অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কোট্টাংকুলাঙ্গাৰা উৎসৱ

কোট্টাংকুলাঙ্গাৰা উৎসৱ হৈছে ভাৰতৰ কেৰালাৰ কোল্লাম অঞ্চলৰ কোট্টাঙ্কুলাঙ্গাৰা দেৱী মন্দিৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক হিন্দু উৎসৱ। এই উৎসৱ উপলক্ষে হাজাৰ হাজাৰ পুৰুষে মহিলাৰ দৰে পোছাক পৰিধান কৰে। ভগৱতী দেৱী এই উৎসৱৰ আৰাধ্য দেৱতা।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কোট্টাংকুলাঙ্গাৰা উৎসৱ হৈছে ভাৰতৰ কেৰালাৰ কোল্লাম অঞ্চলৰ কোট্টানকুলংগাৰা দেৱী মন্দিৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক হিন্দু উৎসৱ। এই উৎসৱ উপলক্ষে হাজাৰ হাজাৰ পুৰুষে মহিলাৰ দৰে পোছাক পৰিধান কৰে। ভগৱতী দেৱী এই উৎসৱৰ আৰাধ্য দেৱতা। প্ৰতি বছৰে মালায়ালম মীনাম মাচামৰ দশম আৰু একাদশ দিনত এই উৎসৱ উদযাপন কৰা হয়। কোট্টাংকুলাঙ্গাৰ দেৱী মন্দিৰ হৈছে দেৱী দুৰ্গা বা ভগৱতী, ক্ষমতাৰ সৰ্বোচ্চ মাতৃ আদি শাক্তিৰ এক হিন্দু মন্দিৰ। আৰাধ্য দেৱী ভাগৱতীক যুদ্ধৰ দেৱী বুলি জনা যায়। ভগৱতী শব্দৰ পুং লিংগ হিচাপে ভগৱান ব্যৱহাৰ কৰা হয়। কেতিয়াবা কেতিয়াবা ভগৱতী শব্দৰ ঠাইত দেৱী বা ঈশ্বৰী শব্দৰো ব্যৱহাৰ হয়।

উৎসৱৰ দিনা হাজাৰ হাজাৰ ভক্তই দেৱী ভগৱতীৰ আশীৰ্বাদ ল'বলৈ মন্দিৰদৰ্শন কৰে। পুৰুষসকলে তেওঁলোকৰ পচন্দৰ মহিলাৰ পোছাক পৰিধান কৰে। কিছুমানে ছেট শাৰী, পাট্টু শাৰী, অৰ্ধ শাৰী আৰু কোনো কোনোৱে নৃত্যৰ পোছাক পিন্ধে। বেশান্তৰ এই উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতিৰ অংশ। ক্ৰছ-ড্ৰেছিং কৰা পুৰুষ সকলে হাতত একোটা চাকি লৈ দেৱীৰ মন্দিৰলৈ বুলি শোভাযাত্ৰা কৰাৰ দৰে খোজ কাঢ়ি আগবাঢ়ে। ভক্তসকলে মুখ্যতঃ দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰলৈ যায়।১২৩

মন্দিৰৰ কিংবদন্তী আৰু উৎপত্তিৰ স্মৃতিত, প্ৰতিবছৰে প্ৰাচীন মন্দিৰৰ আৰ্হি নিৰ্মাণ কৰা হয়। কুঞ্জালুমমুডুৰ পৰা দেৱীৰ শোভাযাত্ৰাৰ সময়ত ভক্তসকলে কুঞ্জালুমমুডুৰ পৰা আৰাট্টুকাদাভুলৈ দীঘলীয়া শাৰীপাতি অনুষ্ঠানত অংশগ্ৰহণ কৰে।

জনশ্ৰুতি

জনশ্ৰুতি অনুসৰি, গৰখীয়াৰ এটা দলে কোট্টাঙ্কুলাঙ্গাৰা দেৱী মন্দিৰৰ ঠাইখিনিতে এটা নাৰিকল পাইছিল আৰু ভূঠাকুলামৰ দক্ষিণ অংশত এটা শিল পাইছিল। যেতিয়া তেওঁলোকে নাৰিকলটোৰ পৰা বাকলি গুচাবলৈ বুলি শিলৰ ওপৰত খুন্দা মাৰিছিল তেতিয়া তেওঁলোকে শিলৰ পৰা তেজৰ টোপাল নিৰ্গত হোৱা দেখিবলৈ পালে। গৰখীয়া সকলে জ্যেষ্ঠসকলক এই ঘটনাটো বুজাই কোৱাৰ পিছত এজন জ্যোতিষীজনে পৰামৰ্শ দিছিল যে শিলটোত অতিপ্ৰাকৃতিক শক্তি আছিল আৰু এই স্থানত এটি মন্দিৰ নিৰ্মাণৰ লগে লগে পূজা আৰম্ভ কৰিব লাগে। বয়সিয়াল লোক সকলে গৰখীয়াসকলৰ সৈতে লগ হৈ নাৰিকল, তালৰ খুটা, পাত আৰু খেৰ আদি ব্যৱহাৰ কৰি এটা অস্থায়ী মন্দিৰ নিৰ্মাণ কৰিছিল। প্ৰাচীন কালত প্ৰচলিত এটা প্ৰথা অনুসৰি কেৱল বালিকাসকলেহে ফুলৰ মালা প্ৰস্তুত কৰিছিল আৰু প্ৰাচীন কুদুম্বা মন্দিৰত পূজাৰ চাকি জ্বলাইছিল। এই পৰম্পৰা স্বীকাৰ কৰি, মহিলাৰ পোছাক পিন্ধা গৰখীয়াসকলে মন্দিৰত পূজা আগবঢ়াইছিল। নাৰিকলৰ পৰা প্ৰস্তুত কৰা গাখীৰৰ তৰল উতলাই ইয়াৰপৰা এবিধ ঔষধি তেল (উৰুক্কু ভেলিচেন্না) আহৰণ কৰা হৈছিল আৰু গোটা নাৰিকলসহ (কোট্টান) দেৱীক নৈবেদ্য হিচাপে আগবঢ়োৱা হৈছিল।৪৫

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Temple Festival. Kottankulangara Temple
  2. ↑ Kerala temple: Where the lady with the lamp is a man. NDTV
  3. ↑ Kottankulangara Chamayavilakku. Kerala Festival Wiki
  4. ↑ Sri Bhagavati-Devi: Goddess of Crossdressing
  5. ↑ Temple History. Kottankulangara Temple

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোট্টাংকুলাঙ্গাৰা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬২৫৯৩৪ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।