কথাপুৰুষন ( Kathapurushan )) আদুৰ গোপালকৃষ্ণন ৰচিত আৰু পৰিচালিত ১৯৯৫ চনৰ মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক স্বয়ং গোপালকৃষ্ণন আৰু সহ-প্ৰযোজক এন.এইচ.কে.। ছবিখনত অভিনয় কৰিছে বিশ্বনাথন, মিনি নায়াৰ, অৰণমুলা প’ন্নম্মা, নৰেন্দ্ৰ প্ৰসাদ আৰু উৰ্মিলা উন্নী। ১৯৯৬ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১
কাহিনীৰ সাৰাংশ
জন্মৰ পিছত কুঞ্জুন্নিৰ মাক-দেউতাকৰ বিচ্ছেদ হয় আৰু দেউতাকে চোৱাচিতা কৰা বাদ দিয়াত সি মাকৰ যত্নতে ডাঙৰ হয়।
প্ৰথম অৱস্থাত গান্ধীবাদী আৰু পিছলৈ মাৰ্ক্সবাদী ককাকৰ দ্বাৰা অনুপ্ৰাণিত হৈ কুঞ্জুন্নিয়ে কলেজত সামাজিক কঠিনতা আৰু বৈষম্যৰ উত্তৰ সাম্যবাদ বুলি বিশ্বাস কৰি বাওঁপন্থী মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। অৱশেষত তেওঁ এটা উগ্ৰ মাৰ্ক্সবাদী গোটত যোগদান কৰে। এখন থানাত আক্ৰমণৰ পিছত কুঞ্জুন্নিক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰা হয় যদিও পিছত তেওঁক দোষমুক্ত কৰা হয়।
অভিজ্ঞতাৰে কুঞ্জুন্নি পৰিপক্ক হয়, তথাপিও নিজকে অকলশৰীয়া আৰু মোহভংগ হোৱা যেন অনুভৱ কৰে। তেওঁ শৈশৱৰ বন্ধু মীনাক্ষীক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলায় আৰু তাইক বিয়া কৰায়। কুঞ্জুন্নিৰ ঘৰতে লগুৱা খটা এজন মানুহৰ পুত্ৰ, নতুনকৈ হোৱা ধনী মানুহ এজনক কুঞ্জুন্নিয়ে নিজৰ সম্পত্তি বিক্ৰী কৰি এটা সাধাৰণ ঘৰলৈ গুচি যায় আৰু পত্নী আৰু পুত্ৰৰ সৈতে স্বাভাৱিক পাৰিবাৰিক জীৱন-যাপন কৰিবলৈ চেষ্টা কৰে।
এদিন কলেজৰ সহপাঠী, এজন সাংবাদিকে তেওঁৰ সাক্ষাৎকাৰ ল’বলৈ বিচাৰে, কিন্তু কুজুন্নিয়ে তাক নাকচ কৰে। পিছলৈ কুঞ্জুন্নিয়ে সাংবাদিক বন্ধুৰ সহায়ত তেওঁৰ প্ৰথম গল্পপুথি "কৰক্ষৰংগল" প্ৰকাশ কৰে। কিন্তু ইয়াৰ বিধ্বংসী বিষয়বস্তুৰ বাবে চৰকাৰে ইয়াক নিষিদ্ধ কৰিছিল। কুঞ্জুন্নিয়ে যেতিয়া বাতৰি কাকতত এই কথা পঢ়ে, তেতিয়া এই দুৰ্নীতিগ্ৰস্ত পৃথিৱীখনলৈ তেওঁ পৰিয়ালৰ সৈতে হাঁহিবলৈ আৰম্ভ কৰে।
বঁটা
১৯৯৬- ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- অৰণমুলা প’ন্নাম্মা
১৯৯৭- বোম্বে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
- FIPRESCI বঁটা – আদুৰ গোপালকৃষ্ণন
তথ্যসূত্ৰ
- ↑ 43rd National Film Festival Catalouge. Directorate of film Festival, Govt. of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কথাপুৰুষন” প্ৰবন্ধৰ সংশোধন ৪৬১৪৪৭ (৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।