কাদম্বৰী (Kadambari ) হ'ল ২০১৫ চনত মুক্তিপ্ৰাপ্ত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক হ'ল সুমন ঘোষ আৰু প্ৰযোজক ৰাকেশ সিং। এই ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী কাদম্বৰী দেৱীৰ বায়’পিক। কঙ্কনা সেন শৰ্মা আৰু পৰমব্ৰত চট্টোপাধ্যায়ে এই চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিছে।১২৩৪
কাহিনী
এই চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী আৰু দেবেন্দ্ৰনাথ ঠাকুৰৰ বোৱাৰী কাদম্বৰী দেৱীৰ বায়’পিক। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ কাদম্বৰী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৮৬৮ চনত কাদম্বৰী যেতিয়া জোড়াসাঁকোৰ ঠাকুৰবাড়িলৈ ন-কইনা হৈ আহিছিল তেতিয়া ৰবীন্দ্ৰনাথৰ বয়স আছিল সাত বছৰ। কাদম্বৰী তেওঁতকৈ বয়সত দুবছৰৰ ডাঙৰ আছিল। অলপ দিনৰ ভিতৰতে ৰবীন্দ্ৰনাথ কাদম্বৰীৰ বন্ধু আৰু খেলাৰ সঙ্গীত পৰিণত হৈছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক বহু কবিতা আৰু গীত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ১৮৮৩ চনৰ ৯ ডিচেম্বৰত ৰবীন্দ্ৰনাথ মৃণালিনী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহৰ চাৰি মাহৰ পাছত ১৮৮৪ চনৰ ২১ এপ্ৰিলত কাদম্বৰী দেৱীয়ে আত্মহত্যা কৰিছিল। পৰিচালকে চলচ্চিত্ৰখনত এই ঘটনাসমূহকেই উত্থাপন কৰি বিশেষভাৱে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাদম্বৰী দেৱীৰ সম্পৰ্ক উল্লেখ কৰিছে।
অভিনেতা আৰু অভিনেত্ৰী
- কংকনা সেন শৰ্মা - কাদম্বৰী দেৱী
- পৰমব্ৰত চট্টোপাধ্যায়- ৰবীন্দ্ৰনাথ ঠাকুৰ
- কৌশিক সেন - জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ
- তিতাস ভৌমিক - জ্ঞানদানন্দিনী দেবী
- সঞ্জয় নাগ - দেবেন্দ্ৰনাথ ঠাকুৰ
তথ্যসূত্ৰ
- ↑ (28 November 2014). Konkona plays Kadambari Debi in Suman Ghosh’s film. The Indian Express
- ↑ (4 January 2016). Kadambari Movie Review, Trailer, & Show timings at Times of India. The Times of India
- ↑ (4 January 2016). 'কাদম্বৰী': ৰবি জীৱনেৰ ধ্ৰুবতাৰা যখন পৰ্দায়. বিডিনিউজ টোয়েণ্টিফোৰ ডটকম
- ↑ (4 January 2016). আমাৰ প্ৰাণেৰ পৰে চলে গেল কে. আনন্দবাজাৰ পত্ৰিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাদম্বৰী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩৫০৩৪ (২৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।