অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গঙ্গা পূজা

গঙ্গা পূজা (Ganga Puja) উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গঙ্গা পূজা (Ganga Puja) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়। গঙ্গা নদীৰ মূৰ্তিস্বৰূপ গংগা দেৱী এই অঞ্চলৰ পূজিত চৈধ্যজনা মুখ্য দেৱ-দেৱীৰ অন্যতম। মাৰ্চ,এপ্ৰিল বা মে’ মাহত, জেঠ মাহৰ শুক্ল পক্ষৰ দশমী তিথিত এই পূজা অনুষ্ঠিত হয়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি নিৰ্দ্ধাৰিত তাৰিখত ৰাজ্যখনৰ ঠায়েঠায়ে জাক-জমকতাৰে এই উৎসৱ পালন কৰা হয়। ২০১৮ চনত পূজা ২৪ মে’ত।১ আৰু ২০১৬ত ১৫ মাৰ্চত অনুষ্ঠিত হৈছিল।২

প্ৰথা

গঙ্গা পূজা ধান চপোৱাৰ সৈতে সম্পৰ্কিত নৱান্ন উৎসৱৰ (অসমৰ ন-খোৱাৰ সমপৰ্যায়ৰ) পিছত উদযাপন কৰা হয়। এই পূজা জেঠ মাহৰ শুক্ল দশমী তিথিত আযোজন কৰা হয়।৩ এই পূজাত গঙ্গা দেৱীৰ উপসনা কৰা হয়। গঙ্গা দেৱী ত্ৰিপুৰা ৰাজ্যত উপাসনা কৰা চৈধ্যজনা মুখ্য দেৱ-দেৱীৰ অন্যতম।৪ এই উপলক্ষে ত্ৰিপুৰী জনজাতিৰ লোকসকলে নৈৰ পাৰত গোট খায় আৰু নৈৰ মাজভাগত বাহেৰে্ অস্থায়ী এটা মন্দিৰ সাজে আৰু তাত পূজা কৰে।৫ পূজাত হাঁহ, ছাগলী, ম’হ আদি বলি দিয়া হয়, যাতে দেৱীয়ে তেওঁলোকক মহামাৰীৰ কবলৰ পৰা বচাই ৰাখে আৰু গৰ্ভৱতী মহিলাসকলক কুশল-মঙ্গলে ৰাখে।৬ ত্ৰিপুৰীসকলৰ পৰম্পৰাগত নৃত্য পৰিবেশনো উৎসৱৰ এক অঙ্গ।৭

সম্পৰ্কিত ঘটনাক্ৰম

ব্ৰিটিছৰ শাসনকালত ত্ৰিপুৰা এখন দেশীয় ৰাজ্য আছিল। ১৯৪৭ত ভাৰতৰ বিভাজন হোৱাত ত্ৰিপুৰাৰ এটা অংশ পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। ত্ৰিপুৰাৰ আনটো অংশৰ শাসক- ৰাণী কাঞ্চন প্ৰভা দেৱীয়ে ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে চামিল হবলৈ মন কৰা নাছিল। ৰাজকীয় শাসনৰ সলনি ত্ৰিপুৰাত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন কৰিবলৈ মুক্তি পৰিষদে এক সংগঠিত বিদ্ৰোহ ঘোষণা কৰিছিল। মুক্তি পৰিষদৰ নেতা দশৰথ দেৱবাৰ্মাই ১৯৪৮ চনত গঙ্গা পূজাৰ উপলক্ষত, মুক্তি পৰিষদৰ পূঁজি গঠন কৰিবলৈ প্ৰতিটো পৰিয়ালৰ পৰা ১টকাকৈ বৰঙনি তুলিছিল। ১৯৪৯ত ত্ৰিপুৰা ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে চামিল হৈছিল।৮ ১৯৫০ত দেৱবাৰ্মাৰ মুক্তি পৰিষদ কমিউনিষ্ট পাৰ্টিৰ লগত একত্ৰীকৰণ হৈছিল।৯

তথ্য উৎস

]

তথ্যসূত্ৰ

  1. ↑ www.festivalsdatetime.co.in/2016/06/2018-Ganga-D
  2. ↑ Ganga Puja Festival, Tripura India. Travel Whistle
  3. ↑ Dilip Ranjan Barthakur. (2003). The Music and Musical Instruments of North Eastern India. Mittal Publications. পৃ. 57. ISBN 8170998816
  4. ↑ Priyabrata Bhattacharyya. (1994). Tribal Pujas and Festivals in Tripura. Directorate of Tripura State Tribal Cultural Research Institute and Museum, Government of Tripura. পৃ. 49
  5. ↑ Nalini Ranjan Roychoudhury. (1983). Tripura through the ages: a short history of Tripura from the earliest times to 1947 A.D.. Stirling. পৃ. 100
  6. ↑ Pannalal Majumdar. (1997). The Chakmas of Tripura. Tripura State Tribal Cultural Research Institute & Museum, Government of Tripura. পৃ. 162
  7. ↑ Sircar. (1 September 2006). The Consumer in the North-East: New Vistas for Marketing. Pearson Education India. পৃ. 47. ISBN 978-81-317-0023-5
  8. ↑ Historical background at Tripura.gov.in, accessed 8 November 2014
  9. ↑ Subir Bhaumik. (1996). Insurgent Crossfire: North-East India. Lancer Publishers. পৃ. 95. ISBN 978-1-897829-12-7

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহত্ৰিপুৰী সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গঙ্গা পূজা” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৬২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।