with saffron kabney (reserved for the Bhutanese king and chief abbot).]]

কাবনে (:kabney; জোংখা: བཀབ་ནེ་, ৱাইলি: bkab-ne) হৈছে ভূটানৰ পুৰুষ সকলৰ পৰম্পৰাগত আৰু জাতীয় সাজ-পোছাক ঘোৰৰ অংশ হিচাপে পিন্ধা এক ৰেশমী স্কাৰ্ফ। এই ঘোৰ (The gho or g'ô ) হৈছে ১৭ শতিকাত ঙাৱাং নামগ্যাল, ১ম ঝাবড্ৰুং ৰিনপোচে ঙালপ জনগোষ্ঠীক অধিক সুকীয়া পৰিচয় দিবলৈ প্ৰৱৰ্তন কৰা আঁঠুৰ দৈৰ্ঘ্যৰ কঁকালত কেৰা (ড্জংখা: སྐེད་རགས་, ৰোমানাইজড: স্কেড ৰেগ) নামেৰে জনাজাত কাপোৰৰ বেল্টেৰে বান্ধি থোৱা চোলা।১ তাৰেই অংশ এই ৰেচমী স্কাৰ্ফ।২ এই স্কাৰ্ফ মূলত কেঁচা ৰেচম সূতাৰে বোৱা হয়। সাধাৰণতে ইয়াৰ মাপ ৯০ চে.মি.বহল আৰু ৩০০ চে.মি.দীঘল (৩৫ ইঞ্চি × ১১৮ ইঞ্চি)হয়। ইয়াৰ কিনাৰত দুটা পাৰী বা ফ্ৰিংছ থাকে। ই নানান বৰণৰ হব পাৰে। কাবনেক পৰম্পৰাগত চোলা ঘোৰ ওপৰত পিন্ধা হয়; ই বাওঁ কান্ধৰ পৰা সোঁ নিতম্বলৈকে দীঘল। এই বিশেষ স্কাৰ্ফ সাধাৰণতে বিশেষ অনুষ্ঠানত বা কোনো জোং (ভুটানৰ পৰম্পৰাগত প্ৰশাসনিক আৰু ধৰ্মীয় চৌহদ) পৰিদৰ্শনৰ সময়ত পিন্ধা হয়। কাবনেক কেতিয়াবা বুৰা বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে বনৰীয়া ৰেচম।
ভূটানত ভূটানৰ চৰকাৰী শিষ্টাচাৰ আৰু সাজ-পোছাক বিধি ড্ৰিগলাম নামঝা (বা ড্ৰিলাম নামঝাক)ৰ অংশ হিচাপে ঘো আৰু কাবনে পিন্ধিবলৈ উৎসাহিত কৰা হয়। এই পোচাক পৰিচ্ছদ স্কুলীয়া ল'ৰা আৰু চৰকাৰী বিষয়াৰ বাবে বাধ্যতামূলক।২৩ মহিলা সকলৰ পৰম্পৰাগত সাজ-পোছাকক কিৰা বোলা হয়; পৰম্পৰাগত পোছাক কিৰাৰ ওপৰত এটা ৰাচু পিন্ধা হয়।২৪
কাবনেৰ ৰং
কাবনে পিন্ধা ব্যক্তি জনৰ পদবী আৰু সামাজিক শ্ৰেণীয়ে এই কাবনে বা স্কাৰ্ফ বা বুৰাৰ অনুমোদিত ৰং নিৰ্ধাৰণ কৰে:৫৩৬৭
- ড্ৰুক গ্যালপো (ৰজা) আৰু জে খেনপো (প্ৰধান মঠৰ)ৰ বাবে কেশৰ স্কাৰ্ফ।
- লায়নপছ (মন্ত্ৰী আৰু চৰকাৰৰ অন্যান্য সদস্য)ৰ বাবে কমলা ৰঙৰ স্কাৰ্ফ।৩
- দশোছ (ৰজা পৰিয়ালৰ পুৰুষ সদস্য আৰু উচ্চপদস্থ বিষয়া)ৰ বাবে ৰঙা স্কাৰ্ফ।৩ ৰঙা স্কাৰ্ফখন ভূটানী অসামৰিক লোককো প্ৰদান কৰিব পাৰি, কাৰণ ই ভূটানী অসামৰিক লোকে লাভ কৰিব পৰা অন্যতম উচ্চ সন্মান, আৰু ই এজন ব্যক্তিয়ে জাতিটোৰ প্ৰতি কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে সিংহাসনৰ পৰা পোনপটীয়াকৈ অনুমোদিত হৈ আহে।৮
- বিচাৰকৰ বাবে সেউজীয়া স্কাৰ্ফ।
- সংসদৰ সদস্যসকলৰ বাবে নীলা স্কাৰ্ফ।৯
- গুপছ (২০৫টা গেৱগৰ মুৰব্বী)ৰ বাবে ৰঙা ৰেখাযুক্ত বগা স্কাৰ্ফ।১০
- সাধাৰণ নাগৰিকৰ বাবে বগা স্কাৰ্ফ।১১
পূৰ্বৰ স্কাৰ্ফ ৰেংকসমূহৰ ভিতৰত আছে:
- চিমি (ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য)ৰ বাবে নীলা ৰেখাৰে বগা স্কাৰ্ফ। এইটো এতিয়া থ্ৰমডেৰ মুৰব্বী থ্ৰ’ম্প’য়েন্সৰ বাবে ব্যৱহাৰ কৰা হয়।
- লোডো টছগডে (ৰয়েল এডভাইজাৰী কাউন্সিলৰ সদস্য, এতিয়া বন্ধ)ৰ বাবে নীলা স্কাৰ্ফ।৩
তথ্যসূত্ৰ
- ↑ Driem, George van. (1998). Dzongkha = Rdoṅ-kha. Research School, CNWS. পৃ. 74. ISBN 978-9057890024
- ↑ Gyurme Dorje. Footprint Bhutan. Footprint, [2004]. . Section "National dress", p 261
- ↑ Kabney & Patang; from the blog "Bhutan Land Of The Thunder Dragon" by Yeshey Dorji
- ↑ Bhutan Majestic Travel
- ↑ Kabney colour mania; bhutanobserver.bt, August 19, 2011
- ↑ The Symbolism of Kabney and Rachu in Bhutan; blog "Asian University For Women Academic Reading/Writing 2011"
- ↑ Bhutanese Society and Dress; Bhutan Life Exposure Tours & Treks
- ↑ (17 December 2012). Four individuals conferred Bura Maap - BBS. Bbs.bt
- ↑ Blue Kabney (Scarf) for members of parliament; bhutanmajestictravel.com
- ↑ His Majesty grants dhar and kabney to the Gups; bbs.bt
- ↑ Time for the white kabney; bhutanobserver.bt, May 3rd, 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবনে” প্ৰবন্ধৰ সংশোধন ৫২৫৭১২ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।