অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গান্ধী, মাই ফাদাৰ

গান্ধী, মাই ফাদাৰ (Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল।

হালনাগাদ: ১১ অক্টোবৰ ২০২৫ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গান্ধী, মাই ফাদাৰ (Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল। চিনেমাখনত দৰ্শন জড়িৱালা, অক্ষয় খান্না, ভূমিকা চাওলা আৰু শ্বেফালী শ্বাহে উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে।১

মহাত্মা আৰু তেওঁৰ পুত্ৰ হৰিলাল গান্ধীৰ মাজৰ অসুখী সম্পৰ্কই হৈছে, এই ছবিখনৰ বিষয়বস্তু। চন্দুলাল ভগুভাই দালালে লিখা হৰলাল গান্ধীৰ জীৱনভিত্তিক হৰিলাল গান্ধী: আ লাইফ গ্ৰন্থৰ কাহিনীভাগ লৈ এই চিনেমাখন নিৰ্মাণ কৰা হৈছে।২ ‘গান্ধী, মাই ফাদাৰ’ চিনেমাৰপৰা পৃথক হ’লেও প্ৰায় একেটা থীমকে লৈ গুজৰাটী লেখক দিনাকৰ যোশীৰ উপন্যাস এখনৰ ভিত্তিত খানে তেওঁৰ নাটক ‘মহাত্মা বনাম গান্ধী’ নিৰ্মাণ কৰিছিল।৩ দক্ষিণ আফ্ৰিকা আৰু মুম্বাই আৰু আহমেদাবাদকে ধৰি ভাৰতৰ কেইবাখনো নগৰত এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।৪

প্লট

গান্ধী, মাই ফাদাৰ চলচ্চিত্ৰত গান্ধীৰ তেওঁ পুত্ৰ হৰিলাল গান্ধীৰ সৈতে থকা পাকলগা, জটিল আৰু জহি যোৱা সম্পৰ্কৰ ছবিখন অংকন কৰা হৈছে। আৰম্ভণিৰে পৰা দুয়োৰে সপোন আছিল বিপৰীতমুখী। হৰিলালৰ উচ্চাকাংক্ষা আছিল যে, তেওঁ বিদেশত অধ্যয়ন কৰি পিতৃৰ দৰে বেৰিষ্টাৰ হ’ব। ইয়াৰ বিপৰীতে গান্ধীয়ে আশা কৰিছিল যে তেওঁৰ পুত্ৰই তেওঁৰ সৈতে সহযোগ কৰিব আৰু ভাৰতত তেওঁৰ আদৰ্শ আৰু কাৰ্য্যৰ বাবে যুঁজিব।

অভিনয়ত

বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • জুৰীৰ বিশেষ বঁটা- ফিৰোজ আব্বাছ খান আৰু অনিল কাপুৰ ৬
  • শ্ৰেষ্ঠ স্ক্ৰীণপ্লে - ফিৰোজ আব্বাছ খান
  • শ্ৰেষ্ঠ সহ অভিনেতা - দৰ্শন জড়িৱালা

জি চিনে এৱাৰ্ড, ২০০৮;

  • সমালোচকৰ বঁটা (শ্ৰেষ্ঠ চলচ্চিত্ৰ - অনিল কাপুৰ)৭ আৰু শ্ৰেষ্ঠ অভিনেত্ৰী - শ্বেফালী শ্বাহ; (সমালোচকৰ বঁটা)

এছিয়া পেচিফিক স্ত্ৰীণ এৱাৰ্ড, ২০০৭;

  • শ্ৰেষ্ঠ স্ক্ৰীণপ্লে- ফিৰোজ আব্বাছ খান৮

তথ্যসূত্ৰ

  1. ↑ Ganguly, Prithwish. (27 June 2007). Gandhi my father: a tale of Mahatma's son. Indo-Asian News Service
  2. ↑ Book bids to save Mahatma's son from ignominy
  3. ↑ (22 July 2007). The Mahatma and his son. দ্য হিন্দু
  4. ↑ In the name of the father. Deccan Herald
  5. ↑ (2011-04-20). Gandhi My Father Cast & Director - Yahoo! Movies. Movies.yahoo.com
  6. ↑ 55th National Film Awards announced. NDTV.com
  7. ↑ (2008-04-23). Zee Cine Awards 2008 winners announced. Zee News
  8. ↑ (2007-11-13). Asia Pacific Screen Awards Winners Announced - Asia Pacific Screen Awards. Asia Pacific Screen Awards

সম্পৰ্কিত শ্ৰেণী

মহাত্মা গান্ধী এডিটাথন, ২০২৫মহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী, মাই ফাদাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৩০৯৮ (১১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।