অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কলকাতাৰ দুৰ্গা পূজা

কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়। এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়।১২ এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।৩৪ লগতে, ই কলকাতাৰ বঙালী হিন্দু বা হিন্দুৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ।৪

কলিকতাত প্ৰায় ৩ হাজাৰ বাৰোৱাৰী পূজা অনুষ্ঠিত হয়। বৃহৎ বাজেট (কোটি কোটি টকা)ৰে মহানগৰীত ২০০ৰো অধিক পূজাৰ আয়োজন কৰা হয়।৫

২০২১ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা - ইউনেস্ক’ৰদ্বাৰা ‘মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য’ৰ তালিকাত কলকাতাৰ দুৰ্গা পূজা সন্নিৱিষ্ট কৰা হৈছে।৬

ইতিহাস

১৬১০ চনৰপৰা সাবৰ্ণ ৰায় চৌধুৰী পৰিয়ালে কলিকতাৰ বড়িশাত থকা তেওঁলোকৰ আদি বাসগৃহত দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে।৭ এইটোৱেই হয়তো কলকাতাৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা উৎসৱ। নৱকৃষ্ণ দেৱে ১৭৫৭ চনত শোভাবাজাৰ ৰাজবাৰীত দুৰ্গা পূজা আৰম্ভ কৰে।৮৯

বিংশ শতিকাৰ আৰম্ভণিতে কলকাতাত বাৰোৱাৰী দুৰ্গা পূজা আৰম্ভ হৈছিল। বাৰোৱাৰী দুৰ্গা পূজা শীঘ্ৰে কলকাতাত সাধাৰণ মানুহৰ উৎসৱত পৰিণত হয়। ইয়াৰ পূৰ্বে কলকাতাৰ দুৰ্গা পূজা ধনী পৰিয়ালত আবদ্ধ হৈ আছিল। ১৯১০ চনত ভৱনীপুৰৰ বলৰাম বসু ঘাট পথত "ভৱনীপুৰ সনাতন ধৰ্মাৎসহিনী সভা"ৰ উদ্যোগত কলকাতাৰ প্ৰথম বাৰোৱাৰী দুৰ্গা পূজাৰ আয়োজন কৰা হয়।৭

১৯৮৫ চনৰপৰা এছিয়ান পেইণ্টছ অথৰিটিয়ে কলকাতাৰ দুৰ্গা পূজা সমিতিসমূহক বঁটা প্ৰদানৰ প্ৰথা প্ৰৱৰ্তন কৰি আহিছে। এই বঁটাৰ নাম এছিয়ান পেইণ্টছ শাৰদ সন্মান। পিছলৈ আন বহুতো ব্যাৱসায়িক সংস্থাই কলকাতাত দুৰ্গা পূজাৰ বাবে "শাৰদ সন্মান" বা দুৰ্গা পূজা বঁটা প্ৰৱৰ্তন কৰে।১০১১১২

পশ্চিম বংগ চৰকাৰে ২০১৩ চনত বিশ্ব বাংলা শাৰদ সন্মানৰ প্ৰৱৰ্তন কৰে।১৩

সম্প্ৰসাৰণ

যুগন্তৰ আৰু আনন্দবাজাৰ পত্ৰিকাৰ প্ৰতিৱে‍দনত ১৯৫০ চনৰপৰা সৰ্বজনীন (ৰাজহুৱা) পূজাৰ ব্যয়ৰ মোটামুটি অনুমান দিয়া হৈছে। ১৯৫৭ চনত প্ৰতিটো পূজা সমিতিয়ে‍ সেই সময়ত গড়ে ৮,০০০ ৰপৰা ১২,০০০ টকা খৰচ কৰিছিল, পূজাসমূহৰ মুঠ খৰচ আছিল প্ৰায় ২৫ লাখ টকা; ১৯৮৪ চনত সেই মুঠ ধন প্ৰায় ২ কোটিলৈ বৃদ্ধি পায়।১৪

২০১২ চনৰ টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিৱেদনত সেই বছৰৰ কলকাতাৰ দুৰ্গা পূজাৰ ব্যয়ৰ পৰিসংখ্যা দিয়া হৈছিল। প্ৰতিৱেদন অনুসৰি কলকাতাৰ ৩,৫৭৭খন পূজাৰ বাবে মুঠ ১২৩.০৫ কোটি টকা ব্যয় কৰা হৈছিল।১৫

পূজাঃ উৎসৱ

দুৰ্গা পূজা মূলতঃ ৫ দিন - ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু বিজয়া দশমী হিচাপে‍ পালন কৰা হয়। কিন্তু কলকাতাৰ দুৰ্গা পূজাৰ আশে-পাশে উৎসৱৰ আমেজ ষষ্ঠীৰ আগৰপৰাই আৰম্ভ হয়, মূলতঃ মহালয়াৰপৰাই আৰম্ভ হয়। মহালয়াৰ দিনৰেপৰা ৰাইজৰ বাবে মুকলি কৰা হয় দুৰ্গা পূজা পণ্ডল। কলকাতাৰ দুৰ্গা পূজাৰ প্ৰধান আকৰ্ষণ হৈছে সজ্জা, ভাস্কৰ্য্য, পেণ্ডেল,১৬ পোহৰ আৰু আলোকসজ্জা, আৰু কাৰ্নিভাল।১৩

পূজাৰ বিৱৰ্তন

সপ্তদশ শতিকাত জমিদাৰসকলে নিজৰ ৰাজবাৰীত পূজা আয়োজন কৰাৰপৰা আজি এই উৎসৱ আনন্দ আৰু অসীম আনন্দৰ প্ৰতীক হৈ পৰিছে। দেৱীক ঘৰলৈ উভতি অহাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, দেৱীক কেন্দ্ৰ কৰি বৰ্তমান সময়ত পূজাত অতিৰিক্ত পেণ্ডেল, পেণ্ডেল হপিং, বিভিন্ন বিষয়-বস্তুৰ অন্তৰ্ভুক্তিৰ লগতে পোহৰৰ বিশাল শৃংখলৰ সাক্ষী হৈ পৰিছে। ই হৈ পৰিছে পৃথিৱীখনক দেখা আৰু নিজকে স্থাপন কৰাৰ এক ধৰণ।১৭

আনকি কুৰি‍ শতিকালৈকেও কলকাতাৰ দুৰ্গা পূজা মূলতঃ ধৰ্মীয় আৰু পাৰিবাৰিক অনুষ্ঠান আছিল, য’ত বিভিন্ন সম্প্ৰদায়ে একত্ৰিত হৈ তেওঁক পূজা কৰিছিল আৰু উৎসৱৰ সৈতে জড়িত যুগ যুগ ধৰি চলি অহা পৰম্পৰাত অংশগ্ৰহণ কৰিছিল। আৱেগ, ভক্তি আৰু সামূহিক মনোভাব এতিয়াও ফুটি‍ উঠিছে যদিও দুৰ্গা পূজাৰ পৰিসৰ, শৈলী আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে।১৮

তথ্যসূত্ৰ

  1. ↑ The Goddess Durga: The Mother of the Hindu Universe. www.learnreligions.com. Learn Religions
  2. ↑ Devi. www.worldhistory.org. World History
  3. ↑ Kolkata’s biggest religious festival Durga Puja reframed as international art experience. The World from PRX
  4. ↑ (5 September 2022). https://www.hindustantimes.com/photos/news/durga-puja-2022-city-of-joy-kolkata-gears-up-for-biggest-festival-101662375005823-1.html
  5. ↑ Shiv Sahay Singh. I-T notices to Durga Pujas even as festival seeks UNESCO status. www.thehindu.com
  6. ↑ UNESCO – Durga Puja in Kolkata. ich.unesco.org
  7. ↑ (19 October 2015). বাড়ি থেকে বাৰোয়াৰি সফৰ. www.eisamay.com
  8. ↑ Bangiya Sabarna Katha Kalishetra Kalikatah by Bhabani Roy Choudhury, (Bengali), Manna Publication
  9. ↑ Sabarna Prithivi - website of the Sabarna Roy Choudhury family
  10. ↑ About Asian Paints Sharad Shamman
  11. ↑ Commercialization of Durga Puja awards
  12. ↑ Success for Asian Paints after the Sharad Shamman
  13. ↑ (9 October 2022). Red Road hosts grand Durga Puja carnival after two years, top artworks showcased. www.indianexpress.com
  14. ↑ Guha-Thakurta, Tapati. (2015). In the Name of the Goddess. Primus Books. পৃ. 32. ISBN 978-93-84082-46-8
  15. ↑ Subhro Niyogi. (27 October 2022). At Rs 123cr, puja spend touches new high this year. timesofindia.indiatimes.com
  16. ↑ (4 October 2022). Durga Puja 2022: Kolkata turns pandal hoppers' paradise post pandemic. www.newindianexpress.com
  17. ↑ How our consumption of Durga Puja has changed over the years
  18. ↑ The Evolution of Durga Pujo: From Tradition to Trend in Kolkata

সম্পৰ্কিত শ্ৰেণী

দুৰ্গা পূজাপশ্চিমবংগৰ উৎসৱভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকাতাৰ দুৰ্গা পূজা” প্ৰবন্ধৰ সংশোধন ৬০২০৪৪ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।