অৰ্ধ-মৰণশীল ৰাক্ষসী মেডুছাৰ ভূমিকাত নাটালিয়া ভ'ডিয়ান'ভা
নিৰ্মাণ
ক্লেশ্ব অফ দ্য টাইটানছৰ পুনৰ্নিৰ্মাণ প্ৰকল্পটো ২০০২ চনত পৰিচালক আদম স্ক্ৰ'ডাৰ আৰু লিখকদ্বয় জন গ্লেন আৰু ট্ৰেভিছ ৰাইটৰ অধীনত আৰম্ভ কৰা হৈছিল। সেই সংস্কৰণটোত বিভিন্ন দেশৰ দেৱতাসকলক মিহলি কৰি পেলোৱা হৈছিল য'ত মুখ্য খলনায়িকা আছিল মৃত্যু আৰু ধ্বংসৰ সুমেৰীয় সমুদ্ৰ দেৱী টায়ামেট।৬ ২০০৬ চনত প্ৰযোজক বাছিল ইৱানিকে প্ৰকল্পটো পুনৰোজ্জীৱিত কৰে আৰু মূল ছবিখনৰ অনুৰাগী ট্ৰেভিছ বিচামক চিত্ৰনাট্য লিখাৰ দায়িত্ব দিয়ে যি চিত্ৰনাট্যখন "আন্ধাৰতৰ আৰু অধিক বাস্তৱধৰ্মী" কৰিবলৈ মনস্থ কৰে।৭ ২০০৭ চনত ল'ৰেন্স কাছডেন আৰু পৰিচালক ষ্টিফেন নৰিংটনে হস্তাক্ষৰ কৰে।৮ কিন্তু নৰিংটন প্ৰকল্পটোৰ পৰিচালনা কৰা সন্দৰ্ভত নিশ্চিত নাছিল কিয়নো তেওঁৰ মূল ছবিখনৰ জ্ঞান নাছিল। তেতিয়া লেটেৰিয়াৰে এই সন্দৰ্ভত নৰিংটনৰ সৈতে যোগাযোগ কৰে।৯ ২০০৮ চনৰ জুনত লেটেৰিয়াৰে এই প্ৰকল্পটোত যোগদান কৰে আৰু ৱাৰ্ণাৰ ব্ৰাদাৰ্ছেও ছবিখনলৈ সেউজ সংকেত দিয়ে।১০
২০০৮ চনৰ জুলাইত লেখক ফিল হেই আৰু মট মেনফ্ৰেডিয়ে চিত্ৰনাট্যৰ কাম গ্ৰহণ কৰে আৰু বিচামৰ খচৰাটোক আৰম্ভণি হিচাপে লয়। তেওঁলোকে কিংবদন্তিৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰে আৰু লেটেৰিয়াৰৰ দৃষ্টিৰে কাহিনীটো কয়। তেওঁলোকে এবছৰতকৈও কম সময়ৰ ভিতৰত চিত্ৰনাট্য লিখি উলিয়ায়।১১৯
এক সাক্ষাৎকাৰত লুইচ লেটেৰিয়াৰে জানিবলৈ দিয়ে যে তেওঁ মাছামি কুৰুমাদাৰ ছেইণ্ট ছেইয়া মাংগা (নাইটছ অফ থ্য জ'ডিয়াক হিচাপেও জনাজাত) আৰু ইয়াৰ এনিমেটেড ৰূপৰ ডাঙৰ অনুৰাগী। তেওঁ ছেইণ্ট ছেইয়াৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে চলচ্চিত্ৰখনত দেৱতাসকলে পৰিধান কৰা বৰ্মসমূহৰ কথা বিশেষভাৱে উল্লেখ কৰে। আনকি ছেইণ্ট ছেইয়াৰ লেখক মাছামি কুৰুমাদাক প'ষ্টাৰৰ আৰ্হিৰ বাবে নিৰ্মাণ গোটটোৰ সৈতে সহযোগ কৰিবলৈও কোৱা হৈছিল।১২
ছেম ৱৰ্ডিংটনে পাৰ্চিয়াছৰ ভূমিকা লয় কাৰণ তেওঁ নিজৰ নবছৰীয়া ভতিজাৰ প্ৰজন্মটোৰ কাৰণে এখন ক্লেশ্ব অফ দ্য টাইটানছ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল।১৩ দৃশ্যগ্ৰহণৰ সময়ত পোছাকসমূহে অভিনয় শিল্পীসকলক হাঁহিৰ খোৰাক যোগায় যদিও ছেমে ইয়াক গুৰুত্ত্বসহকাৰে লয় যাতে দৰ্শকসকলে হাঁহিবলগা নহয়। ইয়াৰোপৰি দৃশ্যগ্ৰহণৰ সময়ত চেণ্ডেল পিন্ধা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ নিজৰ ক্ৰীড়া-জোতাযোৰত গোৰোহা আঁকি লৈছিল যাতে তেওঁ ষ্টাণ্টসমূহ ভালদৰে কৰিব পাৰে।১৪
দ্বিবিমীয়ৰপৰা ত্ৰিবিমীয় ৰূপ দিবলৈ লেটেৰিয়াৰে সোনকালেই ষ্টুডিঅ'ৰ কাষ চাপে কিন্তু ই খৰচী আৰু অতিশয় নতুন প্ৰযুক্তি আছিল।১৫ অৱতাৰৰ পিছত ষ্টুডিঅ'টোৱে এই ছবিখন ৰূপান্তৰ কৰিবলৈ লেটেৰিয়াৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। তেওঁ চিন্তিত হয় যদিও ৰূপান্তৰৰ প্ৰক্ৰিয়াটো দেখা পাই আস্বস্ত হয়।৪ দৰ্শন অভিজ্ঞতাৰ উন্নতিৰ হেতুকে তেওঁ ইয়াক ত্ৰিবিমীয় ৰূপ দিবলৈ ঠাৱৰ কৰে।১৫
দৃশ্যগ্ৰহণৰ স্থান
২০০৯ চনৰ ২৭ এপ্ৰিলত লণ্ডনৰ ওচৰৰ শ্বেপাৰটন ষ্টুডিঅ' আৰু চাৰ্টচিৰ ওচৰৰ পাইনৱুড ষ্টুডিঅ' আৰু লংক্ৰছ ষ্টুডিঅ'ত দৃশ্যগ্ৰহণ আৰম্ভ হয়।১৬ ৱেলছ, স্পেইনৰ কেনেৰি দ্বীপপুঞ্জ, লেঞ্জাৰ'টেত অৱস্থিত টিমানফায়া ৰাষ্ট্ৰীয় উদ্যান আদিতো দৃশ্যগ্ৰহণ কৰা হয়। বিহংগম আলোকচিত্ৰসমূহ আইচলেণ্ড আৰু ইথিয়'পিয়াত লোৱা হয়।১
আগ্নেয়গিৰিৰ দৃশ্যসমূহ জুলাইৰ শেষৰফালে ৱেলছৰ ডাইন'ৱিক শ্লেট কুৱেৰিত গ্ৰহণ কৰা হয়।১৭
মুক্তি
ক্লেশ্ব অফ দ্য টাইটানছ মূলতে ২০১০ চনৰ ২৬ মাৰ্চত মুক্তি দিয়াৰ দিন ধাৰ্য কৰা হৈছিল।২৩ ২০১০ চনৰ ২৭ জানুৱাৰীত হিট ভিছন ব্লগে বাতৰি প্ৰকাশ কৰে যে ছবিখনক ত্ৰিবিমীয় ৰূপ দিয়া হ'ব আৰু সেই বছৰৰে ২ এপ্ৰিলত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব। ৩০ মাৰ্চ তাৰিখে কেনেৰী দ্বীপপুঞ্জৰ ৰাজধানী চহৰ 'ছাণ্টা ক্ৰুজ দি টেনেৰিফ'ত ছবিখনৰ ৰাষ্ট্ৰীয় প্ৰিমিয়াৰ সম্পন্ন হয়।৪৫১৮
সমালোচকৰ সঁহাৰি
ক্লেশ্ব অফ দ্য টাইটানছে সাধাৰণভাৱে সমালোচকৰ নেতিবাচক সঁহাৰি লাভ কৰে। ২২৫টা সমালোচনাৰ ওপৰত ভিত্তি কৰি 'ৰ'টেন ট'মেটজ' ৱেবছাইটে প্ৰকাশ কৰে যে গড় মূল্যায়ন ৪.৩/১০ লাভ কৰাৰ লগতে ছবিখনে ২৯% সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰে।১৯ 'মেটাক্ৰিটিক'ত ৩৭টা মূলসূঁতিৰ সমালোচকৰ সমালোচনাৰ ভিত্তিত ছবিখনক ১০০ৰ ভিতৰত ভৰযুক্ত গড় নম্বৰ ৩৯ দিয়া হয়।২০
'চিকাগো ছান-টাইমছ'ৰ ৰজাৰ এবাৰ্টে তেওঁৰ সমালোচনাত ছবিখনক ৪টাৰ ভিতৰত ৩টা তৰা দিয়ে আৰু কয়, "মই নকওঁ যে এইখন এখন ভাল চলচ্চিত্ৰ, যদিও মই ইয়াত মাজত থকা কাৰিকৰী গুন ধৰিব পাৰিছো। মই নকওঁ যে এয়া ভাল অভিনয়, যেতিয়া মানুহৰ ইমান দাড়ি থাকে তেওঁলোকক লায়াম নিছনৰ দৰেই লাগে। মই ভাল পাওঁ শক্তিখিনি, কল্পনা, সৰলতা। "২১ টাইমৰ ৰিচাৰ্ড কৰ্লিছে বুজি পায় যে বহুসংখ্যক সমালোচকে ইয়াক ভাল নাপায়, কিন্তু ছবিখন "এক শ্বাসৰুদ্ধকৰ একচন-এডভেঞ্চাৰ..." বুলি অনুভৱ কৰে। তেওঁ অন্য সমালোচকৰ অভিযোগসমূহ অগ্ৰাহ্য কৰি লিখে যে "দ্বিবিমীয় ৰূপত বৰকৈ চাবলগীয়া", আৰু অন্য সমালোচকসকল মূল ছবিখন লৈ নষ্টালজিক বাবে ভুলত আক্ৰান্ত।২২ 'এণ্টাৰটেইনমেণ্ট ৱিকলি'ৰ অ'ৱেন গ্লিবাৰমেনে ছবিখনক B- প্ৰদান কৰি লিখে, "নতুন ক্লেশ্বখন এক বিৰক্তিকৰ খিচিৰি নহয়। ইয়াৰ এক প্ৰাক CGI নিৰ্দোষিতা আছে। "২৩
বক্স অফিচ
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ ৩,৭৭৭খন থিয়েটাৰত প্ৰথমটো সপ্তাহান্তত ক্লেশ্ব অফ দ্য টাইটানছে $৬১,২৩৫,১০৫ উপাৰ্জন কৰে (বৃহস্পতিবৰীয়া প্ৰাকদৰ্শন বাদ দি)। ডেট নাইট আৰু পূৰ্বৰ বিজেতা হাও টু ট্ৰেইন য়'ৰ ড্ৰেগনক অতিক্ৰম কৰি ছবিখনে দুসপ্তাহ ধৰি শাৰীৰ প্ৰথম স্থানত থাকে।২৪ ২০১০ চনৰ ২২ জুলাইলৈকে ছবিখনে ঘৰুৱাভাৱে $১৬৩,২১৪,৮৮৮ আৰু ২০১০ চনৰ ১৯ ছেপ্টেম্বৰলৈকে বাহিৰত $৩৩০,০০০,০০০ উপাৰ্জন কৰে আৰু সামগ্ৰিকভাৱে $৪৯৩,২১৪,৮৮৮ উপাৰ্জন কৰে। সৰ্বকালৰ বিশ্বব্যাপী তালিকাত ই ৮০তম স্থান পোৱাৰ বিপৰীতে দক্ষিণ আমেৰিকাত ই ১০০ৰ তলত স্থান পায়।২৫
ভিডিঅ' গেম
২০১০ চনৰ ২৭ জুলাইত নেমক' বেণ্ডাই গেমছ ইনক. আৰু ৱাৰ্ণাৰ ব্ৰছ. ইণ্টাৰেক্টিভ এণ্টাৰটেইনমেণ্টে ছবিখনৰ 'হ'ম ভিডিঅ''ৰ মুক্তিৰ লগতে প্লেষ্টেচন ৩ আৰু এক্সবক্স ৩৬০ ত ছবিখনৰ এক ভিডিঅ' গেম মুকলি কৰে। ২০১০ চনৰ মাৰ্চতে মুক্তি পোৱাৰ কথা আছিল যদিও কিছু অসুবিধাৰ বাবে গেমটো মুক্তি পাওঁতে পলম হয়। গেমটোত পাৰ্চিয়াছে হেডিছ আৰু তেওঁৰ সংগীসকলৰ সৈতে যুঁজ কৰে।
ছিকুৱেল
মূল প্ৰবন্ধ: ৰেথ অফ দ্য টাইটানছ
২০১১ চনৰ ২৩ মাৰ্চত জনাথন লাইবেছমেনে পৰিচালনা কৰা ৰেথ অফ দ্য টাইটানছ নামৰ ছিকুৱেলখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়। ইয়াত ছেম ৱৰ্ডিংটন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰে আৰু ২০১২ চনৰ ৩০ মাৰ্চত ই মুক্তিলাভ কৰে।২৬
২০১১ চনৰ নৱেম্বৰত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ৰেথ অফ দ্য টাইটানছৰ লেখক ডেন মেজিও আৰু ডেভিদ লেছলি জনছনক ৰিভেঞ্জ অফ দ্য টাইটানছ নামৰ এক ছিকুৱেল লিখিবলৈ আমন্ত্ৰণ কৰি আনে।২৭
বাহ্যিক সংযোগ
- Tenerife, Canary Islands, "ক্লেশ্ব অফ দ্য টাইটানছ"ৰ লোকেচন
- ৱেলছত ক্লেশ্ব অফ দ্য টাইটানছৰ দৃশ্যগ্ৰহণৰ স্থান
তথ্যসূত্ৰ
- ↑ (April 25, 2009). Clash of the Titans Commences Production for Warner Bros. Pictures and Legendary Pictures. Business Wire
- ↑ (October 2, 2009). Medusa's Head Hiding Within Perseus' Sack? Three Blind Witches!. Bloody-disgusting.com
- ↑ (October 2,this movie will not be good as a remake of a classic is like doing a remake of Star Wars, ET, or very good film then make them worse than bad 2009). New Clash of the Titans Remake Stills. Dreadcentral.com
- ↑ (January 27, 2010). 3-Deathly: Titans and Potter go to third dimension. Heat Vision Blog
- ↑ (February 2010). Clash of the Titans Official site: Film poster. Clash-of-the-Titans.WarnerBros.com
- ↑ Felming, Michael. (2002-06-03). Col sends J. Lo to Shrink. Variety
- ↑ McClintock, Pamela. (2006-04-30). Scribe goes to head of Clash at Warners. Variety
- ↑ Fleming, Michael. (2007-12-13). Norrington to direct Titans. Variety
- ↑ (2008-07-12). Leterrier parle de son Choc des Titans. EcranLarge.com
- ↑ Michael Fleming. (2008-06-26). Gods goes to war with Titans. Variety
- ↑ (April 1, 2010). EXCLUSIVE: Phil Hay and Matt Manfredi Prepare Us for Clash of the Titans. movie Web
- ↑ Saint Seiya's Kurumada Draws Clash of the Titans Poster
- ↑ The Sam Worthington "Clash of the Titans" interview
- ↑ Wayland, Sara. Sam Worthington interview CLASH OF THE TITANS
- ↑ Wayland, Sard. Director Louis Leterrier interview CLASH OF THE TITANS
- ↑ IMDb: Most Popular Titles With Location Matching "Longcross Studios, Chobham Lane, Longcross, Surrey, England, UK"
- ↑ Filming Clash of the Titans at Dinorwic – July 2009
- ↑ Estatuto de Autonomía de Canarias en la Página Web Oficial del Gobierno de Canarias
- ↑ Clash of the Titans reviews. Rotten Tomatoes
- ↑ Clash of the Titans reviews. Metacritic
- ↑ Ebert, Roger. Clash of the Titans – Roger Ebert reviews. Chicago Sun-Times
- ↑ Corliss, Richard. (April 2, 2010). Clash of the Titans: A Hit from a Myth. Time
- ↑ আৰ্কাইভ কপি
- ↑ Weekend Report: "Titans" Fall But Still Tall, Box Office Mojo, April 12, 2010
- ↑ Clash of the Titans (2010). boxofficemojo.com. Amazon.com
- ↑ (2011-03-23). Production Underway for Clash of the Titans 2. ComingSoon.net. CraveOnline
- ↑ Kit, Borys. (2011-11-02). Warner Bros. Readying 'Clash of the Titans 3' (Exclusive). The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।